আচলতে সত্য কি জানে?
এক…
কালি ২৪জানুৱাৰীৰ ১০বাজি ৩৮মিনিটৰ পৰা লগা পঞ্চমী তিথিৰ লগ্ন আজি ২৫জানুৱাৰীৰ ৮বাজি ২২মিনিটলৈকে থাকিব৷ সৰস্বতী পূজা এইবাৰ দুদিনীয়া৷ তাকে লৈ সৰ্বত্ৰ চৰ্চা৷ বাতৰি কাকতেও শিৰোনাম লিখিছে... ‘আজিৰ পৰা সৰস্বতী পূজা’৷ মন কৰক... ‘আজিৰ পৰা’৷ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীগৰাকীৰ পূজাভাগ অনুষ্ঠিত কৰাৰ সময়টো তিথি অনুসৰি দুটাকৈ দিনব্যাপী পৰিলত মানুহ কিছুমানে জ্যোতিষী আৰু পঞ্জিকা সম্পৰ্কে কিবা-কিবি বিৰূপ মন্তব্য দিয়া কাণত পৰিছে৷ পূজাৰীয়ে চাতুৰী কৰা বুলিও বতাহত কথা ওলাইছে!
আচলতে সত্য কি জানে? সৰস্বতী আইৰ ৱৰ্কল’ড বাঢ়িছে৷ হুঁচ হেৰাইছে দেৱীমাৰ৷ কথাষাৰ কালি চাব মাৰি ক’লে এজনে৷ মোৰো হয় হয় যেনেই লাগিল৷ বিশ্বাস কৰি পেলালোঁ৷
স্কুল-কলেজৰ সংখ্যা আগতকৈ বৃদ্ধি পোৱা নাইজানো? বিভিন্ন ধৰণৰ স্কুল৷ ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও দিনক-দিনে বাঢ়ি গৈছে৷ থেপেৰ থেপেৰকৈ কোনো ৰকম খোজকেইটা মাটিত পেলাবলৈ ধৰা সদ্যএডমিছনপ্ৰাপ্ত পেন্দুকনা নশিকাৰুজনৰ পৰা আৰম্ভ কৰি হোষ্টেল নেৰা বৃদ্ধ-ছাত্ৰলৈ, আজিৰ তাৰিখত জ্ঞানদেৱীৰ ডাইৰেক্ট ভক্তৰ সংখ্যা কমগালনে বাৰু? তদুপৰি আজি হ’ব কালি হ’ব বুলিও ৰিটায়াৰ নোহোৱাজনৰ পৰা আদি কৰি, শেহতীয়া টেট কোৱালিফাইডকে সামৰি, মুষ্টিবদ্ধ হস্ত প্ৰদৰ্শক গুৰুজনলৈকে, হিচাপ উলিওৱাই কঠিন হ’ব কিজানি, শিক্ষাদানৰ সৈতে জড়িত লোকো চৰকাৰীয়ে-বেচৰকাৰীয়ে মিলাই কমসোপা আছেনে? আইৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক থকা এই কেটেগৰীৰ প্ৰত্যেকৰে অভাৱ-অভিযোগ, দাবী-অসন্তুষ্টি, বাদ-বিবাদৰ ফাইলবোৰ চাওঁতে স্বাভাৱিকতে তেওঁক আগতকৈ বেছি সময়ৰ প্ৰয়োজন হ’বই৷ সেয়েহে দেৱীয়ে এতিয়া চিষ্টেমটো চে’ঞ্জ কৰিছে৷ এক্সটেনচন লৈছে৷ তাকে মানুহবোৰে কিয় নুবুজেজানো! এইটোতো একো নতুন কথা নহয়৷ ঘোষিত-অঘোষিতৰ মাজেৰেই কালী, শিৱহঁতে বছৰি দুটা দিন ল’ব পাৰিলে তেওঁ নোৱাৰাৰ কোনো কথা নাই৷ সেইসকলে কনচিদাৰেচন পাব পাৰিলে সৰস্বতীয়ে নোপোৱাৰ যুক্তি ক’ত? ব্যক্তিগত-ৰাজহুৱা, চৰকাৰী-বেচৰকাৰী জাত জাত শিক্ষানুষ্ঠানকে ধৰি ব্যক্তিগত-ৰাজহুৱা পূজাস্থলীত স্তূপীকৃত পৰ্বতসম আৱেদন-নিৱেদনৰ দায়-দায়িত্ব অকলে সামৰাটো কি মুখৰ কথা? সময় বৃ্দ্ধিটো আমালৈ আগ বঢ়োৱা এটা সুযোগ বুলিহে ভাবিব লাগে৷
আৰু এটা কথা৷ কেৱল ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ মাজতেই সীমাবদ্ধ আছেনে কিবা বাগ্দেৱী? মতি, বুদ্ধি, ধ্যান, জ্ঞান, স্মৃতিশক্তি, কল্পনাশক্তি, কবিত্বশক্তি, চৰিত্ৰশক্তি, কণ্ঠ, চিত্ৰ, সংগীত আদি অনেকবোৰ দপ্তৰৰ গৰাকী হোৱাৰ সূত্ৰে দেৱীৰ কৰ্মক্ষেত্ৰ সুবিশাল৷ দেৱতা, মানৱ, যোগী, গন্ধৰ্ব সকলোৰে দ্বাৰাই পূজিতা তেওঁ৷ তেনেস্থলত সময়ৰ নাটনি হোৱাটো নিতান্তই স্বাভাৱিক৷
আচলতে কথাটো তেনেকুৱা৷ তাকে মানুহে নুবুজে৷ বেচেৰীলৈ বেয়া নালাগেনে? এতেকে সামান্য নৰমনিচে হৈ-হাল্লা কৰি অসুবিধাৰ সৃষ্টি কৰাটো অযুগুত৷ একান্ত ভক্তিভাৱে, পৰম শ্ৰদ্ধাসহকাৰে, দেৱীৰ স্তৱ-স্তুতিৰে আৰাধনা কৰি বিদ্যা-বুদ্ধি আদায় কৰি শ্ৰেষ্ঠত্বৰ শাৰীলৈ উন্নীত হোৱাৰ প্ৰয়াস কৰাহে উচিত৷ শুভবুদ্ধি, সৎজ্ঞানহে সকলোকে লাগে৷ সৰস্বতী পূজা দুদিনীয়া হ’ল বুলি তৰ্ক-বিতৰ্ক কিহৰ?
বহুতে আকৌ কৈ আছে, বোলে কি লাভ হ’ব দুদিনকৈ আৰাধনা কৰি? আৰে, এইবাৰ পৰীক্ষাৰ ৰিজাল্টত চাই ল’বনা, কেনেকুৱা ফাটাফাটি আহি আছে! পূজা অথলে নাযায় দিয়ক৷ আইৰ কৰকমলত দুটা দিন পুষ্পাঞ্জলিৰে ভক্তিপূৰ্ণ অৰ্চনা যাচিলে বিনিময়ত আয়ো দয়া পৰৱশ হ’বই হ’ব৷ তাকে নকৰি বিসম্বাদ উলিয়ালে কিন্তু সময়ত মুখ-ঠেকেচা খাব৷ হেনজানি পিছত পস্তাই থকাতকৈ লগ্ন হাতত থাকোঁতেই পৱিত্ৰ মন লৈ পায়স-পৰমান্ন, কল-বগৰীৰ যোগাৰত লাগি যোৱাই শ্ৰেয়৷ সময় সন্নিকট!
সৰস্বতী মহাভাগে বিদ্যে কমললোচনে৷
বিশ্বৰূপে বিশালাক্ষি বিদ্যাং দেহি নমহস্তুতে৷৷
দুই…
সিদিনা ল’ৰা পাঁচটা আহিল৷ সুধিলোঁ... ‘কি হ’ল তহঁতৰ?’
‘সৰস্বতী পূজাৰ চান্দা বিচাৰি আহিছোঁ খুৰা৷ দুদিনীয়া দেই এইবাৰ৷’
কথাৰ সুৰতেই বুজি উঠিলোঁ, বেটাই ডবল চাৰ্জ কৰিছে৷ ক’লোঁ... ‘লিখ, পাঁচ টকাকৈ দহ টকা৷’
ভাব-ভংগী দেখি সিহঁতক সন্তুষ্ট হোৱা যেন নালাগিল৷ সুধিলোঁ... ‘কি হ’ল?’
‘নহয় মানে, দহ টকাকৈ বিশ টকা...’
ঘোপাকৈ চাই দম এটা দিলোঁ... ‘কোন শ্ৰেণীত পঢ়? কোন স্কুল?’
‘স্কুলৰ নহয়, ক্লাবৰ পূজাহে পাতিছোঁ খুৰা৷’
‘পাতিছ পাত বাৰু৷ পিছে চাবিহঁক, এইবাৰ পৰীক্ষাৰ ৰিজাল্ট ভাল নহ’লে তহঁতৰ আটাইকেইটাৰে টিকাত গাইপতি দহচাটকৈ দিম৷ দুদিন চান্স পায়ো সৰস্বতীক গলাব নোৱাৰিলে পাবি বাছা৷ বুজিলিতো?’
ৰচিদ লিখি থকা খীণ-মীন ল’ৰাটো ক্ষন্তেকৰ বাবে কঁপি উঠিল৷
‘জানো, সৰস্বতী দেৱীয়েহে জানে৷’
‘হুঁ, এয়া টকা দহটা ল আৰু ইয়াৰ পৰা ভাগ এতিয়াই৷ যাওঁতে গে’টখন লগাই থৈ যাবি৷’
গে’টখন লগাই সিহঁতকেইটা গ’লগৈ৷
পিছতহে জানিলোঁ, সৰস্বতী দেৱী সিহঁতৰ স্কুলৰ হে’ড মাষ্টৰণীৰ নাম৷ ঠিকেই কৈ গ’ল সি বেচেৰাই৷ 'সৰস্বতী দেৱী'ৰ কৃপাত মহামূৰ্খয়ো পাণ্ডিত্য অৰ্জন কৰে বুলি সিহঁতে জানে তেনেহ’লে! আচল সত্যটো মইহে বুজা নাছিলোঁ৷ ০কো অনায়াসে ৩০ বনাই দিব পাৰে আজিৰ 'সৰস্বতী দেৱী'য়ে৷ তেনেকৈয়ে বৰিষণ হৈ অহা নাইজানো দেৱীৰ কৃপা?

No comments:
Post a Comment