Tuesday, 31 March 2015

সম্পাদকৰ কোঠালিত...
(গল্প নহয়, সত্য)



কাকত-আলোচনীৰ সম্পাদক বুলিলে ভয়েই লাগে৷ বুদ্ধিজীৱী মানুহ৷ বহু কথা জানে৷ গতিকে, বাতৰি কাকতৰ সম্পাদকজনৰ কোঠাত ক’তনো বহা হয় আৰু? এতিয়া হিচাপ কৰি পোৱা মতে, আজিৰ পৰা ১২বছৰৰ আগতে এবাৰ ‘নতুন দৈনিক’ত ডক্টৰ নগেন শইকীয়া ছাৰৰ কোঠাত ভয়ে ভয়ে ভৰি দিছিলোঁ৷ মৰসাহ কৰি দুবাৰ ‘আমাৰ অসম’ত হোমেন বৰগোহাঞি ছাৰৰ চেম্বাৰত পদাৰ্পণ কৰাৰ সৌভাগ্যও হৈছে৷ তৃতীয়বাৰ, সৌ-সিদিনা ‘অগ্ৰদূত’ত, কনকসেন ডেকা ছাৰৰ কোঠাত প্ৰৱেশ কৰিলোঁ৷ তাকো আকৌ এবাৰ নহয়, দুবাৰ অগা-পিছাকৈ৷ শেষৰ অভিজ্ঞতাটো আছিল আনকেইটাতকৈ বেলেগ বিধৰ৷ এয়া তাৰে উল্লেখ৷

বীৰেনদা (বীৰেন সিংহ)ৰ জৰিয়তে জানিবলৈ পাইছিলোঁ, তিনিদিনীয়া অগ্ৰদূতত বিগত ৫.৭.১৯৮ তাৰিখে ছামছিং হাঞ্চেৰ লেখা এটি প্ৰকাশ হৈছিল৷ কৰি থকা কিতাপ এখনত অন্তৰ্ভুক্ত কৰাৰ স্বাৰ্থতে ৰাংছিনাৰ ইতিবৃত্ত শীৰ্ষক উক্ত লেখাটো পাবলৈ প্ৰাৰ্থনা জনাই ৯ফেব্ৰুৱাৰী তাৰিখে কাকতখনৰ সম্পাদক ডেকা ছাৰক দৰখাস্ত এখন হাতে হাতে দিছিলোঁগৈ৷ তেখেতৰ কেবিনত সেইদিনাই প্ৰথম সোমালোঁ৷ বহিলোঁ, উদ্দেশ্য ব্যাখ্যা কৰিলোঁ, অন্যান্য কথাও পাতিলোঁ, চাহ খালোঁ, সুযোগতে পিৰিক-পাৰাককৈ ইফালে-সিফালে থকা কিতাপ-পত্ৰবোৰো চালোঁ৷ চুবলৈ সাহস নহ'ল৷

দুনাই কওঁ, প্ৰয়াত ছামছিং হাঞ্চে ডাঙৰীয়াৰ জীৱনৰ ওপৰত আলোকপাত কৰি ডিফু সাহিত্য সভাই উলিয়াবলৈ প্ৰস্তাৱ লোৱা ‘ছামছিং হাঞ্চে : কৃতি আৰু কৃতিত্ব’ নামৰ গ্ৰন্থ এখনৰ বাবেই বীৰেনদাই কোৱা সেই লেখাটোৰ প্ৰয়োজন আছিল৷ উল্লেখ কৰা ভাল হ’ব যে গ্ৰন্থখনৰ সম্পাদক পৱিত্ৰ বৰাই ঢোলৰ লগৰ টেমেকা ৰূপে মোকো টানি-আঁজুৰি লগতে নিয়াত আন এজন সম্পাদকৰ কোঠালিত বহাৰ সৌভাগ্য শেহতীয়াভাৱে মোৰ হ’ল৷ বিচৰা লেখাটোৰ সৈতে নিজেও একলম যুগুতোৱাৰ প্ৰতিশ্ৰুতি আৰু ফোন যোগে জনাব বুলি ক’লে কনকসেন ডেকা ছাৰে৷

শনিবাৰে (১৪মাৰ্চ ২০১৫) মাতিছে বুলি প্ৰস্তাৱিত কিতাপখনৰ সম্পাদকৰ ম'বাইলত খবৰ আহিলত দুয়ো ৰাতিপুৱাই নামনিমুৱা নাগালেণ্ড এক্সপ্ৰেছেৰে গুৱাহাটীলৈ ঢাপলি মেলিলোঁ৷ লক্ষ্য এটাই, মানে ৱান পইণ্ট এজেণ্ডা৷ কাহিলীপাৰা পথৰ ‘অগ্ৰদূত ভৱন’৷ ৰিচেপচনত কথাষাৰ জনাই চিৰি বগাই উঠি গ’লোঁ৷ সম্পাদক কোঠাত নাছিল৷ অলপ পিছতে ঘৰৰ ভিতৰলৈ যোৱা দৰজাখনেৰে দীঘল খোজেৰে প্ৰৱেশ কৰিলে, ক্ষীণ কায়াৰ ওখ মানুহজনে৷ প্ৰথমেই সাজু কৰি ৰখা নিজৰ লেখাটো দেখুৱালে৷ চাহ-তাহ খুৱালে৷ তাৰ পিছত অফিচৰে এজনক মাতি আমি বিচৰা লেখাটো ছপা হোৱা ‘অগ্ৰদূত’ৰ পুৰণি ক’পীবোৰ উলিয়াই দিবলৈ নিৰ্দেশ দিলে৷ ‘অগ্ৰদূত, তিনিদিনীয়া’ৰ বাইণ্ডিং কৰি ৰখা ১৯৮১ আৰু ১৯৮২চনৰ বৃহৎ তথা গধুৰ ভলিওম দুটা তেওঁ জাৰি-জোকাৰি কাষৰ আলহী বহা কোঠাৰ টেবুলত থৈ আমাক খবৰ দিলেহি৷ প্ৰবল উৎসুকতা আৰু আশাভৰা মন লৈ শেন দৃষ্টিৰে এখিলা এখিলাকৈ পাত লুটিওৱাত লাগি গ’লোঁ আমি দুয়ো৷ বছৰ বছৰ ধৰি গোট খোৱা ধূলি-মাকতিয়ে সেই উৎসাহ-উদ্যমক মুঠেই তল পেলাব নোৱাৰিলে৷ বৰং আন কিছুমান পুৰণি লেখাও থাওকতে পাই গোগ্ৰাসে গিলি গ’লোঁ৷ কাগজবোৰৰ বয়স অনেক বছৰ হ'ল গতিকে বৰণ হালধীয়া আৰু খুৰ্‌খুৰীয়া হৈ পৰিছিল৷ সাৱধানতা অৱলম্বন কৰিলোঁ আৰু পিছত ভালকৈ হাত ধুলোঁ৷

বিচাৰিছিলোঁ এটাহে৷ পালোঁ পাঁচটা! মনত স্ফূৰ্তি লাগিবৰ কথাই৷ হাঞ্চেদাৰ কলমত ‘সাহিত্য সভাৰ ভূমিকা কেনে হোৱা উচিত?’ (২৮.৬.১৯৮১), ‘অসম সাহিত্য সভাৰ আগন্তুক অধিৱেশন য’ত অনুষ্ঠিত হ’ব, সেই ৰাংছিনাৰ ইতিবৃত্ত’ (৫.৭.১৯৮১), ‘ত্যাগৰ প্ৰতীক লবংগলতা বৰুৱা’ (২১.১০.১৯৮১), ‘কাৰবি সংস্কৃতিৰ সঁফুৰা বুটলি...’ (৮.১১.১৯৮২)ৰ উপৰি ‘আজিৰ কাৰবি আংলং কোন পথে?’ (২৩.৬.১৯৮২, সাংবাদিক মঃ মতিউৰ ৰহমানে লোৱা হাঞ্চেদাৰ আছুতীয়া সাক্ষাৎকাৰ) লেখাকেইটা উদ্ধাৰ কৰিলোঁ৷

আচলতে খবৰ আছিল, আৰু বিচাৰিছিলোঁ ‘ৰাংছিনাৰ ইতিবৃত্ত’হে৷ তাৰ হিচাপত ঘৰৰ পৰা কাগজ-কলমো লৈয়ে গৈছিলোঁ, লিখি আনিম বুলি৷ পিছে এতিয়া কি হ’ব? ইমানবোৰ পৃষ্ঠা টুকি থাকিলে সময়ো দেখোন বহুত লাগিব! বাইণ্ডিং নোখোলাকৈ ফটোক’পীও কৰিবগৈ নোৱাৰি৷ লগত নিয়া কেমেৰাৰে ফটো তুলি চালোঁ৷ সম্পূৰ্ণ পাত জুৰি থকা লেখাটোহঁত কেইবাবাৰো তুলিলোঁ৷ কিন্তু নাই, পিছৰ পৰ্যায়তযে মিলাবলৈ ভীষণ কষ্টসাধ্য হ’ব সেয়া তেতিয়াই বোধগম্য হ’ল৷ হঠাতে বুদ্ধি এটা মূৰত খেলালে৷ সম্পাদকৰ কাষতে থকা অন্য এখন টেবুলত কম্পিউটাৰ এটা দেখিছিলোঁ৷ কোনোবা এজনে পুৰণি কাকতৰ পৰা সম্পাদকীয়বোৰ টাইপ কৰি আছিল৷ চিন্তা কৰিলোঁ, তেওঁকে খাতিৰ কৰা যাওক নহ’লে৷ ইফালে দুপৰীয়াৰ আহাৰ খাবলৈ গৈ তেৱোঁ তেতিয়া ঠাইত নাই৷ আন এজনক সোধ-পোছ কৰাত গম পালোঁ, কেতিয়া আহিব ঠিকনা নাই, নাহিবও পাৰে৷ ইফালে বিশ্ৰামৰ সময় হোৱাত সম্পাদক ডাঙৰীয়াও অন্দৰমহল পালেগৈ৷ অৱশ্যে যোৱাৰ আগতে এবাৰ আমাৰ ওচৰলৈ আহি নিজেই কৈ গ’ল, কিবা সহায়ৰ প্ৰয়োজন হ’লে জনাবলৈ৷ ভাবিলোঁ, কি কৰা যায় এতিয়া? কাম সমাপ্ত কৰি আমিও ডিফুলৈ ঘূৰি যাব লাগে৷ যিমান সোনকালে হয়, সিমানেই ভাল৷

ৰিচেপচনিষ্ট গাভৰুজনীক কোৱাত তাই চিধাচিধিকৈ কৈয়ে দিলে দিলে বোলে কম্পিউটাৰটো খুলি কি আছে কৰি লওক৷ ভাবিলোঁ, তেনেকৈ নহ’ব৷ অনধিকাৰ হস্তক্ষেপে বিপদ ঘটাব পাৰে৷ বিনা অনুমতিত য’তে-ত’তে হাত দিয়া অনুচিত৷ সেয়া কলমেই হওক কিম্বা কম্পিউটাৰ৷ গণেশগুৰিলৈ গৈ ভাতকেইটা খাই অহাই শ্ৰেয় বুলি আমিও হোটেলৰ সন্ধানত পথলৈ ওলালোঁ৷ ইতিমধ্যে পেটে গোঁ-গোঁৱনি তুলি বিদ্ৰোহ ঘোষণা কৰি আছিলেই৷ ভাতৰ টেবুলতে সুযোগ পাই ভাৰত-জিম্বাবৱেৰ মাজত চলি থকা বিশ্বকাপ ক্রিকেটৰ খেলখনৰো ৰোমাঞ্চকৰ অন্তিম অ’ভাৰকেইটা চাই দিলোঁ৷ ভাৰত জিকিল৷ ঘূৰি আহি দেখোঁ, এইফালে পূৰ্বৰ পৰিস্থিতিয়ে বাহাল৷ ডিটিপি অ’পাৰেটৰো নাই, সম্পাদক ডাঙৰীয়াও নাই নিজৰ নিজৰ চকীত৷ বিকল্প হিচাপে অন্য এজনক খাটনি ধৰা হ’ল৷ 

এইজনে ফোনেৰে যোগাযোগ কৰিলে টাইপ কৰাজনক৷ কথাটো জনোৱাত প্ৰথমে আপত্তিৰ সুৰ এটা ভাহি আহিল৷ সেয়া স্বাভাৱিক৷ উত্তৰত এইফালৰ পৰা কোৱা হ’ল যে ছাৰে কিবা সহায় লাগিলে ক’বলৈ কৈ গৈছে৷ আকৌ প্ৰশ্ন উঠিল, কোনে টাইপ মাৰিব ইমানসোপা? কিতাপৰ সম্পাদকে তেতিয়া সদম্ভে ঘোষণা কৰিলে বোলে তেওঁৰ লগত থকাজনে খৰকৈ টাইপ মাৰিব পাৰে৷ তেৱেঁই কৰিব৷ তেওঁ নিজে মাতি যাব৷ সোনকালেই হৈ যাব৷ মানুহজনে অকণমান হেঁহো-নেহো কৰিছিল যদিও ছাৰে অনুমতি দিলে আপত্তি নাই বোলাত আমাৰো কামটো সিজিব যেন লাগিল৷ কিছুবেলিৰ মূৰত তেওঁ উপস্থিত হ’লহি৷ কথাখিনি বুজাবুজিৰ ৰূপত আকৌ এবাৰ আলোচনা হ’ল৷ টাইপ কৰা হ’লে লগত অনা পে’ন ড্ৰাইভত লৈ লোৱা হ’ব বুলিও জনালোঁ৷ তেওঁ এটা চৰ্তত ৰাজি হ’ল৷ ‘কাম হোৱাৰ পিছত চিডিতহে ল’ব পাৰিব৷ পে’ন ড্ৰাইভ ব্যৱহাৰ কৰিব নোৱাৰিব৷ কাৰণ, এই কম্পিউটাৰত ডেকা ছাৰৰ কিতাপৰ কাম চলি আছে৷’ ‘হ’ব’ বুলি অভয় দিয়াত ডেস্কটপটো তেওঁ অন্‌ কৰিলে৷ ৰামধেনুৰ লগতে পে’জমেকাৰত ফাইল এটা খুলি দিবলৈ অনুৰোধ জনালোঁ৷ সেয়া কৰি উঠি মোক নিজৰ চকীখনত বহিবলৈ দিলে৷ অনুমতি পাই, ড্ৰাইভাৰৰ চিটত বহি কী-ব’ৰ্ডখনত এনেয়ে মোহাৰ কেইটামান মাৰি ল’লোঁ৷ বাওঁহাতে বহি মস্ত ভলিউম দুটাৰ এটা মেলি লৈ আমাৰ সম্পাদকে প্ৰথমটো লেখাৰ শ্ৰুতলিপি দিবলৈ উদ্যত হ’ল৷ টাইপিং আৰম্ভ হৈ গ’ল৷ মানুহজনে অলপ পৰ চালে৷ বোধহয় বিশ্বাস আৰু সন্তুষ্টি দুয়োটাই বিচাৰি পালে৷ ‘আপোনালোকে কৰক দেই’ বুলি কৈ কেনিবা গুচি গ’ল৷

অলপ পাছত ডেকা ছাৰ আহিল৷ পৰিস্থিতি আৰু অগ্ৰগতি সম্বন্ধে তেখেতকো পুনৰবাৰ জ্ঞাত কৰা হ’ল৷ তেখেতে মৃদুভাৱে হাঁহিলে মাথোন৷ ‘কৰি লোৱা’ বুলিলত মণিটৰত কাৰ্চৰডাল ধাৰাসাৰে দৌৰিব লাগিল৷ নিজৰ চকীত বহি তেখেতেও কিবা লিখিবলৈ ল’লে৷ কাষতে আমি আমাৰ কাম কৰি থাকিলোঁ৷ বেলেগ মাত-কথা, অনাহক হাই-উৰুমি নাই৷ পৰিৱেশটো কিবা এটা ভাল লাগি গ’ল৷ স্পীডো বাঢ়ি গ’ল৷ ছাৰ আকৌ উঠি ভিতৰলৈ যোৱাৰ উমান পালোঁ৷

তেনেদৰেই একে বহাতে ডেৰঘণ্টামানৰ ভিতৰতে গোটেইকেইটা লেখাৰ টাইপিং সমাপ্ত কৰি পেলোৱা হ’ল৷ অন্তিম লেখাৰ অন্তিম পেৰেগ্ৰাফটো কৰি থাকোঁতেই অ’পাৰেটৰজন আহি পালে৷ চিডি এখন তেৱেঁই দিলে৷ শেষৰ দাঢ়িডাল দি চেভ কৰিয়ে ফাইলটো তেওঁক ৰাইট কৰি দিবলৈ অনুৰোধ জনাই মই চকী এৰিলোঁ৷ অলপ পাছতে বহু আকাংক্ষিত চিডিখন বেগৰ ভিতৰ সোমাল৷ আমাৰ সম্পাদকে লগে লগে চিডিৰ মূল্য পৰিশোধ কৰিলে৷ কাম সুকলমে হ’লত মানুহজনক ধন্যবাদ জনালোঁ৷

দৈনিক বাতৰি কাকতৰ সদ্যব্যস্ত সম্পাদকৰ কোঠাত সোমাই, সম্পাদকৰ ব্যক্তিগত কাম চলা কম্পিউটাৰত বহি, সংৰক্ষিত কাকতৰ পৰা ৩৪বছৰ পুৰণি সংখ্যাৰ লেখা উদ্ধাৰ কৰি টাইপ মাৰি কম সময়তে উলিয়াই আনিব পৰাৰ কথাটো ভাবি পিছত নিজৰে কিবা সপোন সপোন যেন লাগিল৷ ইফালে ধন্যবাদ এষাৰ জনাবলৈ আহিবৰ সময়ত ডেকা ছাৰক বিচাৰিলোঁহে বিচাৰিলোঁ, নাপালোঁ৷ দূৰৰ পৰা মনেৰেই কৃতজ্ঞতা জনাই ‘অগ্ৰদূত ভৱন’ এৰিলোঁ আৰু কালক্ষয় নকৰি গুৱাহাটী ৰে’ল ষ্টেচন অভিমুখে অট’ৰিক্সা এখনত বহি পৰিলোঁ৷ ১নং প্লেটফৰ্মত উজনিমুৱা ৰাজধানী এক্সপ্ৰেছখন যেন তেতিয়া আমাৰ বাবেহে ৰৈ আছিল! দৌৰ মাৰি গৈ উঠাৰ লগে লগে চলিবলৈ আৰম্ভ কৰিলে৷ সম্পাদকৰ কোঠালিটোলৈ মনত পৰি থাকিল৷

Monday, 30 March 2015

জ্ঞানীয়েহে ৰোধিব পাৰে 
ভুৱা জ্ঞানীৰ সৃষ্টি আৰু দৌৰাত্ম্য


ভুৱা পি এইচ ডি ডিগ্ৰীধাৰী শিক্ষকৰ ভৰত বিপৰ্যস্ত অসম শীৰ্ষক বাতৰি এটা পঢ়িছিলোঁ, আমাৰ অসম কাকতৰ প্ৰথম পৃষ্ঠাত, যোৱা ২৯মাৰ্চ তাৰিখে৷ তাকে কেন্দ্ৰ কৰি অকবতো দুটা পষ্ট দেখা পাইছিলোঁ, শ্ৰী অংশুমান বৰগোহাঁই আৰু শ্ৰী গোবিন শইকীয়া ডাঙৰীয়াৰ৷ প্ৰসংগক্রমে, ভুৱা ডিগ্ৰীৰ পাকচক্রত আজি কেইবছৰমানৰ আগতে মেঘালয়ৰ এখন শিক্ষানুষ্ঠানৰ পৰা জব্দ কৰা মস্ত মস্ত থেচিচ ট্ৰাকে ট্ৰাকে কঢ়িওৱাৰ কথা পেপাৰত পঢ়া মনত আছে৷

আমি বিশ্ববিদ্যালয় গৈ নোপোৱা মানুহ৷ গতিকে বহু কথাৰে সঁচা-মিছা উত্তৰ নাজানো বা পাক লগা কথাৰ একো আও-ভাও বুজিও নাপাওঁ৷ সীমাবদ্ধতাৰ মাজত থাকি, সাধাৰণ মগজুৰে আমি কেৱল এইটোকে জানো যে গৱেষণা শব্দৰ পোনপটীয়া অৰ্থ হৈছে বিচৰা বা অনুসন্ধান কৰা৷ এইটো হৈছে এটা অকলশৰীয়া, দীঘলীয়া, কষ্টসাধ্য যাত্ৰা৷ অধ্যয়ন, অধ্যৱসায়, দৃষ্টিভংগীৰ নৈৰ্ব্যক্তিকতা, লেখাৰ অভ্যাস ইত্যাদিৰ সমাহাৰত ব্যক্তিগত মন-মগজুৰে কৰা মানসম্পন্ন কাম৷ উচ্চ পৰ্যায়ৰ সাধনাৰে লব্ধ সাৰ্থক গৱেষণা কৰ্মৰ পৃষ্ঠপটত নিহিত হৈ থাকে মানৱ সমাজৰ কল্যাণ সাধনৰ মহৎ উদ্দেশ্য একোটা৷ গতিকে গৱেষণাই নিজৰ জ্ঞানৰ বৃদ্ধি তথা বিকাশ ঘটোৱাৰ উপৰি সমাজৰ ব্যৱহাৰিক প্ৰয়োজনো পূৰ্ণ কৰাত যুগান্তকাৰী ভূমিকা লয়৷

কোনো এক বিষয়ত গৱেষণা কৰা মানে সেই বিষয়ৰ বিতংভাৱে কৰা অনুসন্ধান বা লুকাই থকা তথ্য উদ্‌ঘাটন কৰি পৃথিৱীলৈ বৰঙণি যোগোৱা৷ গৱেষণাৰ ঘাই লক্ষ্যই হল কোনোবা এটা বিষয় সম্পৰ্কে সত্যৰ অন্বেষণ কৰা আৰু তাৰ দ্বাৰা বিষয়টো সম্পৰ্কে নতুন নতুন জ্ঞান, তথ্য আৰু সিদ্ধান্ত আগ বঢ়োৱা৷ গৱেষণা কৰাৰ মূল কাৰণটোৱেই হল যিবোৰ বিষয়ক লৈ মানৱ জাতি সদায় অনুসন্ধিৎসু, সেইবোৰ বাহিৰ কৰা৷ সিবোৰৰ বিষয়ে জনাৰ পিছত সামাজিক উন্নয়নত বিভিন্ন দিশত পূৰ্বতকৈ অধিক সাফল্য লাভ কৰাৰ আশা পুঞ্জীভূত হৈ থাকে৷ গৱেষণাৰ গুৰুত্বও সেইখিনিতে৷

বিপৰীতে, অপ্ৰিয় যদিও সঘনাই আমি এইটো শুনা পাওঁ যে বিশ্ববিদ্যালয়বোৰত আজে-বাজে কতবোৰ বিষয়ে তথাকথিত গৱেষণা কৰা হয়, বেছিভাগেই কিছুমান মানুহক সন্দেহজনক মূল্যৰ ডক্টৰেট ডিগ্ৰী দিয়াৰ বাহিৰে সমাজৰ কোনো উপকাৰত নাহে৷ বৰং মোটা আৰু সুৰক্ষিত দৰমহা খোৱা আৰামপ্ৰিয় চাকৰিয়ালত পৰিণত হয় গৱেষণাকাৰী৷ তেনে লোকক গৱেষক বুলি কোৱা নাযায় আচলতে৷

২৯ তাৰিখৰ বাতৰিটোৱে আমি শুনা কথাবোৰযে মিছা তেনেই নহয়, তাকেই দেখোন কয়৷ এজন উচ্চ শিক্ষিত লোকক গৱেষক হ’বলৈ কিহে বাধ্য কৰে বুলিলে এতিয়া মূল উদ্দেশ্যৰ পৰা ফালৰি কাটি, শুনিবলৈ বেয়া লাগিলেও, ওলাই আহে এনে ধৰণৰ সমৰ্থনঅযোগ্য সত্য প্ৰসংগ কিছুমান৷ আন কথা বাদ, ইউ জি চিৰ সুবিধা আৰু বিত্তীয় লাভৰ লোভটোৱেই বোলে এতিয়া গৱেষণাৰ উদ্দেশ্য! নাজানো বহুকথা৷ চূড়ান্ত বৌদ্ধিক অসাধুতা আৰু চৌৰ্যবৃত্তিৰ অভিযোগ কিন্তু এতিয়া মাথো অভিযোগ পৰ্যায়তে ৰৈ থকা নাই৷ লজ্জাজনকভাৱে সেয়া হৈ পৰিছে জল্‌জল্‌-পট্‌পট্‌৷

বাতৰি কাকতৰ পৃষ্ঠাত সঘনে দেখা, ফটোসহ ছপোৱা পি এইচ ডি লাভৰ প্ৰতিটো বাৰ্তাই আমি আশাৰে লক্ষ্য কৰোঁ৷ ভাবোঁ যে এইসকলে আমাক আগুৱাই নিব৷ পিছে? সোনকালেই নিৰাশ হওঁ৷ ওপৰৰ কথাংশৰ প্ৰতিফলনেই দৰাচলতে আমাক আশাহত কৰে৷ এনে পৰিস্থিতি আঁতৰ কৰাৰ সম্পূৰ্ণ দায়িত্ব পিছে নামৰ আগত ডক্টৰ লিখাসকলৰে৷ চাই থকাৰ বাদে আমাৰ দৰে মানুহৰ তাত কৰিবলৈ একো নাই৷ এইখিনিতে প্ৰশ্ন উঠে, আমাৰ মনৰ ধুঁৱলি-কুঁৱলীবোৰ আঁতৰাব কোনে? কোনে দূৰ কৰিব সমাজৰ এনে ভয়ংকৰ ব্যাধি?

ষ্টাফ ৰিপৰ্টাৰে লিখা উপৰিউক্ত খবৰৰ মতে অসমৰ বাহিৰৰ কোনো অখ্যাত বিশ্ববিদ্যালয়ৰ পৰা ভুৱা পি এইচ ডি গ্ৰহণ কৰা অধ্যাপকৰে বৰ্তমান ৰাজ্যৰ শিক্ষাখণ্ড ভৰি আছে৷ বিশ্ববিদ্যালয় অনুদান আয়োগৰ সুবিধা লাভ কৰাৰ বাবে বৰ্তমান অধ্যাপক এজনৰ সন্মানীয় পি এইচ ডি থকাটো বাধ্যতামূলক৷ ফলত অধ্যাপকসকলৰ বাবে পি এইচ ডি অতি আৱশ্যক হৈ পৰিছে৷ অতি কম সময়তে এই লোকসকলে ডিগ্ৰীটো কৰ পৰা আহৰণ কৰিব? পি এইচ ডিক লৈ অসমত গঢ়ি উঠিছে এখন বজাৰ৷ সন্মানীয় পি এইচ ডি ডিগ্ৰী গ্ৰহণৰ কলা বজাৰ৷ কাৰণ, অতি কম সময়তে বিভিন্ন নীতি-নিয়ম আৰু বাছনি সম্পৰ্কীয় বাধ্যবাধকতাৰ বাবে আইনসন্মত প্ৰক্রিয়াৰে পি এইচ ডি গ্ৰহণ কৰা যথেষ্ট জটিল প্ৰক্রিয়া৷ বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা বিত্তীয় লাভ উঠোৱাৰ লোভত একাংশ কলেজ শিক্ষকে মধ্যভোগীৰ জৰিয়তে অসমৰ বাহিৰৰ বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি কিনিছে৷ বজাৰত এটা ডিগ্ৰীৰ দাম উঠিছে ২.৫লাখ টকাৰ পৰা ৩.৫লাখ টকালৈ৷ এই বিষয়টোত বিব্ৰত হৈ পৰিছে ৰাজ্যৰ বিদ্বান লোকসকল, শংকিত হৈ পৰিছে উচ্চ শিক্ষা খণ্ডৰ ভৱিষ্যতক লৈ৷ ভুৱা ডিগ্ৰীধাৰী কলেজ শিক্ষকসকলে শিক্ষা খণ্ডৰ কি উন্নতি সাধ্বি?

বাতৰিৰ মতে, অসমৰ বাহিৰৰ মগধ, সিংহানীয়া, গ্লবেল, কানপুৰ, বিনায়ক আদি বিশ্ববিদ্যালয়ৰ পৰা অসমৰ একাংশ কলেজ শিক্ষকে ভুৱা ডিগ্ৰী আহৰণ কৰিছে৷ ধনৰ বিনিময়ত, প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ, কৰ্চ ৱৰ্ক নকৰাকৈ, মধ্যভোগীৰ জৰিয়তে ৬-৭মাহতে পাইছে অতি কষ্টসাধ্য পি এইচ ডি৷ এনে ভুৱা পি এইচ ডিৰ তদন্ত দাবীৰে ভাস্কৰ তালুকদাৰ নামৰ এজন যুৱকে ইতিমধ্যে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী স্মৃতি জুবিন ইৰাণী, অসমৰ মুখ্য মন্ত্ৰী তৰুণ গগৈ, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিবৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানুলৈ তথ্যসহ পৃথক পৃথকভাৱে পত্ৰ প্ৰেৰণ কৰিছে৷

এতিয়া কথা হ’ল, পদ্ধতিগত গভীৰ অধ্যয়নেৰে নিজৰ গৱেষণা সামৰি সংখ্যাত যিয়েই নহওক, যিখিনি বিদ্বানে সঁচা অৰ্থত সমাজৰ প্ৰতি দায়বদ্ধতাৰে আত্মনিয়োগ কৰিছে আৰু সজাগতাৰে কাম কৰি গৈছে সেই অংশটোৱে এইটো নিশ্চয় মন নকৰাকৈ থকা নাই৷ তেখেতসকলৰ দৰে এচাম গাইডৰ তত্ত্বাৱধানতে এনেবোৰ ডক্টৰেটে পোৱালি দি থকা নাই জানো? হেন জানি শিক্ষাৰ এনে দুৰৱস্থাৰ সময়ত তেখেতসকলে উচিত পদক্ষেপ এটা ল’ব নোৱাৰেনে? নহ’লে অৱক্ষয়ৰ গৰাহত পৰি এদিন সঁচা-ভুৱা, কৰ্মী-কামচোৰ সকলো একাকাৰ হৈ পৰাৰে সম্ভাৱনা অধিক দেখোন৷

ক’ৰবাত পঢ়িছিলোঁ, সবজান্তা মানুহৰ মৰ্যাদা নাই৷ মৰ্যাদা আছে কেৱল বিশেষজ্ঞৰহে৷ জ্ঞানৰ ব্যাপকতাতকৈ জ্ঞানৰ গভীৰতাহে কাম্য৷ গৱেষণা কৰি যি উপাধি পোৱা যায় সেই ‘ডক্টৰ’ উপাধিৰ অৰ্থ হৈছে জ্ঞানী৷ যি দীৰ্ঘকাল ধৰি অধ্যয়ন কৰি কোনো এক বিষয়ৰ গভীৰত প্ৰৱেশ কৰি বিশেষ জ্ঞান অৰ্জন কৰিছে তেৱেঁই ‘ডক্টৰেট’, তেৱেঁই জ্ঞানী৷ আমি দেখি অহা সহজ কথাটো হ'ল, এচাম জ্ঞানী-মহাজ্ঞানীৰ পৰাই বিশ্ববিদ্যালয় নামৰ উচ্চ শিক্ষানুষ্ঠানসমূহত চামে চামে নতুন জ্ঞানীৰ সৃষ্টি হৈ আহিছে৷ গতিকে এই প্ৰক্ৰিয়াটোৰ অৱক্ষয় হোৱা মানে সমাজৰ, পৃথিৱীৰ, মানুহৰ কি গতি হ’বগৈ সেয়া সহজেই অনুমেয়৷ আশা কৰোঁ ‘জ্ঞানী’ পিতৃসকলে অন্ততঃ ‘ভুৱা জ্ঞানী’ সন্তানৰ সৃষ্টি নকৰিব আৰু তেনে সন্তানৰ দৌৰাত্ম্য পূৰামাত্ৰাই ৰোধ কৰিব৷ সন্মানীয় বিশ্ববিদ্যালয়ক পি এইচ ডিৰ সহজলভ্য দোকানত পৰিণত নকৰিব৷

Saturday, 28 March 2015

ব্লগ সম্বন্ধে...
সঁচা কথা ক'বলৈ গ'লে, ২০১৩ৰ জুন মাহ পৰ্যন্ত ব্লগ সম্বন্ধে মোৰ কোনো আইডিয়া নাছিল৷ এই সম্বন্ধে সুধিছিলোঁ মাইনুল দাক (মাইনুল হুছেইন)৷ এদিন নিজৰ লেপটপটো আনি-মেলি তেওঁ কিবাকিবি দেখুৱাইছিলেও৷ একো বুজি পোৱা নাছিলোঁ৷ পিছত গুগুলত খুঁচৰি ১৫জুলাই ২০১৩ত নিজেই ব্লগ এটা খুলি পেলালোঁ৷ ২০১১ত কৰা কাঠমাণ্ডু যাত্ৰাত বিমানৰ পৰা দেখা আৰু আকাশৰ পৰা তোলা ৰামধেনুৰ ফটো পাঁচখনেৰে সৈতে কিছু কথা লিখিলোঁ৷ সেয়াই আৰম্ভণি৷
'অকব'ৰ দেৱালত এবাৰ গৰাকীসকলৰ নামেৰে সৈতে ব্লগৰ দীঘলীয়া তালিকা এখন প্ৰকাশ পাইছিল৷ মোৰ ব্লগ তেতিয়া তেনেই অপৈণত৷ গতিকে নিজকে তালিকাভুক্ত কৰাৰ ইচ্ছা নগ'ল৷ তাতোকৈ ব্লগক সমৃদ্ধ কৰাৰ চেষ্টাকহে অগ্ৰাধিকাৰ দিলোঁ৷
মোৰ ধাৰণাত ব্লগ হৈছে এখন অনলাইন ডায়েৰী৷ ইয়াক এক আন্দোলন বুলি ভাবোঁ৷ নিজৰ ব্লগটো এখন ই-কিতাপৰ দৰেই৷ ইউনিক'ডৰ জৰিয়তে মনৰ কথাবোৰ ইয়াত বাধাহীন আৰু বিৰামহীনভাৱে আলোক-চিত্ৰসহ লিখি যাব পাৰি৷ পৃথিৱীৰ যিকোনাে স্থানত থাকিও ইয়াৰ পৰা নিজৰ তথ্যবোৰ ল'বও পাৰি৷ কিতাপ-কাগজ কঢ়িওৱাৰ দৰকাৰ নপৰে৷
কম্পিউটাৰৰ হাৰ্ড ডিস্ক বেয়া হ'ব পাৰে, কিন্তু ব্লগত যদি চে'ভ কৰি ৰাখো তেতিয়া দিনাংকৰ সৈতে সেয়া সুকলমে সংৰক্ষিত হৈ থাকে৷ ব্লগ লেখাটো এটা সৃষ্টিশীল কাম৷ ডাঙৰ কথাটো হ'ল, ইয়াৰ বাবে টাইপিঙত কিন্তু অভ্যস্ত হ'ব লাগিব৷
গুগুলত পঢ়িবলৈ পাইছিলোঁ...
blog (a truncation of the expression weblog) is a discussion or informational site published on the World Wide Web and consisting of discrete entries (posts) typically displayed in reverse chronological order (the most recent post appears first). Until 2009 blogs were usually the work of a single individual, occasionally of a small group, and often covered a single subject. More recently 'multi-author blogs' (MABs) have developed, with posts written by large numbers of authors and professionally edited. MABs from newspapers, other media outlets,universitiesthink tanksadvocacy groups and similar institutions account for an increasing quantity of blog traffic. The rise of Twitter and other 'microblogging' systems helps integrate MABs and single-author blogs into societal newstreams. Blog can also be used as a verb, meaning to maintain or add content to a blog.
The emergence and growth of blogs in the late 1990s coincided with the advent of web publishing tools that facilitated the posting of content by non-technical users. (Previously, a knowledge of such technologies as HTML and FTP had been required to publish content on the Web.)
A majority are interactive, allowing visitors to leave comments and even message each other via GUI widgets on the blogs, and it is this interactivity that distinguishes them from other static websites. In that sense, blogging can be seen as a form of social networking service. Indeed, bloggers do not only produce content to post on their blogs, but also build social relations with their readers and other bloggers. There are high-readership blogs which do not allow comments, such as Daring Fireball.
Many blogs provide commentary on a particular subject; others function as more personal online diaries; others function more as online brand advertising of a particular individual or company. A typical blog combines text, images, and links to other blogs, Web pages, and other media related to its topic. The ability of readers to leave comments in an interactive format is an important contribution to the popularity of many blogs. Most blogs are primarily textual, although some focus on art (art blogs), photographs (photoblogs), videos (video blogs or 'vlogs'), music (MP3 blogs), and audio (podcasts). Microblogging is another type of blogging, featuring very short posts. In education, blogs can be used as instructional resources. These blogs are referred to as edublogs.
On 16 February 2011, there were over 156 million public blogs in existence. On 20 February 2014, there were around 172 million Tumblr and 75.8 million WordPress blogs in existence worldwide. According to critics and other bloggers, Blogger is the most popular blogging service used today, however Blogger does not offer public statistics. Technorati has 1.3 million blogs as of February 22, 2014.
The term 'weblog' was coined by Jorn Barger on 17 December 1997. The short form, 'blog', was coined by Peter Merholz, who jokingly broke the word weblog into the phrase we blog in the sidebar of his blog Peterme.com in April or May 1999. Shortly thereafter, Evan Williams at Pyra Labs used 'blog' as both a noun and verb ('to blog', meaning 'to edit one's weblog or to post to one's weblog') and devised the term 'blogger' in connection with Pyra Labs' Blogger product, leading to the popularization of the terms.

Friday, 27 March 2015

শনিবৰীয়া মোৰ আলহীত আজি আগ বঢ়াইছোঁ কথা-সাহিত্যিক নিৰোদ চৌধুৰীৰ কবিতা কাচিবাতে৷ আজিৰ পৰা প্ৰায় ৩৩বছৰৰ আগতে, ৩মাৰ্চ ১৯৮২ তাৰিখে অগ্ৰদূত তিনিদিনীয়া কাকতত এই কবিতাটি প্ৰকাশ হৈছিল৷ এখন কিতাপৰ বাবে দৰকাৰ হোৱা পুৰণি লেখা এটাৰ সন্ধানত ১৯৮১-৮২চনৰ ভলিওম দুটাৰ এফালৰ পৰা পাত লুটিয়াই যাওঁতে এইটো পাইছিলোঁ গুৱাহাটী স্থিত অগ্ৰদূত ভৱনত, যোৱা ১৪মাৰ্চ ২০১৫ তাৰিখে৷
…………………..
কাচিবাতে

পাহাৰ আৰু কুঁৱলী৷ জীৱন আৰু সংগ্ৰাম৷
অলপ পোহৰ আৰু অলপ এন্ধাৰ
শেষ নোহোৱা এটি বাট৷
আকৌ কুঁৱলী
আৰু সংগ্ৰাম
নাম তাৰ ছামছিং হাঞ্চে৷
………………….
কাচিবাতে : কাৰবি শব্দ, অৰ্থ প্ৰতিযোগিতা

ছামছিং হাঞ্চে : অসমৰ প্ৰাক্তন মন্ত্ৰী
কৰি মজা লগা কাম...

এক.
আজিকালিৰ আহল-বহল আৰু দামী মবাইল হাতত লৈ আলফুলে আঙুলি বুলাই থকাজনৰ ওচৰতে ৰৈ মোৰ ফপৰা, সাতটা কী ইতিমধ্যে কেতিয়াবাই কৰবাত সুলকি পৰা, আগফাল-পাছফালৰ ঢাকনি খুলি নপৰিবলৈ ৰবৰ-বেণ্ড মেৰিয়াই ৰখা বিধ্বস্তপ্ৰায় মবাইলটো উলিয়াই এনেয়ে টিপাটিপি কৰি থাকি মজা লাগে৷

দুই.
ফিট-ফাট সাজত থকাজনৰ চিক্‌চিকীয়া জোতাৰ সন্মুখত মোৰ দুভৰিত থকা ফপৰা হাৱাই চেণ্ডেলযোৰেৰে ৰৈ ভু-ভাৰস্তৰ আলোচনা কৰি থাকিবলৈ কিবা এটা মজা লাগে৷

তিনি.
মোতকৈ বয়সত ডাঙৰ, ৰস বুজি পোৱাজনৰ সৈতে, পাক লগা ইংগিতধৰ্মী কথা বলকি ধেমালি-ধুমুলা কৰি অতি মজা লাগে৷

চাৰি.
ওঁহ, হুঁহ কৰি বাক্যই প্ৰতি অসন্তুষ্টি প্ৰকাশ আৰু অপ্ৰয়োজনীয় গহীনালি দেখুৱাই বেছি কৰি থকাজনৰ ভেমপুৰীয়া বেলুনটো ফুটুৱাবলৈ বৰ মজা লাগে৷
ৰদমৰ পৰা মুক্তি

আগতে খুব শুনো যাৰে-তাৰে মুখত... ৰ লাগিছে অ ৰ হৈ গৈছোঁ ভাই৷ অকলে অকলে একদম বৰ হৈ আছোঁ৷
আজিকালি পিছে নুশুনা হৈছোঁ৷ আপুনিও চাগৈ শুনা নাই৷ মন কৰিবচোন৷ নুশুনাৰ কাৰণ আছে৷ কাৰণটো মই ভাবি পাইছোঁ সিদিনা মাত্ৰ৷ সঠিক হয়নে নহয় নাজানো৷ তথাপি ধৰিছোঁ তেনেকৈয়ে৷

ৰাজধানী এক্সপ্ৰেছ৷ এই এৰোঁ, এই এৰোঁ৷ অগ্ৰজপ্ৰতিম বন্ধু এজনৰ উচাহতে আৰু কলা কোট পিন্ধা চৌধুৰীদাৰ সন্মতি সাপেক্ষে জঁপিয়াই উঠি দিলোঁ ডবা এটাত৷ তৎক্ষণাতে প্লেটফৰ্ম এৰিলে৷ সোঁসোঁৱাই আহি আছোঁ ৰাজধানীৰ পৰা, ঘৰলৈ৷ এনেয়ে ৰাজকীয় ৰেল৷ ৰাজকীয় চৰিত্ৰৰ মানুহবোৰ৷ হাতে হাতে আন নহলেও দামী মবাইল একোটাহঁত৷ ৰেল চলিছে৷ সিফালে মবাইলো সমানে সমানে৷ আগতে যাত্ৰীক দেখোঁ, কিতাপ পঢ়ে৷ এতিয়া কাৰো হাতত কিতাপৰ ক-টোও দেখা নাই৷ কেওফালে মবাইল টিপাটিপি৷ আগতে বৰ হয়৷ এতিয়া মুঠেই নহয়৷ কথাটো ভাবি চালোঁ৷ গেম খেলাই গেম খেলিছে৷ ফটো চোৱাই ফটো চাইছে৷ গান শুনাই গান শুনিছে৷ চিনেমা চোৱাই চিনেমা চাইছে৷ মাজে মাজে ফোন আহিছে৷ ফোন ধৰিছে, ফোন কৰিছে৷ নেট খুলিছে৷ ট্ৰেইন আগলৈ গৈ আছে৷ বুঢ়া আৰু তৰ্জনী আঙুলিক লৈ সকলো ব্যস্ত৷ কাকো কতো বাৰ্থত ঢলি পৰা দেখা নাই৷ সহযাত্ৰীৰ সৈতে লেক্‌চাৰ মাৰি কাকো দিগদাৰিও দি থকা নাই৷ ৰ লাগিছে বুলি অত্ৰাহি থকাও কাৰো মুখৰ পৰা ভাহি অহা নুশুনিলোঁ৷ নাই এটাও হামি-হিকটি৷ এটা যন্ত্ৰই বৰ বোলা শব্দটোকে নোহোৱা কৰি পেলালে মানুহৰ মন-মগজুৰ পৰা৷ চাৰে তিনিঘণ্টীয়া যাত্ৰাৰ সময়খিনি পৰিৱেশটোলৈ লক্ষ্য কৰি তাকে ভাবি ৰলোঁ মনে মনে৷

ৰদমৰ পৰা মুক্তি লাভৰ উপায় ওলাই গৈছে৷ এই লাভ উঠাবলৈ হলে ভাল চাই আহল-বহল মবাইল হেণ্ডছেট একোটা হাতত থকাটো বৰ দৰকাৰী কথাই হৈ পৰিছে দেখোন! এলাগী হৈ পৰি থকা ৰে'ল আলোচনীৰ পাত লুটিয়াই থাকি মই মূৰ্খই এই কথাটো সেইদিনাহে আচলতে গমি পালোঁ৷ ইতিমধ্যে সাতোটা কী সুলকি কাহানিবাই কৰবাত পৰি যোৱা, ৰবৰ বেণ্ডেৰে পেছাই আগফাল-পিছফালৰ কভাৰ দুখন সৰি পৰিব নোৱাৰাকৈ জব্দ কৰি ৰখা মোৰ পুৰণি হেণ্ডছেটটোৱে বৰদমৰ পৰা মুক্তি দিব মুঠেও নোৱাৰে৷ সেই বোধোদয় হল সিদিনাখনহে, উজনিমুৱা ৰাজধানী এক্সপ্ৰেছত৷
ল বুলিয়েই...

বিশেষকৈ এশ্ৰেণী লেখক, সম্পাদক, সাংবাদিক পাওঁ, কিবা এটা দৰকাৰ হলেই ঘপহকৈ হাতত লৈ থকা মবাইলটো টিপি দিয়ে৷ এই ধৰক লিখাত কিবা এটা তথ্য লগা হল, বা কৰবাত লেক্‌চাৰ মাৰি আছে, নতুবা কিবা দৰকাৰত অমুক কথাটো লগা হল৷ মাৰি দিলে ফোন৷ তাৰিখ এটাই জানিব লাগে ধৰক৷ ভাবি চাবলৈ নাই আৰু৷ লগে লগে ডায়েল কৰিলেই নহয় ফোন নম্বৰ৷ বহু সময়ত দেখা যায়, তথ্য পিছে নিজৰ ঘৰতে, নিজৰ লগতে থাকে৷ অথচ... কাৰবাৰবোৰ তেনেকুৱা!

পেপাৰ-মেগাজিন, কিতাপ-কাগজ গোটোৱাত সিদ্ধহস্ত৷ কিন্তু তেনেই বেচিজিল৷ তথ্য এটা কত থাকিব পাৰে তাৰ ধাৰণা কম৷ এনে একাংশ লোকে ফোনটো হাতত থাকিল বুলিয়ে আনক সেয়া বিচৰাই অনাহক দুৰ্ভোগ ভোগায়৷ বেয়া পাব বুলিয়েই তেনে ফৰমাইচ পূৰাবলৈ যত্ন কৰা হয়৷ পিছে এই এটা অশান্তি৷ তদুপৰি নিজে কৰি থকা কামটো আৰু তাৰ পিছত ক্রিয়া থকা চিন্তাখিনিয়ে দিশ সলাই কোনোবা ধুবুৰী ওলায়গৈ৷ একান্তমনে সোমাই থকা পৰিৱেশটোও মুহূৰ্ততে সংগতি হেৰুৱাই নষ্ট হৈ যায়৷ জাঁজ মাৰি আকৌ ঘূৰি মনোনিৱেশ কৰেহি মানে কামৰ আও-ভাও নোপোৱা হয়, আঁত হেৰায়৷ সিজনে কিন্তু সেইবোৰ অকণো নুবুজে৷ অৰ্ডাৰ মাৰে, খোচামতি কৰে, লাগে তৎমুহূৰ্ততে৷

আনে পাইছেনে নাই নাজানো, এনেকুৱা মানুহ মই জীৱনত অনেক পাই আহিছোঁ৷ বস্তুবোৰ নিজেও ভালকৈ নথয় বা সংৰক্ষণ নকৰে, থাকিলেও কত থলে খবৰ নাই৷ নিজক লগাটো নিজে বিচাৰি উলিওৱাৰ ক্ষেত্ৰতো হাজাৰটা বাহানা৷ কষ্ট কৰাৰ মানসিকতা শূন্য৷ ৰেডী মেড লাগে৷ তাৰ বাবে আনক যিকোনো মুহূৰ্ততে ফোনৰ উপৰি  ফোন কৰাত একদমেই তৎপৰ৷ তেনেকৈয়ে আনৰ মূৰত কঁঠাল ভাঙি চলি আহিছে জেগাত বহি বহিয়ে সকলো সমাধা হোৱাব বিচৰা এচাম৷

বাইল ফোনটো নথকা হলেযে কি হলহেঁতেন এইসকলৰ! মাজে মাজে তাকে ভাবোঁ৷ বহু সময়ত নিজৰ ফোনটোকে গালি পাৰোঁ৷ তেনে বিড়ম্বনাৰ পৰা মুক্তি পাবলৈ চুইচ অফ্‌ কৰি থৈ দিওঁ৷ বেয়া পালেও উপায় নাই৷

Thursday, 26 March 2015

আলাপ
কাৰবি অভিধানৰ স্ৰষ্টা বিদৰছিং ক্রৰ সৈতে


এখন পূৰ্ণাংগ অভিধানৰ প্ৰণয়ন যিকোনো জাতিৰে ভাষা-সাহিত্যৰ ৰক্ষণাবেক্ষণ আৰু উত্তৰণৰ বাবে প্ৰথম প্ৰয়োজন৷ তেনে এক মহৎ-সুন্দৰ কাৰ্যৰ ভাবনা, আত্মনিয়োগ আৰু কৃচ্ছ্ৰসাধনেৰে বিদৰছিং ক্রই ইতিমধ্যে বিদ্বৎ সমাজৰ প্ৰশংসা বুটলিবলৈ সমৰ্থ হৈছে৷ Akemi Karbi Lamthe Amarjong নামৰ কাৰবি, ইংৰাজী আৰু অসমীয়া ভাষাৰ ত্ৰিভাষিক শব্দকোষ এখন সংকলন আৰু সম্পাদনা কৰি উলিয়াই তেখেতে কাৰবি ভাষাৰ যুগমীয়া কীৰ্তিস্তম্ভ এটা নিৰ্মাণ কৰিলে৷ ইতিমধ্যে সমাদৰ লাভ কৰা এই অভিধানখন ৰচনাৰ অৰ্থে সংকলকজনে কৰা একক আৰু নিৰৱচ্ছিন্ন খাটনিলৈ চাই সঁচাই বিস্ময় মানিব লাগে৷ ১৯৮৬চনৰ পৰা ২০০০চনলৈ একমাত্ৰ এই শব্দকল্পবৃক্ষ সৃষ্টিৰ তাড়নাতে তেখেতে যতবোৰ কিতাপৰ পাত লুটিয়ালে, নানা গ্ৰন্থ মন্থন কৰি, শব্দ-চয়ন কৰিলে, জাপে জাপে কাগজ লিখিলে, টাইপ ৰাইটাৰত নিজেই পৃষ্ঠাৰ পিছত পৃষ্ঠা টাইপ কৰি উলিয়ালে, মুদ্ৰণালয়ৰ সন্ধান আৰু যোগাযোগ কৰি নিজেই আৰ্হিকাকত পৰ্যন্ত শুধৰালে, নিজৰ তত্ত্বাৱধানত ছপাও কৰিলে, মুঠতে সুদীৰ্ঘ ১৪বছৰ ধৰি তেখেতে যি অকল্পনীয় শ্ৰম কৰিলে, অৰ্থৰ কথা নকলোঁৱেইবা, দীৰ্ঘম্যাদী সেই অনলস পৰিশ্ৰমৰ ঋণ পৰিশোধ কৰাটো সহজনে? তেখেতৰ নীৰৱ-নিৰন্তৰ সাধনাৰ বলতেই আজি Akemi Karbi Lamthe Amarjong প্ৰকাশ হৈ ওলাইছে৷ এয়া কেৱল কাৰবি জাতিৰ বাবেই নহয়, এয়া সমগ্ৰ মানৱ জাতিৰে গৌৰৱ আৰু আনন্দৰ বিষয়৷ কাৰবি ভাষা-সাহিত্যৰ বিকাশৰ স্বৰ্ণমণ্ডিত যাত্ৰাপথৰ শেহতীয়া মাইলৰ খুঁটা হিচাপে চিহ্নিত হৈছে এই অভিধান যি নিজৰ গৌৰৱ আৰু মূল্যৰ ওপৰত ভৱিষ্যতলৈকো তিষ্ঠি থাকিব বুলি আশা কৰিব পাৰি৷ সাহিত্যৰ প্ৰতি অপাৰ অনুৰাগ আৰু দায়বদ্ধতাৰ লগতে মাতৃভাষা আৰু মাতৃভূমিলৈ অভিধান লেখকজনৰ অন্তৰত থকা ঐকান্তিক ভক্তিৰো অনবদ্য নিদৰ্শন এয়া৷ কাৰবি ভাষা আৰু শব্দৰ ব্যুৎপত্তিৰ বৈজ্ঞানিক অধ্যয়নৰ স্বতন্ত্ৰভাৱে কৰা এই অনন্যসাধাৰণ প্ৰচেষ্টা কাৰবি সমাজৰ বাবে চিৰদিন আদৰণীয় আৰু অনুকৰণীয় হৈ ৰল৷ Akimi Karbi Lamthe Amarjong অভিধানখনে কাৰবি ভাষাৰ লিখিত ৰূপৰ ক্ষেত্ৰত থকা ভিন্নতা দূৰীকৰণত নিৰ্ণায়ক ভূমিকাত অৱতীৰ্ণ হোৱাৰ লগতে সমাজৰ যাৱতীয় চাহিদা পূৰণেৰে ভাষাটোৰ গতি নিৰ্ধাৰকো হব নিশ্চয়৷ বিদৰছিং ক্রৱে গঢ়া এই সবল বুনিয়াদৰ ওপৰতে অধিক কাৰ্যক্রমৰ সূচনা কৰি কাৰবি ভাষা-সাহিত্যই অনাগত দিনত সম্ভাব্য যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হবৰ বাবে সংকল্পবদ্ধ হব পাৰিব বুলি আমাৰ ধাৰণা৷

কাৰবি ভাষাৰ সাম্প্ৰতিক ৰূপটোক ধৰি ৰখাৰ মানসেৰে দূৰদৰ্শী চিন্তা আৰু কৰ্মৰে সাহিত্য-ৰত্ন ভঁৰাল চহকী কৰা অভিধান-চিন্তামণিজনক তেখেতৰ ডিফুৰ ৰংথেআংস্থিত বাসভৱন 'ক্ৰ' হেমতুন'ত কেইটামান প্ৰশ্ন হাতত লৈ লগ ধৰিছিলোঁ৷ তাৰেই সম্পাদিত ৰূপ পাঠকলৈ আগ বঢ়োৱা হল৷

প্ৰশ্ন ১ : সাহিত্য জগতত আপুনি মূলতঃ এগৰাকী কবি, গল্পকাৰ, নিবন্ধকাৰ বুলিয়ে পৰিচিত যদি ২০০২চনত ত্ৰিভাষিক শব্দকোষ এখনেৰে আপুনি ভাষা-সাহিত্যৰ ভঁৰাললৈ অৰিহণা আগ বঢ়াইছে৷ Akemi Karbi Lamthe Amarjong নামৰ এই অভিধান প্ৰণয়নৰ প্ৰয়াস আপোনাৰ মনলৈ কিদৰে আহিল? গ্ৰন্থখনৰ জন্মৰ আঁৰত থকা কথাখিনি ব্যক্ত কৰিবনে?
বিদৰছিং ক্র : এদিন আজৰি পৰত মোৰ শ্ৰদ্ধেয় শিক্ষাগুৰু, পদ্মশ্ৰী, ৰংবং তেৰাংদেৱে প্ৰণয়ন কৰা কাৰবি লামতাছামখন হাতত লৈ এনেয়ে পাত লুটিয়াই আছিলোঁ৷ তেনেকুৱাতে মনলৈ অহা শব্দ কেইটামান অভিধানখনত বিচাৰিলোঁ৷ কিন্তু শব্দকেইটা নাপালোঁ৷ কিছুমান কাব্যিক শব্দও বিচাৰিছিলোঁ৷ সেয়াও নাপালোঁ৷ সেই মুহূৰ্ততে মোৰ মনলৈ এটা ভাব আহিল৷ পৰৱৰ্তী সংস্কৰণত সন্নিৱিষ্ট কৰিব পৰাকৈ সেই শব্দবোৰ সংগ্ৰহ কৰি তেৰাং ছাৰৰ হাতত দিম৷ ইয়াৰ পিছত একালত ডিফুত থকা গ্ৰন্থ বিক্রেতা তথা প্ৰকাশন প্ৰতিষ্ঠান কিৰণ প্ৰকাশৰ স্বত্বাধিকাৰী আৰু বৰ্তমান গুৱাহাটী নিবাসী দিলীপ শৰ্মদেৱৰ সৈতে কিবা আলোচনাত এদিন শব্দ সংগ্ৰহৰ প্ৰসংগটো ওলাল৷ তেখেতে কলে তই সেই কাম নিজে নকৰ কিয়? তেৰাং ছাৰ বহুত ব্যস্ত মানুহ৷ হাতত ঢেৰ কাম আছে৷ অভিধান ৰচনাৰ দৰে কাম মোৰ জ্ঞান আৰু সাধ্যৰ বাহিৰত বুলি নিজৰ অপাৰগতা স্বীকাৰ কৰাত তেখেতে মোক নেৰানেপেৰাকৈহে ধৰিলে জ্ঞানৰ কথা মই নাজানো, মুঠতে তই লিখ৷ যদি নোৱাৰ তেতিয়া হলে কবৰ খান্দি পুতি থৈ দিম, বুজিলিটো? মোৰ লেখক বন্ধু বিদ্যাছিং ৰংপিৰ আগতো এই কথাবোৰ ব্যক্ত কৰাত তেখেতে কলে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু কাৰবি সাহিত্য সভা (কাৰবি লাম্‌মেত আমেই)ই যিহেতু ৰোমান লিপিকে স্বীকৃতি দিলে গতিকে ৰোমান লিপিতে এখন অভিধান কৰক, ভাল হব৷ আৰু তেৰাং ছাৰৰ অভিধানখনো থাকক৷ শৰ্মাদেৱৰ অবিৰাম তাগিদা আৰু ৰংপিৰ সৎ পৰামৰ্শক আশীৰ্বাদ আৰু মূলধন হিচাপে লৈয়ে অভিধান প্ৰণয়নৰ কামত হাত দিলোঁ৷

প্ৰশ্ন ২ : সাহিত্য কাননত পাৰিজাত ফুলবোৰ একেদিনাই বা কম আয়াসতে নুফুলে৷ অভিধান প্ৰণয়নৰ কামো অনুৰূপ৷ ক্ষন্তেকীয়া আৰু সহজসাধ্য নহয়৷ কাৰবি-ইংৰাজী-অসমীয়া তিনিটা ভাষাৰ শব্দসমৃদ্ধ Akemi Karbi Lamthe Amarjongৰ কাম সম্পূৰ্ণ কৰোঁতে আপোনাক সময় কিমান লাগিল বাৰু?
বিদৰছিং ক্র : শব্দ সংগ্ৰহৰ কাম ১৯৮৬চনৰ ফেব্ৰুৱাৰী মাহত আৰম্ভ হৈ ১৯৯৯চনৰ নবেম্বৰ মাহত সমাপ্ত কৰিছোঁ৷ আনহাতে সম্পাদনাৰ কাম ২০০২চনৰ ২০জুলাইত সামৰিছোঁ৷

প্ৰশ্ন ৩ : আপুনি সংগ্ৰহ আৰু সম্পাদনা কৰা অভিধানখন প্ৰকাশৰ পূৰ্বে কাৰবি ভাষাত অভিধান আছিল ৪খন৷ G. D. Walkerৰ A Dictionary of the Mikir Language (1925), ৰংবং তেৰাঙৰ কাৰবি লামতাছাম (১৯৭৪), Fr. M. Balawanৰ A Mikir-English Dictionary (1978), লংকাম টেৰণৰ দ্বাৰা সংগৃহীত-সম্পাদিত আৰু DPEP, KAACৰ দ্বাৰা প্ৰকাশিত Karbi Lammarjong Kimi (2011)৷ ইয়াৰে কোনোবাখনক আপুনি Akemi Karbi Lamthe Amarjongৰ ঘাই ধৰণী বুলি কব খোজে নেকি, অৰ্থাৎ কোনোবাখনক আৰ্হি হিচাপে লোৱা হৈছিল নেকি? 
বিদৰছিং ক্র : তেৰাং ছাৰৰ কাৰবি লামতাছামখনৰ পৰাই শব্দ সংগ্ৰহৰ প্ৰয়াস প্ৰথমে মনলৈ আহিছিল৷ গতিকে সেইখনকে মোৰ অভিধানৰ নিদৰ্শন বুলিব পাৰি৷

প্ৰশ্ন ৪ : আধুনিক বিজ্ঞানসন্মত অভিধানৰ প্ৰস্তুতিত সুপৰিকল্পনা আৰু ব্যয় বহন দুয়োটাই গুৰুত্বপূৰ্ণ৷ Akemi Karbi Lamthe Amarjongৰ প্ৰস্তুতকৰণৰ ক্ষেত্ৰত কেনে ধৰণে পৰিকল্পনা লোৱা হৈছিল? ইয়াৰ ব্যয় বহন কোনে কৰিছে?
বিদৰছিং ক্র : অভিধানখন প্ৰস্তুত কৰোঁতে পোনতে শব্দ সংগ্ৰহ কৰি ইংৰাজী বৰ্ণমালাৰ বানান অনুপাতে একাদিক্রমে শব্দৰ লানি প্ৰস্তুত কৰিম বুলি ভাবিছিলোঁ৷ পিছে সেয়া সম্ভৱ নহল৷ বৰ্ণ অনুক্রমে শব্দ বিচাৰি উলিওৱাটোহে সহজসাধ্য হব বুলি তাকে কৰা হল৷ আনহাতে, প্ৰস্তুতি চলি থকাৰ সময়ছোৱাত হোৱা সম্পূৰ্ণ খৰছ নিজেই বহন কৰিছিলোঁ৷ এই ক্ষেত্ৰত কাৰো পৰা সহায় বিচৰা নাছিলোঁ৷

প্ৰশ্ন ৫ : শব্দ সংগ্ৰহৰ বাবে কেনে ধৰণৰ উৎসৰ সহায় লোৱা হৈছিল?
বিদৰছিং ক্র : লোক-সাধু, লোক-গীত, আধুনিক চুটি গল্প, কবিতা, প্ৰকাশিত বিভিন্ন পুথি-পাঁজি আৰু নানাজন ব্যক্তিকেই শব্দ সংগ্ৰহৰ উৎস হিচাপে ব্যৱহাৰ কৰা হৈছিল৷

প্ৰশ্ন ৬ : অভিধানখন প্ৰণয়ন কৰোঁতে কাৰ কাৰ পৰা কেনে ধৰণে সহায়-সহযোগিতা লাভ কৰিছিল?
বিদৰছিং ক্র : অভিধানখনৰ কামত পৰিয়ালৰ সদস্যবৰ্গৰ উপৰি মোৰ বন্ধু-বান্ধৱ, শুভাকাংক্ষীসকলৰ পৰা নানা প্ৰকাৰে সহায় আৰু উৎসাহজনক সঁহাৰি পাইছিলোঁ৷ তাৰ ভিতৰত লংকাম টেৰণ, ছাৰছিং বংৰুং, বিদ্যাছিং ৰংপি, সিদ্ধিনাথ ৰংপি, চিত্ৰ কুমাৰ বে, ছিং ক্র, লুঞ্চে তিমুং, হাৰ্ভে কাথাৰ, জৰ্নেল ৰংহাং, দেবেন তিমুং, বাপুৰাম ৰংহাং, কিৰণ কুমাৰ হাঞ্চে, ললিতা টেৰণপী, ফুদাং তিছপী, বানৰে তেৰাংপী আদিয়ে আলোচনা-বিলোচনাৰ জৰিয়তে শব্দ সংগ্ৰহত যথেষ্ট সহায় কৰিছিল৷ মোৰ পত্নী বাছাপী তিছপীয়ে অভিধানৰ কামত মনোনিৱেশ কৰাৰ বাবে মোক অপৰ্যাপ্ত আজৰি সময় উলিয়াই দি সহযোগ কৰিছিল৷

প্ৰশ্ন ৭ : বিভিন্ন সময়ত কেনে ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল আৰু কেনে ধৰণে সমাধা কৰিছিল?
বিদৰছিং ক্র : এটা সৰু ঘটনা মনত পৰিছে৷ কাৰবি ৰামায়ণ (ছাবিন আলুন) একেৰাহে চাৰি-পাঁচ দিন ধৰি গাই শুনাব পৰা খয়া বেক ১৯৯০চনত সম্পূৰ্ণ খা-খৰছ দি মাতি পঠাইছিলোঁ৷ কিন্তু স্বায়ত্তশাসিত ৰাজ্য দাবী আন্দোলনৰ সেই ভৰপক সময়ছোৱাত মানুহৰ মাজত বিৰাজ কৰা অবিশ্বাস আৰু শংকাৰ পৰিপ্ৰেক্ষিতত তেখেত মোৰ ওচৰলৈ আহিব পৰা নাছিল৷ তিনি বছৰৰ পিছত খবৰ পালোঁ যে তেখেত টান নৰিয়াত৷ সেই নৰিয়াই এই নিৰক্ষৰ অথচ অগাধ জ্ঞানৰ আকৰ ব্যক্তিজনক চিৰদিনৰ বাবে নোহোৱা কৰিলে৷ ফলত শব্দ সংগ্ৰহত সমস্যাৰ সৃষ্টি হল৷ পিছত প্ৰকাশিত পুথিকেইখনমান আৰু সীমিতসংখ্যক বন্ধু-বান্ধৱৰ সহায়তে মোক কাম আগুৱাবলগীয়া হল৷

প্ৰশ্ন ৮ : আপোনাৰ মতে Akemi Karbi Lamthe Amarjongৰ বৈশিষ্ট্য বা বিশেষত্ব কি?
বিদৰছিং ক্র : মূল শব্দৰ লগত জড়িত বিশেষণীয় শব্দ কিছুমানৰ লগতে ফকৰা-যোজনা, খণ্ডবাক্য আদি মোৰ অভিধানখনত পাৰ্যমানে সামৰি লোৱা হৈছে, যিবোৰ অন্য অভিধানত নাই৷

প্ৰশ্ন ৯ : যিমানেই যত্ন কৰা হওক, অভিধানৰ কামৰ আঁত মৰাটো একপ্ৰকাৰ অসম্ভৱ৷ অভিধান বুলিলেই অনেক শব্দ বাদ পৰি যোৱাটোও সম্ভৱ৷ অভিধান হৈছে ভাষাৰ শব্দ-সম্পদৰ ধাৰক আৰু বাহক৷ এই সম্পদ ক্রমবৰ্ধমান৷ Akemi Karbi Lamthe Amarjongৰ ক্ষেত্ৰত কোনো ধৰণৰ আসোঁৱাহ ৰৈ যোৱা বুলি আপুনি ভাবেনে? যদি ৰৈ গৈছে তাৰ সংশোধনৰ বাবে পৰৱৰ্তী সংস্কৰণৰ কিবা পৰিকল্পনা সদ্যহতে হাতত আছে নেকি?
বিদৰছিং ক্র : অভিধানখনত আসোঁৱাহ ৰৈ যোৱা নাই বুলি মই নাভাবোঁ৷ প্ৰথম সংস্কৰণত ৭,৭০০টা শব্দ আৰু ২৩৬টা ফকৰা-যোজনা অন্তৰ্ভুক্ত হৈছে যদিও কবলৈ গলে বহু হাজাৰ শব্দই বাদ পৰিছে৷ পৰৱৰ্তী সংস্কৰণৰ পৰিকল্পনা হাতত নথকা নহয়৷ তাৰ কাম বৰ্তমান কৰি আছোঁ আৰু এতিয়ালৈকে ১,৫০০তকৈও অধিক শব্দ সংগ্ৰহ কৰা হৈছে৷

প্ৰশ্ন ১০ : পাহাৰৰ কাৰবিসকলৰ ভাষাৰ সৈতে ভৈয়ামৰ কাৰবিসকলৰ ভাষাগত সাদৃশ্য-বৈসাদৃশ্য আছে৷ Akemi Karbi Lamthe Amarjongত ভৈয়ামৰ কাৰবি শব্দক স্থান দিয়া হৈছেনে?
বিদৰছিং ক্র : অভিধানখনত পাহাৰ-ভৈয়াম উভয়ৰে শব্দক সমানে গুৰুত্ব দিছিলোঁ যদিও সহযোগিতা আৰু যোগাযোগৰ অভাৱত বহুতো শব্দ বাদ পৰি গৈছে৷ আশা কৰা ভালেকেইজন ব্যক্তিৰ পৰা চিঠি পোৱা নাইজাতীয় অজুহাত আৰু সময় নাইজাতীয় প্ৰত্যুত্তৰ পোৱাৰ পিছত মই মোৰ জ্ঞানে ঢুকি পোৱা শব্দসমূহক সামৰিবলৈ বাধ্য হৈছিলোঁ আৰু যৎপৰোনাস্তি প্ৰচেষ্টা চলাইছিলোঁ৷

প্ৰশ্ন নং ১১ : অসমৰ নগাঁও, কামৰূপ, দৰং, শোণিতপুৰ, উত্তৰ কাছাৰ পাহাৰ, কাছাৰ, গোলাঘাট, শিৱসাগৰ, লখিমপুৰ জিলাৰ উপৰি মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আদি ৰাজ্য আৰু বাংলাদেশ, ম্যানমাৰ, থাইলেণ্ড, চীন আদি দেশতো কাৰবি বসতি আছে৷ তেওঁলোকে ব্যৱহাৰ কৰা শব্দ Akemi Karbi Lamthe Amarjongত অন্তৰ্ভুক্ত কৰা হৈছে নেকি?
বিদৰছিং ক্র : ম্যানমাৰ আৰু থাইলেণ্ডত বাস কৰা কাৰবিসকলৰ ভাষা বৰ্তমান লুপ্ত হৈছে৷ অসমৰ কামৰূপ আৰু নগাঁৱৰ (যমুনামুখ) বাদে আন ঠাইবোৰৰ লগতে বিভিন্ন ৰাজ্য আৰু দেশত বসতি কৰা কাৰবিসকলৰ ভাষাৰ মিল আছে৷ অৱশ্যে ঠাইভেদে উচ্চাৰণৰ তাৰতম্য নথকা নহয়৷

প্ৰশ্ন নং ১২ : ভাৰতীয় শাসনতন্ত্ৰৰ সাংবিধানিক শব্দাৱলীৰ পৰিভাষা বা প্ৰশাসনীয় পৰিভাষা, নকৈ পৰিচালিত বা নতুন শব্দ,  আন ভাষাৰ শব্দ আপোনাৰ অভিধানখনত অন্তৰ্ভুক্ত হৈছে নেকি?
বিদৰছিং ক্র : পাৰিভাষিক শব্দ বাদ দি নকৈ প্ৰচলিত বা নতুন শব্দ কিছুমান অভিধানখনত অন্তৰ্ভুক্ত কৰা হৈছে৷ অসমীয়া আৰু খাচি ভাষাৰ শব্দ কেতবোৰ সামৰি লোৱা হৈছে৷ পৰৱৰ্তী সংস্কৰণত আৰু কিছু সামৰিব পাৰিম বুলি আশা ৰাখিছোঁ৷

(আমাৰ অসমৰ দেওবৰীয়া আলোচনী পূৰ্বাচলত ১১জানুৱাৰী ২০০৪ তাৰিখে প্ৰকাশিত৷ সামান্য হাত ফুৰাই ব্লগত উপস্থাপন কৰা হ'ল৷)




Wednesday, 25 March 2015

বসন্ত দাসৰ কৰ্মৰাজি : এক অৱলোকন
(শ্ৰী উদ্দীপ তালুকদাৰ ডাঙৰীয়াৰ হাতত)


প্ৰকাশিত গ্ৰন্থসমূহ
১. জংছন৷ ১৯৭৩চন৷ সাহিত্য প্ৰকাশ, গুৱাহাটী-৩
২. যোৰাবাট৷ ১৯৭৯চন৷ কিৰণ প্ৰকাশ, ডিফু
৩. পিৰামিড৷ ১৯৮১চন৷ দেৱকাঞ্চন প্ৰকাশ, ডিফু
৪. প্লেটফৰ্ম৷ ১৯৮৫চন৷ জ্ঞানপীঠ প্ৰকাশ, ডিফু
৫. ৰুমাল৷ ১৯৯২চন৷ জ্ঞানপীঠ প্ৰকাশ, ডিফু
৬. তমন৷ ২০০১চন৷ আংগিক প্ৰকাশন, গুৱাহাটী-৩
৭. মেলেং৷ ২০০৫চন৷ আংগিক প্ৰকাশন, গুৱাহাটী-৩
৮. কাৰবি সংস্কৃতিৰ ধাৰা (প্ৰথম খণ্ড)৷ ২০০০চন৷ কাৰবি লাম্‌মেত আছং, ডিফু
৯. কাৰবি সংস্কৃতিৰ ইতিহাস৷ ২০১০চন৷ আঁক-বাক, গুৱাহাটী

বিভিন্ন আলোচনীত প্ৰকাশিত উপন্যাস
১. এজনী নতুন মানুহ৷ ১৯৬৮চন৷ সমকালীন
২. বিদেহী৷ ১৯৯৭চন৷ শাৰদীয় সংখ্যা দৈনিক অসম
৩. মই আৰু ঘাইসুঁতি৷ ২০০০চন৷ বসন্ত সংখ্যা সাদিন
৪. বিকাৰ৷ ২০০০চন৷ শাৰদীয় সংখ্যা দৈনিক অসম
৫. মায়া প্ৰান্তৰ৷ ২০০০চন৷ বিহু সংখ্যা জনমভূমি
৬. মৰ্ত্যৰ পৰা স্বৰ্গলৈ৷ ২০০১চন৷ বিহু সংখ্যা সাদিন
৭. ৰাণাইমা বিলৰ উপকথা৷ ২০০৩চন৷ শাৰদীয় সংখ্যা আমাৰ অসম
৮. বীৰাংগনা৷ ২০০৪চন৷ বিহু সংখ্যা জনমভূমি
৯. কাৰবি বীৰ৷ ২০০৫চন৷ বিহু সংখ্যা জনমভূমি
১০. কথা অৰণ্য৷ ২০০৮চন৷ পূজা সংখ্যা সাতসৰী
১১. ৱলেং৷ ২০০৯চন৷ বসন্ত সংখ্যা সাদিন
১২. বিৱৰ৷ ২০০৯চন৷ আমাৰ সময় (টাইম্‌চ অৱ ইণ্ডিয়া)
১৩. হুনমিলি৷ ২০১০চন৷ পূজা সংখ্যা জনমভূমি
১৪. নিৰ্বাণ৷ ২০১১চন৷ দৈনিক কাৰবি (অসম্পূৰ্ণ)
১৫. উমাল অনুভূতি (অপ্ৰকাশিত)

বিভিন্ন আলোচনীত প্ৰকাশিত গল্প
১. ঝুম৷ ১৯৭০চন৷ ৱেকিমি
২. কাফি৷ ১৯৯১চন৷ ৰূপালী জয়ন্তী সংখ্যা কুন্তিৰী
৩. টঙি৷ ২০০৭চন৷ পূজা সংখ্যা এদিন
৪. মদিনা৷ ২০০৭চন৷ আজিৰ বাতৰি
৫. কি কহব দুখ৷ ২০০৭চন৷ পূজা সংখ্যা প্ৰতিদিন
৬. আঁচোৰ৷ ২০০৮চন৷ শাৰদীয় সংখ্যা জনমভূমি
৭. আহুদি৷ ২০১০চন৷ পূজা সংখ্যা প্ৰতিদিন
৮. চৌত্ৰিশ৷ ২০১০চন৷ সাদিন

চলচ্চিত্ৰৰ কাহিনী, চিত্ৰনাট্য, সংলাপ, তথ্যচিত্ৰ আদি
১. ফাগুনী৷ ১৯৭৮চন৷ কাহিনী, চিত্ৰনাট্য, সংলাপ
২. বোৱাৰী৷ ১৯৮০চন৷ কাহিনী
৩. পাহাৰী কন্যা৷ ১৯৮৫চন৷ অতিৰিক্ত কাহিনী
৪. ৱছবিপ৷ ১৯৯৩চন৷ সংলাপ (স্বৰ্ণকমল বঁটা)
৫. ছেৰ আলাং৷ ১৯৯৩চন৷ কাহিনী, চিত্ৰনাট্য, সংলাপ (ৰৌপ্যকমল বঁটা)
৬. ৰংবিন৷ ২০০৩চন৷ কাহিনী, চিত্ৰনাট্য, সংলাপ
৭. ৰিত্‌ আংতং৷ ২০০৩চন৷ কাহিনী, চিত্ৰনাট্য, সংলাপ
৮. আনটল্ড ষ্টৰী অৱ ব্লু হিল্‌ছ৷ ২০০৪চন৷ অতিৰিক্ত কাহিনী
৯. লাজ৷ ২০০৪চন৷ সংলাপ
১০. জিৰছং৷ কাহিনী, চিত্ৰনাট্য
১১. সেউজী ধৰণী ধুনীয়া৷ কাহিনী, চিত্ৰনাট্য

দূৰদৰ্শনৰ চিত্ৰনাট্য, টেলিফিল্ম, তথ্যচিত্ৰ আদি
১. ৱলেং
২. কাৰবি জনজাতিৰ উৎসৱ
৩. কাৰবি জীৱনধাৰা
৪. এজনী জাপানী ছোৱালী৷ ২০০৪চন৷ চিত্ৰনাট্য
৫. অনন্যা৷ ২০০৫চন
৬. ছুটি৷ ২০০৫চন৷ চিত্ৰনাট্য
৭. ত্যাগ৷ ২০০৫চন৷ চিত্ৰনাট্য
৮. ৰামকানাইৰ নিৰ্বুদ্ধিতা৷ ২০০৫চন৷ চিত্ৰনাট্য
৯. শাস্তি৷ ২০০৫চন৷ চিত্ৰনাট্য
১০. ৰংমিলিৰ দিগন্ত৷ ২০০৫চন৷ চিত্ৰনাট্য
১১. বকুলবনৰ কবি আনন্দচন্দ্ৰ বৰুৱা৷ ২০০৫চন৷ চিত্ৰনাট্য
১২. কাৰবি লোকবাদ্য আৰু সংগীত৷ ২০০৫চন

কমিছনড্‌ প্ৰগ্ৰেম আৰু ইণ্ডিয়ান ক্লাছিক চিৰিজৰ কাহিনী, চিত্ৰনাট্য, সংলাপ
১. কুৰুলি৷ ১৯৯৬চন
২. থং নক্‌বে৷ ২০০৪চন
৩. যশস্বী কাৰবি নাৰী (হাঈমু, ৰংফাৰপী ৰংবে, ছেৰদিহুন)৷ ২০০৫চন
৪. জংছন৷ ২০০৫চন
৫. নিৰ্মল আনন্দ
৬. ৰংমিলিৰ হাঁহি
৭. জাক হেৰোৱা পক্ষী৷ ২০০৮চন
৮. প্ৰতিপদ৷ ২০০৮চন
৯. ৰামধেনু৷ ২০০৮চন
১০. ৰুমাল৷ ২০০৮চন
১১. হাৰমাল৷ ২০০৮চন
১২. অমানিশা৷ ২০০৮চন
১৩. ৱজাৰু পখীৰ গান৷ ২০০৮চন
১৪. ডালিমেত্‌ কুংৰী৷ ২০০৮চন
১৫. দিশায়েঁ

দূৰদৰ্শনৰ কমিছনড্‌ প্ৰগ্ৰেমৰ বাবে লিখা চিত্ৰনাট্য
১. ৰাংছিনাৰ সুৰ৷ ২০১১চন
২. হুনমিলি৷ ২০১১চন
৩. ডাকবঙলা৷ ২০১১চন
৪. বন ফৰিঙৰ গীত৷ ২০১১চন
৫. ৰছেং৷ ২০১১চন

নাটক
১. অৱতাৰ৷ গুৱাহাটীৰ শান্তিপুৰত মঞ্চস্থ
২. হৰিদৰ্শন৷ গুৱাহাটীৰ জু ৰোডত মঞ্চস্থ
৩. আংগুলীমাল৷ ডিফুৰ ডিফু ক্লাবত মঞ্চস্থ
৪. ৰংফাৰপী ৰংবে৷ দিল্লীত অনুষ্ঠিত নেশ্যনেল থিয়েটাৰ ফেষ্টিভেলত মঞ্চস্থ
৫. থং নক্‌বে৷ ২০০২চনত সোণাপুৰত অনুষ্ঠিত কাৰবি যুৱ মহোৎসৱত মঞ্চস্থ
৬. জোনাক তুমি অনন্যা৷ ডিফুৰ ডিফু ক্লাবত মঞ্চস্থ
৭. হাঈমু অপেৰা৷ ডিফুৰ তাৰালাংছত মঞ্চস্থ
৮. বিষকন্যা৷ ১৯৮০চনত কহিনুৰ থিয়েটাৰৰ জৰিয়তে মঞ্চস্থ

ঋতুৰাজ ছদ্মনামেৰে লিখা উপন্যাস
১. প্ৰবাসী বিহংগ৷ প্ৰকাশক : ৰহস্য প্ৰকাশ, গুৱাহাটী
২. কামসেন্দূৰ৷ প্ৰকাশক : পাহি প্ৰকাশ, গুৱাহাটী
৩. প্ৰেয়সী৷ প্ৰকাশক : পাহি প্ৰকাশ, গুৱাহাটী
৪. সহবাস৷ প্ৰকাশক : পাহি প্ৰকাশ, গুৱাহাটী
৫. মন্থন৷ প্ৰকাশক : পাহি প্ৰকাশ, গুৱাহাটী

ঋতুৰাজ ছদ্মনামেৰে লিখা দস্যুৰাণী বিজুলী চিৰিজ
(প্ৰকাশক : পাহি প্ৰকাশ, গুৱাহাটী)
১. দস্যুৰাণী বিজুলী
২. মুক্তিপণ
৩. স্বৈৰতন্ত্ৰৰ বিৰুদ্ধে
৪. সাতভনী
৫. বিয়াৰ নিশা
৬. সমুদ্ৰ গৰ্ভত
৭. তিহাৰ জেল
৮. বন সংৰক্ষণ
৯. পঞ্জাৱত
১০. সৃষ্টিৰ সেনানী
১১. বিজয় নিচান
১২. ঘৰ-সংসাৰ
১৩. শ্ৰমিক বিপ্লৱ
১৪. ড্ৰাগ্‌চ চক্র
১৫. সীমান্ত প্ৰহৰী
১৬. আটলাণ্টিক এক্সপ্ৰেছ
১৭. দুৰন্ত ধুমুহা
১৮. মডেল গাৰ্ল
১৯. নাইট ক্লাব
২০. জাফ্‌না চহৰ
২১. অভিশপ্ত কণ্ঠহাৰ
২২. অশান্ত এলেকা
২৩. বেংক ডকাইটি
২৪. মিছ ফৰ টুৱেণ্টি
২৫. কিচ্‌মিচ্‌ বেগম
২৬. এয়াৰ হষ্টেচ
২৭. সন্ত্ৰাস
২৮. অৰণ্য কুহেলী
২৯. নৰ্তকী
৩০. দস্যু কন্যা
৩১. জালী নোট
৩২. মিছ ইণ্ডিয়া
৩৩. কালাপাহাৰ
৩৪. কয়েদী
৩৫. সংঘৰ্ষ
৩৬. ব্লেক মেইল
৩৭. জলদস্যু
৩৮. ভয়াল ৰাতি
৩৯. কলগাৰ্ল
৪০. বিষাক্ত বেদনা

নেল্‌ফা চিৰিজ
(প্ৰকাশক : পাহি প্ৰকাশ, গুৱাহাটী)
১. নেল্‌ফা
২. এজন সাংবাদিকৰ হত্যা
৩. উগ্ৰপন্থীৰ গোপন ঘাটি
৪. বাৰ্মা সীমান্তত
৫. মৃত্যু উপত্যকাৰ পম খেদি
৬. তিনিজনী গাভৰুৰ নিৰুদ্দেশ
৭. ছিন্নশিৰ
৮. ঘাতক
৯. গ্ৰীণভিলা
১০. চক্রবেহু
১১. ৰুম নং ৩১২
১২. অস্ত্ৰাগাৰ

ঋতুৰাজ ছদ্মনামত বিস্ময়, ৰহস্য আলোচনীত লিখা উপন্যাস
১. অপদেৱতা (বিস্ময়)
২. আগন্তুক (ৰহস্য)
৩. মহেঞ্জোদাৰো (ৰহস্য)

ৰহস্য আলোচনীত লিখা গল্প
১. সেই ঘৰখন
২. লুইতপৰীয়া গাভৰু
৩. উদং বুকু
৪. সেয়া সঁচা নাছিল
৫. চেনিৰামৰ উপাখ্যান
৬. লাজে লাজে ভয়ে ভয়ে
৭. পৰস্ত্ৰী
৮. এম.এল.এ. খুড়া
৯. মনত পৰিছে
১০. গুৰিৰ কথাটো
১১. ৰক্ষিতা
১২. তুঁহজুই
১৩. ভিতৰি নেৰিবা বেথা
১৪. গাতা বাচাইয়া
১৫. নেজানিলোঁ আগে ঐ
১৬. ডকাইত বাবু
১৭. শিহৰণ
১৮. ছিগা তাঁৰৰ ৰাগিনী
১৯. ওঁ নমো শিৱায়
২০. উলংগ বেদনা
২১. স্খলন
২২. এৰাএৰিৰ দুখ
২৩. আচমানী
২৪. ঘূণ

কাৰবি ভিডিঅ ফিল্মৰ চিত্ৰনাট্য
১. বচে কাংথিম
২. আতুৰকিমি
৩. জিম্‌তিম্‌
৪. কিলিং চংক্রেত্‌
৫. হেম আকাৰজং
৬. থেংৰিছ আছ
৭. কাৰবি আকাই আলং ৱতি কেনাংছত
৮. মিষ্টাৰ ডিংএহ
৯. কাৰবি লোক-নৃত্য, সংগীত
১০.আদাম-আছাৰ

অন্যান্য
১. ডিফু চৰকাৰী মহাবিদ্যালয়ৰ এমব্লেম প্ৰস্তুতকৰণ৷ ১৯৬৪চন
২. কেইবাখনো কিতাপ-আলোচনীৰ বেটুপাত অংকন
৩. ডিফু প্ৰেছ ক্লাবৰ উপদেষ্টা৷ ২০০৩চন
৪. দৈনিক প্ৰতিবেদন কাকতৰ সম্পাদক৷ ২০০৭-২০০৮চন
৫. আমরা কজন গোষ্ঠীৰ বৈশাখী বঁটা৷ ২০০২চন
৬. কমিউনেল হাৰমনি ফৰ্টনাইট বঁটা৷ ২০০৩চন
৭. অসম সাহিত্য সভাৰ জয়ছিং হাঞ্চে বঁটা৷ ২০০৪চন
৮. কমিউনেল হাৰমনি বঁটা৷ ২০১০চন
৯. কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ছেমছনছিং ইংতি বঁটা৷ ২০১১চন
১০. কাৰবি সাংস্কৃতিক সমাজৰ দ্বাৰা সম্বৰ্ধনা৷ ১৯৯৪ আৰু ২০০১চন
১১. কল্লোল গোষ্ঠীৰ দ্বাৰা সম্বৰ্ধনা৷ ১৯৯৯চন
১২. কাৰবি লাম্‌মেত আমেইৰ দ্বাৰা সম্বৰ্ধনা৷ ২০০৪চন
১৩. কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা সম্বৰ্ধনা৷ ২০০৮চন
১৪. ডিফু গ্ৰন্থমেলা সমিতিৰ দ্বাৰা সম্বৰ্ধনা৷ ২০০৮চন

(উৎস পুথি... 'বসন্ত বৈভৱ' -বসন্ত দাসৰ অভিনন্দন গ্ৰন্থ, সম্পাদনা- শ্ৰী পৱিত্ৰ বৰা, প্ৰকাশক- ডিহুন, গুৱাহাটী-৩, ২১মাৰ্চ ২০১২চন)