মোছৰ বাহাদুৰি
(গল্প নহয়, সত্য)
দেওবাৰ৷ ফাগুনী মলয়া(?)ই চৰাই-বাহৰ অনুৰূপ কৰি পেলোৱা বিশৃংখল চুলিকেইডাল পেলাই আহোঁ বুলি পুৱাই নাগিন্দৰৰ ওচৰলৈ ঢাপলি মেলিলোঁ৷ তাৰ আগেয়ে ঘৰতে দাঢ়িখিনি চুঁচি যোৱাৰ উপৰি মোছকেইডালো নিজেই অলপমান মিলাই লৈছিলোঁ৷ চুলিৰ প্ৰতি মায়া-মোহ সম্প্ৰতি তেনেই শূন্য৷ তেল-ফণিৰ কাৰবাৰ নাই৷ ইচ্ছাকৃতভাৱে কেইবাৰমান মুণ্ডনো কৰোৱাইছোঁ৷ সেয়া নাগিন্দৰেই ক’ব পাৰিব ভালকৈ৷ মই পাহৰিছোঁ৷
চেলুন গৈ পাওঁ যে নাগিন্দৰ নাই! ‘ক’ত গ’ল?’ বোলে, দেচলৈ৷ ‘কি সকামত?’ বোলে, ঘৰত চাদী লাগিছে৷ ‘হা! তেনেহ’লে এতিয়া কি হ’ব মোৰ এই জেং-জাবৰসোপাৰ?’
নাগিন্দৰ কেৱল মোৰে নহয়, আমাৰ অতি প্ৰাচীন ঘৰুৱা ‘চুলি কটা মানুহ’৷ গতিকে সংশ্ৰৱ এতিয়াৰ নহয়৷ নাগিন্দৰৰ ককায়েক কপিল দেউ৷ ঢুকুৱা ডেৰ-দুবছৰ হ’ল তেওঁ৷ দেউতা, খুৰাহঁতৰ কালৰে নিয়মীয়া নাপিত৷ ভায়েক নাগিন্দৰে এতিয়া আমাৰ সকলোৰে কাটে৷ গতিকে চুলিৰ আমনি, খজুৱতি সহ্য নহ’লেই চিধাই তেওঁৰ গুৰি পাওঁগৈ৷ একে কথাই আজিও৷ কিন্তু আজি আকৌ তেওঁ নাই!
এনেয়ে হ’লে ৰৈয়ে দিলোঁহেঁতেন, নাগিন্দৰ আহি নোপোৱা পৰ্যন্ত৷ আজি পিছে বিকল্প চিন্তা কৰিব লগা হৈছে, বিশেষ দৰকাৰত৷ চেলুনখনত মোৰ সৈতে থিয়ৈ থিয়ৈ কথা পতা ডেকা নাপিতক ('নাপিত' বুলিলে নুশুৱাব চাগৈ, 'হেয়াৰ ড্ৰেছাৰ'হে বুলিব লাগিব, কাৰণ মনোজ হেয়াৰ কাটিঙৰ অন্দৰ মহলত তেওঁৰ দ্বাৰাই কিবা বোলে জেণ্টচ পাৰ্লাৰ টাইপৰ এখনো হৈছে অলপতে) ক’লোঁ, ‘নাগিন্দৰ নাই বুজিলোঁ বাৰু৷ পিছে মেছিন আছেনে নাই তহঁতৰ?’
সদৰ্থক ভংগীত সি মূৰ দুপিয়ালে৷ আছে তাৰ মানে৷ ইংগিতৰ লগে লগে পুৰণি, ঘূৰি থকা জাতৰ, নাগিন্দৰৰ ভাগৰ চকীখনতে মোক বহিবলৈ দিলে৷ তাৰ পিছত ডিঙিৰ তলছোৱাত পৰাকৈ চুলি নোসোমোৱা জেল্জেলীয়া ধৰণৰ কাপোৰ এখন মেৰিয়ালে৷ মেচিনটো অন কৰি কাণৰ ওপৰেৰে চুঁ-চুঁকৈ আৰম্ভ কৰি লাগি গ’ল চৰাই-বাহ ভঙাত৷
পদাৰ্পণ কৰোঁতেই দেখা পাইছিলোঁ, পিঠিৰফালৰ চকীখনত বহি আছে টক্বি দাদা৷ আন এজন নাপিতে তেওঁৰ পাহাৰ খহাই আছে৷ টক্বিদা আমাতকৈ বয়সত কেইবাগুণে ডাঙৰ৷ অবয়বতো বহল৷ স্বভাৱসিদ্ধভাৱেই সম্ভাষণ জনাই নিজেই আগতে মাতষাৰ লগালোঁ, ‘দাদা ভালনে?’ বুলি৷ তেওঁৰ পৰাও প্ৰতি-সম্ভাষণ এষাৰ পালোঁ৷ দুফালে দুজনৰ হাতত দুয়োৰে কাম একেলগে চলি থাকিল৷ মাত-কথা বন্ধ৷
টক্বিদাৰ চুলি খুব ঘন৷ আনহাতে পাতল বাবে পিছত আৰম্ভ কৰিও তেওঁতকৈ মোৰ ভাগৰ কামফেৰা আগতেই সমাধা হ’ল৷ ডেকা নাপিতে ডিঙিত মাৰি থোৱা গাঁঠিটো সোলোকাবলৈ ল’লে৷ তেনেকুৱাতে মই মাত দিলোঁ, ‘মোছখিনিও অলপ চাই দে অ’ ভাই৷’
ফণি-কেঁচী লৈ সি ততালিকে মনোনিৱেশ কৰিলে যেনিবা৷ নাগিন্দৰলৈ মোৰ মনত পৰি গ’ল৷ আনকালে হোৱা হ’লে তেৱেঁই চব চাই-চিতি দিয়ে৷ ক’বও নালাগে, কোনো কমপ্লেইনো নাথাকে৷ ইফালে টক্বিদাৰ নাপিতে মোৰ কথা শুনা পাইছিল চাগৈ৷ অলপ পিছতে তেওঁলৈ চাই ৰসিকতাৰ সুৰত হিন্দীতে সুধিলে, ‘আপোনাৰো মোছ মিলাই দিমনে?’
টক্বিদাৰ মোছ নাই৷ মূৰ তল কৰি থকা অৱস্থাতে তেওঁ লাহেকৈ মাত দিলে, ‘মোছেই গজা নাই৷ কি মিলাবি? দাঢ়িও তেনেকৈ নাই৷ আমাৰ এনেকুৱাই৷ দুখ লাগে৷ পিছে মতা মানুহৰ মোছ থাকিব লাগে৷ মাইকী মানুহে পুৰুষৰ মোছ থকাটো বিচাৰে৷’ কেইষাৰমান নিৰ্মম সত্য! পৰিণামত ডেকা নাপিতদ্বয়ে ইটোৱে সিটোলৈ চাই মুখ টিপি হাঁহিলে৷
‘মৰ্দ কা নিচানা৷ পুৰুষৰ চিন৷’ ৰৈ থাকিব নোৱাৰি এইফালৰ পৰা ময়ো এষাৰ যোগ কৰি দিলোঁ, মোচ থকাৰ সুখতে৷
বহি থকা অৱস্থাৰ পৰাই টক্বিদাই মুখৰ আগৰ আইনাখনতে মোৰ প্ৰতিবিম্বলৈ চাই মন্তব্য কৰিলে, ‘আপোনাৰ মোছখিনি ধুনীয়া৷’
তেওঁৰ মুখত আচম্বিতে এনেকৈ মোছৰ প্ৰশংসা শুনি আচৰিততো হ’লোঁৱেই, ৰখাব নোৱাৰাকৈ ঘপকৈ জোৰত হাঁহি উঠিল৷ কেঁচী চলাই থকা ডেকাক ইংগিত দিলোঁ, ৰ’বলৈ৷ তাৰ পিছত হাঃ হাঃ কৈ আপুনি হাঁহি এজাউৰি ওলাই গ’ল৷ আইনাত নিজৰ মুখ, মোছ আৰু হাঁহিটো দেখা পাই মাত্ৰা আৰু এখোপ চৰিল৷ অলপ পাছত ৰখালোঁগৈ যেনিবা কিবাকৈ৷ পৰিৱেশটো হাস্যমধুৰ হৈ পৰিল৷
মোৰ মোচ ঠিক-ঠাক কৰা হৈ গ’ল৷ জাৰি-জোকাৰি দিয়াৰ পিছত পইচা দিবলৈ থিয় হ’লোঁ৷ ইফালে টক্বিদাৰো চুলি কটোৱা সমাপ্ত গ’ল৷ তেৱোঁ চকীৰ পৰা উঠিল৷ তাৰ পিছত মোৰ একেবাৰে কাষলৈ আহিল৷ প্ৰায় গাত গা লগাই ইদুটাই নুশুনক ভাবত অনুচ্ছ স্বৰত ক’লে, ‘কাম শাস্ত্ৰবিলাকত মোছৰ বিষয়ে পঢ়িবলৈ পোৱা যায়৷ মোছ থকা পুৰুষৰ প্ৰতি ৰমণী সহজে আকৰ্ষিত হয় বুলি তাত কৈছে৷’
মোতকৈ বয়সত যথেষ্ট ডাঙৰ হ’লেও লিখিত সত্য প্ৰসংগ এটা তেনেভাবে খোলাখুলিকৈ কৈ পেলাবলৈ অকণো দ্বিধাবোধ নকৰা টক্বিদাৰ কথা শুনি আৰু তেওঁৰ মোছহীন মুখমণ্ডললৈ দৃষ্টিপাত কৰি আকৌ এবাৰ হোঁ-হোঁকৈ হাঁহিবলৈ ধৰিলোঁ৷ সিফালে, মোছ নথকা টক্বিদায়ো হাঁহিৰেই মোৰ প্ৰতিক্ৰিয়াত সঁহাৰি দিলে৷
‘মোছ নাথাকিলে হিজ্ৰায়ো বৰ দিগদাৰি কৰে অ’ দাদা৷ ট্ৰেইনত গ’লে কথাটো মন কৰিবচোন৷ মোক সিহঁতে একো নকৰে৷ কাৰণ মোছ আছে৷ কিন্তু কাষত বহা মোছ নথকা মানুহক নগুৰ-নাগতি কৰে, বুইছেনে? ‘ৰাজা বেটা’ বুলি গালত, নাকত যিহে টিপা একোটা দিয়ে, কোনো সময়ত৷ সকলোৰে সন্মুখত সহযাত্ৰী ইমানযে অস্বস্তিত পৰে!’
‘অঁ, হয় হয় কথাটো!’ এইবাৰ টক্বিদাৰ হাঁহিটো ডাঙৰ হৈ ওলাল৷ ডেকা নাপিতদ্বয়েও তাত যোগ দিলে৷ তাৰে এটাৰ আকৌ মোছ নাছিল৷ চাৰিওটাই ইটোৱে সিটোলৈ চাই কৰা ৰসালাপত চেলুন উৰি যাওঁ উৰি যাওঁ হ’ল৷
এসময়ত টক্বিদা আৰু মই বাহিৰ ওলালোঁ আৰু নিজৰ নিজৰ ডিৰেক্চনত গ’লোঁগৈ৷

No comments:
Post a Comment