প্ৰকৃতি আৰু সংস্কৃতিৰ মাজত এটা দিন...
মাজে মাজে জীৱনটোক শিকলি খুলি এৰি দিয়া
হয়৷ কাৰবি আংলঙৰ পাহাৰীয়া প্ৰকৃতিৰ বুকুৰ ভাঁজে ভাঁজে লুকাই থকা ৰহস্যৰ মাজলৈ
নিজকে লৈ যোৱা হয়৷ উপস্থিত হোৱা যায় এনেকুৱা এক পৰিৱেশত, যি হৈ পৰে অনাবিল আনন্দৰ
সঁফুৰা, অনাগত সময়বোৰৰ বাবে৷
১৫.১.১৫ তাৰিখটোক স্মৰণীয় কৰিবলৈকে
নিচেই পুৱাতে আজি বৈঠালাংছ’মুখী বাছ এখনত
উঠি দিলোঁ প্ৰায় ১০০কিল’মিটাৰ নিলগৰ
ডেনগাঁৱলৈ বুলি৷ ডেনগাঁৱত নমাৰ পিছত বজাৰেদি সোমাই ৫কিল’মিটাৰ খোজ কাঢ়ি ওলালোঁগৈ বিথিলাংছ’ৰ আদায় হাঞ্চে আৰং৷ সেইখন গাঁৱতে মোৰ এজন ঘনিষ্ঠ বন্ধু সুৰেন ক্রামছাৰ ঘৰ৷ ক্রামছা
পৰিয়ালে আয়োজন কৰা চ’জুন পূজাৰ আজি
দ্বিতীয় দিন অৰ্থাৎ ‘কাৰজাপপি’ বা ‘কেচ’পি’ (মূল পূজা)
আছিল৷ চ’জুন পূজা হৈছে
কাৰবিসকলে ঘৰুৱাভাৱে কৰা সবাতোকৈ ডাঙৰ পূজা৷ এই পূজাৰ মূল উপাস্য দেৱতা হৈছে ‘বাৰিথে’ অৰ্থাৎ ইন্দ্ৰ৷
ক্রামছা নিজেই ‘কুৰুছাৰ’ অৰ্থাৎ পূজাৰী৷ ভায়েক বীৰেনছিং ‘বৰৱা’ অৰ্থাৎ
সহায়কাৰী৷ পূজা উপলক্ষে সজা হৈছে ৯খন বেদী৷ পৰম্পৰাগত নিয়মেৰে উচৰ্গা কৰা হৈছে ৪টা
গাহৰি আৰু ৮টা কুকুৰা৷
চ’জুনৰ সবিশেষ পিছলৈ ৰাখি সদ্যহতে দেখুৱাব বিচাৰিছোঁ পূজাথলীৰ পৰা
প্ৰায় ৫কিল’মিটাৰ নিলগৰ
কাংথিলাংছ’ জলপ্ৰপাতৰ
এটা দৃশ্য৷ এতিয়াৰ পৰা ১০বছৰৰ আগতে এদিন সুৰেন ক্রামছাৰ সৈতেই জোতা-মোজা ক’ৰবাতে এৰি, খৰস্ৰোতা জুৰিটোৰ শিল-পানী খচকি সফলতাৰে
প্ৰথমটো অভিযান চলাইছিলোঁ৷ হাৰছেন ৰংপি, বিপিন ক্রামছা আৰু প্ৰতিম ৰংপিৰ সংগত আজি
দ্বিতীয়বাৰ গৈ দেখিলোঁ, বিভাগীয় তৎপৰতাত কাংথিলাংছ’ এতিয়া পিকনিক স্পটলৈ উন্নীত হৈছে৷ ৰাস্তাৰ উপৰি দলং, জিৰণি চ’ৰা আদিৰ নিৰ্মাণ কাৰ্য চলি আছে৷ পিকনিক খাবলৈ যোৱা
দলো লগ পালোঁ৷ নিশ্চয়কৈ ক’ব পাৰি, গহীন
হাবিত সোমাবলৈ হোৱা আগৰ সেই ভয় ভয় ভাব মানুহৰ মনৰ পৰা এতিয়া আঁতৰিছে৷ আশা কৰা
হৈছে ভৱিষ্যতৰ দিনবোৰত কাংথিয়ে অনেকজন প্ৰকৃতিপ্ৰেমী, এডভেন্সাৰপ্ৰেমীৰ ক্ষুধা
নিবাৰণ কৰিব পাৰিব৷
বাছেন পাহাৰৰ বুকুৰ এই কাংথিৰ
ওচৰে-পাজৰে, লাংবেংলং পাহাৰৰ দুৰ্গম স্থানত হুৰনাতকে ধৰি আৰু কেইটামান জলপ্ৰপাত
আছে৷ পৰৱৰ্তী সময়ত তালৈ অভিযান চলোৱাৰ সংকল্প ৰাখি বিয়লি ডিফুমুৱা বাছ ধৰিলোঁ৷
No comments:
Post a Comment