Monday, 16 March 2015

কিবিথো : যত শেষ হৈছে পূবৰ পথটো

পাঁচ. 'মিছন একমপ্লিছড'



আন্তৰ্জাতিক সীমা ‘লাইন অফ একচুৱেল কণ্ট্ৰ’ল’৷ সিপাৰে ৰিমা৷ এইপাৰে কিবিথো৷ ভাৰতবৰ্ষৰ একেবাৰে পূব দিশত স্থায়ীভাৱে বসতি কৰা মানুহৰ অন্তিম বাসস্থলী কিবিথো৷ এখন সৰু, গ্ৰাম্য ঠাই, সুউচ্চ পাহাৰে যাক ঘেৰি ৰাখিছে৷ আৰু সেই ওখ পৰ্বতলানিৰ সিপাৰেই অদূৰত প্ৰতিৱেশী পিপুল্চ ৰিপাব্লিক অফ চাইনা, মানে চীন দেশ৷ অনেক প্ৰতিবন্ধকতাৰ মাজত থাকি এক প্ৰকাৰৰ প্ৰত্যাহ্বানমূলক জীৱন-যাত্ৰাৰে কিবিথো আৰু ইয়াৰ কাষৰ-পাজৰত বাস কৰা সংখ্যানগণ্য অধিৱাসীসকলে দৈনন্দিন অতিবাহিত কৰি আহিছে৷ প্ৰতিকূল পৰিস্থিতিৰ মাজত নিজৰ উপস্থিতিৰে কিবিথোক কৰি তুলিছে উত্তৰ-পূবৰ অন্তিম পূব প্ৰান্তত ভাৰতীয়ৰ শেষ বসতি৷ ক’বলৈ গ’লে, দেশৰ মানচিত্ৰত চালে একেবাৰে পূবত দেখা-নেদেখাকৈ অঁকা এইটো অকণমানি এটা বিন্দু মাত্ৰ৷ ‘ইষ্ট অফ দ্যা নৰ্থ-ইষ্ট’৷ আনহাতে চন ২০০০ সূচনা হোৱাৰে পৰাই কেইবাটাও কাৰণত লাহে লাহে এই বিন্দুটোৱে কৌতূহলী মানুহৰ দৃষ্টিক টানি নিব ধৰিছে৷ ভাৰতীয় সৈন্য বাহিনীৰ সীমান্ত নিৰাপত্তাৰ এয়া শেষ ফ’ৰৱাৰ্ড বে’ছ য’ৰ পৰা খালী চকুৰে দেখা যায় ৰঙাচীনৰ বগা পৰ্বতমালা৷ আচলতে এখন নহয়, দুখন বিদেশী ৰাষ্ট্ৰৰ সৈতে এইডোখৰত সংযুক্ত হৈ ৰৈছে আমাৰ দেশৰ সীমা৷ উত্তৰত চীন, পূবফালে ম্যানমাৰ৷ গতিকে ৰাজনৈতিক দৃষ্টিকোণৰ পৰা এই ঠাই সদায়েই গুৰুত্বপূৰ্ণ৷

১৯৬২ৰ চীন-ভাৰত যুদ্ধৰ নীৰৱ সাক্ষী কিবিথো৷ ইয়াৰ ভৌগোলিক অৱস্থান ২৮ডিগ্ৰী১৬'৪৯.৩'' উত্তৰ অক্ষাংশ আৰু ৯৭ডিগ্ৰী০'৫৯.৪'' পূব দ্ৰাঘিমাংশ৷ সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা ১,৩০৫মিটাৰ৷ লোহিতৰ সোঁপাৰে অৱস্থিত এই ঠাই অৰুণাচল প্ৰদেশৰ আনজাৱ জিলাৰ কিবিথো চাৰ্কোলৰ হেডকোৱাৰ্টাৰ৷ হাৱাই-ৱালং তহচিলৰ অন্তৰ্গত৷ পশ্চিমে মানচাল তহচিল আৰু হায়ুলিয়াং তহচিল, দক্ষিণে চংলংগাম তহচিল আৰু পশ্চিমে আনজাৱ তহচিলে ইয়াক বেৰি ৰাখিছে৷ তেজুৰ পৰা কিবিথোলৈ দূৰত্ব ২৩০কিল’মিটাৰ৷ জিলা সদৰ হাৱাইৰ পৰা দক্ষিণে ২৭কিল’মিটাৰ, হায়ুলিয়াঙৰ পৰা উত্তৰে ১৪০কিল’মিটাৰ, ৱালঙৰ উত্তৰে প্ৰায় ৩০কিল’মিটাৰ দূৰত্বত এই মনোমোহা স্থান৷

থিয় পাহাৰ আৰু খৰস্ৰোতা নৈয়ে মন-প্ৰাণ আলোড়িত কৰা কুমাৰী প্ৰকৃতিৰ বিনন্দীয়া লেণ্ডস্কেপেৰে অপূৰ্ব কিবিথো অঞ্চল৷ হিম-শীতল আৰু স্বাস্থ্যকৰ ইয়াৰ জলবায়ু৷ চীন সীমান্তৰ দুশাৰী পৰ্বতৰ মাজেৰে সোমাই আহি সোঁ দাঁতিয়েদি বৈ গৈছে নীলা নৈ লোহিত৷ ব্ৰহ্মপুত্ৰৰ এই মূল উপনৈখনে সিপাৰৰ পৰা খৰ গতিৰে এইমুৱাকৈ আহি ভাৰত ভূখণ্ডৰে নামনি অভিমুখে গতি কৰিছে বৰনৈক লক্ষ্য কৰি৷ চমৎকাৰ জলপ্ৰপাত, গৰম পানীৰ বোঁৱতী ধাৰ, পাইন গছৰ সোঁ-সোঁৱনিভৰা ঘন অৰণ্য, পৰাশ্ৰয়ী উদ্ভিদ, বনৰীয়া ফল-ফুল, বন্যপ্ৰাণী, সুউচ্চ সেউজ পাহাৰ, চকু জুৰ পেলোৱা চিত্ৰবৎ সৌন্দৰ্যময় প্ৰাকৃতিক দৃশ্যৰে মেটমৰা এই এলেকা৷ ইয়াৰ কাষেৰেই বৈ যোৱা দিচু নৈকে ধৰি জান-জুৰি, নৈ-নিজৰা অঞ্চলটোত অনেক আছে৷ অনিশ্চয়তা আৰু বাধা-বিপত্তিৰ মাজেৰে ট্ৰেকিং, ৱাটাৰ ৰাফটিং, ১০,০০০ফুটৰ পৰা ১৬,০০০ফুট ওখ শৃংগৰে থিয় পৰ্বতাৰোহণ, ওলোমা দলঙেৰে বতাহৰ সৈতে মিতিৰালি পাতি দ্ৰুতবেগী নৈ অতিক্ৰমন ইত্যাদিবোৰ কিবিথোৰ প্ৰধান আকৰ্ষণ৷ এডভেন্সাৰপ্ৰেমীসকলৰ বাবে অনেক ধৰণৰ ক্রীড়াৰ প্ৰত্যক্ষ আমোদ লোৱাৰ সুযোগ আছে দাঁতি-কাষৰীয়া স্থানসমূহত৷ উত্তৰ-পূৰ্বাঞ্চলৰ পথৰ অন্তিমত অৱস্থিত এই ঠাই সম্প্ৰতি অৰুণাচল প্ৰদেশৰ ভিতৰতে সবাতোকৈ আকৰ্ষণীয়, প্ৰদূষণমুক্ত পৰ্যটন থলী হিচাপে উন্নীত হৈছে৷

জাখ্ৰিং আৰু মিচিমি এই ঠাইত বাস কৰা প্ৰধান জনজাতি৷ মিচিমিসকল নিপুণ কাৰুশিল্পী৷ নিজৰ বুকুত ওলোমাই লোৱা, অজগৰৰ ছালেৰে তৈয়াৰী খাপ এটাৰ ভিতৰত সোমাই থকা মিচিমি-দাখনেই প্ৰতিজন মিচিমি পুৰুষৰ বিপদ-আপদৰ চিৰসংগী৷ সঘনাই চলাচল কৰা সামৰিক বাহিনীৰ ট্ৰাকবোৰেই সাধাৰণ জনজাতীয় লোকৰ যাতায়াতৰ একমাত্ৰ আশা-ভৰসা৷ সৈন্য বাহিনীৰ ওপৰত পূৰামাত্ৰাই নিৰ্ভৰশীল তেওঁলোকৰ জীৱন৷

১৯৬২ৰ চীন-ভাৰতৰ যুদ্ধ সংঘটিত হোৱা অঞ্চল এইটো৷ দেখা নাই, কিন্তু পঢ়িবলৈ পাইছোঁ যে উক্ত যুদ্ধৰ কিবিথো আছিল হৃৎপিণ্ড স্বৰূপ৷ আক্রমণকাৰী চীনা সৈন্যৰ ইয়ে আছিল প্ৰৱেশদ্বাৰ৷ ‘ৱালঙৰ যুদ্ধ’ বুলি জনাজাত চীনো-ইণ্ডিয়া ৱাৰত চীনা বাহিনীক প্ৰতিৰোধ কৰিবলৈ গৈ ৪,০০০ চীনা সৈন্যৰ সন্মুখত আত্মবলিদান দিছিল অনেকজন ভাৰতীয় সেনাই৷ সেই কিবিথোৱেই এতিয়া চিকিমৰ নাথু-লা আৰু অৰুণাচল প্ৰদেশৰ বুম-লাৰ পিছতে পৰিগণিত হৈছে ভাৰত-চীন মৈত্ৰী সম্পৰ্কৰ নতুন ‘মেলটিং পইণ্ট’ হিচাপে৷ ব’ৰ্ডাৰ পাৰচনেল মিটিঙক উদ্দেশ্য কৰি উভয় দেশৰে প্ৰতিনিধি ইয়াত মিলিত হৈছে পাৰস্পৰিক সম্পৰ্ক সুদৃঢ় কৰাৰ মানসেৰে৷ চীন-ভাৰত সীমান্তৰ এইখন তৃতীয় স্থান য’ত উভয় পক্ষৰ মাজত সৌহাৰ্দপূৰ্ণ বাৰ্তা আৰু ভাবৰ বিনিময়, দৃষ্টিভংগীৰ আদান-প্ৰদান চলিব লাগিছে৷ ভাৰত-চীন কূটনৈতিক সম্পৰ্কৰ দিশত ইয়ে এক নতুন আৰম্ভণিৰ ইংগিত বহন কৰিছে৷

ভাৰতবৰ্ষৰ পূব প্ৰান্তৰ শেষ বসতি স্থল এই কিবিথো৷ এই ঠাইৰ পৰা ভাৰত-চীন আন্তঃৰাষ্ট্ৰীয় সীমান্ত অভিমুখে খোজ কাঢ়ি যাব পাৰি৷ এইপাৰে যেনেকৈ ভাৰতীয় সেনাৰ কোঠ, ঠিক তেনেকৈ সিপাৰে ৰাউ ট্ৰেনজিত পইণ্টেৰে টাটু, টিথাং, ৰিমা, ৰংথু চু ভেলী আদি চীন অধ্যুষিত এলেকাত আছে চাইনিজ আৰ্মীৰ বাহৰ৷ ফ’ৰ লেন হাইৱেৰে সীমান্তৰ সিপাৰ তুলনামূলকভাৱে ভাৰতীয় অঞ্চলতকৈ ভাবিব নোৱাৰা ধৰণে উন্নত৷ আনহাতে ১৯৬২চনৰ আগৰ সময়ছোৱাত কিবিথোৰ পৰাই ৰিমাত থকা তিব্বতীয় গাঁওবাসীলৈ বুলি চাউলকে ধৰি ৰচদ-পাতিৰ যোগান ধৰা হৈছিল৷ যুদ্ধৰ সময়ছোৱাত চাইনিজ পি.এল.এ.ৰ সদস্যসকলে সেইবোৰ হজম কৰিছিল বুলিও পঢ়িবলৈ পোৱা যায়৷

২০০৮চনৰ ৩১জানুৱাৰী তাৰিখে ভাৰতৰ তদানীন্তত প্ৰধান মন্ত্ৰী ডক্টৰ মনমোহন সিঙে ঘোষণা কৰা, মেকমোহন লাইনৰ সমান্তৰালভাৱে, অৰুণাচলৰ উত্তৰ-পশ্চিমৰ টাৱাঙৰ পৰা দক্ষিণ-পূবৰ কানুবাৰীলৈ ২,৪০৭কিল’মিটাৰ দৈৰ্ঘ্যৰ প্ৰস্তাৱিত টু লে’ন ট্ৰেন্স অৰুণাচল হাইৱে’ আৰু ইষ্ট-ৱে’ষ্ট ইণ্ডাষ্ট্ৰিয়েল ক’ৰিডৰ হাইৱে’ৰ ম্যানমাৰ সীমান্তৱৰ্তী চাংলাং জিলাৰ বিজয় নগৰৰ পৰা তিব্বত সীমান্তৱৰ্তী টাৱাং জিলাৰ মাগো-থিংবোলৈ প্ৰস্তাৱিত ২,০০০কিল’মিটাৰ দৈৰ্ঘ্যৰ অৰুণাচল প্ৰদেশ ফ্ৰণ্টিয়াৰ হাইৱে’ই এই অঞ্চলতে পৰস্পৰে পৰস্পৰক ছেদ কৰাৰ কথা৷ প্ৰসংগক্রমে উল্লেখ্য যে নিৰাপত্তা আৰু সংস্থাপনৰ বাট মোকলোৱাৰ লগতে কিবিথো প্ৰমুখ্যে সীমান্তৱৰ্তী বিনন্দীয়া অঞ্চলসমূহক কেন্দ্ৰ কৰি পৰ্যটনৰ বিকাশ সধাটো এই পথ নিৰ্মাণৰ অন্যতম উদ্দেশ্য৷ কেন্দ্ৰীয় চৰকাৰৰ লুক ইষ্ট পলিচীয়ে এই দুৰ্গম ঠাইসমূহৰ কষ্টকৰ জীৱন-যাত্ৰাত অভ্যস্ত মানুহখিনিৰ আশা-আকাংক্ষা কেনেভাৱে পূৰণ কৰেগৈ তাক জানিবলৈ হ'লে সময়লৈ ৰ'ব লাগিব৷

অতীত খুঁচৰিলে আমি পাওঁ, আজিৰ পৰা ৫৩বছৰৰ পূৰ্বে দেশে এই স্থানতে বিদেশী মিলিটাৰী আক্রমণৰ সন্মুখীন হৈছিল, পৰাজিত হৈছিল আৰু তেনেকৈয়ে প্ৰমাণিত হৈছিল ভাৰতীয় সৈন্য আৰু ৰাজনীতিক সষ্টম হৈ নথকাৰ ছবিখন৷ চীনৰ আক্রমণৰ অৰ্ধশতিকা পূৰ্তিৰ ক্ষণত ইণ্ডো-চাইনা যুদ্ধত ভাগ লোৱা, মৃত্যুবৰণ কৰা, হেৰাই যোৱা সেই সাহসী ভাৰতীয় জোৱানসকলৰ স্মৃতিত সেই সীমান্ত চকী উচৰ্গা কৰা হৈছে৷

অৰণ্যানিৰে আৱৰা ঠাইখণ্ড আগতে সামৰিকভাৱে নিয়ন্ত্ৰণ কৰি থকা হৈছিল লোহিত জিলাৰ তেজুত থকা ব্ৰিগ্ৰেড হেডকোৱাৰ্টাৰৰ পৰা৷ কিবিথোত এতিয়া ব্ৰিগেড হেডকোৱাৰ্টাৰ স্থাপন কৰা হৈছে৷ স্বাভাৱিকভাৱেই নিৰাপত্তাজনিত কাৰণত অঞ্চলটোত সাধাৰণ লোকৰ প্ৰৱেশ আৰু গতি-বিধিত অহৰহ কাঢ়া নজৰ ৰখা হয়৷ পৰীক্ষা চকীত সবিশেষ দাখিল কৰিব লাগে৷

ইয়াত এটা হেলিপেড আৰু সৰু-সুৰা দোকান আছে৷ কিবিথোৰ বজাৰ পাৰ হৈ আগলৈ আছে ভিউ পইণ্ট৷ তাৰ পৰা বাউণ্ডেৰী লাইন, ন’ মেন্চ লেণ্ড, চাইনিজ বাংকাৰ আদি চাব পৰা যায়৷ উত্তৰৰ আৰু দক্ষিণলৈ কিবিথো এটা উপত্যকা আৰু পূব আৰু পশ্চিম প্ৰান্তত পৰ্বতৰ শিখৰ৷ ৩০কিল’ৱাট শক্তিসম্পন্ন মাইক্র'-হাইডেল ইলেকট্ৰিক প্ৰজেক্ট এটাও নিৰ্মাণ কৰা হৈছে৷ ইয়াৰ আগলৈ থকা কাহ’ গাঁৱৰ বাবেও ৩০কিল’ৱাট শক্তিসম্পন্ন মাইক্র'-হাইডেল ইলেকট্ৰিচিটি জেনেৰেচন প্ৰজেক্ট আছে৷ প্ৰসংগক্রমে উল্লেখ কৰিব পাৰি যে জলবিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত অৰুণাচল প্ৰদেশ দেশখনৰ ভিতৰতে সৰ্বাধিক সমল আৰু সম্ভাৱনাৰে চহকী৷ হিমালয়ৰ পাদদেশেৰে বৈ অহা খৰস্ৰোতা নৈবোৰেই তাৰ মূল আধাৰ৷ ৬৪কিল’মিটাৰ আঁতৰত লোহিত আৰু দিচু নৈৰ সংযোগস্থলতো গৰম পানীৰ প্ৰবাহ আছে৷

দেশপ্ৰেমত উদ্বুদ্ধ প্ৰত্যেকজন ভাৰতীয়ই চাবলগীয়া ইয়াৰ এটা স্থান হ’ল হেলমেট টপ৷ ৱালঙৰ পৰা ইয়াৰ দূৰত্ব ১৮কিল’মিটাৰ৷ একালত এই পৰ্বতশিখৰ দেশৰ প্ৰতিৰক্ষাৰ অৰ্থে ভাৰতীয় সেনাৰ বাবে সুচল ঠাই আছিল৷ চীন-ভাৰতৰ যুদ্ধৰ সময়ত একাংশ জোৱান ইয়াতে আবদ্ধ হৈ পৰিছিল৷ হেডকোৱাৰ্টাৰৰ কোনেও তেওঁলোকৰ বিপদৰ বিষয়ে ভু-কে পোৱা নাছিল৷ ভোকে-পিয়াহে জৰ্জৰিত, প্ৰচণ্ড শীতত ঠেৰেঙা লাগি বৰফাক্রান্ত হৈ মৃত্যুমুখত পৰিছিল সেইসকল দুৰ্ভগীয়া সৈনিক৷ যুদ্ধখন অন্ত পৰালৈ কেৱল ৰৈ গৈছিল তেওঁলোকে পৰিধান কৰা হেলমেটকেইটা৷ তেওঁলোকৰ সাহস আৰু সমৰ্পিত প্ৰাণৰ স্মৰণাৰ্থে সেই স্থানত সজা হৈছে এটা স্মাৰক৷

সেউজীয়া অৰণ্য, শিলাময় পৰ্বত, জান-জুৰি, জলপ্ৰপাতেৰে ভৰপূৰ এই বৃহত্তৰ অঞ্চলটো৷ জনসমাগমৰ পৰা সুদূৰত প্ৰকৃতিৰাণীয়ে যেন ইয়াতেই সকলো ৰূপ-সৌন্দৰ্য অকৃপণভাৱে ঢালি-বাকি দিছে৷ এইখন এনে এখন পাৰ্বত্য নিবাস যিয়ে আগমনকাৰীৰ মন-প্ৰাণ হৰি নিব পাৰে৷ এইখনেই সেই ঠাই, আগুৱাই গৈ থকা বাটৰ প্ৰতিটো কেঁকুৰিত যি এটা কথা বাৰে বাৰে কৈ যায় যে প্ৰকৃতিৰ সৌন্দৰ্য কোনোপধ্যে জোখা নাযায়৷ লোহিতৰ ওপৰেদি ৰছীত ওলমি থকা দলংবোৰ পাৰ হোৱাটো ইয়ালৈ অহা প্ৰতিজনৰে বাবে নিঃসন্দেহে এক শ্বাসৰুদ্ধকৰ অভিজ্ঞতা৷ তেনেকুৱা ওলোমা দলঙৰ মধ্যভাগত সন্মুখীন হোৱা শক্তিশালী বতাহৰ কবলত পৰি দুলি থকা দলঙেৰে তলেদি বৈ থকা খৰস্ৰোতা নৈখন ইপাৰ-সিপাৰ হোৱাটো দৰাচলতে এটা ৰোমাঞ্চকৰ কামেই৷ অন্যান্য প্ৰাকৃতিক বাধাক জয় কৰা আন এটা কাম হৈছে কিবিথোৰ পৰা তালুক পাছলৈ পদচালনা৷ দেশৰ ভিতৰতে এইটো সবাতোকৈ চেলেঞ্জিং ট্ৰেকিং বুলি নিৰ্ণিত হৈছে৷ এই পথছোৱাত পোৱা যায় অনেক অৰ্কিড, বন্যপ্ৰাণী, গৰম পানীৰ প্ৰৱাহ, ভিনটেজ এয়াৰক্রেফটৰ ওলমি থকা অংশ আদি৷ সকলোবোৰৰ সমাহাৰে যেন সঁচা অৰ্থত অঞ্চলটোক কৰি তুলিছে ‘লেণ্ড অফ ফেণ্টাচী’৷ ইয়াত কোনো কৃত্ৰিমতা নাই, সকলোৱেই প্ৰাকৃতিক৷

কিবিথোলৈ যোৱাৰ বাটত সুমথিৰাৰ বাগান পোৱা যায়৷ কথিত আছে, এই সুমথিৰাৰ ৰসবোৰত মিঠা হ’বৰ বাবে চেনী মিহলোৱাৰ প্ৰয়োজন নাই৷ মৌচুম্বীৰ দৰে পাতল ইয়াৰ বাকলি৷ ৰসো বেছি৷ কিন্তু এইবোৰত গুটি নাথাকে৷ অঞ্চলটোত পাইন গছৰ আধিক্যও মন কৰিবলগীয়া৷

এয়াই উত্তৰ-পূবৰ অন্তিম পূবৰ জনপদ৷ বৃহৎ ভাৰত ৰাষ্ট্ৰৰ এয়াই পূব প্ৰান্তৰ ৰাস্তাৰ শেষমূৰ৷ থাকিবৰ বাবে ইয়াত তেনেকুৱা কোনো আৰামী ঠাই, হোম ষ্টে’ নাই৷ আই.বি. এটা আছে যদিও অনুমতি সহজ নহয়৷ অসুবিধাত পৰিলে আৰ্মীৰ অনুগ্ৰহতেই হয়তো তেওঁলোকৰ মেছত এটা ৰুম, এসাজ দাইল-ভাত কিবাকৈ পোৱা যায়৷ বিপৰীতে, থকা-খোৱাৰ কষ্ট যিমান যিয়েই নহওক কিয়, চৌপাশৰ দৃশ্যপটৰ সৌন্দৰ্যই ভ্ৰমণকাৰীক মোহিত কৰে৷ পাহৰাই দিয়ে তিনিচুকীয়াৰ পৰা কিবিথোলৈ কৰা ৩২০কিল’মিটাৰ দৈৰ্ঘ্যৰ ভাগৰুৱা, বিপদসংকুল যাত্ৰাত পাৰ কৰি অহা প্ৰায় ২৮টা পাহাৰ, অনেক ইউ টাৰ্ণ, অনেক এছ টাৰ্ণ, ঠেক দলং, পথৰ খলা-বমা ইত্যাদি ইত্যাদি৷

উক্ত পথতে আগলৈ পোৱা হালধীয়া চাইনব’ৰ্ড এখনে দুৰন্ত পথিকক কৈ দিয়ে যে সেইখিনিয়েই ভাৰতবৰ্ষৰ একেবাৰে পূব প্ৰান্তৰ অন্তিম পথ৷ তাৰ আগলৈ আৰু পথ নাই৷

সেইখিনি পালেই যেন সকলোৱে সজোৰে চিঞৰি উঠে দুটা শব্দ... মিছন একমপ্লিছড৷

(যাত্ৰা সমাপ্ত)




(সমাপ্ত)

No comments:

Post a Comment