Friday, 30 March 2018

চতুৰ্থ দিনঅংশ-৩৫

ঘূৰি-পকি নামপং প'ষ্ট পালোঁহি৷ পুৱা আমাক দিয়া ট'কেনটো ইয়াত জমা দি যাব লাগে৷ এই উদ্দেশ্যে আগৰ গাড়ীৰ পৰা পৰ্যটক নামিছে৷ পাংচু পাছৰ তালাচী চকীত হিচাপ কৰিয়ে পঠোৱা হৈছে৷ গতিকে ইয়াত সিমান সময়ৰ কাম নাই৷ বীৰেন্দৰে যথাস্থানত ব্ৰে'ক মাৰিলে৷ ট'কেন নং ২৪৭ৰ বান্দা হাজিৰ৷ জমা দিয়ে পুনৰ গাড়ীত বহিলোঁহি৷ 

যাওঁতে এইখিনিৰ পৰা পাংচু পাছ পাবলৈ ১ ঘণ্টা ১৫ মিনিট লাগিছিল৷ ৪৫ মিনিট যাত্ৰা কৰাৰ পাছত গাড়ী এৰিবলগীয়া হৈছিল৷ তাৰ পাছৰে পৰা আৰম্ভ হৈছিল পদযাত্ৰা৷ এতিয়া সোনকালে পালোঁ৷ পাহাৰত নামি আহোঁতে সময় তাকৰ লাগেই৷ মনত পৰিল, যাওঁতে বাটত আমি অতিক্ৰম কৰা গেলগেলীয়া বোকাখিনি আহোঁতে নাপালোঁ৷ তাৰ মানে মই তেতিয়া কৰা ধাৰণাটো ঠিকেই আছিল৷

Friends of the hill people, Nampost Post লিখা আছাম ৰাইফলছৰ গে'টখনলৈ ১০-১২ ফুট থাকোঁতে, অফিছ ঘৰটোৰ ঠিক মুখে মুখে সোঁহাতে জোৱান কেইজনমানে পথৰ দাঁতিতে চাহ-পকৰি বিক্ৰী কৰি আছে৷ টেবুল-চকী সজোৱা আছে৷ ৰাস্তাটো এইখিনিত পকা৷ দুটামান কেঁকুৰি ঘূৰাৰ পাছতে অৱস্থা দুখ লগা হৈ পৰে৷ গৰম পকৰি এক প্লেটত ১০ টকাকৈ৷ লগত ধোঁৱা ওলাই থকা চাহ৷ পৰ্বতে-কন্দৰে দিনটো ব্যস্ততাৰে পাৰ কৰি অহাৰ পাছত কিছুমান পৰ্যটকে আতিথ্যকণ লবলৈ ইচ্ছা কৰিছে৷ এইখিনিতে পুৰুষ-মহিলা উভয়ৰ বাবে প্ৰসাধন-গৃহৰ ব্যৱস্থাও দেখা পালোঁ৷

বেলিটো পৰ্বতৰ অাঁৰত কেতিয়াবাই লুকাল৷ ঠাণ্ডা অনুভূত হৈছে৷ মই আকৌ জেকেটটোও ইচ্ছাকৃতভাৱে নানিলোঁ৷ এতিয়া মজা পাই গৈছোঁ৷ সাতে-পাঁচে ভাবি আমি ৰৈ নাথাকিলোঁ৷ সোনকালে ঘৰ পোৱাৰ সপক্ষে সহমত গঢ়ি উঠিল৷ গৰম পানীৰে হাত-মুখ ভালকৈ ধুবগৈ লাগে৷ ভোকো লাগিছে৷ অৰুণদাহঁত থাকিল৷ পকৰি-চাহ খাইহে নামপং প'ষ্ট এৰাৰ মতলব৷ প্ৰাপ্তিৰ আনন্দত বাটতে চেলিব্ৰেচন অকণমান!

পাছত লগ পাওঁতে দাদাই ক'লে, 'নামপং প'ষ্টত চাহ খাই থাকোঁতে জনজাতীয় চেহেৰাৰ জোৱান এজন আগ বাঢ়ি আহি তেওঁৰ সৈতে উপযাচি আলাপ কৰিব ধৰিলে৷ ক'ৰ পৰা আহিছে সুধিলে৷ ডিফুৰ পৰা বুলি কোৱাৰ লগে লগে সৈনিকজনৰ মুখখন অদ্ভুতভাৱে উজ্জ্বল হৈ পৰিল! ডিফুৰ পৰা! ইমান দূৰৰ পৰা এই ঘোঁকটত সোমোৱাৰ উৎসাহটো দেখি এক প্ৰকাৰ আচৰিতেই হ'ল তেওঁ৷ জনালে যে ডিফু-মান্‌জা ৰ'ডত প্ৰতিষ্ঠাপিত এ.আৰ.টি.চি. অৰ্থাৎ আছাম ৰাইফল্‌ছ ট্ৰেইনিং চেণ্টাৰত তেওঁ প্ৰশিক্ষণ লৈছিল৷ টীম-বিৰ সদস্যকেইজনক অভাৱনীয়ভাৱে লগ পাই বৰ সুখী হ'ল৷ জোৱানজনে আফছোছৰ সুৰত ক'লে যে এই তিনিটা দিনহে কেৱল তেওঁলোকে চিভিলিয়ান মানুহ এনেকৈ মুকলিভাৱে দেখিবলৈ পাইছে৷ অন্যথা অাৰণ্যক নিৰ্জনতা আৰু নিঃসংগতাক লৈয়ে দিনৰ পাছত দিন কটাব লাগে৷'

কথাটো হয়৷ এতিয়াও কাইলৈ পি.পি.ডব্লিউ.এফ.২০১৩ অন্ত পৰাৰ পাছত সীমান্তৰ প্ৰহৰীসকলৰ বাবে এই বাটত শূন্যতাৰ বাদে আন একোৱেই নাথাকিব৷ দেশৰ নিৰাপত্তাজনিত কৰ্তব্যৰ খাতিৰত পাণ্ডৱবৰ্জিত পৰিৱেশত মন নগ'লেও থাকিবলৈ তেওঁলোকযে বাধ্য! কম বয়সীয়া জোৱানজনৰ কথাই এখন্তেকৰ বাবে অৰুণদাৰ মনটো জোকাৰি পেলাইছিল৷

জোৱানজনেই জনাইছিল যে মাহৰ তিনিটা তাৰিখ ক্ৰমে ১০, ২০ আৰু ৩০ৰ বাদে প্ৰতি শুক্ৰবাৰে ম্যানমাৰীসকলৰ কাৰণে সীমান্তৰ গে'ট খোলা থাকে৷ তেওঁলোকে সেই দিনটোত নামপং বা জয়ৰামপুৰলৈ বজাৰ কৰিবলৈ নামি আহে৷ নিশা ৩ বজাতে মানুহবোৰ তালাচী চকীত উপস্থিত হয়হি৷ কাৰণ বিয়লি ৪ বজাৰ আগতে স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰিব লাগিব৷ পিঠিত থাকিব নিমখ আৰু প্ৰয়োজনীয় বজাৰ-সমাৰৰ বোজা৷ ঠাণ্ডাৰ পৰা মুক্তি পোৱাৰ বাবে জোৱানসকলে ম্যানমাৰৰ পৰা অহা লোকসকলৰ বাবে জুই জ্বলাই ৰাখে৷ এইফালৰ মানুহবোৰৰ জীৱন-যাত্ৰা পূৰামাত্ৰাই দুৰ্বিষহ৷ খোজৰ গত্যন্তৰ নাই৷ আমিও আজি কমখন খোজ কঢ়া নাই৷ (আগলৈ)


চতুৰ্থ দিনঅংশ-৩৪

শিলগুটিয়ে দাঁত নিকটাই থকা ৮-১০ ফুটীয়া ৰাস্তা৷ মাজে মাজে উকা হৈ পৰিলেও মাজে-মধ্যে মানুহ কিছুমান লগ পাই আছোঁ৷ মন গ'লেই ফটো তুলিছোঁ৷ গাভৰুহঁতে কেমেৰা দেখি লাজকুৰীয়া হাঁহি মাৰি ফালৰি কাটিব ধৰে৷ হ'লেও এৰা নাই৷ পাংচু পাছ পোৱাৰ আগেয়ে ৪জনীয়া দল এটা পালোঁ৷ একেবাৰে সন্মুখত পুৰুষ এজন৷ বাকী ৩ মহিলা৷ আটাইৰে পিঠিত একোটিকৈ হোৰা৷ পুৰুষজনে কঢ়িয়াই অনা হোৰাটো ওলমাই ৰখা চেপেটা জৰীডালে মোৰ দৃষ্টি আকৰ্ষণ কৰিলে৷ বাকীসকলৰ দৰে পেটীডাল তেৱোঁ মূৰত লগাই লৈছে যদিও বৰফি আকাৰৰ কাঠ এছটা সংলগ্ন হৈ থকা দেখিলোঁ৷ ডিঙিটো সোমাই আছে অৰ্ধচন্দ্ৰাকৃতিত কটা অংশত৷ গধুৰ বোজা কঢ়িয়াবলৈ সুবিধা, ভাৰসাম্য ৰক্ষা হয় বাবেই এনে ব্যৱস্থা কৰি লৈছে বুলি মোৰ ধাৰণা হ'ল৷

ইউনিয়ন অফ্‌ ম্যানমাৰ লিখা ব'ৰ্ডখন পালোঁহি৷ তাৰ নিকটতে সিফালে ১৭৩ নং ব'ৰ্ডাৰ প'ষ্টটো যি ম্যানমাৰ আৰু ভাৰতৰ সীমা সূচায়৷ যাওঁতে ভালকৈ চাই গৈছিলোঁ৷ সেয়ে এতিয়া চিধা ৰাস্তা ধৰি গিৰিপথটোৰে নামি আছোঁ৷ বিপৰীত দিশৰ পৰা উঠি আহি থকা এদল ল'ৰা-ছোৱালী পালোঁ৷ প্ৰত্যেকৰে পিঠিত ৰাক্‌চেক একোটা৷ হাঁহি-মাতি গৈ আছে৷ সিহঁত বিদেশৰ পৰা আহিছে৷ ইণ্ডিয়াৰ পৰা৷ কেঁকুৰিত আমাৰ বাওঁহাতে পাংচু পাছ লিখা সেউজীয়া চাইন ব'ৰ্ড৷ তাৰ দাঁতিত ৰৈ ফটো চেছন চলিল৷ সিফালৰ পৰা অহা ৫জনীয়া ম্যানমাৰী পৰিয়াল এটাৰ সৈতেও কথা পতা আৰু ফটো উঠা হ'ল৷

আকাশত ৰান্ধনী বেলিৰ হেঙুলী কিৰণ৷ বিখ্যাত পাংচু পাছ পাৰ হৈ ভাৰতীয় গে'ট পালোঁহি৷ ইয়াতো একো আমনি নাই৷ আমাৰ চালক বীৰেন্দৰ নঙলাৰ সিপাৰে ৰৈ আছে৷ গাড়ীখন আগুৱাই আনি এইডোখৰ পোৱালেহি৷ দিনটো ৰৈ থাকি তেওঁৰো আমনি লাগিব পায়৷ আমি সিফালে জীৱনলৈ পুনঃ পুনঃ স্মৰণ কৰিব পৰাকৈ অভিজ্ঞতা আৰু মজা লুটাত ব্যস্ত৷ আৰু তেওঁ ইয়াত বোন্দাপৰ দি থাকিবলগীয়া হৈছে৷ খোৱা-বোৱা কি হ'ল-নহ'ল নাজানো৷ গাড়ীত একোৱে নাছিল৷

কৰ্তব্যৰত ১৬জন ভাৰতীয় সীমান্তৰক্ষী৷ কোনো কোনোৱে নিজৰ মাজত কথা পাতি আছে৷ কোনো কোনোৱে ভ্ৰমণকাৰীৰ লগত কথা পাতি আছে৷ কতনা দুখ-কষ্ট স্বীকাৰ কৰি এই সৈনিকসকলে নিতৌ আমাৰ ভূখণ্ডৰ জাগ্ৰত প্ৰহৰীৰ ৰূপত জীৱন পাত কৰি আহিছে! আশ্ৰয়ৰ নামত সাধাৰণ চালি দুখন মাত্ৰ৷ চালিৰ কাষেদি ঠেক কেঁচা বাট এটা ওপৰৰ ফালে যোৱা দেখিলোঁ৷ ক'লৈ বা গৈছে সেইটো! গম নাপাওঁ৷

বতাহ-ধুমুহা আদি হ'লে এই জোৱানসকল সোমাই থাকিব পৰা কোনো সুৰক্ষিত থলী এইখিনিতেই হওক বা ওচৰে-পাজৰেই হওক, কেনিও দেখা নাই পোৱা৷ তেনেকুৱা প্ৰতিকূল পৰিস্থিতিত কি কৰে বাৰু তেওঁলোকে? বৰ বেছি, ডিউটিৰ বাবে অহা গাড়ীৰ ভিতৰত সোমাই থাকিব পাৰে৷ দায়িত্ব এৰি নামপঙলৈ গুচি যোৱাটোওতো সমীচীন নহ'ব৷ কল্পনা কৰিছোঁ, উপলব্ধি কৰিছোঁ তেওঁলোকৰ অসুবিধাসমূহ৷ আমাৰ দেশৰ এইটো দিশৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰ সত্যতা এয়াই৷

এইফালে ব্যৱস্থাপনা বুলিবলৈ বিশেষ নাই৷ ৰাস্তাও তথৈবচ৷ তালাচী চকীটো পাৰ হৈ অলপ ৰ'লোঁ৷ চৌপাশ চালোঁ৷ এয়া ভাৰতবৰ্ষ৷ অনুকূলতা-প্ৰতিকূলতাৰ প্ৰসংগ তল পেলাই গাড়ীৰ দিশে আমি যাব লাগিছোঁ দপদপাই৷ অলপ পাছতে আটায়ে বলেৰ'খনত উঠিলোঁগৈ৷ তাৰ আগতে গে'টৰ ফটো দুখনমান লৈ থ'লোঁ৷ অথনি যাবৰ সময়ত নিষেধ বুলি কৈছিল৷ সঞ্জুৱে তোলাত ডিলিট কৰিবলৈ কৈছিল৷

৫.৩০ বাজিল৷ প্ৰায় ১ ঘণ্টা খোজ কাঢ়িলোঁ আমি৷ বলেৰ'ত মোৰ নিৰ্দিষ্ট চিটটোত বহি নামপঙলৈ ৰাওনা হোৱাৰ সময়তে মনলৈ ভাব এটা আহিল যে বাকী কথা বাদ, আহিবৰ মন থকাসকলে পৰিৱেশটো এনেকৈ থাকোঁতেই সোনকালে সুযোগ ল'ব লাগে৷ পিছলৈ ভাৰত-বাংলাদেশ সীমান্তৰ ডাউকী-তামাবিলৰ দৰে হৈ পৰিবলৈ হ'লে, ষ্টীলৱেল পথ খুলিবলৈ হ'লে আমাৰ দৰে নৰমনিচৰ সহজ বিচৰণ সম্ভৱ নহ'বগৈ৷ সেই বাটে এবাৰ এনেকৈ বীৰদৰ্পে গুচি যাওঁতে কৰ্তব্যৰত বি.এছ.এফ.ৰ জোৱানৰ কঠোৰ বাক্যবাণ হজম কৰিবলগীয়া হৈছিল মই৷ পিছফালৰ পৰা বাজি উঠিছিল অনৰ্গল হুইছেল৷ গুলী এৰিবলৈহে বাকী! সিপাৰৰ বি.ডি.আৰ.এও গতি-বিধি চাই আছিল৷ যাযাবৰী জীৱনৰ অন্য এক অভিজ্ঞতা সেয়া!  এতিয়া মনত পৰি গৈছে৷(আগলৈ)


Thursday, 29 March 2018

চতুৰ্থ দিনঅংশ-৩৩

মনটো বিষাল৷ গে'টখন পাৰ হৈ নামনিমুৱাকৈ এতিয়া যিছোৱা ৰাস্তাৰে খোজ কাঢ়ি গৈ আছোঁ, ইয়াৰ পৰা ব'ৰ্ডাৰ মাৰ্কেট, লে'ক্‌ অফ্‌ ন' ৰিটাৰ্ণ কোনোটোৱেই দৃশ্যমান নহয়৷ অলপ আগতে গে'টৰ সিপাৰে এৰি থৈ অহা ওখ ঠাইখিনিৰ পৰা কিছুমান মানুহে বজাৰখনৰ ফালে আমন-জিমনকৈ চাই থকাটো মন কৰিছিলোঁ৷ তেওঁলোকে নিশ্চয় বুজি পাইছিল যে ক্ষন্তেক পাছতে এই ঠাই এৰি যাব লাগিব৷ কোনোবাজন আকৌ ৰৈ আছিল সংগীৰ অপেক্ষাত৷ লগৰীয়াসকল ওলোৱাহি নাই৷ ফলত অস্থিৰতা বাঢ়িছে৷ উচপিচনি দেখি অনুমান কৰিছিলোঁ৷

দিনৰ দিনটো ভ্ৰমি পিছফালে এৰি থৈ অহা এলেকাটোলৈ আমিও এপলক চাইছিলোঁ, শেষবাৰৰ বাবে৷ মনটো গধুৰ হৈ উঠাৰ কথাই৷ বজাৰখন পাৰ হৈ ষ্টীলৱেল ৰ'ডটো নেদেখা হৈছে৷ আগলৈ আকৌ অলপমান দেখা গৈছে৷ সোঁহাতলৈ গৈ থাকি কেঁকুৰিৰ আঁৰত একেবাৰে অদৃশ্য৷ সেইফালে যাবৰ খুব মন আছিল৷ ভাগ্যই কেতিয়াকৈ টানিবজানো! 'সুযোগ পালেই গুচি যাম কিন্তু৷' দলৰ আটায়ে শুনাকৈ বাক্যটো বতাহত এৰি দিলোঁ৷ Power of spoken words বুলি কথা এষাৰ আছে৷ কৈ থাকিলে হৈ যায়!

ওভতনি পদযাত্ৰাত আমাক অথনি আহোঁতে ম্যানমাৰী ট'কেন দিয়া ঘৰটো পালোঁ, বাওঁহাতে৷ চকী-টেবুল লৈ বহিয়ে আছে হিচাপ লওঁতা সৈনিকৰ দল৷ মানীবে'গ খুঁচৰি কাগজৰ টুকুৰাটো উলিয়াই হাতত ধৰালোঁ৷ দেখাত সামান্য, পিছে বৰ অৰ্থপূৰ্ণ জিনিছ এইটুকুৰা৷ অফিচাৰলৈ সম্ভ্ৰমেৰে সেয়া আগ কৰাৰ সমানে সমানে লেখৰ মানুহকেইটাও আঙুলিয়াই দিলোঁ৷ সময়মতেই আহিছোঁ আমি৷ গতিকে অভিযোগ নাই৷ ৱান, টু, থ্ৰি, ফ'ৰ... ততালিকে গন্তি কৰিলে আৰু যাব দিলে৷ মনত আছে, অথনি সোমাওঁতে কৈছিল 'যাবি যাবি'৷ এতিয়া ইংগিতেৰেই বুজালে৷ 'থেংক ইউ' বুলি ক'লোঁ মই৷ তেওঁ হাঁহিলে৷ ভাবিছিলোঁ 'ভিজিট এগেইন' বুলি ক'ব৷ নক'লে৷ এনেকুৱা ঠাইত বাৰে বাৰে পদাৰ্পণ কৰাটোযে সম্ভৱ নহয়, তেওঁলোকে ভালকৈ জানে৷

পাতল সেউজীয়া ৰং দিয়া ঘৰটো এৰিয়ে ৰাস্তাটো ওপৰমুৱা হৈছে৷ কেঁচা, ওখোৰা-মোখোৰা বাট৷ পৰিচৰ্যা নাই৷ তাৰ ওপৰেদিয়ে খোজ পেলাই আগ বাঢ়িছোঁ স্বদেশলৈ৷ ম্যানমাৰ শেষ হোৱা নাই অৱশ্যে৷ আগত আৰু এখন গে'ট পাম৷ তাৰ পাছতহে ন' মেন্‌ছ লেণ্ডৰ আৰম্ভণি৷ গৈ গৈ পামগৈ পাংচু পাছ৷ ম্যানমাৰ-ভাৰতৰ ভৌগোলিক সীমা৷ তাৰ পাছত ক্ৰমে ভাৰতীয় গে'ট, স্বদেশ৷ তাৰ পৰা আগলৈ নামপং প'ষ্ট, নামপং, নংকি বস্তি৷ ঘোঁকট যদিও এইদিশে আজি অহাৰ বাবেই এতিয়া অন্ততঃ এইখিনিকে চকু মুদি ক'ব পৰা হ'লোঁ৷ ভ্ৰমণ অভিজ্ঞতাৰে আনকো পৰিষ্কাৰকৈ বুজাব পাৰিম কেনেকৈ আহিব পাৰি লে'ক্‌ অফ্‌ ন' ৰিটাৰ্ণৰ পাৰলৈ৷ কোন আহে, কোন নাহে, নাজানো৷ মাথো জানো যে যিয়েই আহক, ভয় কৰিবলগীয়া একো নাই, ঘূৰি আহিব পাৰিব৷

২ নম্বৰ গে'টখন পালোঁহি৷ কাঠৰ গে'ট আগৰে পৰাই দুফালফাল৷ দায়িত্ববাহী ৰখীয়াজনে পায়চাৰি কৰি আছে৷ কান্ধত বন্দুকটো৷ কোনো প্ৰশ্ন নাই৷ গৈ আছোঁ আমি৷ চকুৱে চকুৱে পৰাত সৈনিকজনক উদ্দেশ্য কৰি সোঁহাতখন দাঙিলোঁ৷ অথনি এইজনৰ সৈতেই ফটো তোলা হৈছিল৷ তেওঁ বা মনত ৰাখিছেনে নাই আমাক? ৰাখিবও পাৰে, নাৰাখিবও পাৰে, সেয়া তেওঁৰ কথা৷ কত শত-সহস্ৰ মানুহ আহিছে-গৈছে আজি৷ কিমানৰ চেহেৰা মনত ৰাখিব? দূৰৰ পৰা চাই মুখমণ্ডলৰ একোণত হাঁহি এটা বিৰিঙা যেন লাগিল অৱশ্যে৷ তেৱোঁ হাত দাঙিলে৷ সম্ভাষণ জনাই আমি পাৰ হৈ গ'লোঁ নিৰ্বিবাদেসমস্যাহীন প্ৰস্থান৷ ট'কেন আৰু মানুহৰ হিচাপ মিলি আছে৷ কোনো থাকি অহা নাই৷ পূৰ্বতে পাই অহা তালাচী চকীতে হিচাপ পৰীক্ষা সমাপ্ত কৰি পঠাইছে৷ গতিকে এইজনৰ বিশেষ কাম নাই৷ কেৱল পৰ্যটকসকলে হাতে হাতে অনা টোপোলা-টাপলিবোৰলৈহে চোকা নজৰ দিয়া দেখিলোঁ এওঁক৷ অঞ্চলটোত নিষিদ্ধ ড্ৰাগছৰ চোৰাং আমদানি-ৰপ্তানি চলে বাবেই চাগৈ৷

মুখৰ আগত এয়া জনবসতিশূন্য এলেকা৷ ন' মেন্‌ছ লেণ্ড৷ এলেকাটোত এতিয়া কেৱল আমিয়েই নাই৷ জাক জাক মানুহৰ গমনাগমন৷ আমাৰ আগে-পিছে পদচালনা কৰি থকা ল'ৰা-ছোৱালী, ডেকা-ডেকেৰী, পুৰুষ-মহিলা সকলোজন ম্যানমাৰৰ পৰা নিজ দেশলৈ উভতিছে৷ মটৰ চাইকেল, গাড়ীবোৰো ওলাই আহিছে৷ বিপৰীতে ইণ্ডিয়াৰ পৰাও কিছুমান ম্যানমাৰী আহিছে৷ পিঠিত কেঁচুৱা বান্ধি খোজ কাঢ়ি অহা মাইকী মানুহো দেখা পাইছোঁ৷ এনেয়ে হ'লে গে'টখন বন্ধ থাকে৷ আজি খোলা৷ কিয়নো পি.পি.ডব্লিউ.এফ. চলিছে নামপঙত৷ পাংচু পাছ শীতকালীন মহোৎসৱৰ নিৰ্দিষ্ট দিনকেইটাত অৰ্থাৎ জানুৱাৰীৰ ২০, ২১, ২২ত চৰকাৰীভাৱেই খোলা ৰখা হয়৷ অৱশ্যে সীমান্তৰ পৰিস্থিতি যদিহে ঠিকে থাকে৷ তাৰ পাছতে আকৌ নিশ্চুপ৷ গে'ট বন্ধ৷ ন' এণ্ট্ৰি৷

এৰা-পৰলীয়া আৰু সততে নিষ্প্ৰাণ ষ্টীলৱেল পথৰ আচহুৱা দৃশ্য দেখাৰ সৌভাগ্য হ'ল আমাৰ৷ বছৰি এবাৰ দেখা যায় এইখন ছবি৷ আন্তঃৰাষ্ট্ৰীয় সীমান্তত মানুহৰ মুক্ত বিচৰণৰ বিৰল দৃশ্য৷ পাছপ'ৰ্ট-ভিছাৰ প্ৰয়োজন নাই৷ গে'ট খোলাৰ সুযোগটো লৈয়েই আমিও ম্যানমাৰত পদচিহ্ন ৰাখি আহিলোঁ, চাই আহিলোঁ বিখ্যাত লে'ক্‌ অফ্‌ ন' ৰিটাৰ্ণ৷ ঘূৰি ঘূৰি লক্ষ্য কৰি থকাৰ পাছত এসময়ত একেবাৰে নেদেখা হৈ পৰিল স্বপ্নৰ হ্ৰদটোৰ অস্তিত্ব৷ পাটকাই পৰ্বতমালাৰ ঘন জংঘলৰ মাজত ভ্ৰমণকাৰী মানুহবোৰ সোমাই পৰিলোঁ৷ অকাই-পকাই গৈ থাকিলোঁ ক্ৰমান্বয়ে আগলৈ, আৰু আগলৈ৷

কত ঐতিহাসিক ঘটনাক্ৰম পাৰ হৈ গল এই অঞ্চলটোৰ ওপৰেদি৷ গিৰিকন্যা পাটকাইৰ বুকুৰ এই অঞ্চল, এই জংঘল আজিও ৰহস্যৰে আবৃত এক ভূখণ্ড হৈয়ে আছে৷ ভাৰত চৰকাৰে লুক ইষ্ট পলিচীৰ জৰিয়তে ম্যানমাৰৰ মাজেৰে পূব এছিয়াৰ দেশসমূহৰ সৈতে বন্ধুত্বৰ এনাজৰী কটকটীয়া কৰাত আগ্ৰহী হৈছে৷ যোগাযোগ সুচল কৰিবলৈ পুনৰায় গঢ়ি তুলিব খুজিছে লুপ্তপ্ৰায় ষ্টীলৱেল ৰড৷ ভাবি ভাল লাগিছে যে এইটোৱে সেই ঐতিহাসিক ষ্টীলৱেল ৰ'ড, যিটো বাটেৰে খোজ দি সদলবলে আমি স্বদেশলৈ উভতিছোঁ, যি বাটে সৰহ মানুহ আজিও অহা নাই৷ (আগলৈ)


Wednesday, 28 March 2018

চতুৰ্থ দিনঅংশ-৩২

হাঁহিৰে সমুজ্জ্বল মুখমণ্ডলৰ সৈতে ম্যানমাৰী পুৰুষ-মহিলা, ল'ৰা-ছোৱালী কিছুমান আহি ছে৷ ষোড়শী গাভৰু, বয়সস্থ মহিলা দলবান্ধি আহিছে৷ তেওঁলোক আহিছে ইণ্ডিয়াৰ পৰা৷ পিঠিত হোৰা৷ হোৰাত বয়-বস্তু, কাৰ্টন, পানীৰ বটল ইত্যাদি ইত্যাদি৷ কেমেৰা টোঁৱালত হাঁহিলে৷ প্ৰতিক্ৰিয়াটো মোৰ ভাল লাগিল৷ মানুহবোৰ হাঁহিমুখীয়া৷

আমাৰ সংগীসকলো এই স্থানতে দুই-এককৈ আহি আহি থূপ খালেহি৷ সময় বন্ধা আছে৷ ম'বাইল ফোনেৰে কাকো খবৰ দিবলৈ বা ঘূৰি যাবৰ বেলি হ'ল বুলি সোঁৱৰাবলৈ নাই৷ কাৰণ ইয়াত এই যন্ত্ৰৰ কাম নাই৷ প্ৰত্যেকে নিজে নিজে, মনেজানি সজাগ হ'ব লাগিব৷ ক'বলৈ গ'লে এইটোও এটা শিক্ষা৷

ঢাপটো নামিলেই তলত সীমান্তৰ গতিৰোধক৷ সোঁহাতে ওপৰলৈ পকী ঘৰ কেইটামান৷ ব'ৰ্ডাৰ বজাৰ এৰি ভাৰতলৈ যোৱাৰ বাটত ম্যানমাৰৰ প্ৰথম গে'ট এইখন৷ সোঁকাষে ৰখীয়াৰ চালিও আছে৷ সামান্য আগলৈ দ্বিতীয় মহাসমৰৰ সময়ৰে নেকি নাজানো, মামৰে ধৰা অৱস্থাত পুৰণি বাহন এখনৰ ভগ্নাৱশেষ পৰি থকা দেখিলোঁ৷ আৰু কিছু আগলৈ 
কাঁড় চিন এপাটক ঘেৰি বৃন্দাবন নামৰ আমাৰফালে থকা উদ্ভিদ ডিম্বাকৃতিত দুশৰীয়াকৈ ৰুই থোৱা দেখা গ'ল৷ ম্যানমাৰ আৰ্মীৰ কাচিন ষ্টেটৰ দায়িত্ববাহী নৰ্দাৰ্ণ কামাণ্ডৰ বেজত এই কাঁড় চিহ্নটো থাকে৷


সীমান্ত প্ৰহৰীৰ দায়িত্ব পালন কৰি থকা ম্যানমাৰৰ এই আঞ্চলিক মিলিটেৰী কামাণ্ডটোৰ হেডকোৱাৰ্টাৰ কাচিন ৰাজ্যৰ ৰাজধানী মিচ্ছিনাত আছে৷ উত্তৰৰ পৰা দক্ষিণলৈ বৈ যোৱা, দেশখনৰ সৰ্ববৃহৎ তথা গুৰুত্বপূৰ্ণ নৈ ইৰাৱতীৰ পশ্চিম তীৰত মিচ্ছিনাৰ অৱস্থিতি৷ মিচ্ছিনাৰ অৰ্থ হৈছে ডাঙৰ নৈৰ সমীপ৷ চীন আৰু ম্যানমাৰৰ মাজত অতীজৰে পৰা ই এক ব্যস্ত আৰু দৰকাৰী ব্যৱসায়িক স্থল হিচাপে পৰিচিত৷ মিচ্ছিনাৰ কাষৰে-পাজৰে Khat cho নামৰ সুগন্ধি চাউল এবিধ উৎপাদন হয় বুলি শুনিছিলোঁ৷ এই চাউল হেনো ম্যানমাৰৰ ভিতৰতেই উৎকৃষ্ট৷ ব'ৰ্ডাৰ বজাৰত এইবিধ চাউলৰে ভাত খালে চাগৈ সঞ্জুহঁতে৷ এতিয়াও খুব গুণ গাই আছে৷ মই ভাত নাখালোঁ৷ গতিকে গমো নাপালোঁ৷

জাকে জাকে ভাৰতীয় গৈছেগৈ নিজ দেশ অভিমুখে৷ উভতি আহিব নোৱাৰা এঠাইৰ পৰা ঘূৰিব পৰাত উৎফুল্লিত হোৱাৰ লগতে সহজে যাব নোৱাৰা ঠাই চাই জীৱনটো ধন্য হ'ল বুলি ভাবি ল'লেও সকলোৱে যেন বেদনাহত হৃদয়েৰে কৈ গৈছে একেটাই কথা... 'বিদায় ম্যানমাৰ৷ বিদায় লে'ক্‌ অফ্‌ ন' ৰিটাৰ্ণ৷ আকৌ আহিম৷'


কাঠেৰে নিৰ্মিত গে'টখনৰ মুখতে ম্যানমাৰ পুলিচ ফ'ৰ্চৰ এজন বন্দুকধাৰী অকলশৰীয়া ৰক্ষক ৰৈ আছে৷ এইজনৰ সৈতে সঞ্জুৰ কথা-বতৰা চলিল অলপ পৰ৷ বেৰিকেডৰ গুৰিত ৰৈ নোটবুক উলিয়াই কিবা-কিবি লিখিও ল'লে৷ ফটো তুলি দিবলগীয়া হ'ল মই৷

বেলি লহিয়াইছে৷ সময়ো চাপিছে৷ নিজ দেশ অভিমুখে যাত্ৰা আৰম্ভ কৰোঁতে আমি টাংচা দম্পতী এটাক লগ পালোঁ৷ জাংখঙৰ চিনাকি৷ তেওঁলোকে ভাৰতত বজাৰ কৰি ঘূৰি আহিছে৷ টাংচাসকলে এফালে ম্যানমাৰৰ লগত আৰু আনফালে অসমৰ ভৈয়ামৰ লগত বেহা-বেপাৰ চলাই আহিছে৷ তেওঁলোকে ম্যানমাৰৰ পৰা দা, কটাৰী, জাল, যাঠি আৰু কানি আনে৷ ভৈয়ামলৈ কুকুৰা, ছাগলী, গাহৰি, কাপোৰ আদিও নিয়ে৷ ভৈয়ামৰ পৰা নিমখ, চাহপাত, সূতা, কাপোৰ-কানি, মণি, খোৱা বস্তু আদি কিনি নিয়ে৷ সাক্ষাৎকালত সৌহাৰ্দ্যমূলক গ্ৰুপ ফটোত প'জ দিয়াৰ লগতে ভগা ভগা অসমীয়াৰে মনৰ কথা ব্যক্ত কৰিলে৷ আমালৈ চাই প্ৰশ্ন কৰিলে, 'ৰ্ডাৰটো সদায় এনেকৈয়ে থকা কৰিব নোৱাৰিনে?' কি উত্তৰ দিওঁ এতিয়া? ভাবি থাকিলোঁ মনে মনে৷ এইবোৰ হ'ল ৰাজনৈতিক পৰ্যায়ৰ কথা৷ আমি হ'লোঁ সাধাৰণ, নগণ্য নৰমনিচ৷

সঁচাকৈ, চিন্তা কৰিবলগীয়া কথাই৷ মানুহে বন্ধা সীমান্ত৷ মানুহেই সীমাবদ্ধ কৰি ৰাখিছে অহা-যোৱা৷ একে টাংচা ইফালেও আছে, সিফালেও আছে৷ অথচ যাওঁ বুলিলেই যাব নোৱাৰি৷ আহ বুলিলেই আহিব নোৱাৰি৷ সি যি কি নহওক, এটা কথা মন কৰিলোঁ যে ভাৰত-ম্যানমাৰ সীমান্তৰ লোকসকলে নিজৰ ভাষাটোৰ বাহিৰে আন একো ভাষা নাজানে বুলি কোৱা হয় যদিও বহুতে দেখোন অসমীয়া, নাগামিজ বুজি পায়৷ তাৰে দুই-একে অপভ্ৰংশ অসমীয়া কবও পাৰে৷ এইটো প্ৰেক্টিকেলি জনাৰ পাছত খুব আনন্দিত হলোঁ আমি৷ (আগলৈ)


Tuesday, 27 March 2018

চতুৰ্থ দিনঅংশ-৩১

অথনি আহোঁতে হেলিপেডৰ পৰা দেখা সেউজীয়া চাইন ব'ৰ্ডখন এতিয়া মোৰ বাওঁহাতে, হাতেৰে চুব পৰা অৱস্থাত৷ কি লিখা আছে নাজানো৷ দুয়োফালেই লিখা আছে৷ পাৰ্থক্য কেৱল তলৰ শব্দটোত৷ ম্যানমাৰী লিপি৷ এটা আখৰো চিনি নাপাওঁ৷ জনা হ'লে ভাল লাগিলহেঁতেন৷ ৰোমান আখৰত কাচিন ভাষাৰ শব্দ, বাক্য কিছুমান কাগজত লিখি লৈ আহিছিলোঁ, কিবা প্ৰসংগত কামত আহিব পাৰে বুলি৷ আখৰ-চিনাকি সমূলি নথকাত এতিয়া বিবুধিত পৰিলোঁ৷

ম্যানমাৰত ১১১টা ভাষা চলে৷ ৩৪.৫০ মিলিয়ন মানুহে অফিচিয়েল লেংগুৱেজ বাৰ্মিজ কয়৷ তিবেত'-বাৰ্মানমূলীয় এই ভাষা৷ এইফালে কাচিন প্ৰভিন্সত চলে পঞ্চসুৰীয়া Chingpaw বা Jinphaw বা নৃগোষ্ঠীয় কাচিন ভাষা৷ চিনো-তিবেতান ভাষাগোষ্ঠীৰ তিবেত'-বাৰ্মান পৰিয়ালৰ সৈতে সম্পৰ্কযুক্ত৷ বাৰ্মিজৰ সৈতে কাচিনৰ মিল আছে যদিও পাৰ্থক্যও নথকা নহয় বুলি জানিব পাৰিছিলোঁ৷

বাৰ্মিজ লিপিৰ উদ্ভাৱন হৈছিল মন ৰাজ্যত প্ৰচলিত লিপিৰ পৰা৷ সেয়া একাদশ শতিকাৰ কথা৷ ১০৫৭ খ্ৰীষ্টাব্দত প্ৰথমজন ব্ৰহ্ম-ৰাজন অনিৰুদ্ধই মন সাম্ৰাজ্যৰ অন্যতম কেন্দ্ৰস্থল থাতন জয় কৰে৷ জ্ঞানী ভিক্ষু, দক্ষ চিত্ৰকৰসকলক তাৰ পৰা মান্দালয়ৰ দক্ষিণ-পশ্চিমে ইৰাৱতী নৈৰ পাৰৰ পাগান (এতিয়া বাগান) নামৰ ঠাইলৈ অনা হৈছিল৷ অষ্টম শতিকাত দক্ষিণ ভাৰতৰ ব্ৰাহ্মী লিপিৰে সম্পৰ্ক থকা লিপি ধাৰ কৰিয়ে মন ভাষা, বাৰ্মিজ ভাষাৰ লিখন পদ্ধতি সৃষ্টি হৈছিল বুলি জনা যায়৷ আনহাতে ৰোমান বৰ্ণক ভিত্তি কৰি কাচিন ভাষাটো লেখাৰ কৌশল উলিওৱা হৈছে ঊনৈশ শতিকাত৷ সিবোৰ যিয়েই নহওক, সদ্যহতে মনলৈ অহা চিন্তাটো হ'ল, ফলকৰ শব্দকেইটাৰ অৰ্থ এতিয়া কোনে উদ্ধাৰ কৰি দিব মোক? কাকোৱেই নাই পোৱা৷ নিৰৱে পাৰ হৈ আহিলোঁ ফলকখন৷ গোপনে ভাবিছোঁ, ঘৰ গৈ পাই কাৰেন প্ৰভিন্স নিবাসী ভাৰ্চুৱেল ফ্ৰেইণ্ডলৈকে মেইল কৰি দিম৷ সুধিম কি লিখিছে৷ সেয়ে দুয়োফালৰে ফটো তুলি ল'লোঁ, যদিওবা কাৰেন, কাচিন, বাৰ্মিজ প্ৰতিটো ভাষাৰেই স্বকীয়তা আছে৷


সঞ্জুৰ হাতত Zhongh Ke Roh নামৰ বাৰ্মিজ ভাষাৰ ভিডিঅ চিডি এখন৷ ক'ত কেনেকৈ পালেজানো! কে. ৱানলেই, এছ. খুনলাত, জেমছ তানাউং, যোচেফ, কামলান, লানাউং আৰু টেৰেচা মুশ্বুম নামৰ ম্যানমাৰী শিল্পীকেইগৰাকীমানে গীতসমূহ গাইছে৷ তেওঁলোক National League for Democratic Partyৰ নেত্ৰী, ন'বেল সন্মানিতা আং ছান ছ্যু চ্যিৰ সমৰ্থক৷ তেওঁলোকেও বিচাৰে ভাৰতবৰ্ষৰ দৰে গণতান্ত্ৰিক ব্যৱস্থা৷ বাৰ্মিজ কমিউনিটিৰ একাংশৰ পৃষ্ঠপোষকত্বত বিগত ১৯৬২ চনৰ পৰা চলি অহা জুণ্টা চৰকাৰৰ অৱসান বিচাৰে৷ মিলিটেৰী জুণ্টাৰ ব্যভিচাৰী অপশাসনত মানৱাধিকাৰ পদে পদে লুণ্ঠিত হৈ আহিছে৷ গণতান্ত্ৰিক স্বাধীনতাৰ বাবে পৃথিৱীৰ ভিতৰতে দীঘলীয়া বিপ্লৱত লিপ্ত থকা দেশখনৰ জন-গণ-মনৰ আশা-আকাংক্ষা বাস্তৱায়িত হোৱাটো আমিও সহৃদয়তাৰে কামনা কৰোঁ৷ ৰাজনৈতিক প্ৰেক্ষাপট সলনি হ'লে লুপ্তপ্ৰায় এই ষ্টীলৱেল বাটেদি চীনলৈ আহ-যাহ কৰাটো সম্ভৱ হ'ব নে নহ'ব, সেই বিষয়েহে এতিয়াই একো ক'ব নোৱাৰি৷ লুক্‌ ইষ্ট পলিচীৰ জৰিয়তে ভাৰত ৰাষ্ট্ৰই এইফালে কেইবাটাও উন্নয়নমুখী পদক্ষেপৰ কথা চিন্তা কৰিছে৷

এনেতে ৰাস্তাৰ সিটো পাৰে ঠেলা গাড়ী এখন দৃষ্টিগোচৰ হ'ল৷ আমাৰফালৰ ঠেলাবোৰত দুটা চকাহে থাকে৷ এইখনতচোন চকা আছে তিনিটা! আগত এটা, পাছত দুটা৷ আটাইকেইটা মটৰবাইকৰ৷ ঠেলি নিবৰ বাবে আমাৰ তাৰ ঠেলাবোৰৰ দৰে কাঠৰ হেণ্ডেল লগাইছে৷ সিংহভাগ কাঠৰ যদিও লো আৰু ৰবৰো ব্যৱহাৰ হৈছে৷ সঞ্জু আৰু মই কাষলৈ গৈ ভালকৈ চালোঁ৷ আকৃতিগত পাৰ্থক্যখিনি মন কৰিলোঁ৷ ফটোও লৈ থ'লোঁ৷ জোখত আমাৰবোৰতকৈ এইখন সৰু হ'ব৷

ষ্টীলৱেল ৰ'ডৰ পৰা লে'ক্‌ অভিমুখে বাঁৱে ফাটি নামি যোৱা কেঁচা ৰাস্তাটোৰ গুৰি পালোঁহি৷ জাংখঙৰ নিৰ্দেশত শ্বৰ্টকাট মাৰি অথনি আমি এইটো পথতে, কিছু আগত ওলাইছিলোঁ৷ দূৰত দেখা গৈ থকা লে'ক্‌ অফ্‌ ন' ৰিটাৰ্ণে এতিয়া ধূসৰিত ৰূপ পৰিগ্ৰহ কৰিছে৷ অস্তগামী সূ্ৰ্যটো ক্ৰমে পৰ্বতৰ আঁৰলৈ গুচি গৈছে৷ আমি দেখি অহা জিলমিলনি ম্লান পৰিল৷ অলপ পাছত যেতিয়া আন্ধাৰে চৌপাশ ছানি ধৰিব, এলেকাটো নিৰ্ঘাত জয়াল আৰু জনশূন্য হৈ পৰিব৷ তথাপিও কল্পনা এটা কৰিলোঁ, অন্ততঃ এক ৰাতি হ্ৰদৰ পাৰত তম্বু তৰি কটাবলৈ পোৱাহেঁতেন! আজীৱন স্মৰণীয় হৈ ৰ'লহেঁতেন৷ এতিয়াও অৱশ্যে এই দৰ্শন-ভ্ৰমণ নিঃসন্দেহে মনত থাকি যাব, জীৱনৰ এক বিশেষ যাত্ৰা হিচাপে৷ কাৰণ য'ৰ পৰা কস্মিনকালেও কোনো ঘূৰি অহা নাই বুলি প্ৰচাৰ হৈছিল, তাৰ পৰা আমি ঘূৰি আহিলোঁ৷ দুনাই ওলটি নহা, দ্বিতীয় মহাযুদ্ধকালৰ মৃত্যুপথৰ অজানা যাত্ৰিকসকলক উচ্চতাৰ পৰা পুনৰবাৰ সোঁৱৰণ কৰি মনে মনে প্ৰণাম জনালোঁ, অগস্ত্য মুনি গুচি যোৱাত বিন্ধ্য পৰ্বতে মূৰ দোঁৱাই প্ৰণাম জনোৱাৰ দৰে৷



বাওঁহাতে ওখকৈ টিলাটোৰ ঘাঁহনিত অৰুণদা অকলে অকলে বহি আছে৷ কবি মনৰ সংবেদনশীল মানুহ৷ নিৰৱে উপভোগ কৰি আছে চৌদিশৰ মন জুৰোৱা দৃশ্যাৱলী৷ চকুৰ আগত বহুপ্ৰত্যাশিত লে'ক্‌ অফ্‌ ন' ৰিটাৰ্ণ, যাক চাবলৈ তেওঁৰ ইমান হেঁপাহ আছিল, যাৰ পাৰৰ পৰা সুকলমে প্ৰত্যাৱৰ্তন কৰা হ'ল৷ হাতৰ মুঠিত য়াংগনস্থিত Myanmar Brewery and Distilleryত তৈয়াৰী পানীয় Myanmar Lager Beerৰ টেমা এটা৷ বুজিলোঁ, তেওঁ এতিয়া সম্পূৰ্ণভাৱে নিজৰ জগতত৷ শৈশৱ কালৰে এটা আশাই ভাবিব নোৱাৰা ধৰণে আজি পূৰ্ণতা পালে৷ আনন্দত মতলীয়া হ'বই৷ ভাবুক হৈও পৰিছে৷ আমনি নিদিয়াই ভাল বুলি ফালৰি কাটিব খোজোঁতেই কেমেৰাটো মোৰ ফালে আগ বঢ়াই দিলে৷ ক'লে, 'ফটো এখন তোলকচোন মোৰ৷ বে'ক গ্ৰাউণ্ডত লে'কটো ল'ব কিন্তু দেই৷' (আগলৈ)


Monday, 26 March 2018

চতুৰ্থ দিনঅংশ-৩০


১৯৫১ চনৰ আগষ্ট মাহত নামপঙত ভাৰত চৰকাৰৰ Land Custom Station এটি অনুমোদন কৰা হৈছিল৷ পাংচু পাছত আমি পাই অহা ১৭৩ নং ব'ৰ্ডাৰ স্তম্ভটোৰ পৰা নামপঙলৈ দূৰত্ব ১২ কিল'মিটাৰ৷ ১৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নামপং আমাৰ দেশৰ আন অংশৰ সৈতে সংযোজিত হৈ আছে৷ ষ্টীলৱেল ৰ'ডটো ১৫৩ নং ৰাজমাৰ্গলৈ ৰূপান্তৰিত হোৱাৰ পাছৰে পৰা সীমান্ত বাণিজ্যৰ সম্প্ৰসাৰণ ঘটিব ধৰিছে৷ চাংলাং জিলা প্ৰশাসন আৰু পেৰা-মিলিটাৰী ফ'ৰ্চৰ নিৰীক্ষণক্ৰমে প্ৰতি মাহৰ ১০, ২০ আৰু ৩০ তাৰিখে মেলা বা বজাৰৰ ৰূপত অনানুষ্ঠানিকভাৱে ব্যৱসায়-বাণিজ্য চলে৷ এই দিনকেইটাত স্থানীয় জনসাধাৰণৰ বাবে ইণ্ডো-ম্যানমাৰ সীমান্ত খোলা থাকে৷ ব'ৰ্ডাৰ খোলা থকা এই তাৰিখকেইটাক India Day বুলি কোৱা হয়৷

ম্যানমাৰৰ সৈতে ভাৰতৰ লেণ্ড ব'ৰ্ডাৰৰ দূৰত্ব ১,৬৪৩ কিল'মিটাৰ৷ অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰামে ম্যানমাৰ চুই আছে৷ দক্ষিণ মণিপুৰৰ টেংনৌপাল জিলাৰ ম'ৰেত থকা ইণ্ডো-ম্যানমাৰ ফ্ৰেইণ্ডশ্বিপ ব্ৰীজেৰে ম্যানমাৰৰ চাগাইং সংমণ্ডলৰ কালেৱাৰে তামুলৈ যাব পাৰি৷ ২০১২ত অনুষ্ঠিত আচিয়ান-ইণ্ডিয়া কাৰ ৰে'লী এইটো বাটেৰেই ভাৰতৰ পৰা ম্যানমাৰ সোমাইছিলগৈ৷ সেইদৰে মিজোৰামৰ জৰিনপুইৰেও ম্যানমাৰত প্ৰৱেশ কৰিব পাৰি৷ আনহাতে স্বীকৃতিহীন পথৰ সংখ্যা ভালেমান৷ সেইবোৰৰ ভিতৰত নাগালেণ্ডৰ ফে'ক জিলাৰ আভানখু আৰু মন জিলাৰ লংগুৱা, মিজোৰামৰ জখাউথাৰ, মণিপুৰৰ বেহিয়াং, অৰুণাচল প্ৰদেশৰ ডিফু পাছ আৰু পাংচু পাছ উল্লেখযোগ্য৷ আমি পাংচু পাছেৰে সোমাইছোঁ৷

উভয় দেশৰে সীমামূৰীয়া স্থানীয় জনসাধাৰণ জাতিগত, ভাষাগত, সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় দিশত অতীজৰে পৰাই ওচৰ চপা৷ সেই হেতুকে এই অঞ্চলটোত ব্যৱসায় ঠন ধৰি উঠিছে৷ ভাৰতৰ পৰা ম্যানমাৰলৈ ৰপ্তানি হোৱা তালিকাভুক্ত পণ্যবোৰ হৈছে ঔষধ, চিকিৎসা সঁজুলি, নিত্যপ্ৰয়োজনীয় বস্তু, সূতা, বস্ত্ৰ, যন্ত্ৰপাতিৰ অংশবিশেষ, গৃহ নিৰ্মাণ সামগ্ৰী, গাড়ী, মটৰ চাইকেল, বাইচাইকেল, লেখন আৰু ছপা সামগ্ৰী, কৃষি আৰু উদ্যান-শস্য, ট্ৰেক্টৰ, সাৰ আৰু ৰাসায়নিক দ্ৰব্য আৰু প্ৰশিক্ষণপ্ৰাপ্ত কৰ্মী৷ আনহাতে কলকাতা পোতাশ্ৰয়ৰ জৰিয়তে ম্যানমাৰৰ পৰা ভাৰতলৈ আমদানি হোৱা বস্তুবোৰ হ'ল চেগুন কাঠ, বাঁহ-বেত, টিন, জিংক, সোণ, ৰূপ, কয়লা, বক্সাইট, ডল'মাইট, ৰুবি, চেফায়াৰ আৰু জেদ পাথৰ৷ ষ্টীলৱেল পথটো খোলা থকা হ'লে এই বাটেৰেই পৰিৱহণ চলিলহেঁতেন৷ এতিয়া সেয়া স্তব্ধ৷ এইটো হৈ নুঠাৰ ঘাই কাৰণ হিচাপে স্মাগলিং, ড্ৰাগ্‌ছ আৰু বিদ্ৰোহী সমস্যাৰ কথা কোৱা হয়৷

এই বজাৰত ম্যানমাৰীসকলৰ পৰম্পৰাগত হস্ততাঁত উৎপাদিত বস্ত্ৰ, হস্তশিল্পজাত সামগ্ৰী, হস্তনিৰ্মিত যাঠি আদি কিনিব পাৰি৷ চীন, ভাৰত আৰু ম্যানমাৰত প্ৰস্তুতকৃত বয়-বস্তু ইয়াত পোৱা যায়৷ কাচিনৰ পৰা চীন দেশলৈ জেদ পাথৰ, জাংফাই, ৰূপ আদিৰ ৰপ্তানি তাহানি দিনৰ পৰাই চলি আহিছে৷ আনহাতে সমভূমি অঞ্চলৰ পৰা লা, মৌ-মম, কাঠ, বাঁহ, অপৰিশোধিত কানি আদিৰ বিনিময়ত লোৰ সৰঞ্জাম, অস্ত্ৰ-শস্ত্ৰ, লোণ, বস্ত্ৰ আদি আহৰণ কৰা হয়৷

এই বজাৰখন খাদ্যৰ বাবে বিখ্যাত বুলি শুনিছিলোঁ৷ অনেক খাদ্যবস্তুৰ লগতে ভাতো পোৱা যায়৷ মাছ ভাত, গাহৰি মাংসৰে ভাত বা কুকুৰা মাংসৰে ভাত যিয়েই নাখাওক, মূল্য একে৷ ভাৰতীয় মুদ্ৰাৰ হিচাপত ১০০ টকা৷ এলেকাটো ম্যানমাৰৰ যদিও ভাৰতীয় টকাৰেই ভৰি আছে৷ বাধাহীনভাৱে আদান-প্ৰদান চলে৷ সঞ্জুহঁতে শিঙি মাছৰ সোৱাদ ললে৷ জাংখঙে চিকেন নুডলছ এবাটি খালে৷ কি নো কিনো বুলি ঘূৰি-পকি বিস্কুট কেইপেকেটমান কিনিলোঁ মই৷ মাণ্ডালয়ত প্ৰস্তুত কৰা Thazin বিস্কুটৰ পেকেট নাজঙলৈকো লৈ থলোঁ৷ আৰু এবিধ বিস্কুট কিনিলোঁ৷ পেকেটৰ ভিতৰত থকা কাগজত ম্যাদ শেষ হোৱাৰ তাৰিখ (৩০ নৱেম্বৰ ২০১৩) আৰু ফোন নম্বৰটোৰ বাদে একো পঢ়িব পৰা নাই৷ স্থানীয় ভাষাত লিখা৷ চাইনিজ আখৰ কিছুমানো আছে৷ বজাৰখনত মোৰ চিনাকি আৰু ঘৰত খোৱা Calsomeৰ পেকেট দেখা পালোঁ৷ দামহে সোধা নহ'ল৷ ডিমাপুৰত ২০০-২২০ টকাত কিনো৷

বজাৰৰ মধ্যস্থলতে ৰখাই থোৱা আছে আগবেলা আমি ষ্টীলৱেল পথেৰে পদযাত্ৰা কৰি আহি থাকোঁতে পাছফালৰ পৰা আমাক অতিক্ৰম কৰা পুৰণা নিচান গাড়ীখন৷ আচহুৱা গঢ়ৰ বাহনখন ভাৰতীয় মানুহ মাত্ৰেই এবাৰ হ'লেও লক্ষ্য নকৰাকৈ থকা নাই৷ কাষতে ৰৈ থকা জুম এটাই কিবা আলোচনা চলাই আছে৷ বোধ হয় সিপাৰলৈ যাব৷ তাৰে দাম-দৰত লাগিছে৷ আমি পিছে খোজ কাঢ়িয়ে ভাৰতবৰ্ষ সোমামগৈ বুলি আগতেই পণ লৈ থৈছোঁ৷ পদব্ৰজে ভ্ৰমিলে তন্নতন্নকৈ চাব পাৰি, অভিজ্ঞতাও সৰহ হয়৷ অথনি এৰি থৈ অহাবোৰ যাওঁতে উদ্‌ঘাটন কৰিব পাৰিম, ট্ৰেকিঙৰ আনন্দ ল'ম৷

আগুৱাই আহি থাকি এমূৰে ১৫ ফুটমান দীঘল আৰু প্ৰায় ৫ ফুট বহল কাঠেৰে নিৰ্মিত ব'ৰ্ড এখন পালোঁ৷ ৰ'দ-বৰষুণৰ পৰা সাত সাৰিবৰ বাবে ওপৰত টিনপাতো লগাই ৰখা হৈছে৷ বাৰ্মিজ ভাষাত প্ৰকাশিত খবৰ কাগজৰ পৃষ্ঠা কিছুমান ব'ৰ্ডখনত আঠা লগাই থোৱা হৈছে৷ দেৱাল পত্ৰিকা নেকি এইখন? তেনে যেনেই লাগিল৷ এফালৰ পৰা হিচাপ কৰি পালোঁ, ২২টা পৃষ্ঠা আছে৷ কৌতূহল বুকুত বান্ধি একেবাৰে ওচৰ চাপি গৈ চালোঁ৷ পিছে কি হ'ব? ভাষাৰ সমস্যা৷ একো বুজিব পৰা নাই৷ ফটোবোৰকে চাব ধৰিলোঁ একান্তমনে৷ ইয়াৰ আগতে কোনো বজাৰতে এনেকুৱা ৱাল মেগাজিনৰ ব্যৱস্থা মোৰ হ'লে জীৱনকালত দেখা মনত নপৰে৷ এয়াই প্ৰথম বুলিব লাগিব৷ কথাটো কিবা আচহুৱা যেনেই লাগিল৷ আনহাতে পঢ়ি থকা লোক এই মুহূৰ্তত এজনকো লগ নাই পোৱা৷ নহ'লে বিষয়-বস্তু সম্বন্ধে প্ৰশ্ন কৰিব পৰা গ'লহেঁতেন৷ মুখেৰে ক'লে বিশ্বাস নকৰিব বুলি আনক দেখুৱাবলৈ ফটোকে তুলি ল'লোঁ৷


ম্যানমাৰ-ভাৰত সীমান্তৰ এই নাতিবৃহৎ বজাৰখনত তহলদি কম-বেছি পৰিমাণে সকলো মানুহেই কিবা নহয় কিবা কিনিছে৷ আন নহ'লেও অন্ততঃ বিদেশৰ স্মাৰক হিচাপে লৈছে৷ বহুতকে তৰোৱাল কিনা দেখা পালোঁ৷ সঞ্জু আৰু পংকজ দাসে ঘৰলৈ নিবলৈ ম্যানমাৰী ১,০০০ কিয়াটৰ নোট একোখনকৈ সংগ্ৰহ কৰি পেটে পেটে গৰ্বিত হৈ আছে৷ (আগলৈ)


Sunday, 25 March 2018

চতুৰ্থ দিনঅংশ-২৯


গুমটিসদৃশ দোকান এখন৷ কাষতে, বাহিৰত টুল এখন৷ টুলখনৰ ওপৰতে পাতি থোৱা আছে পুৰণা টেলিফোন এটা! দেখা পায়ে মনটো নাচি উঠিল৷ মই ৰৈ দিলোঁ৷ সংগীবৃন্দও এইখিনিতে এৰা পৰিল৷ আপোনমনে খোজ পেলাই কোন কেনি নাপাত্তা হ'ল নাজানো৷ ভাবিলোঁ, নিৰ্দিষ্ট সময়ত একত্ৰিত হ'লেই হ'ল৷ ট'কেন আছে মোৰ জিম্মাত৷ গতিকে দায়বদ্ধতা বাৰু মোৰ অকণমান বেছি৷

গুমটিখনত ভিৰ৷ আলেখ-লেখ চাই থাকিলোঁ অলপ পৰলৈ৷ ফোনটো কোনেও ব্যৱহাৰ কৰা দেখা নাই৷ তথাপি বুজাত অসুবিধা নহ'ল যে বজাৰখনত দেখা এইটোৱে একমাত্ৰ পি.চি.অ'.৷ হাতত ফোন নম্বৰ এটা আছিল৷ দক্ষিণ ম্যানমাৰৰ কাৰেন প্ৰভিন্সত বসতি কৰা ভাৰ্চুৱেল ফ্ৰেইণ্ডৰ৷ সংযোগ পুৰণা হ'ল অথচ যোগাযোগ এতিয়াও সীমাবদ্ধ৷ চেহেৰা আজিৰ তাৰিখলৈকে দেখা নাই৷ মুখামুখি কিম্বা পাৰস্পৰিক সাক্ষাৎ দূৰৰে কথাকণ্ঠও শুনা নাই৷ আচৰিত যে ফে'চবুকে ছানি ধৰা বিশ্বমুখী আধুনিক যুগতো এজন আনজনৰ ফে'চবুকত নাই! তেনেস্থলত কেৱল ই-মেইলৰ জৰিয়তেহে বৰ্তি আছে দীৰ্ঘদিনীয়া এই ভাৰ্চুৱেল সংযোগ৷ এনেয়ে মোৰ ফে'চবুক ফ্ৰেইণ্ড বুলিবলৈ একমাত্ৰ 'অকব' (অসমীয়াত কথা-বতৰা) নামৰ গ্ৰুপ এটাহে আছে৷ কেইবাহাজাৰো বন্ধু-বান্ধৱী আছে গোটটোত৷ একপক্ষীয় ভাষা-ধেমালি চলি থাকে৷

দোকানী মধ্যবয়সীয়া মহিলা৷ মূৰত কাপোৰ মাৰি, দুগালত চন্দনৰ প্ৰলেপ এলেপাকৈ সানি বিক্ৰী-বাৰ্তাত ব্যস্ত৷ বেঁকা ভাষাৰেই সুধিলোঁ, ফোনকল পাৰে না চিষ্টাৰ? কি কৈছোঁ গম পালে চাগৈ৷ ইয়াৰ লোকসকলে থলুৱা কাচিন ভাষাটোৰ বাহিৰে অন্য কোনো ভাষা নাজানে যদিও ব্যৱসায়ীসকলৰ একাংশই আকৌ অপভ্ৰংশ অসমীয়া অলপ-অচৰপ হ'লেও বুজি পায়, কাম চলাই দিব পৰাকৈ ভগা ভগা ধৰণে ক'বও পাৰে৷ তাতে মই উদ্দেশ্যপ্ৰণোদিতভাৱেই ফোনকল শব্দটো ক'লোঁ, যাতে বুজাত সহজ হয়৷ টমাচ আলভা এডিচনে দি যোৱা টেলিফোনিক সম্বোধন হেল্ল'ৰ সমানে সমানে এই শব্দটোও এতিয়া সমস্ত পৃথিৱীয়ে জানে৷ চিষ্টাৰেও জানে৷ তেওঁ মূৰ দুপিয়াই অঁ বোলাত পকেট নোটবুকত কোন কেতিয়াবাতে টুকি থোৱা নম্বৰটো বিচাৰি উলিয়াই ল'লোঁ আৰু উৎসাহেৰে ডায়েল কৰাত লাগি গলোঁ৷ অন্তৰ্দেশীয় কল৷ একেবাৰতে ৰিং হল৷ ফ্ৰেইণ্ডেই ধৰিলে সিমূৰে৷ তেওঁ ঘৰুৱা কামত ব্যস্ত৷ মাক গৈছে কণমানি পুত্ৰক স্কুলৰ পৰা আনিবলৈ৷

আমি দুয়ো প্ৰায় ১৫ মিনিটমান কথা পাতিলোঁ৷ প্ৰথমবাৰৰ বাবে কাণত বাজিছে বাৰ্মিজ মানুহৰ কণ্ঠস্বৰ৷ বৰ সৰু মাত৷ আমাৰ দৰে ভৌ-ভৌ কৰা বিধৰ নহয়৷ কিবা মিউ-মিউ টাইপৰহে৷ পি.পি.ডব্লিউ.এফ., পাংচু পাছ, বৰ্ডাৰ মাৰ্কেট, লেক্‌ অফ্‌ ন ৰিটাৰ্ণ সম্বন্ধে সংক্ষেপে জনালোঁ৷ সবিশেষ ঘৰ গৈ পোৱাৰ পাছত দীঘলীয়াকৈ লিখি ফটোসহ মেইল কৰি দিম৷ তেওঁৰ দেশৰ উত্তৰৰ ভূখণ্ডত, গুৰুত্বপূৰ্ণ তথা সাংঘাতিকভাৱে ভয়ানক অঞ্চল এটাত টিঘিলঘিলাই ফুৰাৰ বিষয়ে জানিব পাৰি আশ্চৰ্যচকিত হ'ল৷ আনহাতে অকস্মাতে ফোনত মোৰ (হুঁটা) মাতষাৰ জীৱনত প্ৰথমবাৰৰ বাবে শুনা পাই অভিভূতও নোহোৱাকৈ নাথাকিল চাগৈ

এসময়ত লাইনটো কাটিলোঁ৷ আকৌ কেতিয়া কথা পাতিম তাৰ কোনো নিশ্চয়তা নাই৷ প্ৰতিশ্ৰুতিও নাই৷ জীৱনত হয়তো দেখাও নাপাওঁ, কথাও নাপাতিম আৰু৷ নে'টৱৰ্ক ঠিকে থাকিলে নেদেখা এনাজৰীৰে ই-মেইলৰ প্ৰেৰণ-গ্ৰহণ হয়তো চলি থাকিব৷ পৰস্পৰে পৰস্পৰৰ মুখমণ্ডল বা শ্ৰীচেহেৰা নেদেখিলেও, মাত-কথা নুশুনিলেও একাে সমস্যা নাই৷ আচল কথা ভাব-চিন্তা, বিশ্বাস-সন্মান আৰু সৰ্বোপৰি শুদ্ধ আৰু সঠিক ইনফৰ্মেচনৰ আদান-প্ৰদানহে৷ ভাৰ্চুৱেল দুনীয়াৰ বন্ধুভাবাপন্ন মানুহ আমি৷ ইয়ালৈ আহি ভাগ্যক্ৰমে দুয়ো দুয়োৰে গলাৰ আৱাজ পালোঁ আজি৷

চিষ্টাৰ কিমান হৈছে, হাউ মাচ্ছ? ৱান ফিফ্‌টি৷ ভাষা বৰকৈ নুবুজিলেও ধনৰ অংক দোকানী মাত্ৰেই ঠিক ঠিক জানে৷ বেংককৰ ফুটপাথত পোৱা সুন্দৰ উচ্চতা আৰু সুঠামগঢ়ী পোহাৰীজনীৰ মুখখনলৈ তৎক্ষণাৎ মোৰ মনত পৰিল৷ মনত পৰিল নপ, য়েপ, ছেম-ছেম, হেভ, ন'-হেভ, অ'কে, ন'-অ'কে ইত্যাদি হাঁহিৰ খোৰাক যোগোৱা পোহাৰী ইংলিচবোৰ৷ পছন্দ হোৱা ট্ৰেক চুটৰ জেকেটটো দেখুৱাই তাইক সুধিছিলোঁ, 'হাউ মাচ্ছ?' তাই মুখেৰে নকয়৷ চিধা কেলকুলেটৰটো ল'লে৷ লিহিৰি আঙুলিৰে ঘপাঘপ বাটনকেইটা টিপি যন্ত্ৰটো মোৰ চকুৰ আগত দাঙি ধৰিলে৷ থ্ৰি হাণ্ড্ৰেড বাট্‌৷ মানেটো হৈছে চাওক, বাট্‌কেইটা দিয়ক, বস্তু লৈ যাওক৷ তাকে নকৰি যদিহে কোনোৱে দৰ-দাম মাৰিবলৈ আৰম্ভ কৰিছে, 'কে-নট...' বুলি যি যি দেখুৱাইছিল সোপাকে আঁতৰলৈ দাঙি নি জাপিবলৈ আৰম্ভ কৰি দিব৷ মৰি গ'লেও দুনাই নাচায় আৰু মাতো নামাতে! বৰ একাচেকা দেখিলোঁ৷ চুপতি মাৰি ভালো লাগিছিল অৱশ্যে৷ ঘৰলৈ উভতাৰ আগে আগে পাছত এদিন তাইক আচৰিত কৰি তাইৰ পৰাই ছটা জেকেট কিনিলোঁ৷ সেয়া বেলেগ কাহিনী৷

ইয়াত ব'ৰ্ডাৰ বজাৰত অৱশ্যে মুখেৰেই ক'লে৷ কিয়াটত নহয়, ইণ্ডিয়ান কাৰেন্সিতে কৈছে হিচাপটো৷ এশটকীয়া এখন আৰু পঞ্চাশটকীয়া এখন একেলগে জাপি গৰাকীক পৰিশোধ কৰা হ'ল৷ ধন্যবাদ জনাই আগলৈ খোজ দিব ধৰিলোঁ, দোকানবিলাক চাই চাই৷ ফোনত বাৰ্তালাপ চলি থকা সময়কণতে মন কৰিছিলোঁ, মিঠা পাণ খাবলৈ গুমটিখনত গ্ৰাহকৰ অত্যন্ত ভিৰ লাগিছে৷ জাত জাত মিঠা উপকৰণেৰে উপচাই তাই ফটাফট পাণ বনাইছে, দি গৈছে৷ এইকেইদিনত বজাৰৰ বেপাৰী-পোহাৰীবোৰে ভাৰতীয় মুদ্ৰা ভালেই আহৰণ কৰিছে যেন অনুমান হ'ল মোৰ৷ সীমান্ত বাণিজ্যই সীমান্তৱৰ্তী মানুহৰ অৰ্থনৈতিক উন্নয়ন সাধিব পৰাটোৱেইটো মূল কথা৷ বজাৰখনৰ অতীত জানিবলৈ মন গ'ল যদিও সুধিবলৈহে কাকো নাই পোৱা৷ (আগলৈ)

Saturday, 24 March 2018

চতুৰ্থ দিনঅংশ-২৮

সদ্যহতে পানছালিং বজাৰখন ঘূৰি-পকি চাওঁ বুলি ভাবিলোঁ৷ সন্মুখত পুৰণা টিনপাতেৰে দীঘলীয়াকৈ দুলানি দোকান-ঘৰ৷ তাৰ বাদে অন্য ঘৰকেইটামানো আছে৷ গুমটিও আছে৷ কাঠেৰে সজা স্থায়ী কোঠাবিলাক বৰ বেছি ডাঙৰ নহয়৷ বস্তুৰে কিন্তু ঠাহ খোৱা৷ গ্ৰাহকৰ বাবে একাংশ বাৰাণ্ডালৈকো উলিয়াই দিয়া হৈছে৷ ৰাস্তাৰ সিপাৰে বাঁহৰ ফ্ৰেমৰ ওপৰত মেলা পলিথিনৰ চালিৰ তলত অস্থায়ী পোহাৰ বহিছে৷ মাটিত কাপোৰ পাৰিও উলিয়াইছে বিভিন্ন সা-সামগ্ৰী৷ জেকেট, চুৱেটাৰৰ উপৰি নানা ধৰণৰ কাপোৰ, চেণ্ডেল, চাবোন, বাৰ্মিজ চিগাৰেট, পাউদাৰ, বিস্কুট, কণী, বাচন-বৰ্তন, চাইনিজ ফ্লাস্ক, মাগ ইত্যাদি ইত্যাদি৷ লে'কৰ পৰা বজাৰ সংযোগী ৰাস্তাটোৰে সোমাই আহোঁতেই দেখিছিলোঁ, কাঠখৰিও থৈছে বিক্ৰীৰ বাবে৷ দোকানীসকলৰ বেছিভাগেই মহিলা৷ বয়সস্থও আছে, কম বয়সীয়া ছোৱালীও দেখিছোঁ৷ প্ৰায়খিনিৰে গালত বগাকৈ চন্দনৰ বোল৷ চাবলৈ কিবা এটা ভাল লাগিছে৷

বজাৰখনত ভাৰতীয় গ্ৰাহকে পিয়াপি দি ফুৰিছে৷ অসমৰ মানুহেৰে ব'ৰ্ডাৰ মাৰ্কেট আজি ভৰি পৰিলচোন! নিজকে নিজেই ক'লোঁ৷ বতাহত যেনি-তেনি উৰি থকা আজন্ম চিনাকি ভাষাটোৰ মাত-কথাবোৰৰ পৰাই এইটো ন-দি ক'ব পাৰিছোঁ৷ ইফালে দা আৰু তৰোৱালৰ প্ৰতি আমাৰ বিদেশী খৰিদ্দাৰসকলৰ আগ্ৰহটো তুলনামূলকভাৱে বেছি যেনেই বোধ হ'ল৷ ঠাইবিশেষে টেবুলৰ ওপৰত মিনাৰেল ৱাটাৰৰ বটলৰ পৰা আৰম্ভ কৰি ম্যানমাৰত প্ৰস্তুতকৃত বিয়েৰৰ টেমা, চিল পেক্‌ড বটল আদিও সজাই ৰখা হৈছে৷ ঘৰুৱা মদৰ বটল লৈ বজাৰত বহিছে ৫-৬ বছৰীয়া ছোৱালী৷ এইটোহে কিবা হজম নোহোৱা কথা হ'ল৷

অথনি লেকলৈ যাওঁতে পাহাৰতলীৰ দোকানখনৰ কাষতো দেখা পাইছিলোঁ অনুৰূপ দৃশ্য৷ পাছত লে'কৰ পাৰত আমাৰ অনিলদাক পাই পোনছাটেই ইয়াৰ্কি মাৰিছিলোঁ, 'বস্তুটো কিনিছিলে নেকি দাদা?' প্ৰথমতে তেওঁ ধৰিব পৰা নাই মই কি 'বস্তু'ৰ কথা ক'লোঁ৷ সাঁথৰটো ভাঙি দিলত অনিলদাই খিকখিকাই হাঁহি উত্তৰ দিছিল, 'নাই নাই ভাই, ক'ত কেনেকৈ বনাইছে নাজানো, সেইসোপা পি লৈ নমৰিলেহে হৈছে৷ ইয়াত কিবা এটা হ'ব লাগিলে বিপদ আপোনালোকৰে নহ'বজানো? লে'ক্‌ অফ্‌ ন' ৰিটাৰ্ণলৈ আহিছোঁ৷ এনেয়ে ভয় ভয় লাগি আছে৷' কথা শুনি ওলোটাই তামাম হাঁহিছিলোঁ আমিকেইটাই৷

এইফালে ঘৰৰ পৰা আঁতৰত, অভিভাৱকৰ অনুপস্থিতিৰ সুযোগ লৈ মুক্ত বিচৰণকৃত ডেকাকেইজনমানে হেঁপাহ পলুৱাই সুৰাত চুমুক দিছে৷ মদ নাখালে ইয়ালৈ, মানে বিদেশলৈ অহাটোৱে যেন অৰ্থহীন হ'ব তেওঁলোকৰ বাবে! তাৰ মাজৰে এজন ডেকাই বটল এটা শেষ কৰি পথৰ ওপৰতে সেইটো ভাঙিলে৷ বীৰত্ব আৰু পুৰুষত্বৰ বহিঃপ্ৰকাশ! ম্যানমাৰী যুৱতী এজনীয়ে ঘটনাটো চাই আছিল৷ মুখেৰে একো নকৈ তাই আগুৱাই আহিল আৰু ভগা চিচাৰ টুকুৰাবোৰ বুটলিব ধৰিলে, যাতে পথচাৰীৰ ভৰি নাকাটে৷ সেই কাৰ্যৰে যুৱতীজনীয়ে উচ্ছৃংখল ভাৰতীয় পৰ্যটক(!)ৰ গালত যেন পূৰ্ণহতীয়া চৰ কেইপাটমানহে শোধালে!  যুৱকজন হেনো ডিব্ৰুগড়ৰ! আমাৰ দলৰ উদ্যমী সাংবাদিকজনে ততালিকে তলা-নলা সংগ্ৰহ কৰি আমাক জানিবলৈ দিলেহি৷

অসমৰ বিশেষকৈ ডিব্ৰুগড়, তিনিচুকীয়া, ডিগবৈ, দুলীয়াজানৰ পৰা অহা ভ্ৰমণকাৰীৰে ভৰি পৰিছে বৰ্ডাৰ বজাৰ৷ আহোঁতে বাটত দেখা গাড়ীৰ নম্বৰবোৰেই প্ৰমাণ৷ গুৱাহাটীৰ পৰা অহা ভদ্ৰমহিলা এগৰাকীক বস্তুৰ দাম-দৰ কৰি থকাৰ মুহূৰ্ততে মুখৰ আগত পালোঁ আৰু উপযাচি পৰিচয় হলোঁ৷ আগমন যৰ পৰাই নঘটক, অসমৰ পৰা অহাসকলৰ মাজত আপোন আপোন ভাব এটা অজানিতে বিৰাজ কৰাটো মই মন কৰিছোঁ৷ দেশৰ মাটিত চিনা-জনা সমূলি নাথাকিলেও প্ৰৱাসত একে মাতৃভূমি, একে মাতৃভাষাৰ মানুহৰ আপোন ভাবৰ আঠাটো অকণমান বেছি জেপেটীয়া হয়েই৷ স্বাভাৱিক কথা৷ সেয়া ম্যানমাৰ হওক, আমেৰিকা হওক, য'তেই নহওক কিয়৷ ইয়াকে বোলে আপোন মাটি আৰু ভাষাৰ টান৷ আমিও তাৰ পৰা সাৰি যোৱা নাই৷

বজাৰতে আকস্মিকভাৱে চখেই আৰু সঞ্জু মুখামুখি হল৷ সঞ্জুক লগ পাই সি লগ নেৰাই হৈ থাকিল৷ গাৰ ফালে টানি লৈ যায়৷ সঞ্জুৱে এৰা দিব খোজে৷ কিন্তু পৰা নাই৷ জোক লগাদি লাগি আছে৷ অথনি লেকলৈ নামি যাওঁতে বাটতে চুক্তি এখন কৰি থোৱা আছিল দুয়োৰে মাজত৷ এতিয়া ৰূপায়ণৰ সময়টো আহি গল৷

ড্ৰাগছৰ বিভীষিকা, এইচ.আই.ভি., উগ্ৰপন্থী গোটৰ কেডাৰ আৰু চৰকাৰী পক্ষৰ মাজত সঘনে হৈ থকা গুলীয়াগুলী তথা যুদ্ধই বিপন্ন কৰা এই অঞ্চল৷ নাম যাৰ কাচিন ষ্টেট৷ বহুতৰে আকৌ কাচিনৰ নাম শুনিলেই গাৰ নোম শিয়ৰি উঠে৷ নিষিদ্ধ বজাৰৰ কথা কিছুমান জনালে যদিও চখেয়ে কানি খোৱা মানুহ দেখুৱাব পাৰিলেনে নাই, কথামতে সঞ্জুৱে টকা ১০০ দিলেনে নাই সেইটোহে গম নাপালোঁ৷ কাৰণ তেনেকুৱাতে মোৰ দৃষ্টি নিবদ্ধ হ'ল অন্য এপদ বস্তুত৷ (আগলৈ)