কথাটো চিৰিয়াচেই,
কওঁনে নকওঁ জানো!
সময় নাই, সময় নাই, সময় নাই৷
অমুকটো হ’লনে? ...নাই হোৱা নাই৷
কিয় হোৱা নাই? ...সময় উলিয়াব পৰা নাই৷
মোৰ কামকেইটা কৰিলেনে? ...নাইহে, সময়েই উলিয়াব পৰা নাই৷
মুঠতে সময় নাই, সময় নাই, সময় নাই৷
ইমান খৰতকীয়াভাৱে সময় পাৰ হৈছে যে কামবোৰ সমাপ্ত নহয়! সময় নোজোৰে৷ সময়ৰ নাটনি৷ দহজন মানুহক সুধি চালোঁ৷ সকলোৰে উত্তৰ সেই একেসুৰীয়া৷ সময় নাই৷ ন" টাইম৷ সময় কাহাঁ? তেনেহ’লে ক’ত গ’ল সময়?
সিদিনা জানুৱাৰীৰ এক তাৰিখটো সোমাইছিলহে মাত্ৰ৷ থাৰ্টি ফাৰ্ষ্ট খাইছিলোঁহে মাথো৷ আজি ১৬তাৰিখ৷ মাহটোৰ আধাআধি গ’লেই! পাখি লগা কাঁড়ৰ দৰে উৰি গৈছে সময়৷ বাঢ়ি গৈছে বয়স৷ কমি গৈছে আয়ুস৷ পাৰ হোৱা সময় উভতি নাহে দুনাই৷ এই ৰাতি পুৱাইছিলহে, দিনটো গ'লেই! এই আবেলি হৈছিলহে, নিশা শুবলৈ হ'লেই!
হেন জানি চিন্তা এটা ঘপহকৈ মনত খেলালে সিদিনা৷ কথাটো চিৰিয়াচেই৷ কওঁনে নকওঁ ভাবি থাকিলোঁ৷ শেষত ভাবিলোঁ, কৈ দিয়া যাওক৷
জ্ঞান হ’বৰ দিন ধৰি জানি আহিছোঁ যে চৌব্বিশ ঘণ্টাই এদিন হয়৷ সেইটো বিশ্বাসতে চকু মুদি আমি আটায়ে চলি অহা নাইজানো? পৰীক্ষা কৰি হ’লে চোৱা নাই এদিনো এবাৰলৈও৷ দৰকাৰো নাছিল পৰীক্ষা কৰিবৰ৷ এতিয়া কিন্তু সন্দেহ এটা জাগিছে৷ দিনটোত সঁচাকৈ চৌব্বিশটা ঘণ্টা আছেনে নাই? পূৰাপূৰি চৌব্বিশ ঘণ্টা পাই আছোঁনে বাৰু আমি? নে আন আন বস্তুবোৰৰ দৰেই ক’ৰবাত চান কঢ়া হৈছে? যেনেকৈ মিঠাতেলৰ বটলত এক লিটাৰ লিখা থাকিলেও কাটাই কাটাই এক লিটাৰ নাপায়৷ পেকেট কৰা চাউলৰ বস্তাটোত পঁচিশ কেজি বুলি প্ৰিণ্ট কৰি ৰাখিলেও আচলতে পঁচিশ কেজি নাথাকে৷ মানুহৰ ৰোষৰ বলি হোৱা প্ৰকৃতিৰো পৃথিৱীৰ আৱৰ্তন-বিৱৰ্তনৰ লগে লগে অনেক হীন-ডেঢ়ি ঘটি আহিছে৷ ঠাণ্ডা-গৰম, ৰ’দ-বৰষুণ, বতৰ আৰু জলবায়ুৰ অভূতপূৰ্ব পৰিৱৰ্তন হোৱা আমি নিজ চকুৰে দেখিছোঁ, অনুভৱ কৰিছোঁ, কাকত-আলোচনীতো পঢ়িবলৈ পাইছোঁ৷ হেন জানি দিনটোত চৌব্বিশ ঘণ্টাযে কাটাই কাটাই আছেগৈ, তাৰ কি মানে আছে? গতিকে নকৈ গৱেষণা এটা হ’ব লাগে বুলি পতিয়ন গৈছোঁ৷ সমূহীয়া স্বাৰ্থৰ হকে গৱেষকসকলে এইটো দিশত শীঘ্ৰে গুৰুত্ব দিয়া উচিত বুলি ভাবিছোঁ৷
আঁচনিৰ বিপৰীতে আবণ্টিত পুঁজিৰ ধন হিতাধিকাৰীৰ হাত পায়গৈ মানে বাটতে অৰ্ধেক হৰলুকি হোৱাৰ কাহিনী আমি শুনি আহিছোঁ৷ তাৰো আকৌ কিমানযে নিত্যনতুন ফৰ্মূলা! একেদৰে, আমাৰ বাবে আবণ্টিত সময়খিনিৰ বেলিকাওযে আমাৰ অগোচৰে ক’ৰবাত কিবা ঘটনা ঘটি থকা নাই, তাৰ কি মানে আছে? ফাণ্ড ডাইভাৰ্ট কৰাৰ নিচিনাকৈ আমাৰ ভাগৰ সময়খিনিৰো একাংশ কোনোবাই ক’ৰবাত আমাক ঠগি ডাইভাৰ্ট কৰি থাকিবওতো পাৰে, কোনেনো জানে?
গম্ভীৰ প্ৰশ্নটো হৈছে, নহ’লে মানুহৰ সময় নোজোৰে কেলৈ? আগতেতো চব ঠিকেই আছিল৷ আজিকালিহে বেছিকৈ সময় নাইকিয়া হ’ল৷ তেনেস্থলত সময়বোৰ গ’ল ক’লৈ?
কথাটো চিৰিয়াচেই৷ বহুদিনৰ আগতেই ভবা৷ কওঁনে নকওঁকৈ আজি কৈ পেলালোঁ আৰু৷ পিছে চিন্তা কৰি চাবলৈহে সময় হ'বনে নহ'বজানো, নাজানো৷

No comments:
Post a Comment