বন্ধৰ দিনত গাড়ী চলোৱাৰ আনন্দ
(গল্প নহয়, সত্য)
নগাঁও বাইপাছত সিদিনা৷ গুৱাহাটীমুখী লেফট টাৰ্ণটো লওঁতেই আমাৰ নীলা ৰঙৰ মেডিচিন কেৰিয়াৰখন হাত দাঙি ৰখালে কৰ্তব্যৰত পুলিচ ইন্সপেক্টৰ কলিতাই৷ সুধিলে... ‘আপোনালোক ক’লৈ যাব?’
গাড়ীখনৰ চালক অজয় চন্দই বাজি থকা গানটো আগতেই বন্ধ কৰি দিছিল৷ খিৰিকীৰে মূৰ উলিয়াই সি উত্তৰ দিলে... ‘গুৱাহাটীলৈ যাম ছাৰ৷’
‘আপোনালোক যাব নোৱাৰিব নহয়৷ আগত বন্ধ আছে৷’
অজয় অবাক৷ বন্ধৰ বিষয়ে তাৰ খবৰ মুঠেই নাছিল৷ কাষতে বহা তুফান গিৰিকো চিন্তিত যেন দেখা গ’ল৷ মই বহি আছোঁ আনফালৰ খিৰিকীত৷ আজিযে মধ্য অসম বন্ধ সেইটো কিন্তু পে’পাৰ পঢ়ি কালিয়েই মোৰ ভালদৰে জ্ঞাত৷ হ’লেও যাত্ৰাটো জৰুৰী আছিল বাবেই নিজেই আহিছোঁ৷ যাত্ৰাপথতো সেই বিষয়ে ইচ্ছা কৰিয়ে একো উলিওৱা নাছিলোঁ৷ এতিয়া সন্মুখৰ পৰিস্থিতি চম্ভালা কাম৷
‘ছাৰ আমাৰ মেডিকেলৰ গাড়ী...’
‘তিৱা মানুহে বন্ধ দিছে৷ আগত গাড়ী ভাঙিছে৷ তিৱা মানে লালুং মানুহ, জানে নহয়? গতিকে আপোনালোকে পাঁচ বজাৰ পিছতহে যাব পাৰিব৷’
‘জৰুৰী কামত গুৱাহাটীলৈ গৈ আকৌ ঘূৰি আহিব লাগিছিল৷ কিবা এটা কৰিব নোৱাৰেনে?’
‘মই কাকো যাবলৈ দিয়া নাই৷ বাৰু, আপোনালোকক এলাও কৰিছোঁ৷ ইয়াৰ পৰা পাঁচ কিল’মিটাৰ গৈ পুলিচৰ পেট্ৰল প’ষ্ট পাব৷ তাত ৰিপ’ৰ্ট কৰি যাব৷’
‘হ’ব ছাৰ, যাওঁ৷ থেংক ইউ৷’
এক্সেলাৰেটৰত হেঁচা প্ৰয়োগ কৰাৰ লগে লগে চকা পুনৰ আগলৈ ঘূৰিব লাগিল৷ বন্ধ বুলি শংকা এটা নথকা নহয়৷ তথাপি গানটোও আকৌ বজাই দিয়া হ’ল৷ শংকা কাটিব বুলিয়ে৷ পাঁচ কিল’মিটাৰ আহিলতো তেনেকুৱা একোকে চকুত নপৰিল৷ গাড়ী দৌৰি থাকিল৷ দহ, পোন্ধৰ, বিশ৷ ফ’ৰ লেন ৰাস্তাৰ আমাৰ ফালটোত সৰু গাড়ী দুখনমান দেখিছিলোঁ৷ এতিয়া একোৱেই নাই৷ পিছফালেও চকুৱে মনালৈকে কোনো গাড়ী নাই৷ ইমান ডাঙৰ ৰাস্তাটোত এতিয়া কেৱল আমি৷ হৰ্ণৰ প্ৰয়োজন নাই, অ’ভাৰটেক কৰিবলৈ কোনো নাই, গুৱাহাটী অভিমুখে গাড়ী আগুৱাই গৈ থাকিল৷ তিনিআলি-চাৰিআলিকে ধৰি ভিতৰলৈ সোমাই যোৱা প্ৰতিটো ৰাস্তাৰ মুখত, দলং, কালভাৰ্ট আদিত পুলিচ আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানৰ উপস্থিতি প্ৰত্যক্ষ কৰিলোঁ৷ ফলস্বৰূপে সাহসটোও ক্রমাৎ বাঢ়ি আহিল৷ সিপাৰৰ পথটোত সিমূৰৰ পৰা সন্মুখত পুলিচ এচক’ৰ্ট লৈ এগালমান গাড়ী আহি আছে৷ ব্যক্তিগত বাহন, বাছ, পিকনিক পাৰ্টীৰ গাড়ী ইত্যাদি ইত্যাদি৷ সাহস আৰু এখোপ চৰিল৷ গাড়ী ভঙা বুলিছিলযে ছাৰে, ক’তা, নেদেখিলোঁচোন! আৰামচে পাৰ হৈ গ’লোঁ বন্ধ এলেকা৷
যোৰাবাটত ভাত খাই পালোঁগৈ গুৱাহাটী৷ কাম সমাধা কৰি লগে লগে ৰিটাৰ্ণ৷ পুনৰবাৰ বন্ধ এলেকাত সোমাই পৰিলোঁ৷ এইবাৰত আগৰ ভয়টো তিলমানো নাই৷ ল’ড পাই গহীন হৈ গাড়ীও ভাল ঢপলিয়াইছে৷ গানৰ পিছত গান বাজিছে অনৰ্গল৷ সেয়া বন্ধ কৰি মাজে মাজে হাঁহি-ধেমালিৰে জীৱন আৰু অভিজ্ঞতাৰ নানান কথা-বতৰাৰ আদান-প্ৰদান চলিছে তিনিওৰে মাজত৷
মাজতে অজয়ে ক’লে, ‘গাড়ী চলাবলৈ ভালহে হৈছে আজি দাদা৷’
‘আৰে চলাই থাকা৷ এনেকুৱা চান্স ক’ত পাবা?’ ... মই ক’লোঁ৷
তেনেকৈয়ে অকলে অকলেই পাই গ’লোঁহি নগাঁও বাইপাছ৷ তাৰ পিছত ডিফু অভিমুখে ৰাইট টাৰ্ণ৷
বন্ধকালীন এই যাত্ৰাত কেইটামান কথা শিকিলোঁ৷ বন্ধৰ দিনত গাড়ী চলাবলৈ ভালহে দেখোন৷ কেৱল অলপ দেৰীকৈ আৰম্ভ কৰিব লাগে৷ ভঙা-ছিঙা কামবোৰ পুৱাৰ ভাগতে হৈ যায়৷ পুলিচে হুৰাই দিয়াৰ পিছতে পথ হৈ পৰে একেবাৰে মুকলি৷ পিকেটিংকাৰী বুলিবলৈ ক’তো কোনো নাথাকে৷ জীৱনৰ প্ৰতি মায়া সকলোৰেইতো আছে৷ তাতে সাহসীজনৰ জয় হয়৷ বন্ধ বুলি বাছ, ট্ৰাক, লাইনৰ গাড়ী আদিবোৰ নোলায় বাবে ৰাস্তাত ভীৰো নাথাকে৷ অলপধতুৱা মানুহবোৰে নিজা বাহন উলিওৱাটোতো দূৰৈৰে কথা৷ গতিকে আৰামত ড্ৰাইভ কৰিব পাৰি৷ আন দিনা নাথাকিলেও সিদিনা পুলিচৰ পহৰা থাকেই থাকে৷ মাত্ৰ নিজৰ অকণমান সাহস লাগে৷ সাহসেই লক্ষ্মী৷ সাহসেই সিদ্ধি৷ সিদিনা অজয়, তুফান আৰু মই তাৰ প্ৰমাণ দি দিলোঁ৷
বন্ধত গাড়ী চলোৱাৰ আৰু এটা অভিজ্ঞতা যোৱা বছৰ পূজাৰ সময়ত আৰ্জিলোঁ৷ সিদিনা মেঘালয় ৰাজ্য বন্ধ আছিল৷ শ্বিলঙৰ পৰা ওলাই মাওলিননং, তাৰ পৰা ডাউকী, তামাবিল ভাৰত-বাংলাদেশ সীমান্ত৷ আগদিনাই ঠিক কৰি ৰখা যাত্ৰাটো আছিল তেনেকুৱা৷ টেক্সীখনৰ ড্ৰাইভাৰ অজয় কুমাৰৰ দুৰ্দান্ত সাহসৰ বাবেই সিদিনা আমাৰ সেই ট্ৰিপটো সফল হৈ উঠিছিল৷ ৰাষ্ট্ৰীয় পথত অন্য যানবাহন প্ৰায় নাছিলেই৷ অকাই-পকাই, উঠি-নামি আৰামচে গ’লোঁ, ফুৰি-চাকি ঘূৰি আহি শ্বিলং৷ একো সমস্যাই নহ’ল৷ চাহ-ভাত খাবলৈও হোটেল উলিয়ালোঁ৷ গতিকে মূল কথাটোৱেই হ’ল সাহস৷ সাহসেই লক্ষ্মী৷ সাহসেই সিদ্ধি৷
কালিৰে পৰা দুদিনীয়া কাৰবি আংলং বন্ধ চলি আছে৷ সাহসী মানুহবোৰে দুচকীয়া, চাৰিচকীয়া চলাইছে৷ পৰিৱেশটো আগৰদৰে নিমাওমাও হৈ থকা নাই৷ এই সাহসী মানুহৰ সংখ্যাটো নিতৌ বাঢ়ি থাকিব লাগে৷ কোনেও কাৰো অহেতুক হেঁচা খাই খাই জীয়াই থকাটো উচিত নহয়৷
No comments:
Post a Comment