Sunday, 18 January 2015

গোলামী
(গল্প নহয়, সত্য)


পুৱাৰ সময়৷ এইটো পৰতে ক্ষন্তেকৰ ব্যৱধানত চলাচল কৰা উজনিমুৱা আৰু নামনিমুৱা কেইবাখনো ট্ৰেইনে ষ্টেচনটো মুখৰিত কৰি তোলে৷ আজিও বয়বস্তুৰে সৈতে নিৰ্দিষ্ট ৰেলখনৰ বাবে অপেক্ষমান হৈ আছে বহুতো যাত্ৰী৷ ৰেলৱে প্লেটফৰ্মৰ চিৰাচৰিত দৃশ্য এইটো৷ তাৰ মাজৰে বিশেষ এটা দৃশ্যপটে অৰূপৰ দৃষ্টিহৰণ কৰিলে৷ মৰ্নিংৱাক কৰিবলৈ গৈ কিছুপৰ সি সেইফালেই লক্ষ্য কৰি ৰল৷

যাত্ৰী বহিবৰ বাবে সজোৱা পকী বেঞ্চ এখন৷ এমূৰে এজন লোক বহি আছে৷ ওচৰতে থিয় হৈ আছে তেওঁৰ নিৰাপত্তাৰক্ষী কেইজনমান৷ বেঞ্চখনত আন কোনোৱেই বহা নাই৷ কিছুমানে অত-তত থিয় হৈ আছে৷ আন কিছুমানে কেঁচুৱা-মেচুৱাৰে জুম পাতি আছে৷ একেৰাহে থিয় হৈ থাকিব নোৱাৰি কোনো কোনোৱে ফ্লৰতে নিজৰ বেগ বা টোপোলাটোহঁতৰ ওপৰতে বহি পৰিছে৷ অথচ সেই বেঞ্চখন একেবাৰে খালী৷ কেৱল এজন মানুহে অধিকাৰ কৰি আছে৷ সেইফালেৰেই পাৰ হৈ গৈছে যদিও কোনেও যেন তাত বহাৰ প্ৰয়োজন অনুভৱ কৰা নাই (নে সাহস কৰা নাই)! সি চিনি পালে, বেঞ্চখনত বহি থকাজন জিলাখনৰ উপায়ুক্ত৷

অৰূপৰ খংটো টিঙিচকৈ চুলিৰ আগ পালেগৈ৷ সি ভাবিলে, মানুহবোৰৰ এয়া সমীহ নে সন্মান? সত্য আচলতে কোনটো? বেঞ্চখনত ডি.চি. বহি আছে বুলি অন্য যাত্ৰী বহাত কিবা বাধা আছে নেকি? নে কৰবাত লিখা আছে? মানুহবিলাকৰ মানসিক অৱস্থাটোৱে তাক যেন পলকতে বেয়াকৈ জোকাৰি পেলালে৷ কেনেকুৱা কথা এইটো? মনৰ ভিতৰত নিজে নিজে সৃষ্টি কৰি লোৱা এক ধৰণৰ ভয়াতুৰ মানসিকতা নহয়নে? সি নিজকে নিজে প্ৰশ্ন কৰিলে৷ ব্ৰিটিছৰ গোলামীৰ প্ৰভাৱ তাৰ মানে আজিও নগল! সিজনৰো চাহাবী কায়দাটোৱে তাক আহত কৰিলে৷ অকলে বহি লৈ মবাইল টিপি থকা ঢংটো তাৰ একদম পছন্দ নহল৷ এনেবোৰ কথাত অৰূপৰ স্বাধীনচিতীয়া মনটোৱে গৰজি উঠে৷

মানুহবোৰক তাৰ চিঞৰি চিঞৰি গালি পাৰিবলৈ মন গ’ল... আৰে ভাই, প্লেটফৰ্মত গাড়ীৰ বাবে ৰৈ থকা তুমিও যাত্ৰী, তেৱোঁ যাত্ৰী৷ সেয়া ডি.চি. হওক, লাগিলে আৰু কোনোবাই হওক৷ বেঞ্চখন ৰাজহুৱা, সকলো যাত্ৰীৰে বাবে৷ তেনেস্থলত ভয় কিহৰ, খালী হৈ থকা অংশত বহিবলৈ? মাত্ৰ এটা মানুহেই দেখোন একাংশক মাটিত বহুৱালে, একাংশক থিয় কৰাই থ’লে! ইমানেই বুৰ্বকনে? ঘৰত মাইকীৰ আগত দেখোন বৰমতা!

প্ৰতিবাদী হৈ উঠে অৰূপ৷ এই ধৰণৰ কথা-কাণ্ডবোৰ ভাঙি-ছিঙি চূৰমাৰ কৰি দিবৰ মন যায় তাৰ৷ মানুহবোৰক চিধাচিধিকৈ ক'বৰ মন যায়... গোলামহঁত, ইমান ভয়াতুৰনে তহঁত? জিন্দেগী এনেকৈয়ে যাব তহঁতৰ৷

No comments:

Post a Comment