অৰুণোদয়ৰ বাট বিচাৰি,
উত্তৰ-পূবৰ অন্তিম পূবলৈ
(মোৰ এই দীঘলীয়া, ধাৰাবাহিক, সচিত্ৰ ভ্ৰমণ-লেখা 'অকব'ৰ ভ্ৰমণ ভাল পোৱা বন্ধু-বান্ধৱীসকলৰ হাতত আনন্দমনে তুলি দিলোঁ৷ প্ৰস্তুতি কালত যুগুতোৱা, পূৰ্বতে প্ৰকাশিত লেখাৰ পৰা প্ৰয়োজন অনুসৰি তথ্যাদিৰ সংযোজন ইয়াত থাকিব৷)
.................................................................
‘অৰুণাচলৰ মিঠা ৰ’দ-কাঁচলিত
নিৰল আদিম সৰু গাঁও এখনি
নাম দিলে ডং যাৰ আকাশে আজি
উঠিছে শতিকাৰ প্ৰথম বেলি...’
(গীতৰ কথা : ডাক্তৰ লোকেন্দ্ৰ ভট্টাচাৰ্য, কণ্ঠ : সন্ধ্যা মেনন, ৰচনা-কাল : ১৯৯৯চন)
এক ৷৷ ডঙলৈ এবাৰ যাব পৰা হ’লে!
সহস্ৰাব্দৰ সূৰ্যোদয়ক লৈ বিখ্যাত হৈ পৰা ডঙলৈ এবাৰ যাব পৰা হ’লে! মনে মনে এইদৰে ভাবিছিলোঁ অনেকবাৰ৷ আজিও চিন্তা কৰোঁ, ১৯৯৯-২০০০ৰ সেই বিৰল সংক্রান্তিত ডঙত ঘটা মহাজাগতিক পৰিঘটনাৰ সময়ত মই ক’ত, কিহত ব্যস্ত আছিলোঁনো? তেতিয়া এই কথাটো মূৰত কিয় খেলোৱা নাছিল? ইন্ফৰ্মেচন নাছিল নে কি? কিয় ১৫বছৰ লাগিল মোৰ, ডংমুখী যাত্ৰা এটা সাকাৰ কৰি তুলিবলৈ? ১৯৯৩তেইতো এবাৰ তেজু পাইছিলোঁগৈ৷ তেনেহ’লে, সময়ত সেই জাগতিক সংঘটনৰ সাক্ষী হ’ব নোৱাৰিলোঁগৈ কিয়? কি অসুবিধা আছিল? নিজকে নিজে প্ৰায়ে সোধো৷ উত্তৰ বিচাৰি নাপাওঁ৷ বিমৰ্ষ হওঁ৷ এটা যেন ডাঙৰ আফচোচ! তৎসত্ত্বেও অসন্তুষ্টি নাশ কৰিবলৈকে উক্ত স্থানত জীৱনৰ পৰৱৰ্তী সময়ত হ’লেও কেতিয়াবা এদিন ভৰি থ’বলৈ মনতে পাঙি ৰাখিছিলোঁ৷ সেয়েহে ‘লে’ক অৱ ন’ ৰিটাৰ্ণৰ পিছৰ এডভেন্সাৰ ট্ৰিপটো ক’লৈ মৰা হ’ব?’ বুলি কথা ওলাওঁতে চিধাই অৰুণদাক কৈ দিছিলোঁ, ‘ডঙলৈ যাওঁ ব’লক’ বুলি৷ ডং কি, ক’ত, কিয় বিখ্যাত মই বুজাবলগীয়া হৈছিল তেতিয়া৷ লোকালয়ৰ পৰা আঁতৰত বিৰাজমান নীৰৱতা আৰু পাহাৰ-পৰ্বত, নৈ-নিজৰাৰ যুগলবন্দীৰে কুমাৰী প্ৰকৃতিৰ মোহময়ী সৌন্দৰ্যৰ ব্যাখ্যা মোৰ মুখত শুনি তৎমুহূৰ্ততে আগ্ৰহী হৈ পৰিছিল অৰুণদা৷ কৈছিল, ‘ষ্টাডী কৰকচোন আপুনি৷ সময়-সুবিধা মিলাই ওলাম৷’ নিজেও ইণ্টাৰনে’টত খুঁচৰি চাই উৎসাহিত হৈছিল, ভাবত তন্ময় হৈছিল৷
এইখিনিতে কোৱা ভাল, অৰুণদা মানে অৰুণ টেৰণ৷ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ গধুৰ দায়িত্ববাহী হৈয়ো অফিচৰ সীমাহীন কৰ্মব্যস্ততাক চেৰাই সুযোগ পালেই যি ডুবি থাকিব খোজে কিতাপ, কবিতা, ভ্ৰমণ-লেখা, মেণ্ডলিন, মাউথ অৰ্গেন, কেমেৰা, ফটোগ্ৰাফী, চিত্ৰাংকন আদি বিষয়ত৷ মোৰ দৰেই এডভেন্সাৰ ট্ৰিপ মৰা আৰু যেতিয়াই তেতিয়াই প্ৰকৃতিৰ বুকুত মুক্ত বিচৰণ, তেওঁৰো প্ৰিয়৷ প্ৰিয় মানে খুবেই প্ৰিয়৷ বয়সৰ প্ৰভেদ থাকিলেও সেয়ে তাল-মিল আছে আমাৰ, মনে বিচৰা এনে কথা-কাণ্ডবোৰৰ অচিলাৰেই৷ চাকৰি বা ব্যৱসায়, পেছাৰ নামত যিয়েই নাথাকক, অন্ততঃ এইটো নিচাৰ ক্ষেত্ৰত আমি দুয়ো ফ্ৰি লেন্স মানুহ৷ তাৰ বাবে জীৱনৰ অন্য কিছুমান কথা-কাণ্ড ত্যাগ কৰিবলৈও সাজু৷
অগ্ৰজ ভ্ৰাতৃপ্ৰতিম অৰুণদাৰ কথামতেই ষ্টাডী কৰিছিলোঁও, পাৰ উপচি পৰা উদ্দীপনা বুকুত লৈ৷ সেই মানসিক অৱস্থাটোত প্ৰকৃততে ক্রিয়াশীল আছিল অন্তৰত স্বতঃস্ফূৰ্তভাৱে উদ্ৰেক হোৱা এটা যোগাত্মক প্ৰৱণতা৷ যাৰ পৃষ্ঠপটত উহ্য হৈ আছিল পূব অৰুণাচলৰ পাহাৰত সেউজীয়া সৰল গছ আৰু সোণোৱালী ববচা বনেৰে পৰিপূৰ্ণ ডং উপত্যকা চোৱাৰ সুতীব্ৰ হেঁপাহ৷ গতিকে একেটা বহাতে ডং সম্পৰ্কে কেইবা পৃষ্ঠাৰ নোট ৰেডী হৈ গৈছিল মোৰ৷ স্ফটিক-উজ্জ্বল, খৰস্ৰোতা, ৰূপহী লোহিতৰ ওপৰৰ হেঙিং ব্ৰীজ পাৰ হৈ ডেৰঘণ্টীয়া ট্ৰেকিং কৰি ইতিমধ্যে ডং মালভূমি পাইছিলোঁগৈয়ে, কল্পনাতে৷ স্বীকাৰ কৰোঁ, সেই অধ্যয়নত মোৰ মূল সহচৰ আছিল ইণ্টাৰনেট৷ থপিয়াই থপিয়াই য’তে যি পাওঁ পঢ়ি পেলাইছিলোঁ৷ টোকাটো সাজু কৰি অৰুণদাক জনাইছিলোঁও৷ কিন্তু নাজানো, কি কাৰণত যাত্ৰাটো বাস্তৱায়িত হৈ উঠা নাছিল তেতিয়া৷ সময় হোৱা নাছিল চাগৈ৷ নিয়তিৰ দ্বাৰা নিয়ন্ত্ৰিত সকলো কাম-কাজৰে সময় বন্ধা থাকেযে! পৰিয়ালসহ অৰুণদা ফুৰিবলৈ গুচি গৈছিল ভূটানলৈ৷ সময়ে-অসময়ে ময়ো ভ্ৰমি ফুৰিছিলোঁ দিহিঙে-দিপাঙে৷ কেতিয়াবা অকলেই ‘হিল কুইন’ত ল’ৱাৰ হাফলঙলৈ, মেলেং গ্ৰাণ্টৰ প্ৰশান্ত কুমাৰ বৰাৰ আহ্বানত সঞ্জু বৰাৰ সৈতে গিবন অভয়াৰণ্যত সোমাইছিলোঁগৈ, ৰেঞ্জাৰ বিভীষণ টকবিৰ আতিথেয়তাত গৰমপানী সংৰক্ষিত বনাঞ্চলৰ মাজৰ ফটাশিল জলপ্ৰপাত চাইছিলোঁগৈ৷ কেতিয়াবা আকৌ মেঘালয়ৰ চেৰাপুঞ্জী বা শ্বিলং-মাউলিননং পাৰ কৰি ডাউকী-তামাবিল পালোঁগৈ৷ বিনিময় প্ৰথা চোৱাৰ তাগিদাত কেতিয়াবা অকলেই আন্ধাৰে-মুন্ধাৰে জোনবিল মেলা, সুৰেন ক্রামছাৰ ঘৰৰ আগেদি খোজ কাঢ়ি কাংথিলাংছ’, ইত্যাদি ইত্যাদি৷ তাৰ মাজতো মনৰ খু-দুৱনি মাৰিবলৈ অৰুণদাৰ লগত একেলগে সোমাইছোঁগৈ বাদুলী খোৰোঙত৷ জাছিংফাত এসন্ধ্যা বহিছোঁ৷ ভৱিষ্যতৰ স্পটসমূহৰ কথা ভাবি উলিয়াইছোঁ৷ যোৱাও হৈছিল৷ কেৱল যোৱা হোৱা নাছিল ডঙলৈহে৷ দু্য়ো দুয়োকে লগ পালেই সেই বিষয়ে মুকলি আলোচনাও নোহোৱাকৈ নাছিল অৱশ্যে৷ বোধ হয় সময়টো অহা নাছিল৷ বুজি পাইছিলোঁ, নিয়তিৰ পৰিকল্পনামতে সকলো কামৰে সময় একোটা নিৰ্দিষ্ট কৰা থাকে৷ বিশ্বাস কৰিবলৈ মন যায়, ভ্ৰমণৰ ক্ষেত্ৰত জোতাযোৰেহে যাত্ৰাৰ চয়-নিচয় কৰে! ‘চৰণেহে জানে মৰণৰ ঠাই’, জোতাইহে জানে ভ্ৰমণৰ ঠাই৷
(পৰৱৰ্তী খণ্ড : দুই ৷৷ ডঙতকৈ আগলৈ যোৱাৰ সময় আহিল)