অন্যান্য জাতি-জনগোষ্ঠীৰ দৰেই কাৰবিসকলৰো সাতবাৰ
আৰু বাৰমাহৰ নিৰ্দিষ্ট নাম আছে৷ বছৰৰ প্ৰতিটো মাহৰ সৈতে প্ৰকৃতিৰ ৰূপ আৰু ঋতুচক্রৰ
ঘূৰ্ণীয়মান পৰিক্রমাৰ সামঞ্জস্য আছে৷ জুমতলীৰ কাৰ্যক্রমণিকাৰ লগত সুৰ মিলাই কৰা এই
নামকৰণসমূহৰ স্বকীয় তাৎপৰ্য আৰু সুকীয়া বৈশিষ্ট্য আছে৷
কাৰবি বৰ্ষপঞ্জীত থাংথাং হৈছে ফেব্ৰুৱাৰী মাহ৷ থাংথাং
মাহৰ পহিলা তাৰিখটো কাৰবি কেলেণ্ডাৰমতে বছৰৰ প্ৰথম দিন৷
থাংথাং-ৰিতলাং৷ ‘ৰিত’ মানে খেতিডৰা, ‘লাং’ মানে চোৱা৷ জুমখেতি-নিৰ্ভৰ পাহাৰীয়া
কাৰবি জনজীৱনত জুমতলী সলনি হৈয়ে থাকে৷ সেয়ে বছৰৰ আৰম্ভণিতে পাহাৰৰ বুকুত খেতিৰ বাবে
নতুন মাটি নিৰ্বাচন কৰা হয়৷ থাংথাং মাহত কৰা হয় নতুন ঠাই চোৱাৰ কাম৷ সেয়ে থাংথাং-ৰিতলাং৷
কৃষিজীৱী কাৰবিসকলৰ জুমতলীৰ কাৰ্যক্রম আৰম্ভণি কৰাৰ সময় এই থাংথাং৷ বছৰৰ প্ৰথম মাহ৷ এই সময়টোক আজৰি
সময় বুলি কোৱা হয়৷
ফেব্ৰুৱাৰী মাহৰ এক তাৰিখটো কাৰবিসকলে নৱবৰ্ষৰ
পহিলা দিন হিচাপে পালন কৰে৷ প্ৰকৃতিৰ সন্তান কৃষিজীৱী মানুহৰ মাজত অতীত অৱধি এনে ধৰণৰ
পৰম্পৰাবোৰ অদ্যাপি অপৰিৱৰ্তিতভাৱে চলি আহিছে৷ তাৰ পৃষ্ঠপটত শক্তিশালী ব্যৱহাৰিক কথা
নথকা নহয়৷ কাৰবি মাহবোৰৰ নামৰ সৈতে কেতবোৰ প্ৰবাদ বাক্যও শুনা যায়৷ ‘আৰ্কই-থাংথাং আচিক্ল’, চংদাত চ’ৰংদ’, হেমেপি জাংৰেপি আহেমতা হৰ দ’’৷ ভাবাৰ্থ এনেকুৱা হ’ব... দুখীয়া-নিছলা, দিনমজুৰি কৰি ফুৰা লোকসকলৰো জানুৱাৰী-ফেব্ৰুৱাৰী মাহত অন্নমুঠিৰ অভাৱ নহয়৷ বিধবা, মাউৰাৰ ঘৰতো
তেতিয়া মদ থাকে৷
কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদে ১ফেব্ৰুৱাৰী তাৰিখটোক
‘কাৰবি নিউ ইয়েৰ’ হিচাপে স্বীকৃতি দিছে৷ সেয়েহে
কাৰবি আংলঙত আজি চৰকাৰী বন্ধৰ দিন৷ আজি পুৱাতে আমি কাৰবি বন্ধু-বান্ধৱীসকলক নববৰ্ষৰ
শুভেচ্ছা জনাই এইদৰে কওঁ... নিংকান কিমি আহিৰজুমে দেই৷
ভগৱান হেমফুৰ পূজা, শান্তি-সম্প্ৰীতি-প্ৰগতি কামনা,
পৰম্পৰাগত খেল-ধেমালি, সাংস্কৃতিক কাৰ্যসূচী আদিৰে উৎসাহ-উদ্দীপনাৰে কাৰবি নৱবৰ্ষ পালন
কৰা হয়৷
No comments:
Post a Comment