Thursday, 8 January 2015

লিন্দা ওলালহি, হঠাতে...

আমেৰিকাৰ ইউজিনত থকা ইউনিভাৰ্চিটি অব অৰিগনৰ ডিপাৰ্টমেণ্ট অব লিংগুইষ্টিকচৰ প’ষ্টডক্টৰেল ৰিচাৰ্চ এছ’চিয়েট লিন্দা৷ ২০১৪ৰ মাৰ্চত তেওঁ কাৰবিসকলৰ বৰ্ণনামূলক ব্যাকৰণ সম্বন্ধীয় ডক্টৰেল ডিজাৰটেচন লিখি উলিয়াইছে৷ খ্ৰীষ্টমাছৰ পিছতে গৃহদেশ জাৰ্মানীৰ পৰা লিন্দা আকৌ উৰা মাৰিলে ডিফু আভিমুখে৷ তিবেত’-বাৰ্মা লিংগুইষ্টিকচ, ফাংচনেল লিংগুইষ্টিকচৰ কামত দীৰ্ঘদিন ধৰি ব্ৰতী হৈ থকা ছোৱালীজনীৰ এইবাৰৰ গৱেষণাৰ থলী মণিপুৰ৷ মণিপুৰৰ চান্দেল জিলাৰ প্ৰায় ২,০০০ লোকে কোৱা মনচাং ভাষাক কেন্দ্ৰ কৰি তাই পুনৰ সোমাই পৰিছে এখন নতুন পৃথিৱীত৷

৮জানুৱাৰীৰ এই বিশেষ দিনটোতে মোক আচৰিত কৰি, কমন ফ্ৰেইণ্ড ৰাছিনজাৰ সৈতে দুপৰীয়া হঠাতে আমাৰ ঘৰ ওলালহি ভাষাৰ সন্ধান কৰি ভাল পোৱা ছোৱালীজনী৷ উগ্ৰপন্থীৰ ১২ঘণ্টীয়া কাৰবি আংলং বন্ধ নেওচি, খোজ কাঢ়িয়েই৷ জাৰ্মান গৱেষিকাগৰাকীক দ্বিতীয়বাৰৰ বাবে এনেকৈ পাই খুব আনন্দ লাগিল৷ সিবাৰৰ কথাবোৰ তাইৰ মনত আছে৷ একেখন টেবুলতে আজিও হাঁহি-ধেমালিৰ মাজেদিয়েই কথোপকথন আৰম্ভ হ’ল৷ ব্ৰাজিলত সৌ-সিদিনা তাইৰ দেশ জাৰ্মানী ফুটবলৰ বিশ্বচেম্পিয়ন হোৱাৰ পৰা আদি কৰি শেহতীয়া কৰ্মৰাজিকে ধৰি, জাৰ্মানীৰ ইটো-সিটো বহুতো কথা সোধাৰ, জনাৰ, ম’বাইলত চোৱাইষ্টাইগাৰহঁতকলৈ ষ্টুটগাৰ্ডত কৰা চেলিব্ৰেচনৰ ক্লিপি্ংচ চোৱাৰো সুযোগ পালোঁ৷ ইনফৰ্মেচনৰ আদান-প্ৰদান চলিল ৰঙাচাহত চুমুক দি দি৷ কৰ্মস্থলীত বেছ কিছু সময় কটাই এসময়ত হাত মিলাই তাই বিদায় ল’লে৷

কাইলৈ ইম্ফল পাবগৈ ডক্টৰ লিন্দা৷ উত্তৰ-পূবৰে অন্য এটা জনগোষ্ঠীক আঁকোৱালি ল’বগৈ৷ এদিন আকৌ ক’বহি আমি নজনা অথচ দৰকাৰী, তথ্যসমৃদ্ধ অনেকবোৰ কথা৷

No comments:

Post a Comment