মানুহৰ অধ্যয়ন...
(উপলব্ধিৰ এটুকুৰা)
পইচা ল’বলৈ মাতক...
দৌৰ-ঢাপৰি, মৰি-পৰি হ’লেও আহিব৷
খাবলৈ মাতক...
যেনে-তেনে, তিতি-বুৰি, দেৰিকৈ হ’লেও পাবহি৷
‘পইচা পাবলৈ আছে’ বুলি কওকচোন...
ফুটপাথ বদলাই দিব৷
‘পাওনা দি যাবহি’ বুলি কৈ দিয়কচোন...
চেহেৰাই নেদেখুৱা হ’ব৷
সঁচাকৈ বিচিত্ৰ প্ৰাণী এই মানুহ৷ ধৰিবই নোৱাৰোঁ
ইয়াৰ চৰিত্ৰ!
ধৰিব নোৱাৰিমেই চাগে’৷ জীৱনটো যাবগৈ৷
(এলবাৰ্ট আইনষ্টাইনে এনেয়ে কৈছিলনে... Two things are infinite : the universe and human stupidity; and I'm not sure about the universe.)
No comments:
Post a Comment