ছোৱালী ছোৱালী গোন্ধটো
পিছলৈ নোপোৱা হ’লোঁ
(গল্প নহয়, সত্য)
তেতিয়া কলেজত পঢ়োঁ৷ আমাৰ ফিজিক্সৰ লেবৰেটৰী, লগতে
এটা আহল-বহল কক্ষ৷ তাৰ ভিতৰতে সুচল জেগা এডোখৰত কাম চলে ‘চায়েন্স কেলিড’স্ক’প’ৰ৷ ৰং-বিৰঙী স্কেচ পে’ন, পেন্সিল, ৰবৰ, স্কেল, কেঁচী,
আঠা, ড্ৰয়িং শ্বিট লৈ সময় মিলাই ব্যস্ত হৈ পৰোঁ৷ মেজ পত্ৰিকাখনক প্ৰতিবাৰে আটকধুনীয়া
ৰূপ দিবৰ বাবে যৎপৰোনাস্তি চেষ্টা আৰু কষ্ট কৰোঁ৷ হাতৰ আখৰকেইটা চাফা হোৱাৰ সুবাদতে
নিৰ্বাচিত ছাত্ৰ হৈ পৰোঁ দায়িত্ববাহী ছাৰসকলৰ৷ নিজাববীয়া কণ্ট্ৰিবিউচন বুলিবলৈ পিছে
একো নাই৷ আচল লেখক বেলেগ৷ আমি নকল লেখকহে৷ তাতেই মজা পাওঁ৷ কামৰ মাজে মাজে চিঙৰা-জেলেপী-ৰঙাচাহৰ
জুতি লওঁ৷
কেনেকুৱা হৈছেনো এইবাৰ? কি কৰি আছেনো ইহঁতকেইটাই?
চাবলৈ কৌতূহলী লগবোৰে ছেগ বুজি বাউলী পাক একোটা মাৰে৷ পান্নালাল গোস্বামী, জ্যোতিৰ্ময়
চক্রৱৰ্তী, অনিল বৰা, চহৰীয়া ছাৰৰ চকুত ধূলি মাৰি নিৰ্ভেজাল হাঁহি-ধেমালি, ঠেলা-ঠেলি
কিছুমান চলে৷ কলম-কিতাপ বাদ দি সংগোপনে অলপ পৰ আংবাং কথাত মগ্ন হওঁ৷ ছাৰ-বাইদেউক দেখা
মাত্ৰকে আকৌ চিৰিয়াচটি হৈ পৰোঁ৷ অন্য ৰঙৰ পে’ন এটাৰ তৎমুহূৰ্ততে ঢাকোন খুলি লৈ সাজসজ্জাত মনোনিৱেশ
কৰা যেন দেখুৱাওঁ৷ ধৰিব পাৰেনে নোৱাৰে গম হ’লে নাপাওঁ৷
মাজে মাজে ছোৱালীবোৰেও ভুমুকিয়ায়হি৷ সহপাঠী যদিও
সিহঁতৰ লগত কথা-বতৰা তেনেকৈ নাই৷ বয়জ হাইস্কুলৰ সেই ছোৱালীৰ প্ৰতি উদাসীন চৰিত্ৰটোৱেই
তেতিয়াও বৰ্তি ৰয়৷ এতেকে এজনীকো মতা নহয়৷ নিজৰ ভাগে নিজে৷ সিহঁত যেন বেলেগ গ্ৰহৰহে!
কথা পাতিলে যেনিবা জাতহে যাব!
ৰূপালী, অঞ্জলি, চঞ্জনা, মনালিছা, জোনালী, জ্যোৎস্নাময়ী,
মঞ্জু আৰু গীতা৷ বিৰাশী-চৌৰাশীৰ সেই প্ৰাক-বিশ্ববিদ্যালয় বিজ্ঞান শাখাৰ ছোৱালী আঠজনী৷
মাতবোল কৰা নহয় এজনীৰ লগতো৷ সুদীৰ্ঘ ছবছৰীয়া (অসম আন্দোলনলৈ আগ কৰা বছৰটো যোগ দিলে
সাত হ’ব) ছাত্ৰ-জীৱনে গঢ়া আঁকোৰগোজালি তেতিয়াও অক্ষত থাকে কঠোৰ ৰূপতে৷ ছোৱালীৰ লগত কথা? নাঃ৷ আমি গৰমেণ্ট বয়জৰ
ল’ৰা৷
সিহঁতকেইজনী আহে৷ জাক পাতি, পাল পাতি সোমাই আহে,
অগ্ৰগতিৰ বুজ ল’বলৈ৷ পিছফালৰ পৰা লক্ষ্য কৰে৷
কৰি থোৱাখিনিৰ ওচৰ চাপে৷ কথা কিন্তু তেনেকৈ কোনেও নকয়৷ বোধ হয় ক’বলৈ সাহসো নকৰে! আমি আমাৰ কামত
মজি থাকোঁ নেদেখা-নজনা ভাবত৷ অলপ পিছত সিহঁত গুচি যায়৷ আঁতৰি যাওঁতে নিজৰ মাজত কিবাকিবি
পাতি যায়৷ যি কয় কৈ থাকক৷ সেইফাললৈ তিলমাত্ৰও ভ্ৰূক্ষেপ নাই৷ অন্য গ্ৰহৰ প্ৰাণী!
ইমানৰ পিছতো এটা কথাই গোপনে মনত গভীৰভাৱে সাঁচ
বহুৱাই থৈ যায়৷ সেই সাঁচ আজিও অমলিন৷ মঞ্জু আৰু গীতা, এই দুজনী সোমাই আহিলেই এক ধৰণৰ
গোন্ধই চিধাই নাকটোতে খুঁটিয়ায়৷ এটা যেন কিবা, ছোৱালী ছোৱালী গোন্ধ৷ কিহৰ দৰে আছিল
বাৰু সেই গোন্ধ? ৰিজাব নোৱাৰিম৷ পকা মধুৰিআম? পকা কঁঠাল? নাই, নোৱাৰিম বুজাব৷
প্ৰি-ইউনিভাৰ্চিটি সাং কৰাৰ পিছৰ পৰাই সেই গোন্ধটোও অন্তৰ্ধান হ’ল৷ পৰৱৰ্তী কালতো অৱশ্যে ছাত্ৰী সহপাঠীৰ সংখ্যটো নগণ্যই থাকিল মোৰ৷ আনহাতে তেতিয়াও নাপালোঁ কাহানিও সেই গোন্ধ৷ সঁচা কথা ক’বলৈ গ’লে ছোৱালী ছোৱালী লগা সেই গোন্ধটো আজিলৈ আৰু পোৱাই নাই ক’তো-কেনিও৷
নিজকে বুজাওঁ… পামনো কেনেকৈ? নোপোৱাটোৱেই স্বাভাৱিক৷ জাত জাত কছমেটিকচৰ আগ্ৰাসন আৰু উপদ্ৰৱত মানুহৰ প্ৰকৃত গোন্ধটো কেতিয়াবাই ক’ৰবাতে হেৰাই থকা নাই জানো? আচল গোন্ধক ঢাকি ধৰিলে নকল গোন্ধ এমখাই৷ বতাহত কেওফালে আৰ্টিফিচিয়েল গোন্ধৰে পয়োভৰ৷ তালুৰ পৰা তলুৱালৈ চাবোন, তেল, পাউদাৰ, ক্রীম, লোচন, বডী স্প্ৰে', পাৰফিউমৰ সংমিশ্ৰণে সৃষ্টি কৰা কৃত্ৰিম গোন্ধকে নাক উজাৰি টানি টানি বহুতে অৱশ্যে তৃপ্তি লয়, মতলীয়া হয়৷ মই নহওঁ৷ অৰিজিনেল গোন্ধটোৰে সন্ধানত থাকোঁ আজিকোপতিও৷ বিচাৰি ফুৰোঁ, ছোৱালী ছোৱালী লগা গোন্ধটো, মানুহৰ আচল গোন্ধটো৷ মঞ্জু, গীতাহঁতৰ কাষত সেই গোন্ধ মই পাইছিলোঁ৷ মানুহৰ অৰিজিনেল গোন্ধ, ডুপ্লিকেট গোন্ধৰ কথাটো তেতিয়া বুজা নাছিলোঁ, পিছতহে বুজিছোঁ৷
এতিয়াতো কেওফালে ভুৱাৰে সমাৱেশ! মিছানে বাৰু? মানুহৰ নিজা গোন্ধ নোহোৱা কৰাত মানুহেই আগ-ভাগ লৈ থকা নাই জানো?
যদিহে সঁচা, তেনেহ’লে কওকচোন… কোনবিধ গোন্ধৰ সন্ধানত থাকে আপুনি? কোনবিধ গোন্ধ বিয়পায় আপুনি? মানুহৰ নে কছমেটিকচৰ?
No comments:
Post a Comment