মানুহৰ কাম...
(নিজৰ সৈতে কথা-বতৰা)
‘মানুহৰ সকলো কামেই শিল্পীসুলভ হ’ব লাগে৷ কৰ্মবোৰত সৌন্দৰ্যবোধৰ উৎকৃষ্ট নিদৰ্শন থাকিব লাগে৷ সৌন্দৰ্যবোধক লৈ কৰা সকলো কামেই সাংস্কৃতিক সম্পদ হিচাপে গঢ় লোৱাৰ পাছত সমাজ তথা জাতিৰ উপকাৰ সাধন হয়৷’ ...কথাখিনি জ্যোতিপ্ৰসাদ আগৰৱালাৰ৷
আন বিভিন্নজনৰ লগতে ময়ো অন্তৰত কাহানিবাই থাপি লৈছোঁ ৰূপকোঁৱৰৰ এই সোণসেৰীয়া বাক্যকেইটা৷ সেইমতে আগুৱাবলৈ চেষ্টা কৰি আহিছোঁ জীৱন-পথত৷ কিন্তু চৌপাশলৈ লক্ষ্য কৰিলে যিবোৰ দেখা পাওঁ, অনেকেই দেখোন অসন্তুষ্টিহে বোৱায় আনে মনলৈ৷ সৌন্দৰ্যবোধৰ সামান্যতমো পৰশ নথকা, শিল্পীসুলভতা-শূন্য তেনে কৰ্মবোৰে যেন ৰূপকোঁৱৰক ভেঙুচালি কৰি যায়, তেনেহেন লাগে৷ বিপৰীতে ফুটি উঠে মানুহৰ পাল মৰা স্বভাৱ, বাজে কামৰ নিদৰ্শন৷
ধুমধামেৰে জ্যোতিপ্ৰসাদৰ দিৱস পাতিও নিজৰ ফাং-ফুং স্বভাৱটো বিসৰ্জন দিব নোৱাৰা মানুহো আমাৰ মাজতে পাওঁ৷ যেতিয়া দেখোঁ যে বছৰে বছৰে তেনেকুৱা দিৱস অনুষ্ঠিত কৰিও সেই মানুহৰ বিবেক-চেতনাৰ সামান্যতমো উত্তৰণ নঘটে, তেতিয়া দুখ লাগে আৰু খঙো উঠে৷ তাৰ লগে লগে, জীৱনৰ ভালেমান ধাৰণাৰ দৰে, এই কথাও স্থিৰভাৱে বিশ্বাস কৰি লওঁ যে তেনেকুৱা জাতৰ পঞ্চাশজন হওক, লাগিলে এশজন নহওক কিয়, হাজাৰজন লগ লাগিলেও সমাজ তথা জাতিৰ উপকাৰ সাধন হোৱাৰ আশা নাই৷ সংখ্যা ডাঙৰ কথা নহয়, দৰকাৰী গুণগতহে৷
উপলব্ধি আৰু উত্তৰণৰ চিন্তা-প্ৰক্রিয়া সম্পূৰ্ণ ব্যক্তিগত৷ প্ৰথমতে এক, মানে নিজে৷ তাৰ পিছতহে অনেক৷ এগাল মানুহ থুপ খালেইতো নহ’ব৷ প্ৰতিজনেই কামৰ মানুহ হ’ব লাগিব৷ প্ৰতিজনৰে সেই গুণ থাকিব লাগিব, যি গুণৰ কথা জ্যোতিপ্ৰসাদ আগৰৱালাই কৈ গৈছে৷ সেই গুণৰ বিষয়ে বুজি, কষ্ট কৰি, সাধনা কৰি আয়ত্ত কৰিব লাগিব৷
No comments:
Post a Comment