মাঘ বিহু, মাছ বিহু, হাঁহ বিহু, খা বিহু
কালি পুৱাই ওমপ্ৰকাশ আচাৰ্য ঘৰলৈ গৈছে৷ আজি ঘূৰি
অহাৰ কথা৷ মানে উভতিবই লাগিব৷ এইবাৰ থাৰ্টি ফাৰ্ষ্টৰ খানাটো খোৱা নহ’ল৷ গতিকে উৰুকাতেই ধৰা হৈছে৷
মাছে-মঙহে, লগে-ভাগে, ৰং-তামাচা কৰি এসাজ৷ বৰ হেঁপাহৰ এটা দস্তুৰ৷ আন যি নহওক, প্ৰতি
অসমীয়াই ভোগালীৰ এই পৰম্পৰা দৃঢ়তাৰে পালন কৰাৰ তালত থাকে৷ গতিকে ইয়াতো হাঁহে-মাছে
দকচি এপেটৰ যো-জা৷ ইংৰাজী নিউ ইয়েৰতকৈ উৰুকাৰ প্ৰীতিভোজৰ তাৎপৰ্য আৰু গুৰুত্ব দুয়োটাই
বেছি৷ গতিকে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ, আন আন লোকসকলৰ লগতে আমাৰ কেইঘৰতো উথপথপ লাগিছে৷
ওমপ্ৰকাশৰ ওপৰত দায়িত্ব আৰোপ কৰা হৈছে হাঁহ অনাৰ৷
আচলতে দায়িত্ব বুলিলে শুদ্ধ নহ’ব৷ সমজুৱাৰ দাবী বোলাই ভাল৷ কাৰণ তেওঁৰ ভাল খবৰ আছে৷ ভাল খবৰ মানে
যোৱাটো ব’হাগত তেওঁযে বিয়াখন পাতিছিল,
তাৰ পৰৱৰ্তী খবৰ৷ গতিকে তেওঁ ঘৰৰ পৰা আনে, গাঁৱৰ কাৰোবাৰ পৰা আনে, চুৰ কৰি আনে, বৰপথাৰ
বজাৰৰ পৰা কিনি আনে, ডকাহকা দি আনে, মুঠতে হাঁহ আনিবই লাগিব৷ টানকৈ কৈ দিয়া হৈছে৷
জোনটি মাজুলীৰ ছোৱালী৷ বিয়া হৈছে সৰুপথাৰলৈ৷ আবেলি
কথা প্ৰসংগত হাঁহৰ কথা ওলাইছিল৷ ঘপহকৈ তাই কৈ দিলে বোলে চিন্তা কৰিব নালাগে৷ স্বামীগৃহত
টা-জনী মিলাই পঁয়ত্ৰিশ-চল্লিশমান হাঁহ আছে৷ তাৰে তেলাল চাই এপদ বিহুৰ উপহাৰ হিচাপে
দি দিব৷ বুঢ়া কোমোৰাও আছে৷ তাৰো এটা দিব পাৰিব৷ বৰপথাৰলৈ যোৱা ওমপ্ৰকাশৰ হাততে দুইটা
বস্তু পঠিয়াই দিব৷ এইবুলি কৈ গধূলিৰ ট্ৰেইনখনত বিহু বুলি তায়ো ৰাওনা হ’ল৷
এওঁলোকৰ মুখত ইমানলৈকে শুনি ভালেই লাগিল৷ হওক তেও,
ভোগালীৰ হাঁহ-মাছৰ আশাতে নিউ ইয়েৰ্ছ পাৰ্টী তেজিব পাৰিছেযে! ইফালে হাঁহ কিনাৰ পৰা ওমপ্ৰকাশো
বাচি গৈছে৷ বেচেৰাৰ কষ্টোপাৰ্জিত ধনকেইটা ৰ’ল যেনিবা৷ আহি থকা সময়ত দৰকাৰ পৰিব৷ কামৰ ভিতৰত এতিয়া
থাকিল মাথো হাঁহে-কোমোৰাই ভাৰখন বৈ অনাৰ দায়িত্বটো৷
অলপ পিছতে চিন্তা এটাও লাগিল পিছে৷
জোনটিৰ শহুৰেকে যদি হাঁহটো তেনেকৈ দিয়াত নাৰাজ
হয়, তেতিয়াহ’লে কি হ’ব? ঠিক আছে বাৰু, মানি ল’লোঁ, ভদ্ৰতাৰ খাতিৰত, বোৱাৰীয়ে
কাৰোবাক দি পেলোৱা জবান ৰাখিবলৈকে দিলেই যেনিবা৷ ডিফুলৈ বুলি বৰপথাৰত ৰে’লত উঠা ওমপ্ৰকাশৰ যদি সৰুপথাৰ
ষ্টেচনত, ঈশ্বৰে নঘটাওক, জোনটিৰ সৈতে কিবা কাৰণত মুখামুখি নহয়, তেতিয়া? ঠিক আছে, পালেই
বাৰু দেখা৷ কিন্তু ইমান কম ষ্টপেজ টাইমত যদি পৰস্পৰৰ মাজত হাঁহ-কোমোৰাৰ ইহাত-সিহাত
নহয়গৈ, তেতিয়া? যোগাযোগৰ ভৰসা ম’বাইলৰ যদি নেটৱৰ্ক নাথাকে তেতিয়াতো শেষেই৷
সেয়েহে কথাটো জানিবৰ পিছৰে পৰাই চিন্তা লাগি আছে৷
আজি ৰাতি হাঁহ খাম, হাঁহ খাম বুলি কোৱাৰি চেলেকি থকাকেইটাৰ অৱস্থা কি হয় পিছবেলালৈহে
গম পাম৷
মইতো আজন্ম নিৰামিষভোজী ভাই৷ গতিকে চিন্তা নাই৷
আলু-চয়াবিনেৰেই চলাই দিম ভোগালী, প্ৰতিবাৰৰ দৰেই৷ চিন্তা হৈছে বাকীবোৰলৈহে৷ ‘খা বিহু এতিয়া’ ধৰণৰ পৰিস্থিতি নহ’লেই ৰক্ষা৷
No comments:
Post a Comment