'বৰঞ্চ আগতকৈ অধিক উদ্যমেৰে, আমেৰিকালৈ যোৱাৰ লক্ষ্য সন্মুখত ৰাখি কাম কৰি গ’লোঁ৷'
শনিবৰীয়া ‘মোৰ আলহী’ত আজি আগ বঢ়ালোঁ অগ্ৰজ ভ্ৰাতৃপ্ৰতিম বন্ধু শ্ৰী সুপ্ৰিয় ৰয়ৰ চাক্ষুস বিৱৰণেৰে সমৃদ্ধ ‘মোৰ বিদেশ ভ্ৰমণৰ অভিজ্ঞতা : আমেৰিকা আৰু কানাডা’ৰ তৃতীয়টো অংশ
.........................................
২০০৯, ২০১০ আৰু ২০১১ৰ এম.ডি.আৰ.টি.ৰ চৰ্তও মই সম্পূৰ্ণ
কৰিছিলোঁ৷ ৰেজিষ্ট্ৰেচনো কৰিছিলোঁ৷ নিমন্ত্ৰণী-পত্ৰও আহিছিল৷ কিন্তু এৰাব নোৱাৰা কাৰণ
কিছুমানে সেইকেইবাৰো মোৰ যাত্ৰাত বিধি-পথালি দিলে৷ অৱশেষত আহিল ২০১২চন৷ সেইবাৰ এম.ডি.আৰ.টি.ৰ
প্ৰেচিডেণ্ট মেডাম Jenifer Borris Lowৰ পৰা মোলৈ পত্ৰ আহিল৷ কেলিফৰ্ণিয়াৰ Anaheim
Cityত অৱস্থিত Anaheim Convention Centreত ১০ৰ পৰা ১৩জুনলৈ অনুষ্ঠিত হ’ব লগা এম.ডি.আৰ.টি. কনফাৰেন্সত
যোগদান কৰাৰ অনুৰোধেৰে৷ ২০১২ৰ ফেব্ৰুৱাৰী মাহৰ পিছৰে পৰাই কনফাৰেন্সত যোৱাৰ লক্ষ্যৰে
মই অফিচৰ কাম-কাজসমূহ আৰম্ভ কৰি দিলোঁ৷ গুৱাহাটীৰ ট্ৰেভেল এজেণ্ট Shivani Aviates
Private Limited (বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত যি মোৰ বাবে এতিয়া স্থায়ী ভ্ৰমণ ব্যৱস্থাপক)ৰ
লগত যোগাযোগ কৰিলোঁ৷ কিছুদিনৰ ভিতৰতে নতুন দিল্লীস্থিত American Consulate General
Officeত ভিছাৰ বাবে সাক্ষাৎকাৰৰ দিন (১৪মে’) ঠিৰাং হ’ল৷ মই যথাসময়ত উক্ত কাৰ্যালয়লৈ গৈ সাক্ষাৎকাৰ দিলোঁ৷ তাত
বিভিন্ন ৰকমৰ প্ৰশ্নৰ সন্মুখীন হৈছিলোঁ যদিও উত্তৰসমূহ ধুনীয়াকৈ দিব পাৰিছিলোঁ৷ অলপ
সময় অপেক্ষা কৰাৰ পিছতে সাক্ষাৎকাৰ লোৱা আমেৰিকান অফিচাৰজনে মোক ক’লে… Mr. Supriyo Roy, your visa
has been granted. You are welcome to our country USA৷ অফিচাৰৰ মুখৰ পৰা এই কথাষাৰ
শুনাৰ লগে লগে মোৰ সমগ্ৰ শৰীৰেদি যেন বিদ্যুৎ প্ৰৱাহিতহে হৈ গ’ল! সেই মুহূৰ্তত কিমানযে আনন্দিত
হৈছিলোঁ সেইটো কোৱাৰ বা বুজোৱাৰ ভাষা মোৰ নাই৷ তাৰ হয়তো এটাই কাৰণ৷ দেশখনৰ নাম আমেৰিকা৷
কিবা প্ৰকাৰে নিজকে চম্ভালি মই বিষয়াজনক ধন্যবাদ জ্ঞাপন কৰিলোঁ৷ American
Consulate General Officeৰ পৰা ওলায়েই মই চিধা 17 Winsor Place, Firoz Shah Roadত থকা
মাননীয় সাংসদ শ্ৰীযুত বীৰেনছিং ইংতি খুৰাদেউৰ বাসভৱনলৈ পোনালোঁ৷ তেখেত কেৱল মোৰ পলিচি
হ’ল্ডাৰেই নহয়, মোৰ এগৰাকী শুভাকাংক্ষী
অভিভাৱকো৷ আনন্দ মনেৰে খুৰাদেউক জনালোঁ যে মই আমেৰিকালৈ যোৱাৰ ভিছা পালোঁ৷ সেই সময়ত
খুৰাদেউৰ বাসভৱনত বৰ্তমান কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মাননীয় কাৰ্যবাহী সদস্য
শ্ৰীযুত প্ৰদীপ ৰংপি মহোদয়ো উপস্থিত আছিল৷ মোৰ কথাখিনি শুনাৰ পিছত দুয়ো মোক শুভেচ্ছা
জনালে৷
আমেৰিকাৰ ভিছাখন আহি পালে৷ দহ বছৰৰ বাবে
Multiple visa দিয়া হৈছে৷ ২০২২চন পৰ্যন্ত যিকোনো সময়তে মই আমেৰিকালৈ যোৱাৰ অধিকাৰ লাভ
কৰিলোঁ৷
(পিছৰ অংশ অহা শনিবাৰলৈ)
No comments:
Post a Comment