Friday, 16 January 2015

২০২২চন পৰ্যন্ত যিকোনো সময়তে মই আমেৰিকালৈ যোৱাৰ অধিকাৰ লাভ কৰিলোঁ৷
শনিবৰীয়া মোৰ আলহীত আজি আগ বঢ়াইছোঁ মোৰ বিদেশ ভ্ৰমণৰ অভিজ্ঞতা আমেৰিকা আৰু কানাডাৰ চতুৰ্থ অংশ৷ লেখক শ্ৰী সুপ্ৰিয় ৰয়৷



প্ৰস্তুতি সম্পৰ্কীয় সকলো প্ৰক্রিয়া শেষ হোৱাৰ পিছত মই ৭জুন ২০১২ তাৰিখে মুম্বাইৰ ছত্ৰপতি শিৱাজী আন্তৰ্জাতিক বিমানকোঠৰ পৰা Lufthansa airlinesৰ বিৰাটকায় বিমান এখনেৰে জাৰ্মানীৰ ফ্ৰেংকফুৰ্টলৈ উৰা মাৰিলোঁ৷ অহা-যোৱাৰ বাবে প্লেনৰ ভাৰা হৈছিল ৭৮,০০০.০০টকা৷ ফ্ৰেংকফুৰ্টত ৫ঘণ্টা ৩০মিনিট ৰৈ পুনৰ যাত্ৰা কৰি লছ এঞ্জেলেচত যেতিয়া আমাৰ বিমানখনে অৱতৰণ কৰিলে, মোৰ মনৰ অৱস্থাটো কেনেকুৱা হৈছিল তাক কৈ বুজাব নোৱাৰিম৷ বহু সময়ৰ বাবে মোৰ বিশ্বাসেই হোৱা নাছিল যে অসমৰ কাৰবি আংলঙৰ দৰে পিছ পৰা জিলা এখনৰ  ডিফুৰ দৰে এখন সৰু পাহাৰীয়া চহৰৰ ল’ৰা এটাই আমেৰিকাৰ ভূমি স্পৰ্শ কৰিছোঁ, অকল জীৱন বীমাৰ পলিচি বিক্রী আৰু তাৰ সৈতে সংযুক্ত সেৱা ৰাইজক নিষ্ঠাসহকাৰে আগ বঢ়াই! মই মোৰ সৰু-ডাঙৰ সকলো পলিচি হ’ল্ডাৰ, সকলো বন্ধু-বান্ধৱ, ভাৰতবৰ্ষৰ বিভিন্ন স্থানত থকা মোৰ শুভচিন্তক, আত্মীয়-স্বজন, এজেণ্ট বন্ধু-বান্ধৱীসকল, যিসকলে মোক সকলো সময়তে এই বৃত্তিত বৰ্তি থাকিবলৈ বিভিন্ন প্ৰকাৰে উৎসাহ যোগাইছে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, এই লিখনিৰ যোগেদি৷ বিশেষ ধন্যবাদ, জীৱন বীমা নিগমৰ সকলো স্তৰৰ কৰ্মীবৃন্দলৈ, কাৰণ কৰ্মীবৃন্দৰ সহযোগ অবিহনে মোৰ বাবে এয়া অসম্ভৱ৷

লছ এঞ্জেলেচৰ পৰা Super Shuttle Carৰে Anaheim Cityত আমাৰ বাবে বুক কৰি ৰখা হোটেল Baymont Inn & Suits গৈ পালোঁ৷ ৪০মিনিট লাগিল৷ কেলিফৰ্ণিয়াত তেতিয়া বিয়লি ২.৪৫ বাজিছিল৷ মই আৰু মোৰ এজেণ্ট বন্ধু, গুৱাহাটীৰ শ্ৰী ৰামবাবু শ্বাহে হোটেলৰ ৰুমত সামান্য জিৰণি ল’লোঁ৷ তাৰ পিছতে খোজেৰে ১৫-২০মিনিট দূৰত্বত অৱস্থিত বিখ্যাত ডিজনীলেণ্ড চাবলৈ ৰাওনা হ’লোঁ৷ মুম্বাইৰ পৰা কৰা ২৩ঘণ্টীয়া যাত্ৰাৰ ফলস্বৰূপে শৰীৰৰ লগতে চকু দুটাই জিৰণি বিচাৰিছিল৷ হ'লেও মনটো কিন্তু ডিজনীলেণ্ড চাবৰ বাবে ব্যাকুল হৈ পৰিছিল৷ অলপ পিছতে গৈ ডিজনীলেণ্ড পালোঁ৷ ডাউনটাউন ডিজনী আৰু ডিজনীলেণ্ড থিমপাৰ্ক ভালকৈ চাবলৈ কমেও ৩দিন সময় লাগে৷ আমি বাহিৰে বাহিৰে চালোঁ৷ ডাউনটাউন ডিজনী চাবলৈ কোনো প্ৰৱেশ মাচুল নালাগে৷ আনহাতে ডিজনীলেণ্ড থিমপাৰ্কত সোমাবলৈ তেতিয়া গাইপতি ৯৮ডলাৰ (ভাৰতীয় মুদ্ৰাৰ হিচাপত ৫,৪৮৮.০০টকা) লাগিছিল৷ বাহিৰৰ পৰা দেখা দৃশ্যও আছিল চকুত লগা৷ বিশাল আকাৰৰ ৰাস্তা৷ বিশেষ বিশেষ কিছুমান স্থানত কেলিফৰ্ণিয়ান পাইন গছবোৰ এনেকুৱা শৃংখলাবদ্ধভাৱে দণ্ডায়মান আছিল যে আপুনি বা মই নিজৰ চুলিও ইমান ধুনীয়াকৈ ৰাখিব নোৱাৰোঁ৷ এই দৃশ্য প্ৰত্যক্ষ কৰি থাকোঁতে বগা ৰঙৰ Mono Rail আমাৰ চকুৰ আগেদি লাহে লাহে পাৰ হৈ গ’ল৷ অবিশ্বাস্য এক দৃশ্য!

তাত বেছি পলম নকৰি পিছদিনা হ’ব লগা কনফাৰেন্সথলী আগতীয়াকৈ চাই আহোঁ বুলি ওলালোঁ৷ সেই উদ্দেশ্যে California Yellow Cabৰ নম্বৰ লৈ ফোন কৰিলোঁ৷ আমি থিয় হৈ থকা স্থানৰ বৰ্ণনাৰ লগতে আমিযে তাৰ পৰা ৮মাইল (আমেৰিকা আৰু কানাডাত দূৰত্বৰ একক মাইল) দূৰত্বত থকা Anaheim Convention Centreলৈ যাম সেয়া জনালোঁ৷ অলপ পিছতে Yellow Cabৰে গৈ আমি সেই ঠাই পালোঁগৈ৷ তাত উপস্থিত থকা ভলণ্টিয়াৰসকলে আমাক ৰেজিষ্ট্ৰেচনৰ সময়, পৰিচয়-পত্ৰ লাভ কৰাৰ প্ৰক্রিয়া, মহাদেশ হিচাপে ভাগ কৰি ৰখা কাউণ্টাৰৰ সবিশেষ ইত্যাদি অৱগত কৰিলে৷ কিছু সময় Convention Centreৰ আশে-পাশে কটাই, ফুৰি-চাকি আকৌ আমি Anaheimৰ 727, South Beach Boliverdত থকা হোটেল Baymont Inn & Suitsলৈ উভতি আহিলোঁ, আমেৰিকাত হেঁপাহৰ প্ৰথমটো ৰাতি কটাবলৈ৷

(পৰৱৰ্তী অংশ অহা শনিবাৰে)


No comments:

Post a Comment