Monday, 5 January 2015

ভাল লগা কাম...



বহু বছৰৰ পূৰ্বে৷ গোৱাত৷ কলাৱা বিচ্চ৷ আৰব সাগৰখন মুখৰ আগত লৈ অকলে অকলে বহি আছোঁ৷ সূৰ্যাস্ত দৰ্শনাৰ্থে৷ বেলিটো ক্রমান্বয়ে তললৈ গৈ আছে৷ ইফালৰ পৰা সিফাললৈ উৰি ফুৰিব ধৰিছে নাম নজনা এজাক চৰাই ৷ হাতত থকা আগফা আইচলি হাণ্ড্ৰেড কেমেৰাটোও সক্রিয় হৈ উঠিছে... খেতেক, ক্রেক ক্রেক ক্রেক, খেতেক, ক্রেক ক্রেক ক্রেক...৷ লাহে লাহে সূৰুয লুকাল, সাগৰৰ সিপাৰে৷ উভতিলোঁ, থকা ঠাইলৈ৷

কাম একেটাই৷ স্থান বেলেগ৷ সন্মুখত আন্দামান চী৷ ফুকেটৰ পাতং বিচ্চ৷ বেলি লহিয়াইছে৷ অকলে বহি আছোঁ সাগৰৰ পাৰত মানুহৰ পানীখেল চাই৷ বেলেগ দেশ, বেলেগ আৱহাৱা৷ পৰিৱেশ বেলেগ, তাৰিখ বেলেগ যদিও সূৰ্য একেটাই৷ গৈ আছে তললৈ৷ হাতত কডাক  ডিজিটেল কেমেৰাটো, দিনদিয়েক আগতে বেংককত কিনা৷ সোঁহাতৰ তৰ্জনী আঙুলিৰে শ্বাটাৰত ঘনাই হেঁচা দিছোঁ, ফেৰেক, ফেৰেক, ফেৰেক...৷ উভতি আহিছোঁ প্ৰিমিয়াৰ ৰিজৰ্টলৈ৷

ভাল লগা এটা কাম৷ সূৰ্যাস্তৰ দৃশ্য চোৱাটো৷ নীৰৱে, অকলে৷

No comments:

Post a Comment