দিনত শোৱাৰ বিষাদ আৰু আনন্দ
(গল্প নহয়, সত্য)
মনত পৰে৷ আমি তেতিয়া সৰু সৰু৷ মানে এল.পি. স্কুলৰ
পোৱালি৷ মা-দেউতা অফিচলৈ যায়৷ আমাৰ তদাৰকীৰ ভাৰ ন্যস্ত হয় আন কোনোবাজনৰ ওপৰত৷ স্কুলৰ
পৰা আহি ঘৰ সোমোৱাৰ পিছত হাত-মুখ ধুবলৈ দিয়া, ভাত-পানী উলিয়াই দিয়া, কাজিয়া লাগিলে
ভঙা …এই ধৰণৰ চোৱা-চিতাবোৰ কৰিছিল
সেই সময়ত আমাৰ ঘৰতে থকা পোহৰ নামে এজন ডেকাই৷ এই কথা এতিয়া ভাবি আচৰিত লাগে যে তেজ-মঙহৰ
কোনো সম্পৰ্ক নথকা এই কেয়াৰটেকাৰজন এতিয়া ক’ত তাক সমূলি নাজানো৷ চেহেৰাও পাহৰিলোঁ৷ ফটোও নাই৷ ফিডিং
বটল খোৱাৰ দিনৰে পৰা আৰম্ভ কৰি এলিন, এষ্ঠাৰ, আল্লাউদ্দিন, আব্দুল, সৰু কাঞ্চা, ডাঙৰ
কাঞ্চা, দেবেন, বাহাৰ, চুতু, মইনুল, মহিবানু, চেলিমালৈকে কতজনক পালোঁ সময়ৰ অগ্ৰগতিৰ
সৈতে মিলাই৷ কাকো পাহৰিব নোৱাৰি৷ তাৰ মাজতে আকৌ আমাৰ দুই নম্বৰ খুৰাজনেও কিছু সেৱা
আগ বঢ়াই গৈছে৷ ছালখন বগা আছিল বাবে তেওঁৰ নামটো বগাখুৰা৷ চবতকৈ ভয়ংকৰ আছিল বগাখুৰাৰ
শাসন কালটো৷ যাক আচলতে তদাৰকী নুবুলি চৰ্দাৰী বোলাই যুগুত৷
স্কুলৰ পৰা আহি ভাতকেইটা খালোঁ মাত্ৰ, চিধাই বিছনাত
উঠিবলৈ কাঢ়া নিৰ্দেশ৷ একান্ত অনিচ্ছাসত্ত্বেও আমি তিনিওটাই গাৰু তিনিটা লৈ ঢলি পৰোঁ৷ সেইটো
বয়সত দিনত শুবলৈ কোনেনো ভাল পায় বাৰু? গতিকে টোপনি নহাটোৱে স্বাভাৱিক৷ কামাণ্ডাৰো
ইফালে নাচোৰবান্দা৷ এটা যেন বিভীষিকা৷ কথা নুশুনিলে প্ৰথমে ৰঙা চকু দেখুৱাই দম দিয়ে৷
আকৌ ইকাটি হওঁ, সিকাটি হওঁ৷ সতকাই টোপনি নধৰে৷ হ’লেও আদেশ শিৰোধাৰ্য কৰি দুচকু জোৰেৰে জপাই ৰওঁ৷
টোপনি যোৱাৰ ভাও জুৰোঁ যদিও ভিতৰি চকুকেইটাই নিয়ন্ত্ৰণহীন হৈ পিৰিকিয়াই থাকে৷ তেনে
পৰিস্থিতিত বগাখুৰাই ওচৰলৈ আহি জুমি জুমি চায়৷ আকৌ এজাউৰি গালি খাওঁ৷ টোপনি নগৈ চকু
টিপিয়াই থকাৰ শাস্তি হিচাপে তেওঁ হাতত লৈ থকা মাখিমৰাপাটেৰেই চেটেপ চেটেপকৈ টিকা আৰু
কলাফুলত বিষাই যোৱাকৈ কোব শোধায়৷ সেই মাৰকেইচাট খাই ভয়তে অলপ পিছত নিদ্ৰাদেৱীৰ কোলাত আশ্ৰয়
লওঁ৷
সঁচাকৈ ক’বলৈ গ’লে, অতি টান পাইছিলোঁ এই দিনত শুৱা কাৰবাৰটো৷ বিদ্ৰোহী
হৈ উঠে মন৷ হ’লেও উপায় নাই৷ আনহাতে বন্ধবাৰত
মা-দেউতাহঁত ঘৰত থাকিলে পিছে দিনত শোৱাৰ নাম-গোন্ধেই নলওঁ৷ সেইদিনা আমাৰ আজাদী৷ কিবাকিবি
কৰি কটাই দিওঁ৷ বেলি পশ্চিমলৈ হাউলিলেই চিধাই বলটো লৈ ফিল্ডলৈ দে দৌৰ৷ আৰু পায় কোনে?
বিছনা, টোপনি বাই বাই৷
এতিয়া পিছে সেই কামটোকে কৰি বেলেগ ধৰণৰ সুখানুভূতি অনুভৱ কৰিব ধৰিছোঁ৷ এনেয়ে ঠাণ্ডা দিন৷ বাহিৰত অলপ গৰম লাগিলেও ঘৰৰ ভিতৰখনহঁত চেঁচা হৈ থাকে৷ হাত-ভৰি আৰু কাণত ঠাণ্ডা লাগে৷ কী-ব’ৰ্ড চলোৱাটো টান হৈ পৰে৷ তন্দ্ৰালু ভাব এটায়ো তাৰ মাজে মাজে আমনি কৰেহি৷ কাম কৰি থাকোঁতেই চকু দুটা কোনোবাফালে টানি লৈ যায়৷ ইফালে ডাৱৰে ঢাকি ধৰাত কেতিয়াবা বেলিটো নোলায় বা পলমকৈ ওলায়৷ তেতিয়া ঠাণ্ডা বেছিকৈ লাগে৷ সাতে-সোতৰই মিলাই কম্পিউটাৰ সামৰি আস্তেকৈ বিছনাত উঠোঁগৈ৷ কোনেও একো কামাণ্ড দিয়াৰ দৰকাৰ নপৰে৷ টোপনি ধৰিছে, শুব লাগে৷ বচ, সেইটোৱেই জানো৷ ডাঠ কম্বলখন টানি মূৰে-গায়ে লৈ লওঁ৷ উশাহ ল’বলৈ ফুটা এটা কৰি থওঁ৷ উম পাই এটা সময়ত ক’ব নোৱাৰা হৈ পৰোঁ৷ তাৰ আগতেই ম’বাইলটোৰ ওপৰফালে থকা চেপেটা বুটামটোত হেঁচা এটা মাৰি অলপ দূৰলৈ দলি মাৰি দিওঁ যাতে কোনেও মোৰ এই আনন্দ ভংগ কৰিব নোৱাৰে৷ যেতিয়া সাৰ পাম, তেতিয়া দেখা যাব৷
এই কামটোকে আজিকালি সঘনাই কৰিবলৈ লৈছোঁ৷ ভাষাৰে
বৰ্ণনা কৰিব নোৱাৰা এক ধৰণৰ মজা অনুভৱ কৰিছোঁ৷ একালত বেয়া লগা কথা-কাণ্ড একালত ইমানযে
ভাল লাগে! লগে লগে মানৱ জীৱনৰ এই সত্যটোও বুজি উঠিছোঁ৷
No comments:
Post a Comment