গ্ৰাম্য জনসাধাৰণৰ উচুপনি :
আলি আৰু পানী লাগে
চেকাইলাংছ’ৰ ওপৰত পথালিকৈ পৰি থকা প্ৰকাণ্ড কৰৈ গছডালৰ ওপৰেৰে জুৰিটো
যেতিয়া পাৰ হৈছিলোঁ, তেতিয়া মধ্যাহ্ন৷ চৌদিশে গহীন হাবি৷ সন্মুখত বিপদসংকুল লুংলুঙীয়া
বাট৷ খলাবমা, ওখ-চাপৰ বাটটোৱেযে লোকালয় স্পৰ্শ কৰিছে, ভাবেই নহয়৷ ৰূপছিং ৰংফাৰৰ পদাংক
অনুসৰণ কৰি নিৰৱচ্ছিন্ন আৰোহণ আৰু অৱৰোহণৰ অন্তত এসময়ত জেন তিমুং গাঁৱৰ গাঁওবুঢ়াৰ চোতাল
গৰকিলোঁগৈ৷ ফটা-ছিটা আৰু অল্পবস্ত্ৰ পৰিহিত এজুম কণমানিয়ে ৰ লাগি চালে৷
হাতত এখন দা আৰু কাষলতিৰ তলত এটা মোনা লৈ ফুৰাটো
আটাইবোৰ জনজাতিৰে যুগজয়ী অভ্যাস৷ মংগোলীয় মানুহৰ লগৰীয়া এই দুপদ বস্তুৰ লগতে কান্ধত
এনলীয়া বন্দুক এটা লৈ বনকুকুৰা বিচাৰি ফুৰা গাঁওবুঢ়া জেন তিমুং আহি ওলালহি৷ কাৰদম বিনিময়
কৰি হৃষ্টপুষ্ট মানুহজনে আমাৰ পৰিচয় ল’লে আৰু নিজৰ গাঁওখনৰ দুখ-দুৰ্গতি সবিস্তাৰে কৈ গ’ল এইদৰে… ১৪ঘৰ কাৰবি মানুহেৰে গঠিত জেন
তিমুং গাঁও৷ জিলা পৰিষদৰ ধনশিৰি সমষ্টিৰ অন্তৰ্গত৷ গাঁওবাসীৰ অৰ্থনৈতিক মানদণ্ড অতি
নিম্ন৷ পাণখেতিৰ ওপৰত নিৰ্ভৰ কৰিয়ে দুখীয়া ৰাইজে ভাতমুঠি মোকলায়৷ ৮কিল’মিটাৰ পশ্চিমৰ ডিফু বজাৰলৈ অঞ্চলটোৰ
পৰা দৈনিক বুজন পৰিমাণৰ পাণ যোগান ধৰা হয় বুলি তেখেতে দাবী কৰিলে৷ ৰাস্তা-ঘাট বুলিবলৈ
আমি অহা দুৰ্গম হাবিতলীয়া বাটটোৱেই একমাত্ৰ, য’ত পদে পদে প্ৰাণৰ সংশয়৷ পদযাত্ৰাৰ বিকল্প নাই৷ চেকাইলাংছ’ৰ ওপৰৰ কৰৈডালৰ আয়ুস হেনো ১২বছৰমান
হ’ব৷ খোৱাপানীৰ বাবে গাঁওখনত হাহাকাৰ
অৱস্থা৷ ১৯৯২চনতে জনস্বাস্থ্য কাৰিকৰী অভিযান্ত্ৰিক বিভাগে স্থাপন কৰা কুঁৱা এটা আছে৷
জলপৃষ্ঠ বহুত তলত৷ খৰাং হ’লে শুকাই যায়৷ পাহাৰৰ নামনিত
থকা খাল-ডোঙৰ পানীকে খাব লগা হয় গাঁওবাসীয়ে৷ বেমাৰ-আজাৰ হ’লে ৰোগী মৃত্যুমুখলৈ আগ বাঢ়ে
তিল তিলকৈ৷ চিকিৎসাৰ কোনো বিধি-ব্যৱস্থা নাই৷ মুৰ্মূষূজনৰ সেৱা-শুশ্ৰূষাৰ বাবে ঢপলিয়াই
আহোঁতাও কোনো নাই৷ স্কুল বুলিবলৈ ৰাইজে ১৯৮৬চনতে প্ৰতিষ্ঠা কৰা এখন প্ৰাথমিক বিদ্যালয়
চৰকাৰী সাহায্য বিনেই ছেগা-চোৰোকাকৈ চলি আছে৷ মাধ্যম ইংৰাজী৷ অঞ্চলটোত দোকান-পোহাৰ
নাই৷ প্ৰয়োজনীয় বস্তুৰ বাবে ডিফুলৈ বাটকুৰি নাবালে নহয়৷ বিজুলী বাতিয়ে গাঁওখন পোহৰাবলৈ
কিমান দিন বাট চাব লাগিব সেয়া কল্পনাতীত৷ ‘সদ্যহতে আমাক আলি আৰু পানীৰ খুবেই প্ৰয়োজন৷’ দুখত অভিভূত হৈ অন্য এজনে ক’লে৷
জেন তিমুং গাঁৱৰ পূৰ্বৱৰ্তী গাঁও হেমাৰী ৰংহাং৷
মুঠ মানুহ ১২ঘৰ৷ গাঁওবুঢ়াৰ অনুপস্থিতিত তেখেতৰ পৰিবাৰে আথে-বেথে বহুৱাই পানী খাবলৈ
দিলে৷ নাদৰ পানী৷ মুনিহ বুলিবলৈ গাঁওখনত এতিয়া এজনো নাই৷ সকলোবোৰ পুৱাৰ ভাগতে ওলাই
গ’ল, পাণ তুলিবলৈ৷ পাণখেতিয়ে এই
অঞ্চলৰ জনসাধাৰণৰ জীৱিকা নিৰ্বাহৰ উপায় হিচাপে মুখ্য ভূমিকা লৈছে৷ তথাপিও গাঁওখনৰ পৰিদৃশ্যমান
ৰূপটোৱে অবৰ্ণনীয় দুখ-যন্ত্ৰণাৰ মাজত মানুহখিনিয়ে কোনো ৰকম পেটে-ভাতে খাই জীয়াই থকাৰে
ইংগিত দিলে৷ আধুনিক সভ্যতাৰ প্ৰভাৱৰ পৰা বঞ্চিত প্ৰকৃতিৰ সন্তানে আজিও আকাশত সূৰ্যৰ
অৱস্থান চাই সময় নিৰূপণ কৰে৷ জীয়াই থকাটোৱেই তেওঁলোকৰ একমাত্ৰ আশা৷
ৰংহাং গাঁও এৰি কিছুদূৰত চাৰএত ফাংচ’ গাঁও৷ ৮ঘৰ মানুহ লৈ গঠিত গাঁওখন
আগতে পাহাৰৰ নামনিত আছিল৷ এতিয়া ওপৰলৈ উঠি আহিছে৷ ঘৰবোৰ নকৈ বন্ধোৱা৷ দৈনিক বজাৰত পাহাৰীয়া
শাক-পাচলি বিক্রী কৰি জীৱন ধাৰণ কৰা মানুহখিনি আৰ্থিক দিশত স্বচ্ছল বুলিব নোৱাৰি৷ অঞ্চলটোত
কমলা, আনাৰস ইত্যাদি ফলমূলৰ খেতিৰ প্ৰচুৰ সম্ভাৱনা আছে যদিও যথেষ্ট পৰিমাণে পুলি সংগ্ৰহ
কৰিব পৰা নাই বুলি জনদিয়েকে জনালে৷ আনহাতে কল, কুঁহিয়াৰ, ধান আদি কৰিলে হেনো নিজলৈহে
ভয়৷ বনৰীয়া হাতীয়ে তাণ্ডৱৰ সৃষ্টি কৰে৷ মেলেৰিয়া ৰোগাক্রান্ত লোকৰো সম্ভেদ পোৱা গ’ল ফাংচ’ গাঁৱতে৷ ডি.ডি.টি. কোনো এখন
গাঁৱতে অদ্যপৰ্যন্ত ছটিওৱা হোৱা নাই৷ আনহাতে শিক্ষা-দীক্ষাৰো নাম-গোন্ধই নাই৷
জনজাতীয় জীৱন সদায় সমূহীয়া নিৰ্ভৰশীলতাৰে পৰিচালিত৷
তিমুং গাঁৱৰ ৰাইজেও আন দুখন গাঁৱৰ সহযোগিতাত যোৱা বছৰৰ পৰা পুখুৰী খান্দি মাছ পোহা
আৰম্ভ কৰিছে৷ মানৱ সম্পদক সুপৰিকল্পিতভাৱে কৰ্মত নিয়োগ কৰিব পাৰিলে অঞ্চলটোৰ গঞা ৰাইজৰ
কৰ্মদক্ষতা বঢ়াৰ লগতে সামূহিক উন্নয়ন হ’ব বুলি আশা কৰিব পাৰি৷ ধন আৰু ক্ষমতাৰে বলীয়ানসকলে ব্যক্তিগত
উন্নয়নৰ চিন্তাত বিভোৰ হোৱাৰ পৰিৱৰ্তে পিছ পৰা অঞ্চলসমূহৰ উন্নয়নত আন্তৰিকতাৰে মনোনিৱেশ
কৰিলেহে কাৰবি আংলঙৰ সৰ্বাংগীন উন্নতি হ’ব৷
অভ্যাগতক পৰম্পৰাগত সুৰা যাচি অভ্যৰ্থনা জনোৱাটো
জনজাতীয় ৰীতি৷ ব্যতিক্রম পৰিলক্ষিত নহ’ল৷ চনছিং ক্রামছাৰ বাৰাণ্ডাত হোৱা কথা প্ৰসংগত সন্দিগ্ধভাৱে
এটা অতি গুৰুত্বপূৰ্ণ কথাৰ অৱতাৰণা কৰিলে গাঁওবুঢ়াই৷ সংৰক্ষিত বনাঞ্চলৰ মাজত অত্যাধুনিক
মাৰণাস্ত্ৰসমৃদ্ধ ভালেমান সন্দেহযুক্ত লোকৰ আবিৰ্ভাৱ প্ৰত্যক্ষ কৰা হৈছে৷ এই ক্ষেত্ৰত
যথোপযুক্ত ব্যৱস্থা অনতিপলমে নল’লে বিশৃংখলাপূৰ্ণ পৰিস্থিতি এটা সৃষ্টি হোৱাৰ পূৰামাত্ৰাই ভয় হৈছে৷
ভৱিষ্যতৰ দিনপঞ্জীয়ে এই কথা কিমান দূৰ সত্য তাক প্ৰমাণ কৰিব৷
No comments:
Post a Comment