... Anaheimৰ 727, South Beach Boliverdত থকা হোটেল Baymont Inn & Suitsলৈ উভতি আহিলোঁ, আমেৰিকাত হেঁপাহৰ প্ৰথমটো ৰাতি কটাবলৈ৷
শনিবৰীয়া
‘মোৰ আলহী’ত শ্ৰী সুপ্ৰিয় ৰয়ৰ দ্বাৰা লিখিত
‘মোৰ বিদেশ ভ্ৰমণৰ অভিজ্ঞতা :
আমেৰিকা আৰু কানাডা’ৰ এয়া পঞ্চমটো খণ্ড৷
............................................................
১০জুনৰ পৰা কনফাৰেন্স আৰম্ভ হ’ব৷ ৯ তাৰিখটো ফ্ৰী থকা হেতুকে
আমি এটা টুৰ কৰাৰ কথা চিন্তা কৰিলোঁ৷ বন্ধু ৰামবাবুৱে সমস্ত ভাৰ মোৰ ওপৰতে দিলে৷ হোটেলত
থকা ভ্ৰমণ সম্পৰ্কীয় পৰিপূৰিকাবোৰ অধ্যয়ন কৰি হলিউড আৰু লছ এঞ্জেলেচ মহানগৰী চোৱাটোকে
তাৎক্ষণিকভাৱে ঠিক কৰি পেলালোঁ৷ ভ্ৰমণত তাৎক্ষণিকভাৱে সিদ্ধান্ত ল’ব পাৰিব লাগে আৰু ঈশ্বৰৰ কৃপাত
সেই ক্ষমতা মই লাভ কৰিছোঁ বুলি ভাবোঁ৷ আমেৰিকাত ঘণ্টা হিচাপত টুৰৰ ব্যৱস্থা আছে৷ পৰিপূৰিকাত
থকা ফোন নম্বৰ ডায়েল কৰি মুঠ ১৬০ডলাৰত (ভাৰতীয় মুদ্ৰা ৮,৯৬০.০০টকা)ত দুজনৰ বাবে কম
সময়ৰ ভিতৰতে সকলো বন্দোৱস্ত কৰা হ’ল, মোৰ ইউ.এছ. ট্ৰেভেল কাৰ্ডৰ জৰিয়তে৷
আগনিশা কৈ থোৱা সময়মতেই ৯জুনৰ পুৱা ঠিক ৯.৩০ বজাত
নীলা ৰঙৰ এখন মাৰ্চিডিচ বেঞ্জ গাড়ী আহি আমাৰ হোটেলৰ ওচৰত আহি ৰৈ দিলে৷ সময়ৰ মূল্য কিমান
আৰু তাৰ সন্মান কিমান প্ৰথম যাত্ৰাতে তাৰ উমান পাই গ’লোঁ৷ গাড়ীত থকা ড্ৰাইভাৰ তথা
গাইড মিষ্টাৰ গেৰীয়ে আমাক সুপ্ৰভাত জনালে৷ বন্দবস্ত কৰি থোৱামতে ধনখিনি গাড়ীত থকা যন্ত্ৰত
ইউ.এছ. ট্ৰেভেল কাৰ্ড ঘঁহি ট্ৰেন্সফাৰ কৰাৰ পিছতেই গাড়ীখনে যাত্ৰা আৰম্ভ কৰিলে৷ আমাক
নিয়া মাৰ্চিডিচ বেঞ্জ গাড়ীখনত ভাৰতৰ আমি দুজন, স্কটলেণ্ডৰ এটা দম্পতী, ফিলিপাইনচৰ দুজন
আৰু কানাডাৰ চাৰিজন আছিল৷ তাৰে এজন কানাডিয়ান শিখ আছিল৷ Anaheim Cityৰ পৰা লছ এঞ্জেলেচ
হৈ হলিউডলৈ যোৱাৰ ৰাস্তা, ফ্লাই অ’ভাৰ, দুয়োপিনে ডাঙৰ ডাঙৰ অট্টালিকা য’ত কৰ্প’ৰেট অফিচ, হোটেল, পাৰ্ক, অলপ
দূৰে দূৰে মানুহে জিৰণি ল’ব পৰা ফাইবাৰ ট্ৰেন্সপেৰেণ্ট
গ্লাছেৰে নিৰ্মিত কক্ষসমূহ চাবলগীয়া৷ লছ এঞ্জেলেচৰ পৰা হলিউডলৈ প্ৰায় ১ঘণ্টা ৫০মিনিট
সময় লাগিছিল৷ ৰাস্তা ইমানেই ভাল যে ১৪০ৰ পৰা ১৮০কিল্'মিটাৰ প্ৰতি ঘণ্টা স্পীডত গাড়ী চলি থকা
সত্ত্বেও কোনো ভাগৰ বা আমনি লগা নাছিল৷ আমেৰিকাত সৰু-ডাঙৰ যিকোনো গাড়ীতে সকলো যাত্ৰীয়ে
বেল্ট বন্ধাটো বাধ্যতামূলক৷ যথাসময়ত আমাৰ গাড়ীখন হলিউডৰ Baverly Centre পাৰ হৈ ফাৰ্মাৰ
মাৰ্কেটৰ ওচৰত ৰ’ল৷ তাত লান্সৰ বাবে ৫৫মিনিট সময়
দিয়া হ’ল বুলি মিষ্টাৰ গেৰীয়ে ঘোষণা
কৰিলে৷ মাৰ্কেটৰ এখন ৰেস্তোঁৰাত সোমাই খোৱাবস্তুৰ অৰ্ডাৰ দিলোঁ৷ আগদিনাৰ দুপৰীয়াৰ পৰা
সেই দুপৰীয়ালৈ ভাতৰ মুখ দেখা নাই৷ বিভিন্ন প্ৰকাৰৰ বাৰ্গাৰ, চুপ, এনাৰ্জী ড্ৰিংকচ,
নডুলচ, ফ্ৰুট জুচ এইকেইটা খাদ্যকে ঘূৰাই-পকাই খাই থকা হৈছিল৷ কাৰণ ইণ্ডিয়ান হোটেল পোৱা
নাছিলোঁ৷ জলফাই তেলত (অনুমান কৰামতে) ৰন্ধা খাদ্যবোৰ বাৰে বাৰে খোৱাটো অসুবিধাজনক হৈ পৰিছিল৷ লান্সৰ
বাবে ১১ডলাৰকৈ ২২ডলাৰ আৰু পানীৰ বাবদ ২ডলাৰ ১০চেণ্ট দিলোঁ৷ আমাৰ ইয়াত হোটেলত সোমালে
হোটেল বয়ে গ্ৰাহকক পোনেই পানী দিয়াৰ দৰে তাত সেইবোৰ ব্যৱস্থা নাই৷ সকলো বস্তুৱেই কিনিব
লাগে৷ লান্সত আহিল বাৰ্গাৰ, ফ্ৰেন্স ফ্ৰাই, ক’ক’কোলা৷ বাৰ্গাৰটো আধা খালোঁ, আধা এৰিলোঁ৷ ফ্ৰেন্স ফ্ৰাইৰ ক্ষেত্ৰতো
একেই কথা হ’ল৷ তেলবিধৰ গোন্ধ পায়েই পেটে
বিদ্ৰোহ আৰম্ভ কৰিলে৷ অৰিজিনেল ফ্লেভাৰৰ ক’ক’কোলাটো কিন্তু খালোঁ৷ অলপ পাছতে
আকৌ ভোক লাগিল৷ ওচৰৰে ফাৰ্মাচী এখনত সোমালোঁ৷ ফাৰ্মাচী মানে আমাৰ ইয়াৰ দৰে কেৱল দৰৱৰ
দোকান নহয়৷ বহু বস্তুৱে পোৱা যায়৷ তাত কল দুটা কিনিলোঁ, ৯৯চেণ্টত৷ ভাৰতীয়া মুদ্ৰাত
এটা কলৰ দাম পৰিল ২৮.০০টকা৷ এইটো কথা ঠিক যে আমেৰিকাত যদি আপুনি সকলো বস্তু, বিশেষকৈ
খোৱা বস্তুৰ হিচাপ ভাৰতীয় মুদ্ৰাৰে চায় তেতিয়াহ’লে ভ্ৰমণৰ আনন্দ লোৱাৰ পৰা আপুনি নিঃসন্দেহে বঞ্চিত
হ’ব৷
লান্স শেষ কৰি আমি Baverly Hillsৰ পিনে ধাৱমান
হ’লোঁ, পৃথিৱী বিখ্যাত
Hollywood Sign & The City চাবলৈ৷ Baverly পাহাৰৰ চূড়াত Hollywood শব্দটো লিখি
থোৱা দেখিলোঁ৷ প্ৰতিদিনে পৃথিৱীৰ কমেও এশখন দেশৰ পৰ্যটক আহে এই ঠাই চাবলৈ৷ সঁচাকৈ ভাবিব পৰা নাছিলোঁ যে সুদূৰ অসমৰ ডিফু, কাৰবি আংলঙৰ পৰা আহি হলিউডৰ বুকুত থিয় দি আছোঁ৷ তাৰ পৰাই
গোটেই হলিউড চিটি প্ৰত্যক্ষ কৰিলোঁ৷ অবিশ্বাস্য এক দৃশ্য, এপিনে Hollywood Sign আৰু
আনপিনে Hollywood City মোৰ চকুৰ আগত উপঙি উঠিল৷ ধীৰে ধীৰে আগ বঢ়া গাড়ীৰ পৰা মিষ্টাৰ
গেৰীৰ বৰ্ণনা অনুসৰণ কৰি ৰাস্তাৰ সোঁ আৰু বাঁওপিনে আমি Hollywood Movies Stars
Home দৰ্শন কৰিলোঁ৷ টিনা টাৰ্নাৰ, ব্ৰিটনী স্পিয়েৰ্চ, টম ত্ৰুজ, মাইকেল জেকচন (লাষ্ট
হ’ম), চাৰ্লি চেপলিন, এঞ্জেলিনা
জ’লী, এৰ’ন স্পেলিং, জেমছ কেমেৰুণ, ষ্টিফেন
স্পিলবাৰ্গ, কেটি উইনশ্লেট, মেড’না, মেৰিলিন মনৰ’, চিলভেষ্টাৰ ষ্টেলিন, জন মেকেনৰ’, ডেভিদ বেকহাম আৰু বহুতো অভিনেতা-অভিনেত্ৰী, খেলুৱৈৰ
গৃহসমূহ চাই Hollywood Walk of Fame/Chinese Theatreৰ ওচৰত New Madam Tussaudsৰ
Wax Museum পালোঁহি৷ মিউজিয়াম চাই Kodak Theatreলৈ গ’লোঁ, য’ত বিখ্যাত অস্কাৰ এৱাৰ্ড প্ৰদান
কৰা হয়৷ সেইখিনি পাই মোৰ অস্কাৰবিজয়ী সত্যজিৎ ৰয়ৰ কথা মনত পৰিল৷ ভাৰতীয় হিচাপে গৌৰৱ
অনুভৱ কৰিলোঁ৷ তাৰ পিছত আমাৰ গাড়ীখন Universal Studio অভিমুখে যাব ধৰিলে৷ বাহিৰৰ পৰাই
আমি ষ্টুডিঅ’ চালোঁ৷ ইংৰাজী চলচ্চিত্ৰবোৰৰ
শ্বুটিং চলা এই বিশ্ববিখ্যাত ষ্টুডিঅ’ মোৰ চকুৰ আগত! অলপ সময়ৰ বাবে কথাবোৰ কিবা সপোন সপোন যেনেই
লাগিল৷ গাইড মিষ্টাৰ গেৰীয়ে কফি ব্ৰে’ক ঘোষণা কৰাৰ লগে লগে বিখ্যাত Star Bucks Coffeeৰ কাষত
আমাৰ মাৰ্চিডিজ বেঞ্জ গাড়ীখন পাৰ্ক কৰিলে৷ কফি খোৱাৰ পিছত লছ এঞ্জেলেচৰ অলিম্পিক ষ্টেডিয়ামৰ
ওচৰত গাড়ী ৰ’ল৷ পৃথিৱীখ্যাত দৌৰবীৰ কাৰ্ল
লুইচে ১৯৮৪ৰ লছ এঞ্জেলেচ অলিম্পিকত এই খেলপথাৰতে চাৰিটাকৈ সোণৰ পদক পাই বিশ্বৰেকৰ্ড
গঢ়িছিল৷ ষ্টেডিয়ামৰ ওচৰতে দৌৰবিদগৰাকীৰ এটা বিৰাট মূৰ্তি দেখা পালোঁ৷
চিটি টুৰ সামৰি হোটেল সোমাওঁতে নিশা ১০.৩০ বাজিল৷
যাওঁতে মুম্বাইতে ভাত খোৱা৷ তাৰ পিছত তেতিয়ালৈ ভাতৰ কোনো পাত্তাই নাই৷ খাদ্যদ্ৰব্যৰ
সন্ধানত গৈ কে.এফ.চি. পালোঁ৷ তৎক্ষণাৎ গুৱাহাটীৰ উলুবাৰীৰ কে.এফ.চি.লৈ মনত পৰি গ’ল৷ উৎফুল্লিত হৈ ৰামবাবুক ক’লোঁ... ‘চল য়াৰ, আজ ৰাত কে.এফ.চি. চিকেনকে
চাথ কাম চলাতাহুঁ৷’ ৰামবাবু লগে লগে ৰাজী হ’ল৷ আমি দুয়ো কে.এফ.চি.ত সোমাই
চিকেন, ফ্ৰেন্স ফ্ৰাই আৰু ক’ক’কোলাৰ কম্ব’ ডিনাৰৰ অৰ্ডাৰ দিলোঁ, ১০ডলাৰকৈ
মুঠ ২০ডলাৰৰ বিনিময়ত৷ বিভিন্ন দিশৰ পৰা আহি মিলি যোৱা এটা সুন্দৰ ল’কেচনত কে.এফ.চি.খন আছিল৷ ঠাইখিনি
বৰ ভাল লাগিল৷ চিকেনত কামোৰ মৰাৰ লগে লগে মই ৰামবাবুৰ পিনে আৰু ৰামবাবুৱে মোৰ পিনে... সেই একে তেলবিধৰ গোন্ধ! খোৱাৰ নামত যেন বিভীষিকা! যেন-তেন-প্ৰকাৰেণ অলপ খালোঁ৷
ফ্ৰেন্স ফ্ৰাইৰো একে অৱস্থা৷ ক’ক’কোলা খালোঁ৷ পেট নভৰিল৷ লগে লগে
দুয়োজনে প্ৰতিজ্ঞা কৰিলোঁ যে কাইলৈ আমাৰ প্ৰথম কাম হ’ব ভাতৰ হোটেল বিচৰা৷
No comments:
Post a Comment