চুলি
(গল্প নহয়, সত্য)
(গল্প নহয়, সত্য)
কিবা দৰকাৰত গগৈ বাইদেউ বা বে’পী বাইদেউ যেতিয়াই আহে, তেতিয়াই
এটা প্ৰসংগ ওলায়৷ উক্ত প্ৰসংগৰ কেন্দ্ৰীয় বস্তুটো হৈছে চুলি৷ অৱন্তিকা লেডিজ হোষ্টেলেই
হওক কিম্বা ৱৰ্কিং ৱ’মেন হোষ্টেল, নৈমিত্তিক সমস্যা
সৃষ্টিকাৰী উপাদান হিচাপে দীঘল চুলিয়ে মাজে মাজে আমাৰ আলোচনাৰ শিৰোনাম দখল কৰি থাকে৷ বাথৰুমবোৰত
চুলি যেন ত্ৰাসৰ কাৰণ! আৱাসীৰ চুলিৰ কাৰণে লেডিজ হোষ্টেলত উদ্ভৱ হোৱা বিষম পৰিস্থিতিৰ
জমনী ব্যাখ্যা শুনিবলৈ মই সততে উৎকৰ্ণ হৈ ৰওঁ৷ মহিলাই চুলিয়াচুলি কৰা আগতে নিজ চকুৰে
দেখিছোঁ আৰু তাৰ আমোদো লৈছোঁ৷ পিছে চুলিয়ে কৰা এনে নগুৰ-নাগতিৰ কাহিনী কেতিয়াও শুনিবলৈ পোৱা
নাছিলোঁ৷ এতিয়া দেখো এয়াহে বেছি আমোদজনক হৈ পৰিছে! সেয়েহে অধীৰ আগ্ৰহেৰে অপেক্ষাত ৰওঁ
বাইদেউ এজনী অহালৈ৷ আৰু আহিলেই চব বাদ দি পোনেই উক্ত প্ৰসংগৰ জেৰ টানো৷
হোষ্টেলৰ ছোৱালীহঁতৰ ইজনীৰ বিৰুদ্ধে সিজনীৰ ভীষণ
অভিযোগ৷ অমুকীয়ে গা ধুই অহাৰ পিছত বাথৰুমটোত সোমাবকে নোৱাৰি৷ মজিয়াখনত চুলিয়েই চুলি পৰি
থাকে৷ চেম্পুৰ খালী পেকেটটোও বাথৰুমৰ পকাতে পেলাই থৈ যায়৷ যেন খবৰেই নাই৷ ছিগা আৰু সৰা চুলিৰ উপদ্ৰৱত পানী
যোৱা ফুটাটো এটা সময়ত বন্ধ হৈ পৰে৷ পাইপ ব্লক, ড্ৰেইন বন্ধ, বাথৰুমত বানপানী, হাঁহাকাৰ,
চিৎকাৰ ইত্যাদি ইত্যাদি৷ পৰিত্ৰাণৰ উপায় হিচাপে পাইপ আৰু ড্ৰেইন ভাঙিব লগা অৱস্থা হয়গৈ৷
পাইপৰ ভিতৰৰ পৰা উদ্ধাৰ হয় ঠাহ খাই থকা এদ’মমান চুলি৷ দীঘল চাই কিবা এডালেৰে দূৰৰ পৰা খুঁচি খুঁচি
এগালমান বাহিৰ কৰা হয় ড্ৰেইনটোৰ পৰা৷ কেইদিনমান ঠিকে-ঠাকে চলে৷ আকৌ একেটাই ঘটনা৷ চুলি
সৰাৰ সমস্যা, চুলি ছিগাৰ সমস্যা, চুলি কমি টকলা হোৱাৰ সমস্যা এই ধৰণৰ প্ৰব্লেমবোৰৰ
চলিউচন বিউটি পাৰ্লাৰে মুহূৰ্ততে দিব পাৰিলেও একেটা উপাদানকে লৈ উদ্ভৱ হোৱা বাথৰুমকেন্দ্ৰিক
এনে মূৰৰ কামোৰণি আঁতৰোৱাৰ ক্ষেত্ৰত সিও কিন্তু নীৰৱ দৰ্শক৷ পাইপ মিস্ত্ৰী, ৰাজমিস্ত্ৰী
মাতি আনি বাইদেউসকলে নিৰাময়ৰ উদ্যোগ যুদ্ধকালীন তৎপৰতাৰে নিজাববীয়াকৈ ল’বলগীয়া হয়৷ হোষ্টেল পৰিচালনাৰ
দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে পুষ্ট দুয়োগৰাকী বাইদেউৰে কাৰ্যপ্ৰণালী এই ক্ষেত্ৰত খুব মিলে৷ গতিকে
তেওঁলোক আহিলে সুধিবলৈ এটা প্ৰশ্ন ৰে’ডী কৰিয়েই থওঁ... বাথৰুম ঠিকে আছেনে বাইদেউ? বাইদেৱেও
গম পাই যায়, ফৰ্মুটি কেনি মৰা হৈছে৷
হোষ্টেলৰ বাৰু তেনেকুৱা৷ ঘৰৰ ক্ষেত্ৰতো কথা একেটাই
নহয়জানো? বাথৰুমটো মহিলাই ব্যৱহাৰ কৰি যোৱাৰ পিছত যদি সোমাল, তেনেহ’লে প্ৰথম কামটো হ’ব, ফ্ল’ৰত অ’ত-ত’ত সিঁচৰতি হৈ পৰি থকা চুলিবোৰ
পানী মাৰি মাৰি আঁতৰ কৰা৷ ভালকৈ কেইমগমান ঢালি, ব্ৰাছ মাৰি প্ৰথমে তলখন চাফা কৰি নল’লে নোৱাৰি৷ তাৰ পিছতে গাটো ধুওঁ
বুলি লৈ দেখিব, চ’পকেছটোত থকা চাবোনডোখৰে গেলগেলীয়া
ৰূপ লৈ আছে৷ ক’লা চুলি কেইডালমানে মেৰ ধৰি আছে
গুলপীয়া চাবোনডোখৰত৷ দ্বিতীয় কামটো হ’ব নখেৰে চিকুটি, টানি সেইকেইডাল গুচোৱা৷ এই অসুবিধাটোৰ
বাবেই চাবোনৰ কোম্পানীবোৰে চাগৈ আজিকালি লিকুইড চ’প উলিয়াই পেলালে৷ কনটেইনাৰৰ ওপৰফালে হেঁচা দিলে
মুখখনেদি পিৰিককৈ ওলাই আহে৷ হাতৰ তলুৱাত লৈ ল’লেই হৈ যায়৷ তেনেকুৱা কনটেইনাৰৰ গাতো পিছে দুই-এডাল চুলিয়ে
পাক মাৰি থাকে৷ চকুত পৰা মাত্ৰকে সেইকেইডালো টানি এৰুৱাই পেলোৱা হয়৷ ফ্ল’ৰখনত আকৌ এবাৰ পানী কেইমগমান
মাৰি লোৱা হয়৷
মুঠ কথা, বাথৰুমটোৰ ভিতৰত চুলিৰ অবাধ ৰাজত্ব চলে ছোৱালী-বোৱাৰীয়ে গা ধুবৰ পৰত৷ তেওঁলোক ওলাই যোৱাৰ পিছতো সদম্ভে ৰৈ যায় সিহঁতৰ অস্তিত্ব৷ বহুতৰে আকৌ তাৰ প্ৰতি কোনো ভ্ৰূক্ষেপেই নাথাকে৷ দীঘল চুলিৰ সেই দম্ভ মষিমূৰ কৰাৰ দায়িত্ব মূৰ পাতি ল’বলগীয়া হয় পিছৰজনে৷
No comments:
Post a Comment