Friday, 23 January 2015

জোনবিলত বিনিময় প্ৰথা দেখিলোঁ আজি


বাতৰি কাকতৰ পাতত জোনবিল মেলাৰ বিনিময় প্ৰথা এইবাৰ ২৩জানুৱাৰীৰ পুৱা ৪বজাৰ পৰা অনুষ্ঠিত হব বুলি জানিবৰে পৰাই মনৰ ভিতৰত জুই একুৰা জ্বলিবলৈ আৰম্ভ কৰিছিল৷ কালি সন্ধিয়া টিভিৰ পৰ্দাত পাহাৰৰ পৰা নামি আহিছে মামা-মামী বুলি লিখা শাৰীটো দেখা পায়ে জুইকুৰাই যেন ঘিউৰ টোপালহে চুই পালে! ভাতকেইটামান খাই লৈ নিশা ১০.৩০ৰ ডিমাপুৰ-গুৱাহাটী নামনিমুৱা বি.জি. এক্সপ্ৰেছৰ শ্লিপাৰত উঠি দিলোঁ৷

জাগীৰোডত নামিলোঁগৈ নিশা ২.৩০ত৷ ষ্টেচনৰ পৰা ওলায়ে কালক্ষয় নকৰি চিধাই খোজ ললোঁ জাগীৰোড-মৰিগাঁও পথৰ ৰেল গেটলৈ৷ ডিমাপুৰৰ পৰা চেনীমাৰীৰ নিজ ঘৰলৈ যোৱা ১০টা ডেকাৰ লগতে টেম্প এখনত ঠেলা-হেঁচা কৰি নিজেও বহি ললোঁ৷ সিহঁতক চেনীমাৰীত থৈ টেম্পই মোক নমালেগৈ তিৱা স্বায়ত্তশাসিত পৰিষদৰ অৰ্থসাহায্যৰে নিৰ্মিত ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলা তোৰণৰ সন্মুখত৷ তাৰ পৰা খোজ কাঢ়ি মেলাৰ প্ৰাংগণত প্ৰৱেশ৷


থলী পাওঁগৈ মানে নিশা তেতিয়া ৩.৩০৷ পোহৰ হবলৈ বহুত বাকী৷ অথচ চকুৰ আগলৈ এনে এটা দৃশ্য আহিল যিটো নিজে নেদেখিলে বিশ্বাস নহব৷ তৎমুহূৰ্ততে মনত আশ্চৰ্যৰ উদয় হল... জোনবিল মেলাৰ বিনিময় প্ৰথা এনেকুৱা! পৰিৱেশ দেখি সঁচাকৈ বিস্মিত হলোঁ৷ ঘৰৰ পৰাই লগত লৈ যোৱা টৰ্চটোৱে বৰ কামত দিলে৷ মানুহৰ মাজে মাজে টৰ্চ মাৰি মাৰি গোটেইখন এফালৰ পৰা পিটপিটাই ফুৰিলোঁ আৰু চৌপাশ পৰ্যবেক্ষণ কৰিলোঁ৷ ৰাজ-দৰবাৰৰ পেণ্ডেলত বহি কিছুপৰ তিৱা গান শুনিলোঁগৈ৷ তিৱা, নেপালী, কাৰবি, খাচি পুৰুষ-মহিলাৰ সৈতে জুইফুৱাই ফুৱাই অতীত-বৰ্তমান-ভৱিষ্যৎ সম্পৰ্কীয় কথা পাতি কটালোঁ৷

পুৱা ৪বজাৰ পৰিৱৰ্তে এঘণ্টা পলমকৈ বিনিময় প্ৰথা উদ্বোধন হল৷ মাইকত ঘোষণা দিলে যে এতিয়া ৰাইজে বিনিময় প্ৰথা আৰম্ভ কৰিব পাৰে৷ ভলণ্টিয়াৰসকলেও কৈ গল একো বাধা নাই বুলি৷ তাৰ পিছত আকৌ এক আচৰিত পৰিৱেশ৷ মামা কি আনিছ? মামী কি আনিছ? হালধি আছে? আদা আছে? প্ৰথমবাৰৰ বাবে বিনিময় প্ৰথা দেখাৰ হেঁপাহ পূৰণ হোৱাৰ আনন্দ লাভ কৰিলোঁ ৷ অন্ধকাৰ হৈ থকা সত্ত্বেও, ঠাণ্ডাই বিধি-পথালি দিয়া সত্ত্বেও বোৱা মানুহৰ সোঁত, মানুহৰ উৎসাহ দেখি সঁচাই অভিভূত নহৈ নোৱাৰিলোঁ৷ তেতিয়াও অনেকজন আহিয়েই আছে, টোপোলা আনিয়েই আছে৷



আপাত দৃষ্টিত জোনবিলৰ পাৰত সেয়া মাছ-কচু, হালধি-আদা, সান্দহ-পিঠাৰ বিনিময় হোৱা দেখিলোঁ যদিও কেৱল সেয়াই নহয়৷ থল আৰু পাহাৰৰ ভাব-বতৰাৰ বিনিময় হল, চেনেহ-প্ৰীতিৰো বিনিময় হল জোনবিল মেলাত৷ এই বিনিময়, এই আদান-প্ৰদান অজৰ-অমৰ হৈ থাকক৷ ৰঙিয়া-ডিব্ৰুগড় উজনিমুৱা ৰেলৰ ডবাত খিৰিকীৰ কাষত বহি ঘৰমুখী হওঁতে কথাবোৰ তেনেকৈয়ে ভাবি আহিলোঁ৷



No comments:

Post a Comment