Thursday, 8 January 2015

বিখ্যাত-কুখ্যাত-অখ্যাত

বিখ্যাত হ’লেই বিপদ৷ কিবা এটাত বিখ্যাত হৈ পৰাৰ পিছত সেই ধাৰাটো অব্যাহত ৰাখিবই লাগে৷ মান তললৈ নামিলে খ্যাতিৰো দাম নাথাকে৷ স্বীকৃতিক অপমান কৰাহে হয়৷ ধৰক এজন লোক বিখ্যাত লেখক হৈ গ’ল৷ সেই স্বীকৃতিৰ পিছত নিম্নমানৰ ৰচনা উলিয়ালে দৰাচলতে তেওঁৰ সন্মান নাথাকে৷ লঘু হৈ পৰিলে যিহেতু নহ’ব গতিকে শয়নে-সপোনে তেওঁ চিন্তা কৰিব লাগিব পূৰ্বতকৈও উৎকৃষ্ট সৃষ্টি কেনেকৈ কৰি উলিওৱা হয়৷ কামটো সহজ নহয় পিছে৷ তাৰ পিছত লাগোতে লাগোতে খাৱন-শোৱন, পেচাব-পায়খানা, চুলি-দাড়ি-নখ কটোৱা, ফুৰা-চকা, পিন্ধন-উৰণ সকলোফালেই সময়ৰ নাটনিয়ে দেখা দিয়ে৷ গতিকে বিখ্যাত হ’লেই বিপদ৷

কুখ্যাত হ’লেও বিপদ আছে৷ যি কাৰণত তেওঁ কুখ্যাত হ’ল তাতোকৈ অধিক কুখ্যাত বা সমান্তৰাল স্তৰৰ কামত মন দিব লগা হয়৷ ধৰক এজন কুখ্যাত চোৰ৷ তেওঁ সিন্ধি দিয়াত সিদ্ধহস্ত৷ সেই স্পেচিয়েলিটিৰ বাবেই তেওঁ জনাজাত৷ সিন্ধি বাদ দি সহজ উপায় অৱলম্বন কৰি চুৰ কৰিবলৈ ল’লে তেওঁৰ সেই 'গভাইত চোৰ' বোলা খ্যাতিটো আৰু বৰ্তি নাথাকে৷ সেয়া অইন এজনে কাঢ়ি নিবও পাৰে৷ গতিকে কুখ্যাত হ’লেও বিপদ৷

অখ্যাত কথাটোৱেই ভাল৷ সম্পূৰ্ণ স্বাধীনচিতীয়া৷ যি মন যায় কৰি থাকক৷ কিবা কৰিলেও কৰিলে, নকৰিলেও নাই৷ কিবা হ’লেও হ’ল, নহ’লেও নাই৷ বিখ্যাত বা কুখ্যাত হ’লে যি ধৰণে এটা ষ্টেণ্ডাৰ্ড ফৰ্ম মেইনটেইন কৰিব লাগে, অখ্যাতৰ ক্ষেত্ৰত সেইবোৰ ঝামেলা মুঠেই নাই৷ দুশ্চিন্তা, টেনচন একেবাৰে শূন্য৷ একদম ফ্ৰী লাইফ৷ বিন্দাচ৷

অখ্যাতটোৱেই ভাল লাগে মোৰ৷ না বিখ্যাত, না কুখ্যাত৷ এটাৰ প্ৰতিও তিলমানো ধাউতি নাই৷ অখ্যাত ইজ দ্যা বে'ষ্ট৷

আপোনাৰ একা?

No comments:

Post a Comment