Friday, 13 March 2015

কিবিথো : যত শেষ হৈছে পূবৰ পথটো



দুই. পুৰণি বন্ধুক বিচাৰি হায়ুলিয়াঙত

তিনিচুকীয়াৰ পৰা গাড়ীৰে যাত্ৰা কৰি ডুমডুমা, ৰূপাই চাইডিং, মহাদেৱপুৰ, কাকপথাৰ, ডিৰাক গে’ট, নামচাই, চৌখাম, ৱাকৰু, পৰশুৰাম কুণ্ড, হাৱা কেম্প, তেজু, হায়ুলিয়াং৷ ইয়াতে লগ পাম মোৰ পুৰণি বন্ধুক৷

নামচাই : 'লেণ্ড অব গ'ল্ডেন পেগোডা' বুলি জনাজাত এই ঠাই৷ নোৱাদিহিঙৰ পাৰত খামতি জনবসতিপ্ৰধান এই ঠাই ইতিহাস আৰু প্ৰকৃতি উভয়ৰে ফালৰ পৰাই সুখ্যাত৷ হীনযান বৌদ্ধ বিহাৰ অৰ্থাৎ চং সুদৃশ্য আকাৰ আৰু ৰূপত দেখা যায় ইয়াত৷ তিনিচুকীয়াৰ পৰা ইয়ালৈ ৭৫কিল'মিটাৰ৷

ৱাকৰু : কামলাং সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া ঠাই৷ উদ্ভিদ আৰু প্ৰাণীকুলত চহকী৷ সুমথিৰাৰ বাবে বিখ্যাত এই স্থানৰ গ্ল' লে'ক দুঃসাহসিক ক্ৰীড়াৰ লগতে উচ্চতাত অৱস্থিত এক মনোৰম থলী৷ ট্ৰেকিং, ৰাফটিং, এংগলিং আদিৰ কাৰণে এক উপযুক্ত স্থান৷

পৰশুৰাম কুণ্ড : কামলাং সংৰক্ষিত বনাঞ্চল এলেকাৰ ভিতৰত অৱস্থিত হিন্দুসকলৰ এক প্ৰসিদ্ধ তীৰ্থস্থান৷ চৌপাশে ৰুদ্ৰাক্ষ গছেৰে ভৰা ঘন অৰণ্য, যাৰ গুটি পৱিত্ৰ বুলি বিশ্বাস কৰা হয়৷ কিংবদন্তিৰ মতে, পিতৃবাক্য পালন কৰি পৰশুৰামে নিজৰ মাকক কুঠাৰেৰে হত্যা কৰিছিল৷ পিছত সেইখন দলিয়াই দিয়াত পাহাৰৰ ওপৰত পৰিলহি৷ কুঠাৰখনে পাহাৰক দুভাগ কৰিলে৷ তাৰ পৰাই ওলাই আহিল লোহিত নদী৷ পৰশুৰামৰ কুঠাৰখন য’ত পৰিছিল সেই ঠাইৰ নামেই পৰশুৰাম কুণ্ড৷ বিশ্বাস আছে যে মকৰ সংক্রান্তিৰ সময়ত এই ব্ৰহ্মকুণ্ডত ডুব মাৰি স্নান কৰিলে সকলো পাপ খণ্ডন হয়৷ কালিকা পুৰাণৰ মতে মাতৃহন্তা পৰশুৰামে ইয়াতে পাপমুক্ত হৈছিল৷ প্ৰতি বছৰে জানুৱাৰী মাহৰ ১৩ তাৰিখৰ পৰা ১৫ তাৰিখলৈ এই স্থানত বৃহৎ মেলা অনুষ্ঠিত হয়৷ অগণন ভক্তৰ তাত সমাগম হয়৷ লোহিত জিলাৰ অন্তৱৰ্তী এই ঠাইৰ পৰা জিলা সদৰ তেজুলৈ ২১কিল’মিটাৰ দূৰ৷ থকা-মেলাৰ বাবে পৰশুৰাম কুণ্ডত গে’ষ্ট হাউচ আছে৷ তিনিচুকীয়াৰ পৰা ইয়ালৈ পথ-দূৰত্ব ১২০কিল’মিটাৰ৷

তেজু : লোহিত জিলাৰ সদৰ ঠাই৷ তাম্ৰেশ্বৰী মন্দিৰ আৰু নিকটৱৰ্তী ধৰ্মক্ষেত্ৰ পৰশুৰাম কুণ্ডৰ বাবে ই উত্তৰ-পূৰ্বাঞ্চলেই নহয়, ভাৰতবৰ্ষতে জনাজাত৷ ভীষ্মক ৰজাৰ নগৰ কুণ্ডিল নগৰী ইয়াৰ আশে-পাশে আছিল বুলি বিশ্বাস এটা আছে৷ ডিগাৰু, খামতি, মিজি (মিচিমি) আদি সাংস্কৃতিক দিশত চহকী অৰুণাচলী জনগোষ্ঠীৰ বসতিস্থল তেজু৷ ইয়াৰ ভিতৰত মিচিমি জনগোষ্ঠীটোৱেই প্ৰাচীন৷ মহাভাৰতৰ যুগৰে পৰা তেওঁলোকে তেওঁলোকৰ পৰম্পৰা ৰক্ষা কৰি আহিছে৷ ভগৱান ৰিংয়াজাবমালুক তেওঁলোকে তেওঁলোকৰ প্ৰধান দেৱতা বুলি গণ্য কৰি আৰাধনা কৰে৷

তেজুৰ পৰা আগলৈ ডিমৱে, তাফৰাগাম গাঁও ইত্যাদি৷ পৰশুৰাম কুণ্ড হৈ চৌখামৰ ফালৰ পৰা আহিছে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ৷ হাৱা আৰ্মী কেম্পৰ ওপৰলৈ এটা ভিউ পইণ্ট আছে৷ ইয়াৰ পৰা লোহিত উপত্যকা অঞ্চল সম্পূৰ্ণকৈ প্ৰত্যক্ষ কৰিব পাৰি৷ এই দৰ্শনস্থলীৰ পৰা সূৰ্যোদয় আৰু সূৰ্যাস্তৰ দৃশ্যও উপভোগ কৰিব পাৰি৷ পৰশুৰাম কুণ্ড, লোহিত নৈৰ ওপৰৰ দলং, ৱাকৰুলৈ যোৱা পথ আদিও দেখা যায়৷ তেজুৰ পৰা ৱালং, তিনিচুকীয়া আদিলৈ বাছ চলাচল কৰে৷ তেজুত চাৰ্কিট হাউচ, ইন্সপেকচন বাংল’, টুৰিষ্ট লজ, বন বিভাগৰ গে’ষ্ট হাউচ (অৰণ্যধাম), হোটেল আদি আছে৷

তিনিচুকীয়াৰ পৰা তেজুলৈ আলুবাৰী ঘাট হৈ পোনাই যাব পাৰি৷ ১৯৯৩চনত প্ৰথমবাৰ তেজুলৈ যাওঁতে তেনেদৰে গৈছিলোঁ৷ তেতিয়া পৰশুৰাম কুণ্ডত দলং নাছিল৷ দূৰত্ব অধিক হ’লেও এতিয়া নামচাই, পৰশুৰাম কুণ্ড হৈ পকী পথেৰে যাব পাৰি৷ আনহাতে শদিয়া-চূণপোৰা পথেৰেও আহিব পাৰি৷

উদায়াক পাছ : তেজুৰ পৰা আগুৱালে এই স্থান পোৱা যায়৷ স্থানীয় লোকৰ দ্বাৰা পথৰ দাঁতিত নিৰ্মিত মন্দিৰ এটা ইয়াত দেখা যায়৷

চাগলোগাম : উদায়াক পাছৰ পৰা আগলৈ, দালাই নৈৰ বাঁওপাৰে অৱস্থিত ধুনীয়া ঠাই৷ সমুদ্ৰপৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা ১,২৫৮মিটাৰ৷ চাগলোগাম চাৰ্কোলৰ ই হেডকোৱাৰ্টাৰ৷ ট্ৰেকিং, এংগলিং, ৰাফটিং, মাউণ্টেইনিয়াৰিঙৰ দৰে দুঃসাহসিক ক্রীড়াৰ অৰ্থে সুচল ঠাই৷ স্থানীয় মিচিমি আবাসীসকল শান্তিপ্ৰিয় আৰু আজিও তেওঁলোকৰ সাংস্কৃতিক স্বকীয়তা বৰ্তাই ৰাখিছে৷ জিলা সদৰ হাৱাইলৈ ইয়াৰ পৰা দূৰত্ব ১০৭কিল’মিটাৰ৷ আনহাতে তেজুৰ পৰা ইয়ালৈ ১৭০কিল’মিটাৰ৷ ইয়াৰ পৰা ৪৬কিল’মিটাৰ আগলৈ হায়ুলিয়াং৷

হায়ুলিয়াং : আনজাৱ জিলাৰ মহকুমা সদৰ৷ সীমান্তৰ বাটত এইখনেই অকণমান ডাঙৰ ঠাই৷ মিচিমি দোৱানত হায়ুলিয়াঙৰ অৰ্থ the place of my liquor৷ সমুদ্ৰপৃষ্ঠৰ পৰা এই ঠাইৰ উচ্চতা ৭৫০মিটাৰ৷ ইয়াৰ জলবায়ু শীতল, সুখদায়ক আৰু স্বাস্থ্যকৰ৷ ইয়াৰ পৰা লোহিত আৰু দালাই নৈৰ সংগমস্থলৰ দৃশ্যাৱলী প্ৰত্যক্ষ কৰিব পাৰি৷ ইয়াৰ পৰা নামদফা, ৰ’য়িং, ডিব্ৰু-চৈখোৱা আদিলৈ যাব পাৰি৷ হায়ুলিয়াঙত এটা চৰকাৰী পৰিদৰ্শন বঙলা, উচ্চতৰ মাধ্যমিক স্কুল, ভাৰতীয় ষ্টেট বেংকৰ শাখা কাৰ্যালয়, টেলিফোন একচেঞ্জ, টিভি ট্ৰেন্সমিটাৰ, কমিউনিটি হেলথ চেণ্টাৰ, বি.আৰ.টি.এফ.ৰ কেম্প, দোকান ইত্যাদি আছে৷ তেজুৰ পৰা ইয়াৰ দূৰত্ব ১০২কিল’মিটাৰ৷ হায়ুলিয়াঙলৈ ৫কিল’মিটাৰমান থকা অৱস্থাত লোহিত নৈৰ ওপৰত পোৱা যায় পকী দলং৷ লোহিতৰ পাৰতে পৰিদৰ্শন বঙলাটো অৱস্থিত৷ তেজুৰ পৰা হায়ুলিয়াঙলৈ হেলিকাপ্তাৰ সেৱা আছে৷ এই অঞ্চলৰ উদ্ভিদসমূহৰ আকাৰ মন কৰিবলগীয়া৷ অৰুণাচলৰ জাতীয় প্ৰাণী মেথোনকে ধৰি জীৱ-জন্তু ইয়াৰ মানুহে প্ৰতিপালন কৰে৷ স্থানীয় লোকৰ সংখ্যা কম৷ শতকৰা আশী ভাগেই চৰকাৰী কৰ্মচাৰী৷ প্ৰয়োজনীয় সকলো বস্তুৱেই ইয়ালৈ তেজু বা তিনিচুকীয়াৰ পৰা আনিব লাগে৷

১৯৬২ৰ চীন-ভাৰতৰ 'ৱালঙৰ যুদ্ধ'ত চাইনীজ ৰে’ড আৰ্মীক ১১নং ইনফেনট্ৰি ব্ৰিগেডে ৰোধ কৰিবলৈ অক্ষম হ’লত ভাৰতীয় সেনা হায়ুলিয়াঙলৈ পিছ হুহকিবলৈ বাধ্য হৈছিল৷ আনহাতে চাইনীজ সেনা চাংৱিনটিৰ পৰা আৰু আগ বাঢ়ি নাহিল৷ এয়াই সেই ঐতিহাসিক হায়ুলিয়াং৷

ইয়াতে আছে আজিৰ পৰা ৩০বছৰ আগতে একেলগে পঢ়া মোৰ অৰুণাচলী সহপাঠী ধৰ্মেন, যি মোক তেজুত থকা সিহঁতৰ ঘৰলৈ লৈ গৈছিল৷ তাৰ মিচিমি মাকজনী, বায়েক-ভায়েক-ভনীয়েকহঁতে মৰমৰ নাগপাশেৰে পাহৰিব নোৱাৰাকৈ বান্ধি পেলাইছিল মোক৷ মাজে মাজে হেৰাই গ'লেও আচম্বিতে কেতিয়াবা নাহৰলগুনত, কেতিয়াবা ইটানগৰত লগ পোৱাৰ বছৰদিয়েক পিছত এইবাৰ দেখাদেখি হ'ম এই হায়ুলিয়াঙত!  তেহেলৈ মোৰ বাবেও হায়ুলিয়াং ইতিহাসেই হ'বলৈকে ৰৈ আছে!!

(পুৰণি বন্ধুৰ আতিথ্য গ্ৰহণৰ পৰিপ্ৰেক্ষিতত আজিলৈ হল্ট৷ কাইলৈ পুনৰ যাত্ৰা ৬২ৰ যুদ্ধথলীলৈ৷)






No comments:

Post a Comment