Tuesday, 10 March 2015

গুহাত সোমোৱাৰ নিচা...

তিনিটা বুলি ভাবি আছিলোঁ৷ নহয়৷ চাৰিটা৷ কথাটো কালিহে খেয়াল হ’ল৷ গুপ্তেশ্বৰ কে’ভটো পাহৰিছিলোঁৱেই৷ সেইটোকে ধৰি এতিয়ালৈ চাৰিটা গুহাত সোমালোঁ৷ নেপালত দুটা, মেঘালয়ত এটা, অসমত এটা৷ গুহাত সোমোৱাৰ নিচাই যাক পাইছে তেওঁ প্ৰসংগটোৰ সৈতে নিশ্চয়কৈ বেছি একাত্মতা অনুভৱ কৰিব৷ আনহাতে ভিতৰ নোসোমাওঁতেই সীমা-সংখ্যাহীন নঞৰ্থক চিন্তাই কাবু কৰি পেলোৱা আৰু পদে পদে মৃত্যু-ভয়ত আক্রান্ত হোৱা মানুহো পালোঁ৷ বিপৰীতে, কোনোটো গুহাৰ প্ৰৱেশ দ্বাৰত তেনে ধৰণৰ একো বিধিসন্মত সতৰ্কীকৰণ লিখি ৰখাও নেদেখিলোঁ যে আপুনি সোমাব নোৱাৰিব৷ সমস্যাটো ব্যক্তিগত আৰু মানসিক৷ গতিকে আহ্বান কৰোঁ... আহক, যাওঁ আৰু চাওঁ সৃষ্টিকৰ্তাৰ এই চমৎকাৰ৷ (আল্টিমেটলি গুহালৈকেতো গৈ আছোঁ, য’ত চাৰিওফালে অন্ধকাৰেই অন্ধকাৰ৷)

প্ৰাকৃতিকভাৱে বছৰ বছৰ ধৰি চলা ভূগৰ্ভস্থ জলপ্ৰৱাহ আৰু ক্ষয়ীভৱনৰ ফলতে সৃষ্টি হৈছিল অদ্ভুত আকাৰ-আকৃতিৰ গুহা নামৰ বিস্ময়-গৃহৰ৷ এনেকুৱা গুহাতেই জীৱ-জন্তুৱে বাস কৰিছিল৷ আমাৰ পূৰ্বপুৰুষসকলেও এনেকুৱা স্থানতে একালত আশ্ৰয় লৈ আছিল৷ অতীতৰ অনেক গুহা এতিয়াও আৱিষ্কাৰ হ’বলৈ বাকী৷ আৱিষ্কৃত গুহাসমূহৰ কিছুমান আজি আকৰ্ষণীয় পৰ্যটন প্ৰকল্প, জনপ্ৰিয় এডভেন্সাৰ থলী৷ আনহাতে এই গুহাবোৰৰ ঐতিহাসিক, ভৌগোলিক, ভূতাত্ত্বিক, পুৰাতাত্ত্বিক, পাৰিৱেশিক, সাংস্কৃতিক, আধ্যাত্মিক, কলাত্মক গুৰুত্বও বিশাল৷ গতিকে চৰকাৰীভাৱে সংৰক্ষণ কৰি অহা হৈছে৷ গুহা-বিজ্ঞানীৰ দৃষ্টিৰে বিশ্লেষণৰ ক্ষমতা মোৰ শূন্য৷ হ’লেও এনেয়ে সোমাই চাবলৈ মন যায় প্ৰকৃতিৰ এই বিচিত্ৰতা৷ তাৰে হেঁপাহতে এতিয়ালৈ এই চাৰিটা (মাত্ৰ).... 

১. গুপ্তেশ্বৰ কে’ভ, নেপাল : গুপ্তেশ্বৰ মহাদেৱ কে’ভ নেপালৰ পোখৰাৰ গন্দকী এলেকাৰ দক্ষিণ-পশ্চিমে সিদ্ধাৰ্থ হাইৱেৰ দাঁতিত অৱস্থিত৷ ডেভিচ ফলৰ বিপৰীতে থকা বৈশিষ্ট্যপূৰ্ণ এই গুহাৰ দৈৰ্ঘ্য ৩কিল’মিটাৰ৷ গুহাটোত কেতবোৰ ডাঙৰ কোঠা আৰু ঠেক বাট আছে৷ ইয়াৰ দুটা ভাগ৷ এটা ভাগত ভূগৰ্ভৰ প্ৰায় ৪০মিটাৰ ভিতৰত এটা সৰু শিৱ মন্দিৰ পোৱা যায় য’ত এটা শিৱলিংগ আছে৷ আনটো ভাগ দীঘলীয়া, সৰ্পিল আকাৰৰ, অন্ধকাৰ আৰু আগলৈ ক্রমে ঠেক৷ ১০০মিটাৰ দূৰত্বত ডেভিচ ফল দেখা পোৱা যায়৷ স্থানীয় হিন্দুসকলে বিশ্বাস কৰে যে ইয়াত থকা শিৱলিংগটো যেনেদৰে আৱিষ্কৃত হৈছিল আজিও তেনেদৰেই সংৰক্ষিত হৈ আছে৷ তেওঁলোকে এই স্থানক পৱিত্ৰ আৰু অলংঘনীয় বুলি জ্ঞান কৰে৷


২. মহেন্দ্ৰ কে’ভ, নেপাল : পোখৰাৰ উত্তৰ দিশত ছেতি নৈৰ কাষৰীয়া অঞ্চল বাতুলিচাউৰত অৱস্থিত এই গুহা৷ পূৰ্বৰ ৰজা মহেন্দ্ৰ বীৰ বিক্রম ছাহ দেবৰ নামেৰে ইয়াৰ নামটো হৈছে৷ ১৯৫০চনত ভেৰাৰখীয়া কেইজনমানে এই গুহাটো আৱিষ্কাৰ কৰিছিল৷ গুহাৰ ভিতৰত শিৱলিংগ, সিদ্ধি বিনায়ক গণপতি বাবাৰ পূজাথলী আদি আছে৷ গুহাটোৰ ভিতৰভাগ আন্ধাৰ৷ ওপৰৰ পৰা নিৰৱচ্ছিন্নভাৱে পানীৰ টোপাল পৰি থাকে৷ ভিতৰ অংশত কৃত্ৰিম পোহৰৰ ব্যৱস্থা আছে৷


৩. মাউচমাই কে’ভ, মেঘালয় : চেৰাপুঞ্জীৰ পৰা ৬কিল’মিটাৰ আঁতৰত থকা চূণশিলৰ পাহাৰত অৱস্থিত৷ মুখখন সৰু যদিও এইটো এটা ডাঙৰ আৰু বহল গুহা৷ কথিত যে উক্ত অঞ্চলত বাস কৰা খাচি লোকে চিকাৰ কৰিবলৈ যাওঁতে এদিন এই গুহাটো আৱিষ্কাৰ কৰিছিল৷ গুহাটো দীঘলীয়া যদিও ১৫০মিটাৰ পৰ্যন্ত যাব পাৰি৷ পৃথিৱীৰ ভিতৰত অধিক পৰিমাণৰ বৃষ্টিপাত হোৱা অঞ্চলত হোৱাৰ বাবে ওপৰৰ পৰা অনৱৰতে পানী পৰি থাকে৷ গুহাৰ ভিতৰভাগত পোহৰৰ ব্যৱস্থা আছে৷


৪. বেট কে’ভ, অসম : নগাঁও চহৰৰ পৰা পূবলৈ কন্দলী পাহাৰত অৱস্থিত এই গুহা যাক স্থানীয়ভাৱে বাদুলী খোৰোং বোলা হয়৷ বিভিন্ন প্ৰজাতিৰ সৰু-বৰ অসংখ্য বাদুলীৰ আশ্ৰয় স্থল বাবে গুহাটো এই নামে জনাজাত৷ বাদুলী খোৰোঙক লৈ অনেক জনশ্ৰুতিও আছে৷ ৰাজমোহন নাথ নগাঁও জিলাৰ কাৰ্যবাহী অভিযন্তা হৈ থাকোঁতে এই খোৰোং আৱিষ্কাৰ কৰিছিল বুলি পঢ়িবলৈ পোৱা যায়৷ শিলৰ ফাকে ফাকে ভিতৰভাগত কেইবাটাও সৰু-বৰ বাট আছে৷ তলৰ ফালে পানী নিগৰি থকা নিজৰা দেখা যায়৷


৫ নম্বৰটো কি, ক'ত নাজানো, কিন্তু গুহাত সোমোৱাৰ এটা আনন্দ আছে৷ ওলাই অহাৰ পিছত সেইটো ভালদৰে অনুভৱ কৰিব পাৰি৷ সেই অনুভৱৰ অংশীদাৰ হ'ব পাৰে আপুনিও৷

No comments:

Post a Comment