Thursday, 12 March 2015

কিবিথো : য’ত শেষ হৈছে পূবৰ পথটো

এক.
আনজাৱ : সংক্ষিপ্ত পৰিচয়






আনজাৱ হৈছে অৰুণাচল প্ৰদেশৰ একেবাৰে পূব প্ৰান্তত থকা এখন পাহাৰীয়া জিলা৷ সমুদ্ৰপৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা ১,২৯৬মিটাৰ৷ উপক্রান্তীয় তথা পাৰ্বত্য অঞ্চলটোৰ জলবায়ু তুলনামূলকভাৱে চেঁচা৷ এই জিলাখনৰ চীন দেশ চুই থকা ভাৰত-চীন আন্তঃৰাষ্ট্ৰীয় সীমান্ত লাইন অব একচুৱেল কণ্ট্ৰলৰ অংশ এটাৰে লোহিত নদীখন সোমাই আহিছে৷ পূব তিব্বতৰ জায়াল শ্বু পৰ্বতমালাৰ পৰা ওলাই সীমান্তৱৰ্তী সৰু চহৰ কিবিথোৱেদি বৈ নৈখন ভাৰতত প্ৰৱেশ কৰিছে৷ তাৰ পিছত মিচিমি হিল্‌ছেৰে ধাৱমান হৈ অৰুণাচল প্ৰদেশৰ ক্রমে আনজাৱ আৰু লোহিত জিলা পাৰ হৈছে৷ ২০০কিলমিটাৰ ধৰি ক্ৰমান্বয়ে নামনিলৈ বৈ গৈ ছিয়াঙৰ সৈতে লগ লাগি মিলিত হৈছে ব্ৰহ্মপুত্ৰ নদত৷ লোহিত ব্ৰহ্মপুত্ৰৰ আৰম্ভণিৰ এখন মুখ্য উপনৈ৷

আনজাৱৰ ৰাজনৈতিক আৰু প্ৰশাসনীয় বুৰঞ্জী জানিবৰ বাবে উভতি যাব লাগিব ১৯১৪চনলৈ৷ ব্ৰিটিছ প্ৰশাসকে তিনিটা এলেকা ক্রমে কেন্দ্ৰীয় আৰু পূব খণ্ড, লখিমপুৰ ফ্ৰণ্টিয়াৰ ট্ৰেক্ট আৰু পশ্চিম খণ্ডক লৈ নিজৰ শাসন কালত নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ট্ৰেক্ট গঠন কৰিছিল৷ এই খণ্ডসমূহ চোৱা-চিতাৰ অৰ্থে প্ৰতিটো খণ্ডতে একোজনকৈ ৰাজনৈতিক বিষয়া নিয়োগ কৰা হৈছিল৷ ১৯১৯চনত কেন্দ্ৰীয় আৰু পূব খণ্ডক শদিয়া ফ্ৰণ্টিয়াৰ ট্ৰেক্ট আৰু পশ্চিম খণ্ডক বালিপাৰা ফ্ৰণ্টিয়াৰ ট্ৰেক্ট নাম দি নতুনকৈ গঠন কৰিলে৷ পূৰ্বৰ লোহিত জিলা আৰু বৰ্তমানৰ আনজাৱ জিলাৰ ভূখণ্ড শদিয়া ফ্ৰণ্টিয়াৰ ট্ৰেক্টৰ অধীনত আছিল৷ মুখ্য কাৰ্যালয় আছিল শদিয়া৷ ২৪বছৰৰ পিছত ১৯৪৩চনত লখিমপুৰ ফ্ৰণ্টিয়াৰ ট্ৰেক্টৰ পৰা কাটি টিৰাপ ফ্ৰণ্টিয়াৰ ট্ৰেক্ট সৃষ্টি কৰা হল৷ আকৌ ১৯৪৮চনত শদিয়া ফ্ৰণ্টিয়াৰ ট্ৰেক্টক দুভাগ কৰি ক্রমে আদি জনগোষ্ঠী অধ্যুষিত অঞ্চলক লৈ আবৰ হিল্‌ছ ডিষ্ট্ৰিক্ট আৰু মিচিমি বসতিপ্ৰধান অঞ্চলক সামৰি মিচিমি হিল্‌ছ ডিষ্ট্ৰিক্ট নামে দুখন নতুন জিলা গঠন কৰা হয়৷ উক্ত বছৰতে অঞ্চলটো কেন্দ্ৰীয় চৰকাৰৰ প্ৰশাসনৰ অধীনলৈ আহে৷ ১৯৬২চনলৈকে এই বৃহৎ অঞ্চলটো নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সি অৰ্থাৎ নেফা নামেৰে জনাজাত আছিল৷ অৱস্থানগত গুৰুত্বৰ কাৰণে ১৯৬৫চন পৰ্যন্ত ই কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰণালয়ৰ অধীনত আৰু তাৰ পৰৱৰ্তী সময়ত গৃহ দপ্তৰৰ প্ৰশাসনিক এলেকাধীন আছিল৷ ১৯৭২চনৰ ২০জানুৱাৰীত কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰি অৰুণাচল প্ৰদেশ নাম দিয়া হয়৷ ১৯৮৭চনৰ ২০ফেব্ৰুৱাৰীত পূৰ্ণাংগ ৰাজ্যৰ স্বীকৃতি লাভ কৰে এই ৰাজ্যখনে৷

১৯৫২চনৰ ১৩আগষ্টত মিচিমি পাৰ্বত্য জিলাৰ সদৰ স্থান ঘোষিত হৈছিল তেজু৷ ১৯৫৩চনত আৰম্ভ হোৱা সহকাৰী ৰাজনৈতিক বিষয়াৰ অধীনত হায়ুলিয়াঙক উন্নীত কৰা হৈছিল হেড কোৱাৰ্টাৰলৈ৷ ১৯৫৪চনত মিচিমি হিল্‌ছ ডিষ্ট্ৰিক্টৰ নাম সলনি হল লোহিত ফ্ৰণ্টিয়াৰ ডিভিজন হিচাপে৷ ১৯৫৬চনত ৰয়িঙক মহকুমা সদৰ হিচাপে লৈ গঠন কৰা হল ডিবাং ভেলী৷ ১৯৬৫চনত লোহিত ফ্ৰণ্টিয়াৰ ডিভিজনক নাম দিয়া হল লোহিত জিলা৷ প্ৰশাসনীয় সুবিধাৰ কাৰণে ১৯৮০চনৰ ১জুনত নতুন জিলা ডিবাং ভেলী গঠিত হল আনিনিক সদৰ হিচাপে লৈ৷ শেহতীয়াভাৱে ৪ডিচেম্বৰ ২০০৩ত গৃহীত অৰুণাচল প্ৰদেশ জিলা পুনৰ্গঠন বিধেয়ক অনুসৰি হাৱাইক প্ৰশাসনীয় মুখ্যালয় হিচাপে লৈ ১৬ফেব্ৰুৱাৰী ২০০৪ তাৰিখে সাতোটা প্ৰশাসনিক খণ্ড ক্রমে হায়ুলিয়াং, হাৱাই, মানচাল, গৈলিয়াং, ৱালং, কিবিথো আৰু চাগলোগামক সামৰি আনজাৱ জিলা গঠন কৰা হৈছে৷ স্মৰ্তব্য যে এই অঞ্চলসমূহ এসময়ত লোহিত জিলাৰ অন্তৱৰ্তী আছিল৷

এটা মহকুমা, তিনিটা ব্লক আৰু সাতটা মণ্ডলেৰে আনজাৱ জিলাৰ ক্ষেত্ৰকালি ৬,১৯০বৰ্গ কিলমিটাৰ৷ ২০১১চনৰ লোকপিয়লৰ পৰিসংখ্যা অনুসৰি জিলাখনৰ জনসংখ্যা ২১,০৮৯, সাক্ষৰতাৰ হাৰ ৫৯.৪০ শতাংশ, মুনিহ-তিৰোতাৰ অনুপাত ১০০০ : ৮০৫৷ জনবসতি পাতল৷ প্ৰতি বৰ্গ কিলমিটাৰত ৩জন৷ ২০০১চনৰ পৰা ২০১১চনলৈ জনসংখ্যা বৃদ্ধিৰ হাৰ ১৩.৭৭ শতাংশ৷ মূল অধিবাসী জনজাতি মিচিমি আৰু জাখ্ৰিং (মেয়ৰ)৷ বিধান সভা সমষ্টি ১টা, মুঠ ভোটাৰ ৯,৫৩৭৷ প্ৰাথমিক বিদ্যালয় ১১খন, গ্ৰাম্য বিদ্যালয় ২২খন, মধ্য ইংৰাজী বিদ্যালয় ৫খন, হাইস্কুল ১খন, হায়াৰ চেকেণ্ডাৰী স্কুল ১খন, বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় ১খন আছে৷ এই জিলাৰ আৱাসীসকলে জুম খেতি কৰি পেট প্ৰৱৰ্তায়৷ মূল কৃষিজাত উৎপাদন গোমধান, কণীধান, মাহজাতীয় শস্য আদি৷ উদ্যান শস্যৰ ভিতৰত সুমথিৰা, আপেল, নাচপতি, বগৰী, ইলাচি প্ৰধান৷ উদ্ভিদকুল আৰু জীৱকুলৰ বিচিত্ৰতা পৰিলক্ষিত হয় এই অঞ্চলৰ চিৰসেউজ অৰণ্যত৷ বাঁহ, বেত, লা, ধুনা, শিঙৰি, পাইন, হলখ, ফাকডিমা, বিভিন্ন জাতৰ অৰ্কিড আদি বনজ সম্পদ ইয়াৰ বনাঞ্চলসমূহত সুলভ৷ ইয়াৰ হাবিত পহু, সুগৰী পহু, কেৰ্কেটুৱা, ভালুক, বনগাহৰি, বান্দৰ, শিয়াল, সাপ আদি বন্যপ্ৰাণীও পোৱা যায়৷ মিচিমি দোৱানত তেলু বুলি জনাজাত লোহিত প্ৰমুখ্যে লাম, তিডিং, দালাই, ক্রউতি, দিচু, লাতি, ক্লুং, দাউ, তেলুৱা, আমপানী, চাৰতি আদি এই জিলাৰ মাজেৰে বৈ যোৱা প্ৰধান নৈ৷ ফেব্ৰুৱাৰী মাহৰ ১৫তাৰিখে উদ্‌যাপন কৰা তামলাদু এই জিলাৰ অধিৱাসীসকলৰ প্ৰধান উৎসৱ৷

পূব হিমালয়ৰ প্ৰদূষণমুক্ত আকাশৰ তলত আনজাৱ জিলা৷ জিলাখনৰ অপূৰ্ব পৰ্বতমালা, সুন্দৰ আৰু মনোৰম নৈ-নিজৰা-জান-জুৰি, সেউজীয়া বনাঞ্চল, সমৃদ্ধ সম্পদৰাজি, বন্যপ্ৰাণী, আন্তৰ্জাতিক সীমান্ত ইত্যাদিৰ সমাহাৰ পৰ্যটকৰ বাবে বিশেষ আকৰ্ষণৰ কেন্দ্ৰ৷ জিলাখনৰ উত্তৰ সীমাই স্পৰ্শ কৰি আছে তিব্বতীয় ব্যৱসায়িক চহৰ ৰিমাক৷ এই অঞ্চলৰ লোকে আন্তৰ্জাতিক সীমান্ত পাৰ হৈ আত্মীয়-স্বজনৰ ওচৰলৈ অবৈধভাৱে আহ-যাহ কৰাটো সঘনাই দেখা পোৱা দৃশ্য৷ প্ৰসংগক্ৰমে, ম্যানমাৰ সীমান্তত লাগি থকা চাংলাং জিলাৰ নংকি বস্তিৰ নিবাসী টাংচাসকলেও একেধৰণে ম্যানমাৰত থকা নিজৰ আত্মীয়সকলৰ ঘৰলৈ আহ-যাহ কৰাৰ কথা শুনিছিলোঁ৷

অৰুণাচলত প্ৰৱেশৰ বাবে এক বিশেষ প্ৰৱেশ-পত্ৰ 'ইনাৰ লাইন পাৰমিট'ৰ প্ৰয়োজন৷ আনজাৱ জিলালৈ যাবৰ বাবে চূণপোৰা গেটেৰে অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিব পাৰি৷ নতুবা, লোহিত জিলাৰ প্ৰৱেশ দ্বাৰ ডিৰাক গেটেৰে সোমায়ো সেই জিলাৰ মাজেৰে আনজাৱ জিলালৈ যাব পাৰি৷ জিলাখনৰ ঠাইবিলাকলৈ পথ যোগাযোগ আছে৷ আনহাতে ইয়াৰ নিকটৱৰ্তী ৰেল ষ্টেচন হৈছে অসমৰ তিনিচুকীয়া আৰু বিমানঘাটি ডিব্ৰুগড়ৰ মোহনবাৰী৷

বছৰৰ গোটেই সময়ছোৱাতে এই জিলালৈ আহ-যাহ কৰিব পাৰি৷ এপ্ৰিল, মে’ আৰু জুন মাহ উৎকৃষ্ট সময়৷ তিনিচুকীয়াৰ পৰা আনজাৱ জিলাৰ সদৰ হাৱাইলৈ অৰুণাচল প্ৰদেশ ৰাজ্যিক পৰিৱহণ নিগমৰ বাছ চলে৷ পৰশুৰাম কুণ্ড হৈ হাৱাইলৈ দূৰত্ব ৩৫০কিল’মিটাৰ৷

(আজিলৈ হল্ট৷ কাইলৈ পুনৰ যাত্ৰা)

No comments:

Post a Comment