নৃত্যত আগ্নেয়াস্ত্ৰৰ প্ৰয়োগ,
প্ৰথমবাৰ দেখিলোঁ...
প্ৰথমবাৰ দেখিলোঁ...
(গল্প নহয়, সত্য)
জানুৱাৰীৰ ২০-২১-২২ তাৰিখ আহিলেই এঠাইলৈ মনত পৰে৷
২০১৩চনৰ এনেকুৱা সময়ত উপস্থিত আছিলোঁ তেনে এঠাইত৷ স্বচক্ষে প্ৰত্যক্ষ কৰিছিলোঁ জীৱনত
নেদেখা কেতবোৰ নৃত্য-গীত৷ লাওখোলা পৰিধান কৰি কৰা নৃত্য, ৱাৰ ডেন্স ইত্যাদি পৰম্পৰাগত
জনজাতীয় নৃত্য-গীতৰ মাজতে এটা দলৰ প্ৰদৰ্শনে চক খুৱাই দিছিল উপস্থিত দৰ্শকসকলক৷ মাজে
মাজে হঠাতে ধুমকৈ ফুটুৱা বন্দুকৰ গুলীৰ শব্দত বুকু কঁপি উঠিছিল কাৰ্যসূচী উপভোগ কৰি
থকা শিশুৰ পৰা বুঢ়া পৰ্যন্ত সকলোৰে৷ ধনু-কাঁড়, যাঠী-জোং, দা-কোৰ, ঢাল-তৰোৱাল লৈ কৰা উদ্দাম নৃত্য
আগতেও দেখিছোঁ৷ পিছে নৃত্যত আগ্নেয়াস্ত্ৰৰ প্ৰয়োগ! শিল্পীৰ দ্বাৰা গুলী ফুটুৱা! সেইবাৰেই প্ৰথম দেখিলোঁ৷
অৰুণাচল প্ৰদেশৰ ম্যানমাৰ সীমান্তৱৰ্তী নামপঙত অনুষ্ঠিত ‘পাংচাও পাচ ৱিণ্টাৰ ফেষ্টিভেল’ত 'তিখাক' জনগোষ্ঠীৰ শিল্পীসকলে প্ৰদৰ্শন
কৰিছিল বৈশিষ্ট্যপূৰ্ণ সেই নৃত্য৷ ৰঙা কাৰ্পেট পৰা চাৰ্কুলাৰ ষ্টেজ এটাৰ সোঁমাজত ১২ফুটমান
দৈৰ্ঘ্য আৰু ১.৫ফুটমান ব্যাসৰ কাঠৰ ঘূৰণীয়া ভিতৰফোঁপোলা বস্তু এপদ সাংস্কৃতিক কাৰ্যসূচী আৰম্ভ হোৱাৰ আগৰে
পৰাই থৈ দিয়াটো মন কৰিছিলোঁ৷ তলফালে চকা সংযুক্ত কৰা আছিল৷ পিছত জানিলোঁ, সেইটো এটা
যন্ত্ৰ৷ যন্ত্ৰটোৰ গাত লিখা আছিল CHAA-KHU-TUK
KONGNONG/LOG DRUM৷ লগতে অঁকা আছিল বাঘ আৰু মেথোনৰ ছবি৷ পুৰুষেৰে গঠিত তিখাক নৃত্যদলটোৱে মঞ্চত উঠাৰ পিছত প্ৰথমে LOG DRUMটোৰ ভিতৰত ভৰাই ৰখা দীঘলীয়া কাঠৰ সৰু সৰু টুকুৰা কিছুমান হাতে হাতে ল'লে৷ তাৰ পিছত সেই পৰম্পৰাগত কাষ্ঠযন্ত্ৰটোৰ গাতে মৰিয়াই মৰিয়াই
গান গাই গাই নাচিব ধৰিলে৷ তাৰ মাজতে আকৌ কান্ধত মোনা, তৰোৱাল আৰু বন্দুকেৰে সজ্জিত নৰ্তকে
ধুমকৈ গুলী ফুটুৱালে৷ ধোঁৱাময় হৈ পৰিল চৌপাশ৷ নৃত্য-গীত, কোব আদি পূৰ্ণোদ্যমে চলি থাকিল৷ মাজে মাজে পুনৰবাৰ গুলী ফুটিল৷ এসময়ত প্ৰদর্শন সমাপ্ত হ’ল৷ চকা লগোৱা LOG DRUMটো তেতিয়া
মঞ্চৰ পৰা ঠেলি নমাই দিলে৷ সেইটো নি একেবাৰে উৎসৱথলীৰ দাঁতিতে সজা তিখাক জনগোষ্ঠীৰ পৰম্পৰাগত চাংঘৰ
‘তিখাক হাট’ৰ আগত ৰাখিলেগৈ৷
২৬জানুৱাৰী, ১৫আগষ্টকে আদি কৰি অনেক চৰকাৰী-বেচৰকাৰী
দিৱস, উৎসৱ, মহোৎসৱ, মেলা, অধিৱেশনৰ সাংস্কৃতিক কাৰ্যসূচী চোৱাৰ সৌভাগ্য লভিছোঁ৷ গণৰাজ্য দিৱসত পুলিচে বন্দুক ফুটুৱাও দেখিছোঁ৷ নৃত্যত
আগ্নেয়াস্ত্ৰৰ প্ৰয়োগ কিন্তু সেয়া প্ৰথমবাৰৰ বাবে দেখিলোঁ৷
আগ্নেয়াস্ত্ৰ লৈ কৰা উক্ত নৃত্যটোৰ বিষয়ে সবিশেষ জানিবৰ
বাবে আজি পুৱাই টাংচা বন্ধু জাংখং মংৰেক ফোন কৰিলোঁ৷ তেৱোঁ নিশ্চিত কৰিলে, সেয়া নামপঙৰ
তিখাক জনজাতিৰ পুৰুষ নৃত্যদলৰ প্ৰদৰ্শন আছিল বুলি৷ আগ্নেয়াস্ত্ৰ লৈ টাংচাসকলেও হেনো নাচে৷
সীমান্তৱৰ্তী ম্যানমাৰত অনুষ্ঠিত এক উৎসৱত তেনে ধৰণৰ প্ৰদৰ্শন অধিক পৰিমাণে দেখিবলৈ পোৱা যায়
বুলিও ক’লে৷
No comments:
Post a Comment