শদিয়ালৈ গ’লোঁ, দীঘল দলং চালোঁ (৫৩)
টু বাই ৱান বাছখনৰ প্ৰথম শাৰীৰ আসন দুখনেই আমাৰ৷ ভাৰতৰ দীঘলতম দলংখনৰ মুখ পোৱাৰ এক ফাৰ্লংমান আগৰে পৰাই খিৰিকীৰ কাষৰ চিটটোক লৈ দুয়োৰে মাজত ক্ষন্তেকীয়া টনা-আঁজোৰা নচলাকৈ নাথাকিল৷ দলঙে আমাক শিশু অৱস্থালৈ ঘূৰাই লৈ গ’ল যেন! এওঁ জিকিল, মই হাৰিলোঁ৷ খিৰিকীৰে সোমাই অহা আবেলিৰ উজ্জ্বল ৰ’দে মুখমণ্ডলত পোৰণি তুলিলেও ম’বাইলটো হাতত লৈ সাজু হ’ল অলপ পাছতে আহিবলগীয়া দৃশ্যবোৰ ফটো ক্লিক্ আৰু ৰেকৰ্ডিঙেৰে স্মৰণীয় কৰাৰ বাবে৷ 'ৰ'বা, এনেকৈ নহয়' বুলি কৈ মই কেমেৰাটো ৰাক্চেকৰ পৰা ফটাফট উলিয়াই লেন্সখন খুলিলোঁ আৰু তেওঁৰ হাতত দিলোঁ৷ দলং আৰম্ভ হ’ল কি নহ'ল, হেঁচা পৰিল ৰেকৰ্ডিঙৰ ৰঙা বুটামত৷ একেবাৰে সিমূৰেহে দ্বিতীয় হেঁচাটো দিলেগৈ৷ এওঁ সেইটো কামত ব্যস্ত থকাত মই আসনৰ পৰাই ডিঙি মেলি মেলি ইফালে-সিফালে লক্ষ্য কৰি নয়ন সাৰ্থক কৰি গ’লোঁ৷ ইফালে অবুজন মন৷ এবাৰ ভাবিলোঁ, কেবিনলৈকে সোমাই যাওঁ নেকি? নাই, নহ'ব৷ কেবিনতো কেইবাজনো ৰেকৰ্ডিষ্ট আগৰে পৰাই মজুত৷ ঘৰৰ পৰাই ভাবি আহিছে চাগৈ৷ পাছফালৰ পৰা উঠি আহি আগে-ভাগে অৱস্থান লৈ লৈছে৷ হেতা-ওপৰা লগাবৰ মন নগ’ল৷ সকলোৰে একেই হেঁপাহ-উত্তেজনা, একেই উৎসাহ-উদ্দীপনা৷ দুখন খিৰিকীৰে দুটা ফালৰ লগতে তেওঁলোকৰ কান্ধ আৰু হাতৰ ফাঁকেৰেই মাজে মাজে আগলৈ নিৰীক্ষণ কৰি গ'লোঁ৷ মনৰ ক্ষুধা যেন নপলাবই! বাকী যাত্ৰীসকলৰো অৱস্থা একেই, অন্য সময়ৰ দৰে এতিয়া কোনেওচোন টোপনিওৱা নাই!
বিখ্যাত দলংখন স্বচক্ষে দৰ্শন কৰাৰ মানসেৰে বহু লোক পৰম উছাহ আৰু আগ্ৰহেৰে আহিছে৷ ট্ৰেফিক জাম দেখিয়েই গম পাই গৈছোঁ যে এয়া দেওবৰীয়া ভিজিটৰৰ উখল-মাখল৷ কাৰোবাৰ পৰা হোৱাটছএপ মেচেঞ্জাৰৰ জৰিয়তে নিজৰ ম'বাইললৈ অহা খবৰটো পাই ছাজিদ আলমে অথনিতে কৈছিল, ‘দলঙত আজি ছেল্ফী উৎসৱ চলি আছে৷ দেখি যাবা তোমালোকে৷’ কথাটো হয়৷ এতিয়া নিজ চকুৰে দেখা পাইছোঁ৷ ছেল্ফী মৰাৰ অঘোষিত প্ৰতিযোগিতাত নামি পৰিছে প্ৰায়সমূহ দৰ্শনাৰ্থী৷ 'লে লে ছেল্ফী' যেন সকলোৰে ওঁঠে ওঁঠে৷ দুয়োকাষে অসংখ্য গাড়ী, বাইক, টেম্প', মেজিক ইত্যাদি৷ চাৰিচকীয়া, তিনিচকীয়া, দুচকীয়া লানি লানি৷ পুলিচৰ লোক হ'লে কেনিও এজনো নাই পোৱা৷ হুইচেলৰ শব্দও শুনা নাই৷
দলঙৰ ওপৰত পৰি থকা চিপ্ছৰ খালী পেকেট, প্লাষ্টিকৰ কেৰী বে'গ, ফটা কাগজৰ টুকুৰা, পাণ-তামোলৰ পিক্হে অ’ত-ত’ত দেখি গৈছোঁ৷ পৰিষ্কাৰক অপৰিষ্কাৰ কৰা, সুন্দৰক অসুন্দৰ কৰাটো আমাৰ যেন জাতীয় চৰিত্ৰ! সেয়েহে ইউ.এছ. প্ৰেছিডেণ্ট বাৰাক অ'বামাই ভাৰতত ভৰি দিয়াৰ আগে আগে নৰেন্দ্ৰ মোদীজীয়ে বুদ্ধি কৰি আৰম্ভ কৰি দিছিল স্বচ্ছ ভাৰত অভিযান! ইয়াতো দেখিছোঁ লেতেৰা নহ'বলৈ বা নকৰিবলৈ কিবা ফন্দি ৰচিব লাগিব৷ অন্যথা ৰুটিনমাফিক কোনোবা চাফাইকৰ্মীৰ দৰকাৰ হ'বগৈ৷ কিছুমান অফিচ আৰু বিল্ডিঙৰ খটখটীৰ চুকে চুকে শ্ৰীকৃষ্ণ-ৰাধা, শিৱ-পাৰ্বতী, গণেশ, লক্ষ্মী আদিৰ ফটো যে বেৰত লগাই ৰখা হয়, তেনেকুৱা কৰিলে কাম সিজিবনে? ভাবিলোঁ মনে মনে৷

দলঙৰ ওপৰত পান-তামোল খাই পিক্ পেলোৱা; আলু চিপ্চ, গুট্খা, চাধাৰ পেকেট এৰি থৈ যোৱা; চিগাৰেটৰ টুকুৰা, পানীৰ বটল আদি পেলোৱা বা সেইবোৰ পানীলৈ দলিওৱাটো কঠোৰতাৰে নিষিদ্ধ কৰিব লাগে৷ সাৱধানবাণীযুক্ত ফলক আঁৰি ৰাখিব লাগে৷ অনিয়ম দেখিলেই লগে লগে ধৰিব লাগে আৰু অত্যাচাৰীক জৰিমনা, আনকি শাস্তি বিহাৰ ব্যৱস্থাও কৰিব লাগে৷ ডাষ্টবিন ৰাখিব লাগে স্থানবিশেষে৷ কোনো বেচৰকাৰী সংগঠনক পৰিষ্কাৰ-পৰিচ্ছন্নতা বৰ্তাই ৰখাৰ দায়িত্বত সম্পূৰ্ণভাৱে নিয়োগ কৰাও ভাল৷ অন্যথা এনে লেতেৰা কাৰবাৰবোৰ অসমক ভাল পোৱা, ডক্টৰ ভূপেন হাজৰিকাক ভাল পোৱা, এই দলংখনক ভাল পোৱা মানুহৰ কাৰণে অতিশয় পীড়াদায়ক হৈ উঠিব৷ বাহিৰৰ পৰা অহা পৰ্যটকেও নহ'লে পাছত আমাকেই থু থু কৰিব৷
একাংশ বাইক আৰোহীয়ে দৰ্শনকাৰীৰ হেমগেমৰ মাজতেই অপ্ৰয়োজনীয় গতিত বাইক চালনা কৰিছে৷ বেপৰুৱা কাৰবাৰ৷ একেৰাহে হৰ্ণ বজাই কাণ ঘোলা কৰি দিছে আমাৰ চালকৰ৷ শুনি তেওঁৰ খং৷ টিকচি-বিকচি উঠিছে মধ্যবয়সীয়া ড্ৰাইভাৰজন৷ পৰা হ'লেই নামি গৈ দুথাপৰ মাৰেই! বাইকে কেনেবাকৈ বাছখনত চুমা খাই যাব লাগিলে হ'লেই আৰু৷ সৰ্বদোষ তেওঁৰেই হ'ব৷ তাতে তেওঁৰ আজি প্ৰথম দিন৷ গাড়ী-মানুহৰ মাজে মাজে প্ৰয়োজনত হৰ্ণ বজাই গহীন ভাবত সাৱধানে আগুৱাইছে আমাৰ বাছ 'তনুজ'৷
দলঙৰ মাজভাগ পালোঁ৷ দুয়োটা কাষত যান-বাহন ৰাখি ফটো তোলাত ব্যস্ত হৈ পৰিছে অনেক পুৰুষ-মহিলা, যুৱক-যুৱতী৷ ইমান হেঁপাহ আগতে কোনোবা দলঙৰ প্ৰতি মানুহৰ জাগিছিলনে নাই সন্দেহ৷ সিফালৰ পৰা অহা বাছ, ৱিংগাৰ, মেজিকবোৰতো মানুহ ভৰ্তি৷ কিৰিলীৰ শব্দই কাণ ফালি পেলাওঁ ফালি পেলাওঁ যেন কৰিছে৷ এইটো জীৱনকালতে প্ৰথমবাৰৰ বাবে এনেখন দলং দেখা পাই সকলোৱেই উৰুলীকৃত৷ সেয়েহে এনেকুৱা মুক্ত প্ৰকাশ৷ বাধা দিয়াৰ সাধ্য কাৰ? সেইবোৰে বাধা জন্মালেও আমাৰ এওঁ ৰেকৰ্ডিং বন্ধ কৰা নাই৷ সুযোগ পাওঁতেই সকলো সামৰি পেলাইছে যাতে ঘৰলৈ গৈ দেখুৱাব পাৰে আজৰি সময়ত ছবি চাবলৈ, কাহিনী শুনিবলৈ অহাসকলক, যিসকলে এওঁৰ দৰে আহোঁ বুলিয়েই ঘৰ-পৰিয়াল, কাম-ধাণ্ডা এৰি ঘপকৈ আহিব পৰা নাই৷

মহাসেতু দৰ্শনৰ বাবে ঘাইকৈ অসম আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন লোকে ভিৰ কৰাটো পৰিলক্ষিত হৈছে৷ আনহাতে নিৰাপত্তাৰ ব্যৱস্থা ঠিকমতে নকৰাত কোনো কোনো দৰ্শনাৰ্থীয়ে আশ্চৰ্য প্ৰকাশ নকৰা নহয়৷ নিশাৰ ভাগত পোহৰৰ ব্যৱস্থা নোহোৱাকৈ দলংখন মুকলি কৰি দিয়াত বহুতেই তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে সংবাদ মাধ্যমত৷ বেলি ডুবাৰ পাছত পোহৰৰ ব্যৱস্থা নথকাত দলঙৰ ওপৰত শোকাবহ পথ দুৰ্ঘটনা সংঘটিত যে নহ'ব তাক নুই কৰিব নোৱাৰি৷ সেইবোৰ যেন কাৰো নহওক৷ তাকেহে কামনা কৰিছোঁ৷
পশ্চিম আকাশলৈ চালোঁ৷ আকাশত সূৰ্যৰশ্মিৰ ৰেশ৷ সূৰ্যাস্ত চাবলৈ বৰ ভাল লাগিব দলঙৰ পৰা৷ পিছে ৰৈ থকাটোযে আমাৰ পক্ষেযে অসম্ভৱ৷ বাছখন গৈ আছে৷ পানীলৈ চালোঁ৷ বিশাল ব্ৰহ্মপুত্ৰৰ বুকুত অনুষ্ঠিত হোৱাৰ দৰে লোহিতৰ পানীতো জলক্রীড়াৰ সম্ভাৱনীয়তা থাকিব পাৰে চাগৈ৷ সেই লৈ গৱেষণাৰ থল আছে৷ সকলো ঠিকে থাকিলে লোহিতৰ বক্ষও উত্তেজনাপূৰ্ণ দুঃসাহসিক ক্রীড়াৰ থলী হিচাপে গঢ়ি তুলিব পৰা যাব কিজানি৷ কলৰ ভূৰৰ পৰা আদি কৰি নৌকা চালনা, জেট স্কীয়িং, স্পীড ব’টিং, ৱাটাৰ চাৰ্ফিং, ৰিভাৰ ব’টিং, সাঁতোৰ আৰু অন্যান্য বহুতো পানী-খেলৰ আয়োজন কৰিব পৰা যাব নিশ্চয়৷ এনে ধৰণৰ চৰম আনন্দময় অভিজ্ঞতা ল’বলৈ দেশী-বিদেশী একাংশ পৰ্যটক সদায়ে উন্মুখ হৈ থাকে৷ তেনে আয়োজন সম্ভৱ কৰিব পাৰিলে পৰ্যটন সংস্থাৰ বিজ্ঞাপনৰ ভাষাৰে অসম সঁচাকৈয়ে হৈ পৰিব এমেজিং আছাম৷
অসম পৰ্যটন নিগমে কিবা ভাবিছে যদি নাজানো, ব্ৰেণ্ড এম্বেছাডৰ প্ৰিয়ংকা চোপ্ৰা মহাশয়াই পৰ্যটনৰ দিশত অসমক আগ বঢ়াই নিয়াক লৈ দূৰত থাকিও চিন্তা-চৰ্চা কৰি আছে নিশ্চয়৷ আমাৰ মতে, আমি নিজ চকুৰে দেখি থকা এই দলং সংযোগী পথছোৱাৰ চৰজমিন পৰিৱেশ অধ্যয়ন কৰি দুয়ো পাৰে সুপৰিকল্পিতভাৱে বিভিন্ন আয়োজনৰ সুস্থ আৰু মেটমৰা এনেকুৱা কিছু সম্ভাৰেৰে ঠাইখিনি সজোৱা উচিত যাতে এই এলেকাটো দেশৰ ভিতৰতে অনন্য, আটকধুনীয়া তথা বিৰল পৰ্যটন স্থল হ’বগৈ পাৰে৷ দলং দৰ্শনকে উপলক্ষ্য কৰি ইয়ালৈ অহা লোকসকলক ইয়ে ভাবিব নোৱাৰাকৈ আনন্দময় আৰু শিক্ষাসদী অভিজ্ঞতা প্ৰদান কৰিব৷ জিলাখনৰ মান-মৰ্যাদাও বহু ওপৰলৈ উঠিব৷ ভাৰতৰ সম্পদ, উত্তৰ-পূবৰ সম্পদ ভূপেন হাজৰিকা সেতু সঁচা অৰ্থত মহীয়ান হৈ পৰিব৷ নতুনকৈ মূল্যায়ন হ’ব বুৰঞ্জীপ্ৰসিদ্ধ শদিয়াৰ৷
দলংখন ক্ৰমাৎ নেদেখা হৈ পৰিল৷ আগতে শদিয়া ঘাট, ছৈখোৱা ঘাট পাৰ হৈ নৌকাযাত্ৰাত অতিষ্ঠ হোৱা মানুহে কৈছিল, এই বাটে নাহোঁ উভতি দুনাই৷ আজি কিন্তু আমি আটায়ে ক'লোঁ, এই বাটে আকৌ আহিম, ভাল লাগিছে আহি৷
আহি আহি ৫.০০ বজাত ধলা সোমালোঁহি৷ আকাশত ৰান্ধনী বেলিৰ পোহৰ আছেই৷ নদীয়াল, নাৱৰীয়া-মাছুৱৈ জীৱনৰ সমানে সমানে ধলাৰ বজাৰখন এতিয়া আগতকৈ মোলান পৰা বুলি অভিযোগ উঠিছে৷ কাৰণটো হ’ল, যুগ-যুগান্তৰ ছৈখোৱা ঘাটেৰে লোহিতৰ পানী কাটি আহি-গৈ থকাৰ পাছত পৰহিৰে পৰা শদিয়ালৈ আনুষ্ঠানিকভাৱে পোনপটীয়া পথ যোগাযোগ স্থাপন হ’ল, দেশৰ ভিতৰতে সুবৃহৎ দলঙৰ ওপৰেদি৷ আমিও অলপ আগতে সেই বাটে গহীনাই পাৰ হৈ আহিছোঁ৷ ধলাৰ নিৰ্দিষ্ট স্থান গৈ পোৱাৰ লগে লগে চালকে বাছখন ঘূৰাই ল’লে৷ কাৰণ, সোমোৱা বাটেৰেই ওলাই আহিব লাগিব ধলা তিনিআলি পৰ্যন্ত প্ৰায় ২.৫-৩ কিল'মিটাৰ৷ ওচৰতে অসম ৰাজ্যিক পৰিৱহণ নিগমৰ আস্থানটো৷ বোকাত পোত গৈ অৱস্থা কাহিল৷ চিন্তা কৰিলোঁ, কেনেকৈ মানুহ তালৈ যায়, কেনেকৈ গাড়ীত উঠে? ঠাইডোখৰৰ দেখোন কোনো পৰিচৰ্যা নাই! ভাল দৃশ্য কিছুমান চাই অহাৰ পাছত এই কদৰ্য ৰূপটো অকণো ভাল নালাগিল মোৰ৷ ধলাত নিৰ্ধাৰিত সময়খিনি ৰোৱাৰ পাছত ‘তনুজ’ৰ চকা পুনৰ চলিল তিনিচুকীয়া অভিমুখে৷

৬.০০ বজাত পালোঁহি ডুমডুমা৷ ডুমডুমাত ভালেমান যাত্ৰী
উঠিল৷ কিছুমান আনকি থিয় হ’বলগীয়াও হ’ল৷ অধিকাংশই অৱশ্যে তিনিচুকীয়াগামী৷
ডুমডুমা-তিনিচুকীয়া বেছি দূৰ নহয়, ২৫ কিল'মিটাৰ৷ গাড়ীখন আগ বাঢ়িল৷ বাহিৰত আন্ধাৰ হৈ আহিছে৷ ভূপেন
হাজৰিকা সেতুৰ ওপৰত জমা হোৱা মানুহবোৰে চাগৈ আজিৰ তাৰিখৰ সদ্যসমাপ্ত সূৰ্যাস্তৰ দৃশ্য
উপভোগ কৰিলে৷ মোৰ পিছফালে বহা জনৈক যাত্ৰীয়ে কাষতে থিয় হৈ অহা যাত্ৰী এজনৰ সৈতে ডাঙৰ
ডাঙৰকৈ কথোপকথন আৰম্ভ কৰিছে৷ প্ৰসংগ নতুন দলং, দলঙৰ উপকাৰিতা, পুৰণি দিনৰ নস্তালজিয়া
ইত্যাদি ইত্যাদি৷ পৰহি ঐতিহাসিক ক্ষণৰ সাক্ষী হওঁ বুলি, প্ৰধান মন্ত্ৰীক চাওঁ বুলি
উদ্বোধনী অনুষ্ঠানলৈ অহা ৰাইজে সন্মুখীন হোৱা অসুবিধা আৰু দুৰৱস্থা সম্পৰ্কে আলোচনা
চলিছে প্ৰাপ্ত অভিজ্ঞতাৰ ভিত্তিত৷ কৈছে, চপাখোৱাৰ পৰা তিনিচুকীয়ালৈ আগতে ভাৰা আছিল
১৪০ টকা৷ এতিয়া ৭০ টকা হ’ল৷ আধাখিনি হ্ৰাস পালে৷ দলঙৰ
কাৰণে৷ দলঙৰ কাৰণেই মাটিয়ে-পানীয়ে মিলাই ৬ ঘণ্টীয়া ৰাস্তা আধাঘণ্টীয়া হৈ পৰিল৷ টেনচন্
দূৰ হ’ল৷ আৰু কৈছে যে দলংখন তেওঁলোকৰ
বাবে ডাঙৰ আশীৰ্বাদ৷ এই দলঙৰ বাবে তেজু, ৰয়িঙৰ নক্সা সোনকালেই সলনি হ’ব৷ পৰ্যটনৰ বিকাশ হ’ব৷ নতুন উদ্যমেৰে অৰ্থনৈতিক বুনিয়াদ
ৰচনা হ’ব৷ ইমানদিনে অৱহেলিত পূব প্ৰান্তৰ
মানুহৰ উন্নতি হ’ব বুলি তেওঁলোক খুব আশাবাদী৷
কথা-বতৰাৰ পৰাই ধৰিব পাৰিলোঁ৷ আনহাতে পৰহি কেইবা ঠাইতো মিঠাইৰ দোকানত মিঠাই নাইকিয়া,
ভাতৰ হোটেলত ভাত নাইকিয়া হৈ পৰিছিল বুলিও কোৱা কাণত পৰিল৷ আনকি পানীও হেনো পাবলৈ নাছিল৷
ভোকে-পিয়াহে থাকিবলগীয়া হ’ল অনেক মানুহ৷ হ’লেও দলং পোৱাৰ আনন্দত সকলোখিনি
নিৰ্বিবাদে মানি লৈছে, কোনো ওজৰ-আপত্তি নাই৷
৬.৫০ত নামিলোঁ তিনিচুকীয়াত৷ অলপ মুকলিমূৰীয়াকৈ যাওঁ বুলিয়ে আমি ৰিক্সা এখন ল’লোঁ সিজুগুৰিলৈ বুলি৷ চালকৰ সৈতে কথা পাতি গৈছোঁ৷ ৭.১০ত নিউ তিনিচুকীয়া জংছন পোৱাই দিলে৷ টিকট দুটা কাটি অলপ সময় ইফাল-সিফাল কৰোঁতেই স্পীকাৰৰ জৰিয়তে ৰাষ্ট্ৰ হোৱা ঘোষণা এটা কাণত পৰিল যে ডিব্ৰুগড়ৰ পৰা আহিবলগীয়া আৰু হাওৰা অভিমুখে যাবলগীয়া ১৫৯৬০ নং নামনিমুৱা কামৰূপ এক্সপ্ৰেছ ৰে’লগাড়ীখন ক্ষন্তেক সময়ৰ পাছতে ১ নং প্লেটফৰ্মত আহি আছে৷
৭.৩০ত গাড়ীখন সোমালহি৷ শ্লীপাৰ ক্লাছৰ টি.টি.ই.ক বিচাৰি আগ-পাছ কৰি থাকোঁতে আমাৰ একো খোৱাই নহ’ল৷ অগত্যা বিস্কুট দুপেকেট আৰু পানীৰ বটল এটা কিনি দৌৰ মাৰি উঠিলোঁ আৰু বহি গ’লোঁ৷ ঠিক সময়তে গাড়ীয়ে প্লেটফৰ্ম এৰি গতি ল’লে৷ আৰু এটা দিন অতীত হ'ল৷ অনন্য অনুভৱ হৃদয়ত লৈ শেষ নিশা সঠিক সময় ২ বাজি ৩০ মিনিটত ডিফুত নামিলোঁ৷ ছাঁ-পোহৰৰ মাজেৰে ধীৰ খোজেৰে ঘৰ পাওঁ মানে ৩.০০ বাজিল৷
পুচ্ছাংশ ঃ
সুন্দৰৰ নতুন আলিয়েদি বাট বুলি আমি দুয়ো এইবাৰ শদিয়ালৈ গ'লোঁ, দীঘল দলং চালোঁ৷ যাবৰ দিনা এওঁক কৈছিলোঁ, ‘চাবা দেই, লগত ওলাইছা হয়, বাজেট কিন্তু ডেৰ হাজাৰহে৷’ ঘৰ পাই পেণ্টৰ বেক পকেটৰ পৰা মানিবে’গটো উলিয়াবৰ পৰত দেখোঁ যে ২০ টকীয়া নোট এখন ঘূৰি আহিছে৷ ২০ টকাইদি আৰম্ভ কৰি এতিয়াৰে পৰা আকৌ ধন জমা কৰিব লাগিব, পৰৱৰ্তী যাত্ৰাৰ কাৰণে৷