চিঠিখন কেতিয়াবাই পঢ়িছিলোঁ,
কামটোহে কাইলৈ…
২৭জুন ২০১৪ তাৰিখেই দিশপুৰৰ পৰা চিঠিখন দিছিল অসম
চৰকাৰৰ চ’চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে৷
নাগালেণ্ড গান্ধী আশ্ৰমৰ ফাউণ্ডাৰ চেক্রেটেৰী, পদ্মশ্ৰী, নটৱৰ থক্কৰ ডাঙৰীয়ালৈ প্ৰেৰণ
কৰা চিঠিখন পঢ়িবলৈ পাইছিলোঁ তেতিয়াই৷ বিষয়টো আছিল, সমাজ সেৱাৰ বাবে মুক্তিযুঁজাৰু,
প্ৰবীণ গান্ধীবাদী জনাৰ্দন পাঠকলৈ ২০১৩চনৰ ‘অমলপ্ৰভা দাস বঁটা’ আগ বঢ়োৱাৰ সিদ্ধান্ত লোৱা হৈছে৷ কাৰবি আংলঙৰ সৰিয়হজান
সেৱা কেন্দ্ৰৰ মাৰফততো একে সময়তে চিঠিখনৰ ক’পী পঠিওৱা হৈছিল তেতিয়াই৷
বঁটা ২০১৩ৰ, ঘোষণা ২০১৪ত, প্ৰদান ২০১৫ত!
সেয়া যি কি নহওক, কাইলৈ ২৮জানুৱাৰী ২০১৫ তাৰিখে
ডিফুৰ জয়ছিং দলৈ অডিট’ৰিয়ামত, দিনৰ ১১বজাত ৯৪বছৰীয়া
সমাজ-কৰ্মীগৰাকীলৈ আনুষ্ঠানিকভাৱে আগ বঢ়োৱা হ’ব এই সন্মান৷
প্ৰথম মিকিৰ পাহাৰ জিলা পৰিষদৰ (সম্প্ৰতি কাৰবি
আংলং স্বায়ত্তশাসিত পৰিষদ)ৰ উপাধ্যক্ষ, পৰিষদৰ প্ৰতিষ্ঠা লগ্নৰ একমাত্ৰ জীৱিত সদস্য,
জনাৰ্দন পাঠকৰ জীৱন আৰু কৰ্মৰ বিষয়ে যুগুতোৱা ৩০টা বাছকবনীয়া লেখা আৰু আত্মজীৱনীমূলক
টোকা ‘আত্মকথন’ৰ সৈতে দুটা খণ্ড সম্বলিত সংকলন
‘জনসেৱক জনাৰ্দন, the spark’ গ্ৰন্থখন কৰাৰ সৌভাগ্য হৈছিল
২০১১চনতে৷ আৰু তেতিয়াই অধিক জানিবলৈ পাইছিলোঁ এই ব্যক্তিগৰাকীৰ বিষয়ে৷
নটৱৰ থক্কৰে ১০.১০.১৯৯৭ তাৰিখে এঠাইত লেখিছিল...
“পাঠকৰ দৰে ব্যক্তিৰ বাবে তেওঁৰ
কৰ্মই আচলতে এক ধৰণৰ পুৰস্কাৰ৷ আদৰ্শৰ প্ৰতি নিৰন্তৰ আকূতি আৰু বাস্তৱ জীৱনত তাৰ দৃঢ়
ৰূপায়ণ দুয়োটাৰ পৰাই মনৰ ভিতৰত সন্তুষ্টিয়ে গঢ় লয়৷ ৭৬বছৰ বয়সত জনাৰ্দন পাঠকে তেওঁৰ
জীৱনলৈ সন্তুষ্টিৰে ঘূৰি চাব পাৰে৷ জনাৰ্দন পাঠকৰ দৰে সন্তানৰ জন্ম দি অসম জননী নিঃসন্দেহে
সৌভাগ্যশীলা৷ হয়তো বহুতে তেখেতৰ নাম নাজানিব পাৰে, এয়া অকণো আচৰিত কথা নহয়৷ কাৰণ ওপৰত
বৰ্ণনা কৰা সকলোবোৰ ভাল কৰ্মই সংঘটিত হৈছিল নীৰৱে, জনসমাগমৰ পৰা নিলগত৷ যিকোনো সমাজেই
ইয়াৰ মাজত তেনে এজন সন্তানক লাভ কৰি গৌৰৱাতি হ’ব পাৰে৷”
পৱিত্ৰ বৰাৰ দ্বাৰা সম্পাদিত, ডিহুনৰ দ্বাৰা প্ৰকাশিত
কিতাপখনৰ আৰম্ভণিতে ‘শ্ৰীমদ্ভগৱদ্ গীতা’ৰ এই শ্লোকফাকি আছে… ‘কৰ্মণ্যেৱাধিকাৰস্তে মা ফলেষু
কদাচন৷ মা কৰ্মফলহেতুৰ্ভূৰ্মা তে সংগোহস্ত্বকৰ্মণি৷৷’ (কেৱল কৰ্ম কৰিবলৈহে তোমাৰ অধিকাৰ
আছে; কৰ্মফলত তোমাৰ অধিকাৰ নাই৷ গতিকে ফলৰ আকাংক্ষাত কৰ্মত প্ৰবৃত্ত নহ’বা, আকৌ নিষ্কৰ্মা হৈ থাকিবলৈও
বাঞ্ছা নকৰিবা৷)
No comments:
Post a Comment