Sunday, 4 January 2015

হম তুম... এক কমৰেমে বন্দ হ'...
(গল্প নহয়, সত্য)



এনেকুৱা হয়নে আপোনাৰ? বিশেষ একোটা গান য’তে যেতিয়াই হওক, শুনা পালেই মনটো এৰি থৈ অহা দিনৰ কোনোবা বিশেষ এক মুহূৰ্ত, পৰিৱেশ, পৰিস্থিতিত তৎক্ষণাৎ সোমাই পৰে? মোৰ তেনেকুৱা হয়৷ আৰু লগে লগে ৰিফ্ৰেচ হৈ যাওঁ৷

কোন শ্ৰেণীত আছিল ঠিক মনত নাই, সম্ভৱ ছিক্সতেই হ’ব দেই৷ কোন ছাৰ আছিল শুদ্ধকৈ মনত পেলাবলৈ কিছু সময় আৰু লাগিব৷ ক্লাছত সোমায়েই ছাৰে সকলোকে বেঞ্চৰ ওপৰত থিয় হ’বলৈ আদেশ জাৰি কৰিলে৷ যথা বাক্য গুৰুদেৱ বুলি উঠি দিলোঁ আমিও৷ তাৰ পিছত জানিলোঁ যে নামিবৰ বাবে ৰখা চৰ্তটো হৈছে… গান গাব লাগিব৷ যিকোনো গান; অসমীয়া, হিন্দী, ...; পূৰা গাব লাগিব বুলিও কথা নাই৷ দুই-চাৰিশাৰী যি জানে তাকে গালেও হ’ব৷ অভব্য কাণ্ড আৰু আচৰিত কণ্ডিচন! ইফালে গান গাব জনাকেইটা ৰৈ নাথাকিল৷ ইটোৰ পিছত সিটোকৈ পৰিৱেশন কৰি গ’ল, বেঞ্চৰ পৰাও ঘপাঘপ নামি গ’ল৷ নিজৰ কণ্ঠৰ প্ৰতি সন্দিহান আৰু লাজকুৰীয়া ছাতৰবোৰ দোধোৰ-মোধোৰত পৰিল৷ বেলেগ কথাত দপদপাই থাকিলেও এইটোত তেনেই নেচেল৷ এতেকে ফুচফুচনি আৰম্ভ হ’ল৷ কি কৰা যায়? গান গোৱাৰচোন কাৰবাৰেই নাই, আনকি বাথৰুমতো৷ ছাৰে তেতিয়া অন্য এটা সুযোগ দিলে… অকলে নোৱাৰিলে দুটাই মিলি গালেও হ’ব৷ মহা পয়মালখন হ'ল! সেইদিনা নিৰ্মল নুনিচা আৰু মই ওচৰা-ওচৰিকৈ বহিছিলোঁ৷ খটাসুৰটোৰ লগত বহিবলৈ যেয়ে-সেয়ে সাহস নকৰেই৷ সি যি কি নহওক, যেনেতেনে দুইটাই বাচিব লাগিল৷ বেঞ্চৰ ওপৰত অৱস্থানৰতভাৱেই পৰস্পৰৰ মাজত চিৰিয়াচ আলোচনা চলিল৷ তাৰ পিছত মৰসাহসেৰে Duet জুৰি দিলোঁ : হম তুম... এক কমৰেমে বন্দ হ'...ঔৰ চাবি খ' যায়৷ আচলতেযে আৰম্ভণিটো 'বাহৰ ছে কই অন্দৰ না আ সকে'হে আছিল, খবৰেই নাই৷ গানৰ জ্ঞান কেনেকুৱা! হম তুমেৰে জুৰি লৈ কেইলাইন বলে পাৰিলোঁ জানো, বেঞ্চৰ পৰা নামিবলৈ হ'লে খৰখেদা লগালোঁ৷ আৰম্ভণি, কণ্ঠনিনাদ, তাল-মান-লয় মন কৰি সিফালে ছাৰেও খুক-খুককৈ হাঁহি ৰ’ল৷ 'উদীয়মান গায়ক' দুটাৰ পাল্লাত পৰি শৈলেন্দ্ৰ সিং-লতা মংগেশকাৰৰ গীতটোৰ শ্ৰাদ্ধই হৈ গ'ল সিদিনা!

আমাৰ স্কুলীয়া দিনতে শুনা, সেই সময়ৰ বহুচৰ্চিত 'ববী' চিনেমাৰ গান আছিল সেইটো৷ এই গানটো এতিয়াও ক’ৰবাত কেনেবাকৈ কাণত পৰিলেই ল’ৰালিৰ সেই বিশেষ দৃশ্যটোলৈ মনটো লগে লগে উৰা মাৰে৷ আপোনাআপুনি ভাহি উঠা ছবিখন অলপপৰ চাই ৰওঁ৷ কেনে মজাৰ দিনবোৰ পাৰ কৰি আহিলোঁ তাকে দুনাই ভাবোঁ৷ সেই অডিচন কিয় দিব লগা হৈছিলনো, উত্তৰ বিচাৰি নাপাওঁ আজিও৷ আনহাতে তেতিয়া ডিউলী পাছ কৰিবলৈ প্ৰাণ টাকি পঢ়িছিলোঁ যদিও এতিয়া কিন্তু ফেইল কৰি কৰি ক্লাছ ছিক্সতে থাকি যোৱা হ’লেই ভাল আছিল বুলিও ক’বলৈ, ভাবিবলৈ বেয়া নাপাওঁ৷ সেই মজা এতিয়া আৰু ক'ত?

গানৰ কথাহে কৈ আছিলোঁ৷ ক’ৰবালৈ পোনালোঁ দেখোন! কথাটো হ'ল, সেই বিশেষ গানটোক লৈ ওপৰৰছোৱাই শেষ কথা নহয়৷ দ্বিতীয় অধ্যায় এটাও আছে৷ আচলতে আজি ক’ম বুলি লোৱা কথাটো আছিল সেইটোহে৷ আগৰখিনি পাতনিহে৷

‘বাতৰি আহিছে প্ৰাণেশ্বৰী... বঙাইগাঁৱত মিলিছে চাকৰি...’ জেঠেৰীৰ চাকৰি বঙাইগাঁৱত৷ কেনেকৈনো আছে-মেলিছে, কিনো খাইছে-বৈছে তাকে চাওঁ বুলি এদিন আমি ওলালোঁ৷ আচলতে মোক তেওঁ লগ ল'লে আৰু ময়ো অ'.কে. বুলি কৈ দিলোঁ৷ নামনিমুৱা ব্ৰহ্মপুত্ৰ মেইলেৰে পুৱাই ডিফুৰ পৰা যাত্ৰাৰম্ভ কৰি আবেলি নিউ বঙাইগাঁৱত নামিলোঁ৷ তাৰ পিছৰে পৰা জেঠেৰীৰ কৰ্মস্থলী, বাসস্থলী সমূহতে চৰজমিন ইনন্সপেক্সন চলিল৷ কাৰণ শাহুক ডিটেইল ৰিপ'ৰ্ট দিবগৈ লাগিব৷ দুজনৰ বাবে হোটেলৰ ডবল ৰুম এটা বুক কৰি থোৱা আছিল৷ চাই-চিতি, ফুৰি-চাকি তাতে উঠিলোঁ৷ লগৰজন কোন জানিছে? কওঁনে? স্বয়ং শহুৰ! সাধাৰণতে জোঁৱাই আৰু শহুৰে পৰস্পৰ দূৰত্ব ৰাখি চলা দেখা যায়৷ নহয়জানো বাৰু কথাটো? শাহু-বোৱাৰী একেলগে শুলেও শহুৰ-জোঁৱাইৰ তেনে সংগী হোৱাৰযে নিয়ম নাই আৰু দেই৷ মিছা ক’লোঁ নেকি বাৰু? পিছে কি জানে, আমি কিন্তু শহুৰ-জোঁৱাই একেটা কমৰাত দেই৷ একেখন ডবল বে’ডতে নৈশযাপনো! 'চাবি হেৰুৱাই পেলোৱাৰ' এনেকুৱা সৌভাগ্য (!) কাৰ কাৰ হৈছে নাজানো৷ মোৰ পিছে হ'ল!

হম তুম... এক কমৰেমে বন্দ হ'... গানটো কাণত পৰাৰ লগে লগে সেই বিশেষ মুহূৰ্ত, পৰিৱেশ, পৰিস্থিতিয়ে ঘপকৈ মনত দোলা দিয়ে৷ কপালখন তেতিয়া এবাৰ এনেয়ে চুই-মোহাৰি চাওঁ৷ কপালেই দিয়কচোন আৰু!

No comments:

Post a Comment