লগে লগে দুয়োজনে প্ৰতিজ্ঞা কৰিলোঁ যে কাইলৈ আমাৰ
প্ৰথম কাম হ’ব ভাতৰ হোটেল বিচৰা৷...
শনিবৰীয়া
‘মোৰ আলহী’ত শ্ৰী সুপ্ৰিয় ৰয়ৰ দ্বাৰা লিখিত
‘মোৰ বিদেশ ভ্ৰমণৰ অভিজ্ঞতা :
আমেৰিকা আৰু কানাডা’ৰ এয়া ষষ্ঠ খণ্ড৷
পিছদিনা ১০জুন৷ ৰাতিপুৱা ৮বজাত Yellow Cabৰ সৈতে
যোগাযোগ কৰিলোঁ৷ ড্ৰাইভাৰজন দেখি আমাৰ ধাৰণা হ’ল, হয় ইণ্ডিয়ান নহয় পাকিস্তানী হ’ব৷ আমেৰিকাত গাড়ীবোৰ Left
hand drive৷ মই সোঁহাতে প্ৰথম চিটত বহিলোঁ৷ অলপমান কথা-বতৰাৰ পিছতে গম পালোঁ, চালকজন
পাকিস্তানৰ লাহোৰৰ মানুহ৷ প্ৰায় ২৮বছৰ ধৰি আমেৰিকাত টেক্সী চলাই আছে চাওলা উপাধিৰ মধ্যবয়স্ক
ব্যক্তিজনে৷ বাটত বহুতো কথা হ’ল৷ ভাৰতীয় খাদ্য ক’ত পোৱা যায় স্বাভাৱিকতে তাৰো সন্ধান ল’লোঁ৷ চাওলাই আমাক ইণ্ডিয়ান হোটেলৰ
ঠিকনা দিলে৷ হোটেলৰ নাম গান্ধী পেলেচ, East Katela, Anaheim, California৷
৯.৫০বজাত
Convention Centreৰ পালোঁগৈ৷ ৰেজিষ্ট্ৰেচন চলি আছিল৷ সুন্দৰ পৰিৱেশ৷ মহাদেশ হিচাপে
ভাগ কৰা আৰু বৰ্ণানুক্রমে সজ্জিত কাউণ্টাৰবোৰৰ মাজত ইণ্ডিয়ান কাউণ্ডাৰ উলিয়াবলৈ বেছি
সময় নালাগিল৷ ৰেজিষ্ট্ৰেচন ফৰ্ম ফিল আপ কৰাৰ লগতে মোৰ এম.ডি.আৰ.টি. আই.ডি. নাম্বাৰটো
লিখি দিয়াৰ অলপ পিছতে দেখিলোঁ, প্ৰথমবাৰৰ বাবে অংশ গ্ৰহণকাৰী হিচাপে নিজৰ নাম-ঠিকনাসহ
সেউজীয়া ৰঙৰ ৰেজিষ্ট্ৰেচন কাৰ্ডখন ৰেডী হৈ গ’ল৷ আন্তৰ্জাতিক প্ৰেক্ষাপটত নিজৰ নামৰ লগত মোৰ অতি মৰমৰ
কাৰবি আংলং জিলা তথা ডিফুৰ নামটোযে সাঙুৰিব পাৰিছোঁ, সেই ভাবি তেতিয়া গৰ্ব অনুভৱ কৰিছিলোঁ৷
এতিয়াও, সেই ক্ষণটোৰ কথা মনলৈ আহিলে মই খুব সুখ অনুভৱ কৰোঁ৷
কনফাৰেন্স হলত Interpretation Head setৰ ব্যৱস্থা
আছে৷ স্পীকাৰে ইংৰাজীত কোৱা কথা ইচ্ছা কৰিলে প্ৰত্যেকজন অংশ গ্ৰহণকাৰীয়ে নিজা মাতৃভাষাত
শুনিব পাৰে৷ এই সুবিধা প্ৰাপ্তিৰ বাবে এখন প্ৰপত্ৰ পূৰ কৰি ৪০০ডলাৰ (ভাৰতীয় মুদ্ৰাত
২২,৪০০.০০টকা) চিকিউৰিটি মানী হিচাপে ধাৰ্য কৰাৰ লগতে ট্ৰেভেল কাৰ্ডৰ নাম্বাৰ লৈ লয়৷
চাৰিদিন ধৰি চলা কনফাৰেন্সত ব্যৱহাৰ কৰোঁতে যদি কেনেবাকৈ Head set হেৰায় বা নষ্ট হয়,
তেতিয়া হ’লে ট্ৰেভেল কাৰ্ডৰ পৰা ধন কাটি
লয়৷ অন্যথা পইচাখিনি ঘূৰাই দিয়ে৷
Head setলৈ কনফাৰেন্স হলত সোমালোঁ৷ বিশাল হল এটা৷
ঠায়ে ঠায়ে ডাঙৰ স্ক্ৰীণ একোখন৷ পৃথিৱীৰ ৫৮খন দেশৰ ৬,৮০০গৰাকী প্ৰতিনিধি একেলগে উপস্থিত
থাকিব৷ ৮,০০০ মানুহ বহিব পৰাকৈ এই হল বিশেষভাৱে তৈয়াৰী৷ Interpretation Head setটোৱে
কেৱল এই হলতহে কাম কৰিব৷ ইয়াৰ প্ৰযুক্তিবিদ্যা অতি উন্নত ধৰণৰ৷ ভাৰতবৰ্ষত কেৱল পাৰ্লিয়ামেণ্টতহে
এই ব্যৱস্থা আছে, যিমানদূৰ মোৰ মনত পৰে৷
ভাষণ আৰম্ভ হ’ল৷ মই হিন্দীত তাৰ অৰ্থ বুজি আছোঁ৷ তাত থকা প্ৰত্যেকে
নিজৰ নিজৰ ভাষাত বক্তৃতা শুনি আছে৷ চাইনীজ, জাৰ্মান, ফ্ৰেন্স, ইটালীয়ান সকলোৱে নিজৰ
নিজৰ ভাষাত৷ ই এক বিৰাট অভিজ্ঞতা আৰু অনুভৱ৷ সঁচা কথা ক’বলৈ গ’লে এক-ডেৰঘণ্টা ধৰি কথা শুনাৰ
প্ৰতি মোৰ মনোযোগ স্থিৰ হোৱাই নাছিল৷ কাৰণ বিভিন্ন জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে এখন মিনি
পৃথিৱী লক্ষ্য কৰিছিলোঁ সেই থলীত৷
লান্স ব্ৰেকৰ সময় আহিল৷ আমি ভাতৰ সন্ধানত ওলাই
পৰিলোঁ, চাওলাই দিয়া ঠিকনাৰ হোটেল বিচাৰি৷ প্ৰায় তিনিদিন ভাত নাখাই ভাতৰ হোটেল বিচাৰি
ওলাইছোঁ৷ কামটো সহজ নহয়৷ মনত এনে লাগিছিল, কোনোবাই যদি আলু পিটিকা, ভাত আৰু অকণমান
নিমখ-তেল দিলেহেঁতেন ৫০ডলাৰ (ভাৰতীয় মুদ্ৰাৰে প্ৰায় ৩,০০০.০০টকা) দিবলৈও আমি সাজু!
প্ৰায় ২০মিনিটমানৰ পিছত হোটেলখন পালোঁগৈ৷ ইণ্ডিয়ান-আমেৰিকান পাঞ্জাবী হোটেল গান্ধী
পেলেচ৷ বুফে ব্যৱস্থা৷ ১৪ডলাৰ এসাঁজৰ বাবদ৷ পানীৰ বাবে ২ডলাৰ বেলেগে৷ মুঠ ১৬ডলাৰ৷ ভাৰতীয়
হিচাপত এজনৰ ৮৯৬.০০টকা৷ হ’লেও তিনিদিনৰ পিছত ভাত খাম যেতিয়া
এনে লাগিছিল যেন কাৰোবাক কিবা কথাৰ বদলাহে ল’ম!
২.৪৫মিনিটত দ্বিতীয় পৰ্যায়ৰ বাবে কনফাৰেন্স হল
পালোঁহি৷ ৬.০০বজাত প্ৰথম দিনৰ কাৰ্যসূচী অন্ত পৰিল৷ সন্ধিয়া অন্যান্য কাৰ্যসূচী যেনে
সংগীত, নৃত্য, টেলেণ্ট শ্ব’ ইত্যাদি৷ ৰেজিষ্ট্ৰেচন কৰাসকলৰ
বাবে নিতৌ দুই পেগ ড্ৰিংকচৰো ব্যৱস্থা আছে৷ মই আৰু ৰামবাবু এই ব্যৱস্থাৰ সৈতে অপৰিচিত৷
সেয়েহে আমেৰিকান ড্ৰিংকচ লোৱা নহ’ল৷ খবৰ পালোঁ যে পিছদিনা অৰ্থাৎ ১১জুন তাৰিখৰ বিয়লি ভাৰতীয় লোকসকলৰ
বাবে এটা পাৰ্টী ৰখা হৈছে, যাৰ বাবে ফিজ দিব লাগিব ৩০ডলাৰ৷ আমি দুয়ো ৰেজিষ্ট্ৰেচন কৰিলোঁ৷
আমাক ইণ্ডিয়া লিখা এটা বেজ দিলে আৰু ডিঙিত ওলোমাবলৈ ইণ্ডিয়ান ডেলিগেট পাৰ্টী লিখা এখন
পৰিচয় কাৰ্ড দিলে৷
পিছদিনা কনফাৰেন্সত ভাগ ল’লোঁ৷ Convention Centreৰ হলৰ
বাহিৰত অনবৰত মিউজিক চলি থাকে৷ চাৰিদিনীয়া কাৰ্যসূচীৰ একঘেয়ামী দূৰ কৰাৰ বাবেই তেনে
ব্যৱস্থা৷ নিউয়ৰ্কৰ পৰা সংগীত শিল্পীৰ দলটো আহিছিল৷ আবেলি ৬.০০বজাত ইণ্ডিয়ান ডেলিগেট
পাৰ্টী আৰম্ভ হ’ল৷ সম্পূৰ্ণ হিন্দী পৰিৱেশত নিজৰ
পৰিচয় দিয়াৰ লগতে গান গোৱা, নৃত্য কৰা আদিতো মুকলিভাৱে অংশ লোৱাৰ সুযোগ৷ সমস্ত কাৰ্যসূচীৰ
দায়িত্বত আছিল নিউয়ৰ্কৰ এগৰাকী তৰুণী৷
পাৰ্টীৰ পৰা হোটেললৈ গৈ ইণ্টাৰনেটত বহিলোঁ৷ ১৯৯৪চনৰ
পৰা প্ৰায় পাঁচ বছৰ ধৰি ডিফুত কৰ্মৰত আৰু বৰ্তমান টেক্সাচত থকা অংকুৰ বৰালৈ ফোন নম্বৰ
জনাই মেইল কৰিলোঁ যে সম্প্ৰতি মই কেলিফৰ্ণিয়াত আছোঁ আৰু মোৰ সৈতে যোগাযোগ কৰিব লাগে৷
বিদেশত আপোন মানুহ বুলিলে মোৰ বাবে অংকুৰ বৰাই আছিল তেতিয়া৷ মোৰ মেইল পাই তেওঁ মোক
পিছদিনা ফোন কৰিলে৷ তেতিয়া আমি প্ৰশান্ত মহাসাগৰৰ পাৰত৷ টেক্সাচৰ পৰা কেলিফৰ্ণিয়া বহু
দূৰ৷ সেয়ে যোৱা নহ’ল৷ কেৱল কথাহে পাতিলোঁ৷ আজিও
মনত এই আফচোচটো ৰৈ গ’ল যে ইমানখিনি ওচৰ চাপিও আমি
লগ হ’ব নোৱাৰিলোঁ৷
(পৰৱৰ্তী অংশ অহা শনিবাৰে)
No comments:
Post a Comment