Monday, 26 January 2015

মই জনাৰ্দন পাঠকক আৱিষ্কাৰ কৰিলোঁ



..................... উৎস গ্ৰন্থ : জনসেৱক জনাৰ্দন, the spark, সম্পাদনা : শ্ৰী পৱিত্ৰ বৰা, ডিফু, প্ৰকাশক : ডিহুন, গুৱাহাটী, প্ৰথম প্ৰকাশ ছেপ্টেম্বৰ ২০১১, দ্বিতীয় প্ৰকাশ ডিচেম্বৰ ২০১৪ .....................

'When there is righteousness in the heart, there is beauty in the character; when there is beauty in the character, there is harmony in the home; when there is harmony in the home, there is an order in the nation; when there is an order in the nation, there is peace in the world.' (APJ Abdul Kalam in his lecture at European Union)

দীঘলীয়া এই লেখাটোৰ flash-back হিচাপে আৰম্ভণিতে কিছু কথা কৈ লোৱাটো উচিত হ’ব বুলি ভাবিছোঁ৷

১৬জুলাই ২০০৪ তাৰিখৰ ‘আমাৰ অসম’ কাকতৰ সম্পাদকীয় পৃষ্ঠাৰ আধাপৃষ্ঠা আৱৰি ‘কাবন তিমুংপী : বনেলী খংমেন, জীৱন আৰু কীৰ্তি’ শীৰ্ষক মোৰ এটা লেখা বিদূষী মহিলাগৰাকীৰ ছিলঙৰ ঘৰত মই তোলা ছবিসহ প্ৰকাশ পাইছিল৷ স্পষ্টকৈ মনত আছে, সেই লেখাটো ওলোৱাৰ কেইদিনমানৰ পিছতে শ্ৰী নয়ন পাঠকে মোক এদিন কৈছিল “মোৰ দেউতাৰ বিষয়েও এনেকুৱা এটা লিখিবচোন আপুনি”, এইবুলি৷ তেখেতে নিশ্চয় উক্ত জীৱনালেখ্য মনোযোগেৰে পঢ়িছিল৷ পিচে, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাথমিক শিক্ষা বিভাগত কৰ্মৰত শিক্ষা বিষয়া শ্ৰী পাঠকৰ সৈতে একেটা বিভাগৰে বিষয়া আৰু তেখেতৰ ঘনিষ্ঠ বন্ধু তথা মোৰ অগ্ৰজপ্ৰতিম শ্ৰী অৰুণ টেৰণৰ অফিচ চেম্বাৰত হোৱা খন্তেকীয়া চা-চিনাকি আৰু মাজে-মধ্যে হোৱা মুখামুখিৰ বাহিৰে মোৰ ঘনিষ্ঠতা নাছিল৷ ঠিক তেনেকৈ, তেখেতৰ দেউতাক শ্ৰী জনাৰ্দন পাঠকৰ সৈতেও সংযোগ নাছিল৷ সঁচাকৈ ক’বলৈ গ’লে, নামে-মানুহেহে চিনি পাইছিলোঁ; মানুহজনৰ জীৱন আৰু কৰ্মৰ বিস্তৃতি সম্পৰ্কে মোৰ জ্ঞান নাছিল৷ কিন্তু জানিছিলোঁ যে তেখেত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰথম উপাধ্যক্ষ আছিল৷ আৰু জানিছিলোঁ যে তেখেত এগৰাকী গান্ধীবাদী, স্বাধীনতা যুঁজাৰু, সমাজ-কৰ্মী৷ আনহাতে, শ্ৰী নয়ন পাঠকৰ অনুৰোধটোক লৈ কোনো কোনো মুহূৰ্তত অন্তৰত তাগিদা অনুভৱ কৰিলেও নাজানো, কি কাৰণে সেই স্বপ্ন সাকাৰ কৰিব পৰা নাছিলোঁ৷

মনত পৰে, বোকাজান শাখা সাহিত্য সভাৰ আমন্ত্ৰণক্রমে বোকাজানৰ কলাক্ষেত্ৰত আয়োজিত কাৰবি আংলং জিলা সাহিত্য সভাৰ অষ্টম বাৰ্ষিক অধিৱেশনৰ মঞ্চত শ্ৰী জনাৰ্দন পাঠকক সম্বৰ্ধনা জনোৱা দেখিছিলোঁ৷ তাৰ বাদে, তেখেতৰ হাতত গঢ় লোৱা সৰিয়হজানৰ কাৰবি আংলং সেৱা কেন্দ্ৰ বা ডিফুৰ শ্ৰীশ্ৰী গীতা আশ্ৰম, কোনোটো অনুষ্ঠানলৈকে মোৰ আজিকোপতি যোৱা হোৱা নাই৷ ২০০৮চনত ডিফুৰ ষ্টেডিয়াম খেলপথাৰত অনুষ্ঠিত পৱিত্ৰ গীতা মহাসন্মিলনৰ কাৰ্যসূচীখন ছপোৱাৰ লগতে মঞ্চ আৰু মণ্ডপৰ বাবে কেইখনমান বেনাৰৰ ডিজাইন আৰু প্ৰিণ্ট কৰি দিছিলোঁ৷ সমস্ত আয়োজনটোৰ মূল চালিকা-শক্তি শ্ৰী জনাৰ্দন পাঠক বুলি জানিবলৈ পাইছিলো যদিও তেখেতৰ সহযোগী কৰ্মীকেইজনমানৰ মধ্যস্থতাতহে কামখিনি সম্পাদন কৰিছিলোঁ৷ আনহাতে ১৯৮৬চনত ডিফুত আয়োজিত গীতা মহোৎসৱৰ সময়ত মই আছিলোঁ যোৰহাটত, অধ্যয়নৰত অৱস্থাত৷

‘সমন্বয়ৰ ৰূপকাৰ’ নামৰ ৰংবং তেৰাং অভিনন্দন গ্ৰন্থখনৰ সফলতাৰ পিছত ভ্ৰাতৃপ্ৰতিম লেখক-সাংবাদিক শ্ৰী পৱিত্ৰ বৰাই ১৯৫২চনৰ প্ৰথম মিকিৰ পাহাৰ জিলা পৰিষদৰ একমাত্ৰ জীৱিত নিৰ্বাচিত সদস্য শ্ৰী মণিৰাম ইংলেঙৰ জীৱন বিষয়ক লিখনিৰ সংকলন এটি কৰিবলৈ উদ্যোগ ল’লে আৰু কামটো মোৰ দ্বাৰা কৰোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে৷ তেখেতৰ ‘সমন্বয়ৰ ৰূপকাৰ’ত স্বলিখিত প্ৰৱন্ধ এটাৰে সহযোগ কৰাৰ বাহিৰে অন্য প্ৰকাৰে জড়িত হ’ব নোৱাৰি সদায়ে এটা আফচোচ ৰৈ গৈছিল৷ এইবাৰ ‘মণিৰাম ইংলেং’ নামৰ কিতাপখনত সেয়ে সোমাই পৰাৰ সুযোগ পাই মনত আনন্দ লাগিল৷ সেইখন শেষ নৌহওঁতেই তেখেতে এদিন ক’লেহি… “ইয়াৰ পিছত জনাৰ্দন পাঠকৰ বিষয়ে এখন বৃহৎ কলেৱৰৰ কিতাপ কৰিম৷ নয়নে প্ৰায়ে তাগিদা দি আছে৷” পূৰ্বৰ কামখিনিৰে তেখেতক আশ্বস্ত কৰিব পাৰিছিলোঁ বুলিয়েই নেকি জানো, প্ৰস্তাৱিত কিতাপখনৰ কামো মোকেই গতালে৷ এই সৌভাগ্যৰ বাবে কাক কি বুলি ধন্যবাদ জনাম, নাজানো৷ সমান্তৰালভাৱে আন এটা কথা ভাবিও মনটো ভৰি পৰে যে মোৰ প্ৰফেচনটোৱে মোক এনে কেতবোৰ সুন্দৰ হৃদয়ৰ লোকৰ প্ৰত্যক্ষ বা পৰোক্ষ সাহচৰ্য কিম্বা সেইসকলৰ জীৱনক জনাৰ অৱকাশ দিছে, যিটো অন্য ক্ষেত্ৰত সম্ভৱপৰ হয়তো নহ’লহেঁতেন৷ পেছাগতভাৱে (আৰু নিচাগতভাৱেও) যিহেতু মই ছপা কৰ্মৰ সৈতেই একান্তভাৱে জড়িত, সেয়েহে এনে Scope পাই ধন্য হৈছো বুলি নীৰৱে বুকু জুৰাই থাকোঁ৷ মানসিকভাৱে সবল হোৱাৰ যুক্তিও মই ইয়াতেই বিচাৰি পাওঁ৷

সি যি কি নহওক, নতুন প্ৰজেক্টটোৰ কথা লৈ সম্পাদকজন এদিন ‘প্ৰিণ্টৱেল’ পালেহি৷ ইতিমধ্যে ফোনতে কৈ থৈছিল যে কিতাপখনৰ সন্দৰ্ভত দুয়োৰে মাজত হ’বলগীয়া কিবা আলোচনা আছে৷ স্বভাৱসুলভ গহীন-গম্ভীৰ খোজেৰে যথাসময়ত তেখেত ভিতৰলৈ সোমাই আহিল৷ হাতত ফুলচ্-কেপ চাইজৰ তিনিখন ৰে’জিষ্টাৰ বহী৷ ফাইল এটাত অন্য কেতবোৰ নথি৷ কৰিবলগীয়া আলোচনাখিনি সমাপ্ত কৰি সম্পাদক গুচি গ’ল৷

ইতিপূৰ্বে কৰি থকা কামৰ পৰা আহৰি পায়ে মই বহীকেইখন তুলি ল’লোঁ৷ প্ৰথমখনৰ পাত লুটিয়াবলৈ ধৰিলোঁ৷ আঁচ পৰা ৰে’জিষ্টাৰ বহী৷ নীলা চিয়াঁহীৰে লিখা৷ হাতৰ আখৰ সৰু যদিও পৰিষ্কাৰ৷ আৰম্ভণিতে উভয় পিঠিতে লিখিছে৷ পিছলৈ এপিঠিত৷ মাজে মাজে ইংৰাজী শব্দও সংযোজন কৰিছে৷ ওপৰৰ ফালে পৃষ্ঠাৰ নম্বৰো দিছে৷ কোনো কোনো ঠাইত ৰঙা চিয়াঁহীৰে আঁক মাৰিছে৷ সেই নিৰ্দেশৰ জৰিয়তে বুজাবলগীয়া ৰৈ যোৱা কথাংশ বাঁওহাতে লিখি থৈছে৷ মই নিশ্চিত হ’লোঁ, এইবিলাক আগতে লিখি থোৱা বহী নহয়৷ অলপতেহে লিখা৷ ভাবিলোঁ : নিজৰ নব্বৈ বছৰীয়া জীৱনটোলৈ উভতি চাই পুৰণি কথাৰে এনেকৈ পৃষ্ঠাৰ পিছত পৃষ্ঠা ভৰাই পেলোৱা কি, মুখৰ কথা ? তাকো তিনিখনকৈ বহী! আৰু বা কি আছে! নাজানো৷ এনেকৈয়ে চাই চাই আৰু ভাবি ভাবি ভালেমান সময় পাৰ হ’ল মোৰ৷

এসময়ত সম্বিৎ ফিৰি আহিল৷ কিবা এটা চিন্তা কৰি বাকীকেইখন থৈ প্ৰথমখন বহী মেলি ল’লোঁ৷ কম্পিউটাৰ এটা অন্ কৰি পে’জমেকাৰত নতুন ফাইল এটা খুলিলোঁ, Book on Janardan Pathak নামেৰে৷ তাৰ পিছত সম্পাদকৰ নিৰ্দেশ অনুসৰণ কৰি টাইপিং আৰম্ভ কৰি দিলোঁ… “মোৰ জন্ম হৈছিল...”৷ মন কৰিলোঁ, বাক্য-বানান প্ৰায় শুদ্ধ৷ দেখি ভাল লাগিল৷ অৱশ্যে লেখকৰ হাতৰ আখৰ মোৰ বাবে তেনেই নতুন হোৱা হেতুকে মাজে মাজে ৰ’ব লগা হ’ল৷ একান্নব্বৈৰ দেওনাত ভৰি দিয়া লোকৰ হাতৰ পাক৷ কোনো কোনো ঠাইত বুজিবলৈ সময় লাগিল সঁচা; হ’লেও হাতত থকা মেগ্নিফাইং গ্লাচৰ সহায়ত তৎমুহূৰ্ততে সেয়া উদ্ধাৰ নকৰাকৈ নেৰিলোঁ৷ পৰিস্থিতি সাপেক্ষে ইণ্টাৰনেটৰো শৰণাপন্ন হ’ব লগা হ’ল৷ পিচে যিমানেই অন্তৰ্ভাগলৈ সোমাই গ’লো, সিমানেই বেছিকৈ আচৰিত হ’লোঁ, উৎসুকতাৰ মাত্ৰাও বৃদ্ধি পালে; কেনেকৈ এয়া সম্ভৱ ? বহুতো লেখকে কৰিব নোৱাৰা কাম এটা এইগৰাকী লেখকে সম্ভৱ কৰিলে, তাকো এইটো বয়সত! সঁচাকৈয়ে মই অভিভূত হৈ পৰিলোঁ৷ মানুহজনৰ স্মৃতিশক্তিৰ সক্রিয়তা আৰু ভাষা-জ্ঞানে মোক মোহিত কৰিলে৷ তেখেতৰ জীৱন আৰু কৰ্মৰাজিৰ সম্বন্ধে জানিবলৈ ক্রমাৎ ব্যগ্ৰ হৈ পৰিলোঁ৷ মোৰ কৌতূহলী মনৰ আগত যেন এখন এখনকৈ নেদেখা দুৱাৰহে খোল খাই গৈ থাকিল! এটা এটাকৈ পৃষ্ঠা কৰি যাওঁতে তেনে অনুভৱেই হ’ল৷ তাতোকৈ ডাঙৰ কথা, মাজে মাজে মনলৈ আহিব ধৰিলে : এইখিনি কৰিবলৈ পোৱাৰ অন্তৰালত মোৰ ওপৰত ঈশ্বৰৰে বাৰু কিবা আশীৰ্বাদ নিহিত আছে নেকি!

‘আত্মকথন’ শিৰোনামেৰে তিনিখনীয়া বহীৰ খণ্ডটো কৰি যাওঁতেই মই অৱগত হ’লোঁ যে পূৰ্বৰ কামৰূপ জিলাৰ বৰপেটা মহকুমাৰ সৰুক্ষেত্ৰী মৌজাৰ ভকুৱাটেপা গাঁৱৰ পৰা আৰম্ভ কৰা শ্ৰী জনাৰ্দন পাঠকৰ জীৱন পৰিক্রমাই টিহু, বৰমা, বেনাৰস, আগ্ৰা, ৱাৰ্ধা আদি কৰি আৰু অনেক ঠাইকেই সামৰি লৈছে৷ ডক্টৰ ভোগাৰাজু পট্টাভী চিতাৰামাইয়াৰ ‘History of Indian National Congress’; গান্ধীজীৰ সাপ্তাহিক ‘Harijan’, ‘হিন্দ স্বৰাজ’; ‘Lives of Great Man Series’, ‘অমৃতবাজাৰ পত্ৰিকা’, ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘চয়নিকা’, যোগেশ চন্দ্ৰ বাগালৰ ‘মুক্তির সন্ধানে ভারত’, সতীশ দাশগুপ্তাৰ ‘Home and Village Doctor’, ‘শ্ৰীমদ্ভগৱদ্ গীতা’ ইত্যাদি কিতাপ-কাগজৰ মনোযোগী অধ্যয়নৰ মজবুত ভেটিত গঢ় লৈ উঠা এখেত এগৰাকী আত্মত্যাগী স্বদেশপ্ৰেমী৷ ‘বন্দে মাতৰম...’, ‘ঐ অলংঘ্য গিৰি দুৰ্গৰাণী...’, ‘য়ে মেৰে ৱতনকি লোগো...’, ‘ৰঘুপতি ৰাঘৱ ৰাজা ৰাম...’, ‘বৈষ্ণবো জনতো...’, ‘অ’ মোৰ আপোনাৰ দেশ...’, ‘হিন্দ দেশ কে নিবাসী সভীজন এক হে...’, ‘মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে...’, ‘অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম...’ আদি গীতসমূহে এখেতৰ অন্তৰত গভীৰভাৱে দাগ কাটিছে আৰু দেশপ্ৰেমৰ লগতে সমাজৰ প্ৰতি, মানুহৰ প্ৰতি সেৱাৰ ইচ্ছাক জাগ্ৰত কৰিছে৷ ‘যদি তোর ডাক শুনে কেউ না আসে...’, ‘হে আমার চিত্ত পূণ্য তীৰ্থে জাগোরে ধীরে...’, ‘অন্যায় যে করে আর অন্যায় যে সহে...’, ‘মরিতে চাহিনা আমি সুন্দর ভুবনে...’, ‘The woods are green...’, ‘Keep all the doors and windows of your house open...’, ‘Simple living and high thinking’, ‘মহা মহা পুৰুষৰ চানেকীৰে জীৱনৰ...’ আদি সাৰবাক্যই এখেতৰ মন-প্ৰাণ উদ্বেলিত কৰিছে; নৈতিক চৰিত্ৰক অধিক শক্তিশালী, অধিক সংযত কৰি তুলিছে৷

আৰু আগ বাঢ়ি গৈ গম পালোঁ যে আমি বহুতেই জনা বাক্য, ‘মানৱ-সেৱাই ঈশ্বৰ-সেৱা’ হৈছে শ্ৰী জনাৰ্দন পাঠকৰ কৰ্ম-জীৱনৰ লক্ষ্য৷ কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল, জীৱনৰ শেষ নিশ্বাস পৰ্যন্ত এই লক্ষ্য অনুসৰণ কৰাটোৱে এখেতৰ জীৱনৰ একমাত্ৰ সংকল্প৷ জীৱনজোৰা এই সাধনাত ব্ৰতী হওঁতে এখেতে প্ৰথম খোজতে পাইছে দুগৰাকী উপযুক্ত Mentor গান্ধীজী আৰু থক্কৰ বাপাক৷ আত্মসমৰ্পণৰ সেই স্বতঃপ্ৰবৃত্ত ক্ষমতাৰ গুণতে এখেতৰ জীৱন চাগৈ আজি ধন্য হৈছে৷ শ্ৰী জনাৰ্দন পাঠকৰ জীৱন-কাহিনীত আলোকপাত কৰি আৰম্ভণিতেই মোৰ মনত এনে এক ধাৰণা কেন্দ্ৰীভূত হ’ল৷

পিছত দেখিলোঁ, জীৱন-পথত আগুৱাওঁতে সময় অনুক্রমে তেখেতে গুণী-জ্ঞানী আৰু অভিজ্ঞ ভালেমান ব্যক্তিৰ সংগ, সান্নিধ্য লাভ কৰিছে৷ সেৱাৰ কামৰ স্বাৰ্থত তেখেতে ৰাজনৈতিক-অৰাজনৈতিক, উদ্যোগপতি-ব্যৱসায়ী বিভিন্নজনক অকপটে সাক্ষাৎ কৰিছে৷ বিনয়ী উপস্থাপন, বুদ্ধিমত্তা, বাক্পটুতা, বিচক্ষণতা আৰু ক্লান্তিহীনতাৰ যহতে শ্ৰী জনাৰ্দন পাঠকে সেইসকলৰ মৰম আৰু আশিস আদায় কৰাৰ লগতে নিজৰ উদ্দেশ্যত সফলকাম হৈছে বুলি মোৰ বিশ্বাস হ’ল৷ মোৰ দৃষ্টিত ধৰা পৰা এই নাম-তালিকাও যথেষ্ট দীঘলীয়া বুলিয়ে ক’ব লাগিব৷ তদুপৰি, জনসংযোগৰ এনে দুৰ্লভ সুবিধাক মানুহজনে কিন্তু কামত লগাইছে সমাজৰ উপকাৰৰ স্বাৰ্থত; সমাজৰ আশা-আকাংক্ষা, লক্ষ্য-উদ্দেশ্য পূৰণত৷ ইয়াতে প্ৰমাণ পালোঁ তেখেতৰ মানসিক অৱস্থাৰ৷ ‘সন্ধিৰ বাঁহ বুদ্ধিৰে কটা’ত তেখেত কিমান সিদ্ধহস্ত, তাৰো ইয়াতেই ইংগিত পালোঁ৷

আকৌ আচৰিত হ’লোঁ, যেতিয়া উমান পালোঁ যে স্বৰাজোত্তৰ কালত আগ্ৰাত পঢ়ি থাকোঁতেই এই মানুহজন কাশ্মীৰ পাইছেগৈ৷ ৰাৱালপিণ্ডি, মজফ্ফৰপুৰ, বাৰামূলা, শ্ৰীনগৰৰ উপৰি দিল্লী ভ্ৰমণ কৰিছে৷ ৱাৰ্ধাত কলেজত পঢ়ি থকাৰ সময়ত দক্ষিণ ভাৰতৰ বাংগালুৰু, মহীশূৰ, গোৱালৈ গৈছে৷ তাৰ পিছৰ পৰ্যায়ত মাদুৰাই, ৰামেশ্বৰম, সেতুবন্ধ, ধনুষ্কদি, কন্যাকুমাৰীত উপস্থিত হৈছে৷ পত্নীৰ সৈতে চেন্নাই, মহাবালিপুৰম্, মাদুৰাই, পুৰী, কলিকতা, দিল্লী ভ্ৰমণ কৰিছে৷ পত্নীসহ তীৰ্থ ভ্ৰমণৰ উদ্দেশ্যে গৈছে বাৰানসী, প্ৰয়াগ, এলাহাবাদ, আগ্ৰা, মথুৰা, গোকুল, বৃন্দাবন, জয়পুৰ, দিল্লী, কলিকতা, নৱদ্বীপ আদিলৈ৷ আনহাতে সেৱা কেন্দ্ৰৰ সমাজ-সেৱাৰ কামৰ বাবে অৰ্থ সাহায্য যোগাৰ কৰাৰ লক্ষ্যৰে কলিকতা, দিল্লী, মুম্বাই, আহমেদাবাদ আদি ঠাইলৈ গৈছে প্ৰায় দুমাহজোৰা ভ্ৰমণ-সূচী লৈ৷ এইখিনি বিশ্লেষণ কৰি মই বুজিলোঁ যে জনাৰ্দন পাঠক এগৰাকী ভ্ৰমণকাৰী৷ ভ্ৰমণৰ পৰা লাভ কৰা অভিজ্ঞতাৰ বৈভৱেৰে তেখেত অতিকৈ চহকী৷ ‘Travelling is a part of education’ কথাষাৰ হয়তো তেখেতে কাহানিবাই হৃদয়ংগম কৰিছিল৷ ইয়াৰোপৰি তেখেতৰ বন্ধুবৎসলতা, ভোজনবিলাসিতা, ৰোমাণ্টিকতা, ধৰ্মপৰায়ণতা, স্বকীয়তা ৰক্ষা, পৰিৱেশ-সজাগতা আদিৰ কথাও নিজৰ লেখাতে জলজল্-পট্পট্ হৈ আছে৷ ইফালে, নতুন প্ৰজন্মৰ বাবেও তেখেতে কিছু কথা নভবা নহয়, ভাবিছে৷

সামাজিক কৰ্ম সম্পাদনৰ বেলিকা পৰিয়ালৰ প্ৰসংগযে গৌণ মাত্ৰ, সেইটো মোৰ বাবে পৰিষ্কাৰ হ’ল যেতিয়া দেখিলোঁ যে নিজৰ প্ৰিয় পুত্ৰৰ মৃত্যুক ভগৱানৰ ইচ্ছা বুলি ধৰি লৈ জীৱনৰ ব্ৰত হিচাপে গণ্য কৰা মানৱ-সেৱাৰ কৰ্মক্ষেত্ৰতেই মানুহজনে খোজ আগ বঢ়াই গৈছে৷ ৰৈ দিয়া নাই৷ আকৌ, নিজৰ পৰম সুহৃদ তথা ঘনিষ্ঠ সহকৰ্মীৰ মৃত্যু-সংবাদ পায়ো ইতিমধ্যে হাতত লোৱা সেৱামূলক কাম আধৰুৱাকৈ এৰি থৈ প্ৰত্যাৱৰ্তন কৰা নাই৷ স্থিতপ্ৰজ্ঞৰ আচৰণেৰে তেখেতে নিৰ্বিকাৰচিত্তে আগুৱাই গৈছে স্বকৰ্ম ৰূপায়ণতহে৷ গতিকে সমাজৰ সেৱা কৰিবৰ বেলিকা কিহৰ প্ৰয়োজন, সেয়া জানিবলৈ ‘আত্মকথন’ পঢ়িলেই যথেষ্ট হ’ব বুলি মোৰ মনে ধৰিছে৷ অধিক ব্যাখ্যা নিষ্প্ৰয়োজন৷

প্ৰচলিত নিয়মক একাষৰীয়াকৈ থৈ দেশে স্বাধীনতা লাভ কৰাৰ সময়তে অজান-অপৰিচিত এক জনজাতীয় বেষ্টনীত সেৱাৰ মনোভাবেৰে সোমাই পৰি শ্ৰী জনাৰ্দন পাঠকে ইয়াৰ স্থানীয় যুৱতীৰ সৈতে সামাজিকভাৱে বৈবাহিক-আত্মিক সম্বন্ধ স্থাপন কৰাই নহয়, থলুৱা ভাষাও আয়ত্ত কৰি পেলাইছে৷ এয়া কম গুৰুত্বপূৰ্ণ কথানে? প্ৰসংগক্রমে কৈ থোৱাটো সমীচীন হ’ব যে ‘Behind every successful man there is a woman’ আৰু শ্ৰী জনাৰ্দন পাঠকৰ ক্ষেত্ৰত নিঃসন্দেহে সেয়া হৈছে তেখেতৰ সহধৰ্মিনী শ্ৰীমতী ঝৰ্ণা পাঠক (একালৰ জেলিনা ছিংনাৰপী)৷ আনহাতে তেখেতৰ সফলতাৰ আঁৰত পৰিয়ালৰ অৱদানো অৱশ্যেই আছে৷

বিয়াল্লিশৰ ছহিদ, কাৰগিলৰ ছহিদ পৰিয়ালবৰ্গক লগ ধৰি তেখেতে শ্ৰদ্ধা নিৱেদন কৰিছে; বৰ-ভূঁইকঁপত ক্ষতিগ্ৰস্তসকলক নিজ হাতে সহায় কৰিছে; বানপানীৰ সময়ত বানাক্রান্ত অঞ্চল পৰিভ্ৰমণ কৰি সাহায্য সামগ্ৰী বিতৰণ কৰিছেগৈ; সমাজৰ দুখীয়া-দুৰ্দশাগ্ৰস্তজনৰ আশ্ৰয়দাতাৰ ৰূপত অৱতীৰ্ণ হৈছে৷ ঐতিহাসিক অসম আন্দোলনৰ সময়ত নিপীড়িত লোকসকলৰ মাজত তেখেতে সাহায্য প্ৰদানৰ কামত গুৰিব’ঠা ধৰিছে৷ কুষ্ঠ ৰোগৰ লগতে এইচ্.আই.ভি.-এইড্চ নিৰাময়ৰ উদ্দেশ্যে স্বতঃস্ফূৰ্ততাৰে কাম কৰি গৈছে৷ অসমৰ বানপানীৰ সমস্যাৰ বিষয়ে দেশবাসীক অৱগত কৰোৱাৰ উদ্দেশ্যে সংবাদ-মেল পাতিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা চলাইছে৷ পুনৰ্সংস্থাপনৰ পৰিকল্পনাৰে ন ন আঁচনি যুগুতাইছে৷ গোষ্ঠীগত সংঘৰ্ষৰ সময়ত পীড়িতসকলৰ কাষত সহানুভূতি সহকাৰে থিয় হৈ অভয় দিছে, যৎপৰোনাস্তি সাহায্য কৰিছে, ভংগ হোৱা শান্তি পুনঃ প্ৰতিষ্ঠাৰ হকে কৰ্মত প্ৰবৃত্ত হৈছে৷ এই সকলোবিলাকৰ লগতে সমাজে অস্পৃশ্য আখ্যা দিয়া লোকসকলৰ সৈতে তেখেতৰ যি আন্তৰিক হলিগলি, যি আত্মৱৎ ভাব, তাত প্ৰকট হৈছে মহাত্মা গান্ধীৰ সত্য, প্ৰেম আৰু অহিংসাৰ বাণীত পূৰ্ণবিশ্বাসী এই মানুহগৰাকীৰ মনৰ বিশালতাৰ লগতে গঠনমূলক কৰ্মসূচীৰ প্ৰতি থকা মিছনেৰীসদৃশ তৎপৰতা৷ ক’ব পাৰি, সামাজিক প্ৰগতিৰ হকে সচেতন প্ৰচেষ্টাৰে পৰিচালিত এই আন্দোলনেই শ্ৰী জনাৰ্দন পাঠকৰ মানসিক প্ৰশান্তিৰ কাৰক আৰু বাহক৷

‘আত্মকথন’ৰ টাইপিং মই শেষ নৌকৰোঁতেই সমান্তৰালভাৱে গ্ৰন্থখনৰ সম্পাদকে নিৰ্বাচিত কেইগৰাকীমান লেখকলৈ শ্ৰী জনাৰ্দন পাঠকৰ ওপৰত আলোকপাতধৰ্মী লেখা বিচাৰি আহ্বান জনালে৷ পিচে তেনে সময়তে দুৰ্ভাগ্যজনকভাৱে সম্পাদকজন কঁকালৰ প্ৰচণ্ড বিষৰ লগতে হৃদয়ৰ অসুখত বেয়াকৈ আক্রান্ত হ’ল আৰু নতুন দিল্লীৰ ডাক্তৰ ৰাম মনোহৰ লোহিয়া হাস্পতালত চিকিৎসাধীন হ’ব লগা পৰিস্থিতি আহিল৷ স্বাভাৱিকতেই আমাৰ কামত যতি পৰিল৷ সময়তকৈ পিছুৱাই গ’লোঁ আমি৷ পাঁচ কি ছয়মাহমান সময় হেৰুৱালোঁ৷ অৱশ্যে মনৰ উদ্যম একেদৰেই থাকিল৷ইতিমধ্যে বিভিন্নজনৰ নিবন্ধসমূহ এটা এটাকৈ সম্পাদকৰ হাতত পৰিবলৈ আৰম্ভ কৰিছিল৷ সুস্থ হৈ উঠাৰ পিছত তেখেতে ঠিকঠাক কৰি দিয়াখিনি টাইপ কৰিবলৈ গৈ দেখিলোঁ, নিজৰ নিজৰ কলমত শ্ৰী জনাৰ্দন পাঠকৰ বিষয়ে বহুতে বহুত ধৰণে কৈছে৷ ৰংবং তেৰাঙে তেখেতক কাৰবি আংলঙৰ পিতামহ বুলি ক’বলৈ দ্বিধাবোধ কৰা নাই৷ অহিংস সংগ্ৰামীৰ মন্ত্ৰশক্তিৰে অৱস্থানৰত এক অশান্ত ভৰত-পক্ষী, ৱ’মংৱে, স্কাইলাৰ্কৰ ৰূপত শ্ৰী পাঠক তেখেতৰ দৃষ্টিত জাজ্বল্যমান হৈছে কাৰবি আংলঙৰ পূব প্ৰান্তত৷ মহাত্মা গান্ধীৰ চিন্তাৰ অনুগামী আৰু শিক্ষা প্ৰসাৰৰ ক্ষেত্ৰত বিশিষ্ট ভূমিকা লোৱা শ্ৰী পাঠকক সঁচা অৰ্থত কাৰবিসকলৰ মাজত শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত অগ্ৰদূত বুলিছে নট্ৱৰ থক্কৰে৷ দশৰথ পাঠকে তেখেতক আধুনিক কাৰবি আংলং জিলাৰ অন্যতম ৰূপকাৰ বুলি অভিহিত কৰিছে৷ পূৰ্ণকান্ত শইকীয়াই লিখিছে এগৰাকী Living Legend বুলি৷ ডাঃ গণেশ চন্দ্ৰ পাঠকে শ্ৰী পাঠক এজন ব্যক্তিয়ে মাথো নহয়, বৰং এটা প্ৰচণ্ড শক্তি বুলি স্বীকাৰ কৰিছে৷ সুনীল কুমাৰ গগৈয়েও শ্ৰী পাঠকৰ বিষয়ে মন্তব্য আগ বঢ়াইছে এগৰাকী অসাধাৰণ ব্যক্তিয়ে নহয়, স্বয়ং এক অনুষ্ঠান তথা জীৱন্ত কিংবদন্তি বুলি৷ সেইদৰে, নয়নমণি মেধিয়ে লিখিছে যে জনাৰ্দন পাঠক মাথো এজন ব্যক্তি নহয়, এখন আকাশ৷ মানৱ সম্পদ গঢ়াৰ কাৰখানা তৈয়াৰ কৰোঁতা পাঠকদেৱ এগৰাকী ব্যক্তি নহয়, এটা পূৰ্ণাংগ অনুষ্ঠান বুলিছে প্ৰসাদ নাগবংশীয়ে৷ এনেকুৱা মন্তব্য আৰু আছে৷ ইয়াৰ পৰাই মোৰ বোধগম্য হ’ল জনতাৰ প্ৰতি উৎসৰ্গিত মহাজীৱনৰ গৰাকী এই বয়োজ্যেষ্ঠ ব্যক্তিগৰাকীৰ জনমানসত ভাবমূৰ্তি কেনেকুৱা, তেখেতৰ সম্বন্ধে বিভিন্নজনে কি ভাবে৷

এই অধ্যয়নৰ শেষত মই বুজিলোঁ, জীৱনৰ বিশালতা, কৰ্মৰাজিৰ ব্যাপকতা তথা বিচিত্ৰতালৈ চাই শ্ৰী জনাৰ্দন পাঠকক কোনো গণ্ডীভুক্ত কৰি ৰাখিবচোন নোৱাৰি৷ নিজকে তেখেতে ‘I am a humble Gandhian social worker’ বুলি কৈছে যদিও তেখেত দেখোন ঢেৰ কিবাকিবি৷ ‘সাধাৰণ মানুহ’ হৈও অসাধাৰণ৷ অন্য এক প্ৰসংগত নিজকে নিজে তেখেতে সুধিছে ‘Who am I? What for have I come? What have I done here and where shall I go from here?’ ইয়াতে নিহিত হৈ আছে নিজকে ‘নগণ্য সমাজ-সেৱক’ বুলি গণ্য কৰা এই মানুহজনৰ জীৱনবোধ, প্ৰমূল্যবোধ৷

আৰু এটা কথাৰ পুনৰাবৃত্তি কৰাটো এইখিনিতে যুগুত হ’ব বুলি ভাবিছোঁ৷ ব্ৰিটিছৰ বিৰুদ্ধে শ্ৰী জনাৰ্দন পাঠকে এসময়ত দিয়া উদাত্ত ভাষণত আকৃষ্ট হৈ স্বাধীনতা আন্দোলনৰ সহযোদ্ধা যুৱকসকলে তেখেতৰ বাক্শক্তিক সন্মান জনাই নাম থৈছিল ‘স্ফুলিংগ, The Spark’৷ সেয়া যথাৰ্থ আছিল বুলি মোৰ মনত প্ৰত্যয় জন্মিছে৷ এই স্ফুলিংগ আজি একান্নবৈ বছৰ বয়সতো দেখো ডগমগকৈ জিলিকি আছে৷ ইয়াৰ সত্যাসত্য তেখেতৰ সান্নিধ্য ইতিমধ্যে পোৱাসকলে মোতকৈ সঠিকভাৱে নিশ্চয় নিৰূপণ কৰিয়ে পেলাইছে৷

“বয়স হ’লেও সমাজৰ দুখীয়া, নিপীড়িত ৰাইজৰ কল্যাণৰ কাৰণে ৰাইজৰ সেৱাৰ কাম নকৰাকৈ মই বহি থাকিব নোৱাৰোঁ৷ অকলে হ’লেও মই সমাজ-সেৱাৰ কামৰ গধুৰ বোজা কঢ়িয়াবই লাগিব৷ এই কাৰণেহে পৃথিৱীত মোৰ জনম হৈছে বুলি ভাবোঁ৷” এই ভাবনাৰ বাবেই শ্ৰী জনাৰ্দন পাঠক ডাঙৰীয়াৰ অন্তৰাত্মাক মই Salute দিওঁ৷ আৰু সেই অসীম মানসিক শক্তিক শ্ৰদ্ধা জনাই কওঁ : আপোনাৰ আত্মোৎসৰ্গৰ সাধনা অক্ষত হৈ ৰওক৷ প্ৰাণ থাকে মানে, জীৱনৰ শেষ নিশ্বাসলৈকে লক্ষ্যত উপনীত হ’বলৈ আপুনি আশাবাদী হৈ কাম কৰি যাওক৷ আপোনাৰ জীৱনক জানি আমি সকলোৱে নতুনকৈ এবাৰ বুজি উঠিম যে ‘Work is worship’; মানুহ জীয়াই থাকে কামৰ লেখেৰেহে৷



No comments:

Post a Comment