আমি এবাৰ সৰস্বতী পূজা পাতিছিলোঁ
(গল্প নহয়, সত্য)
আটাইকেইটা চেঙেলীয়াই এদিন ডেকা হ’লোঁ৷ নাকৰ তলত মোচ ঠুঁটিয়ালে,
থুঁতৰিত কোমল দাড়ি৷ সংগ নেৰা স্বভাৱটো হ’লে নুগুচিল তেতিয়াও৷ একেদৰে, একেলগে আমোদ-প্ৰমোদ কৰাটোও৷
তাৰ মাজতে ভূ-ভাৰস্তৰ ঘটনা-প্ৰৱাহৰ চৰ্চা চলে৷ কিবা এটা কৰাৰ তাগিদা আপোনাআপুনি জাগি উঠে অন্তৰত৷
কি কৰোঁ, কি কৰোঁ, কি কৰোঁ? বয়সটোৱেইযে তেনেকুৱা! প্ৰশ্ন আৰু উত্তৰ বিচাৰি ফুৰা৷
তেনেকুৱা মুহূৰ্ত এটাতে এবাৰ ভাবি পালোঁ, এটা কাম
কৰিলে কেনে হয়? আমাৰ জীৱনত প্ৰথম নাম লগোৱা স্কুলখন, যাৰ বুকুত আমাৰ নিতৌ খেলা-ধূলা,
যাৰ আগেদি আমাৰ সদায় অহা-যোৱা, এইবাৰ স্কুলৰ সৰস্বতী পূজাখনত আমিয়ে আগ-ভাগ লওঁচোন৷ আমাক
পঢ়ুৱা দিনৰে হেডছাৰ (শ্ৰীযুত ভুবনেশ্বৰ শৰ্মা) ৰিটায়াৰ হওঁ হওঁ৷ তেনেস্থলত আমি প্ৰাক্তন
ছাত্ৰবোৰে যদি অকণমান সহায়-সহযোগিতাৰ হাত আগ বঢ়াব পাৰোঁ, কিনো বেয়াটো? তাতে নিজে পঢ়া
এল. পি. স্কুলখন, যাক ‘শিক্ষাৰ কঠীয়াতলী’ বোলা হয়, তাৰ প্ৰতি শ্ৰদ্ধা
সদায়ে সৰ্বোচ্চ৷ বিশ্ববিদ্যালয় গৰকি আহিলেও এইটো ঠিক যে প্ৰাথমিক বিদ্যালয়খন সবাতোকৈ
আপোন, বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী আই সৰস্বতীৰ নাম স্মৰণ কৰি য’ত অ-আ-ক-খ, এক-দুই-তিনি-চাৰিৰে
জীৱন গঢ়াৰ সোপান ৰচনা কৰা হৈছিল, বিদ্যাৰম্ভ কৰা হৈছিল৷ আমাৰ ক্ষেত্ৰতো কথা একেটাই৷
লৰচৰ নাই৷
সাতে-পাঁচে বাৰ৷ সদলবলে গৈ হেডছাৰৰ আগত ইচ্ছাটো বেকত
কৰিলোঁগৈ৷ প্ৰস্তাৱটো শুনি তেখেতে ভাল পালে৷ হাঁহিমুখে সন্মতিও জনালে ততালিকে৷ শৰ্মা
ছাৰৰ হাতৰ ফাঁকেৰেই সৰকি আহিছোঁ সকলোটি৷ জন্মৱধি পোৱাৰ সূত্ৰে কেউটাৰে গতি-গোত্ৰ, কোন কি জাতৰ, তেখেতৰ জনা আছে৷
সেউজ সংকেত পালত কামত অগ্ৰসৰ হ’লোঁ৷ স্কুলখনত সেইসময়ত পঢ়ি থকা কণ কণ বিদ্যাৰ্থীসকলৰ পৰা আমাৰ দিনৰ দৰে নিয়মমাফিক ‘সৰস্বতী পূজাৰ ফিজ’ ছাৰ-বাইদেউসকলে সংগ্ৰহ কৰিছিলনে নাই নাজানো, আমি কিন্তু সততে লগ পাই থকা প্ৰাক্তনসকলৰ পৰা কিছু কিছু ধন খুজি-মেলি আনিলোঁ৷ যিয়ে যি দিয়ে, নিজৰ কথা৷ তাত একো ক’বলৈ নাই৷ মৰমৰ দাবী এইটোৱেই থাকিল যে পূজাৰ দিনা কিন্তু স্কুল ফিল্ডত এবাৰলৈ হ’লেও চেহেৰা দেখুৱাবই লাগিব৷ নহ’লে কথা বেয়া হ’ব৷
দিন চাপিলহি৷ আলোচনা-বিলোচনা তথা পৰামৰ্শ-সিদ্ধান্তক্ৰমে
আৰু প্ৰয়োজন অনুসাৰে বজাৰ-সমাৰ কৰা হ’ল৷ প্ৰতিমা আহিল৷ আনবাৰৰ দৰেই পূজাভাগ হেডছাৰে নিজ হাতেৰেই
সমাপন কৰিলে৷ বাগ্দেৱীৰ স্তুতি-মন্ত্ৰোচ্ছাৰণেৰে অঞ্জলি প্ৰদান কৰিলে৷ আশীৰ্বাদ দিলে
সকলোকে৷ বাইদেউসকলে মাহ-প্ৰসাদ বিলালে৷ আখলঘৰত থানু কলিতাদা সক্রিয় হৈ উঠিল৷ মাজৰ
অস্থায়ী পাৰ্টিচনকেইখন আঁতৰাই দিলত স্কুলঘৰটো দীঘলীয়া হল এটালৈ ৰূপান্তৰিত হ’ল৷ শৃংখলাবদ্ধভাৱে ডেক্স-বেঞ্চ
পাৰি কণ কণহঁতক বহুৱাই খিচিৰি বিলনীয়া হৈ পৰিলোঁ আমি ডেকাবোৰ৷ এনেদৰে সকলোৱে হাত ধৰিলত
সৰস্বতী পূজাভাগ সেইবাৰলৈ ব্যতিক্রমী ধৰণে, অতি সুন্দৰভাৱে আৰু উপভোগ্য ৰূপত, মনত থাকি
যোৱাকৈ অনুষ্ঠিত হ’ল৷ ন-পুৰণি ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী,
অভিভাৱক-অভিভাৱিকা সকলোৱেই আহিল৷ সকলোটিৰ উপস্থিতিত সেই বিশেষ দিনটোত অঘোষিতভাৱে, কোনো
পূৰ্ব-পৰিকল্পনা নোহোৱাকৈয়ে গে’ট টুগেদাৰ এটাই হৈ গ’ল!
আমাৰ হাতেৰে সংগ্ৰহ কৰা ধনৰাশিৰ জমা-খৰছৰ পাই পাই
হিচাপ লিখিতভাৱে দাখিল কৰাৰ উপৰি হাতেজমা আঠশ চল্লিশ টকা হেডছাৰৰ হাতত পিছদিনাই অৰ্পণ
কৰিলোঁ৷ ছাৰৰ মুখমণ্ডলত অত্যন্ত সুখ আৰু সন্তুষ্টিৰ আভা দেখা গ’ল৷ ইয়াৰ দ্বাৰা এইটো বিশ্বাসৰে
আদান-প্ৰদান হ’ল যে স্কুলৰ সন্মুখৰ সৰু ফিল্ডখনত
নিৰন্তৰ ফুটবল-ক্রিকেট খেলি নিজে পঢ়া মৰমৰ স্কুলখনৰ দৰজা-খিৰিকীৰ গ্লাছ দুই-এখন ভাঙিলেও
ল’ৰাকেইটা এই পৰ্যন্ত ঠিকেই আছে৷
পৱিত্ৰতা আৰু আন্তৰিকতাৰে কৰা এনে কামৰ জৰিয়তে গুৰুজনৰ আশীৰ্বাদ জীৱনলৈ লাভ কৰি থাকিব পাৰি বুলি মোৰ মনে মনে ভাব হয়৷ সেই গুৰুজন প্ৰমুখ্যে আমাৰ প্ৰাথমিক স্তৰটোৰ কেইবাগৰাকীও শিক্ষক-শিক্ষয়িত্ৰী এতিয়া প্ৰয়াত যদিও সকলোৰে আশিস এতিয়াও লভি আছোঁ আৰু আগলৈও পাই থাকিম৷ সৰস্বতী পূজা আহিলেই উক্ত মুহূৰ্তবোৰলৈ মনত পৰে আৰু সুখানুভূতি জাগে৷
জ্ঞান মন্দিৰৰ সেউজ দলিচাত একালত আপোনমনে দৌৰি-ঢাপৰি
ফুৰি আখৰ চিনাকি হোৱা পুৰণি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ‘পুনৰ্মিলনৰ দিন’ হিচাপে বাৰ্ষিক সৰস্বতী পূজাৰ দিনটো উপযুক্ত বুলি
গণ্য নিশ্চয় হ’ব পাৰে, যিদৰে আমি এবাৰ পৰীক্ষা
কৰি সঠিক উত্তৰেই পালোঁ৷
ইচ্ছা কৰিলে কথাটো আপুনিও ভাবি চাব পাৰে৷ আগতীয়াকৈ
ক’লোঁ৷
No comments:
Post a Comment