বিষয়ৰ অভাৱ নাই, কিন্তু...
(প্ৰতিম প্ৰতাপ বৰুৱা ডাঙৰীয়াৰ ‘অকবত লিখিবলৈ সংকোচবোধ হয়নেকি?’ শীৰ্ষক ১৮ডিচেম্বৰৰ প’ষ্টটো পঢ়ি উঠি)
‘লিখিবলৈ অনেক বিষয় আছে নহয়৷ কিবা এটা বাছি ল’লেই হ’ল৷’ ...কথাষাৰ কৈছিল ডক্টৰ নগেন
শইকীয়া ছাৰে৷
২০০৩চনৰ কথা সেয়া৷ শইকীয়া ছাৰ তেতিয়া ‘নতুন দৈনিক’ কাকতৰ সম্পাদক৷ লেখা এটা হাতে
হাতে দিমগৈ বুলি টাইপ কৰি এনভেলপ এটাতে প্ৰিণ্ট আউটটো সযতনে ভৰাই নিছোঁ, নিজৰ কামত
গুৱাহাটীলৈ বুলি যাওঁতে৷ চন্দ্ৰকান্ত প্ৰেছ বিল্ডিঙত সোমাই দ্বিতীয় মহলালৈ উঠিলোঁ৷
অফিচ ৰুমৰ ভিতৰত ছাৰ বহি আছে৷ প্ৰায় দহ কি এঘাৰ বছৰৰ পিছত সোঁশৰীৰে, মুখৰ আগত পাইছোঁ৷
মুধা ফুটা ব্যক্তিবিশেষৰ পৰা ইচ্ছাকৃতভাৱে নিজকে আঁতৰাই ৰখাটো মোৰ এটা স্বভাৱ৷ তাতে
আকৌ বিৰাজমান চন্দ্ৰপ্ৰসাদ শইকীয়া ছাৰ! সাহিত্য আৰু সংবাদ জগতৰ অন্য এক দীগগজ৷ দুয়োগৰাকী
নমস্য ব্যক্তিয়ে কিবা কথা পাতি আছে৷ অলপ পৰ তভক মাৰি ৰ’লোঁ৷ একোবত দৰজাখন ঠেলি দিলোঁ৷
তাৰ পিছত অনুমতি ভিক্ষা৷ ছাৰে ভিতৰলৈ মাতিলে, বহুৱালে, কথা পাতিলে, লেখাটো হেঁপাহেৰে
হাত পাতি ল’লে আৰু লগে লগে সাংবাদিক অসীম
বৰাক মাতিলে৷ মন কৰিলোঁ, ওপৰত চহী কৰি লিখি দিছে... ‘২৩জুন তাৰিখৰ সম্পাদকীয় পৃষ্ঠাত’ বুলি৷ প্ৰাসংগিকতাৰ বিচাৰটো
বাৰু বুজি পালোঁ৷ কিন্তু পঢ়ি চালে কি নাচালে, ধৰিবই নোৱাৰিলোঁ৷ ‘লেখাবিলাক কম্পিউটাৰত টাইপ কৰি
দিয়াৰ বাবে আমাৰ ডিটিপি অ’পাৰেটৰৰ সুবিধা হয়, তেওঁলোকে
ভাল পায়’ বুলিও ছাৰে খোলা মনেৰে ব্যক্ত
কৰিলে৷ আগৰে পৰাই তেনেকৈয়ে কিবাকিবি লেখা ডাকযোগে পঠাই আহিছোঁ৷ চাৰিদিনৰ পিছত সেইটো
ওলাল৷ সেয়া বেলেগ কথা বাৰু৷ আচল বিষয়লৈ আহোঁ এতিয়া৷
শইকীয়া ছাৰেই তেতিয়া কৈছিল ওপৰৰ বাক্য দুটা৷ তেতিয়া
সেইটো ইমান গভীৰভাৱে বিচাৰ কৰি চোৱা নাছিলোঁ৷ লাহে লাহেহে উপলব্ধি হ’ল৷ হয়, লিখিবৰ বাবে কিমানযে বিষয়
আছে চকুৰ সন্মুখতে, নিজৰ দৈনন্দিনতে! যিকোনো এটা বাছি ল’লেই হ’ল৷ কথাটোচোন একেবাৰে সত্য৷
মানুহ মাত্ৰৰে চিন্তা কৰিব পৰা শক্তি আছে, দৃষ্টিভংগী
আছে৷ তাকে লৈ অদৃশ্য কলমেৰে অদৃশ্য কাগজত আমি কিবাকিবি অনৰ্গল লিখিয়েই নাথাকোঁজানো?
হয়নে নহয় গমি চাওকচোন, এইখিনিতে অলপপৰ ৰৈ৷ পুৱা শুই উঠাৰে পৰা নিশা শোৱা পৰ্যন্ত এই
কাৰবাৰটো অহৰহ চলিয়েই থাকে৷ কিমানবোৰ বিষয়যে দিনটোত আমি ভাবোঁ, চিন্তা কৰোঁ! তাৰে কোনোবাটো
কোনোবা সময়ত ধৰি ৰাখিব পাৰিলে, লিখি উলিয়াব পাৰিলেই হৈ যায় কিবা এটাৰ জুমুঠি৷ কিন্তু,
ভাবনাৰ পৰা কাগজলৈ বা আজিকালি কম্পিউটাৰৰ স্ক্ৰীণলৈ সেইখিনি ওলাই আহিবৰ বাবে মনটোক
শক্তিশালী কৰি ৰখাটো প্ৰথম চৰ্ত, যাতে সেই ভাব ধৰি ৰখাত কোনো ধৰণৰ বাধাই কাবু কৰিব
নোৱাৰে৷ অনাকাংক্ষিত তেনে বাধা-বিঘিনিৰ সৈতে চলা দুৰ্জেয় যুঁজখনত জয়ী হ’ব পাৰিলেই কিবা এটা সৃষ্টি হৈ
যায়৷ আপুনি বিজয়ী হৈ যায়৷ সংযোগ-বিয়োগ ইত্যাদি পিছৰ আনুষংগিক কাম৷
সম্পূৰ্ণ ব্যক্তিগত ভাবনাৰ পৰা এইখিনি উল্লেখ কৰিছোঁ৷
লেখাৰ প্ৰকাৰ লৈ কথাবোৰ বেলেগ ধৰণৰ হ’বও পাৰে৷ আনহাতে, এইটো নক’লেও হয় যে অনুভৱ, উপলব্ধি, অভিজ্ঞতা,
তাড়না, বাহানা আদি একান্তই নিজস্ব বস্তু৷ তাৰ লগে লগে শব্দ, বাক্য, বানানৰ শুদ্ধতাৰ
উপৰি অধ্যয়নৰ গভীৰতা আদিও নিশ্চয়কৈ প্ৰয়োজনীয় কথা৷ প্ৰসংগক্রমে, কিবা এটা লেখাৰ কথা লৈ
প্ৰয়াত শিক্ষাগুৰু এগৰাকীয়ে বহু বছৰৰ আগতে এদিন কোৱা বাক্য এষাৰি মনলৈ আহিছে৷ ছাৰে কৈছিল...
‘তিনি-চাৰিখন কিতাপ পঢ়িলেই ৰচনা
এখন লিখিব পাৰি দেখোন৷’ তেখেতে নিশ্চয় অধ্যয়ন ব্যাপ্তিৰ
কথাকেই কৈছিল, যি অধ্যয়নে চিন্তাক প্ৰসাৰিত কৰে৷ আৰু, সঁচা কথা যে লিখিবৰ হ’লে পঢ়িবও লাগিবই৷ চকু-কাণ-মন-মগজু
খোলা ৰাখিব লাগিব৷
আগতে আছিল কাগজ-কলম লৈ লেখা৷ আজিকালি বহুতে পোনে
পোনে কী-ব’ৰ্ডৰ সহায়তে লিখে৷ ‘অকব’ত লিখিবৰ হ’লেতো অসমীয়া (ইউনিক’ড)ত টাইপিং জানিবই লাগিব৷ ভাবনাক
দৃশ্যমান কৰিবলৈ তাৰ বাদে উপায় নাই৷ টাইপিং কৰিবৰ হ’লে কম্পিউটাৰ এটা লাগিবই৷ লিখন সঁজুলি লাগিবই৷
তাৰ পিছত আহিব টাইপিঙৰ সাধনা৷ সেই সাধনাত সিদ্ধি লাভ কৰিবৰ বাবে ‘মিছাইলমেন’ এ. পি. জে. আব্দুল কালামৰ ভাষাৰেই
ক’ব পাৰি... ‘ভিতৰৰ জুইকুৰা ডগমগকৈ জ্বলি উঠিব
লাগিব’৷ নিজৰ বেলিকা মই উপৰ্যুপৰি এইটো
প্ৰশ্ন কৰিয়েই এসময়ত ‘অকব’ত বিভিন্নজনক ব্যতিব্যস্ত কৰিছিলোঁ
যে... অসমীয়াত কেনেকৈ লিখে? উপযুক্ত উত্তৰ পাই যোৱাৰ পিছত আকৌ সেই কথাটোৱে আহে...
টাইপিঙৰ সাধনা৷ সমস্ত এলাহ কাটি কৰি এইটো কাম প্ৰত্যেকে শিকিব লাগিব৷ শিকিব লাগিব বুলি
কোৱাটো ঠিক নহ’ব, শিকিবই লাগিব বুলি ক’লেহে জোৰদাৰ হ’ব৷ ভাবনা, টাইপিং আৰু সম্পাদনা..
এই তিনিটা প্ৰত্যেকেই নিজে নিজে কৰিবলগীয়া কাম৷ অন্ততঃ ‘অকব’ৰ মজিয়াত বা ই-দুনীয়াত এই বিষয়ত সমবায় নচলে৷ ভাব আপোনাৰ
নিজৰ, টাইপিং নিজৰ, সম্পাদনাও নিজৰ৷ কথাটো মন কৰিবলগীয়া৷ আৰু এটা মন কৰিবলগীয়া কথা,
‘প্ৰতিজন মানুহেই এখন এখন কিতাপ’ বুলি আমি জানোৱেইচোন৷ পিছে নিজৰ কিতাপ লিখা হ’ব কেতিয়া? এজনৰ বিষয়ে আনজনে জানিব কেতিয়া, যদি টাইপিঙৰ পৰা আঁতৰত থাকে, যদি নিজে নিলিখে?
তামাম, মজ্জা, ধন্যবাদ, বঢ়িয়া... এনেবোৰ শব্দ প্ৰায়ে কমেণ্ট বক্সত দৃষ্টিগোচৰ হয়৷ এইবোৰ কোনো ধৰণৰ লেখাৰ শাৰীত নিশ্চয় নপৰে৷ তালৈ চাই এইটো ধাৰণাও কৰিব নোৱাৰি যে সদস্য বা সদস্যাগৰাকী টাইপিঙত কিমান অভ্যস্ত৷ ম’বাইলত খুঁটিয়াই খুঁটিয়াই বহুতেই আখৰকেইটামান যেনেতেনে সাজি কমেণ্ট এটা এৰি দিয়ে... ভাল লাগিল, ইত্যাদি ইত্যাদি৷ প্ৰসংগৰ খাতিৰত কথাটো উল্লেখ কৰিছোঁ দেই৷ কাৰো প্ৰতি সামান্যতমো অসন্মানসূচক ভাব নাই৷ সকলোৱে ধাৰাসাৰ টাইপিং কৰিব পৰাটো মনে-প্ৰাণে বিচাৰোঁ৷
‘বৰ্মনৰ বিষাদ’ শীৰ্ষক এটা প’ষ্ট লিখিছিলোঁ ১১নবেম্বৰ তাৰিখে৷ বৰ্মনৰ বিষাদৰ কাৰণটো আছিল, ইমানবোৰ সদস্য (তেতিয়া ঊনৈশ হাজাৰ) থাকোঁতেও কমসংখ্যককহে তেওঁ লিখি থকা দেখি আহিছে৷ সকলোকে সক্রিয় হোৱাটো তেওঁ বিচাৰে৷ বৰ্মনৰ প্ৰশ্নৰ উত্তৰত লিখিব নোৱাৰাৰ বিভিন্ন কাৰণ উনুকিওৱা হৈছিল৷ সেই বিষাদগ্ৰস্ততা কেৱল বৰ্মনৰে নহয়, আন বহুতৰেই হয়তো আছে, মোৰো আছে৷
লিখন সঁজুলি বিচৰা প’ষ্ট, ‘মই অসমীয়াত লিখিব পাৰিলোঁ’ ধৰণৰ আনন্দদায়ী বাৰ্তা আজিকালি দেখিবলৈ নোপোৱা হৈছোঁ৷
কথাটো সঁচানে মিছা বাৰু? তাৰ মানে এইটো নিশ্চয় নহয় যে সকলোৱে টাইপ কৰিবলৈ শিকি পেলালে৷
নহ’লে শ্ৰী বৰুৱা ডাঙৰীয়াই নক’লেহেঁতেন... ‘অকবত লিখিবলৈ সংকোচবোধ হয়নেকি?’ বুলি৷ লিখনৰ ক্ষেত্ৰত প্ৰশ্ন
উত্থাপন হোৱাৰ বিপৰীতে শিকনৰ ক্ষেত্ৰত মনৰ সংকোচবোধ আঁতৰিব লাগিব৷ টাইপিং শিকিব লাগিব৷
শিকাওঁতা আছেই৷ একমাত্ৰ দৰকাৰ শিকাৰ মনটোহে৷
নতুন বছৰ এটা আৰম্ভ হ’বলৈ গৈ আছে৷ অভ্যস্ত নোহোৱাসকলে ‘২০১৫ত মই অসমীয়াত টাইপ কৰিবলৈ শিকিমেই’ বুলি নতুন বছৰৰ সংকল্প এটা ল’ব পাৰে৷ পহিলা জানুৱাৰীৰ পৰাই সেই শুভ কামটো আৰম্ভ হওক৷ সেই সংকল্প সুদৃঢ় হওক৷ কোনো বাধাই যেন ভাষা-সাহিত্যক জীয়াই ৰখাৰ অভিপ্ৰায়েৰে আপুনি দিনটোত অন্ততঃ এবাৰ হ’লেও কৰিব খোজা সেই অভ্যসনক ডাইভাৰ্ট কৰিব নোৱাৰে৷ সংকল্প মানে সংকল্প৷ লাগি থাকিলে, ৰিলিজিয়াচলি কৰি গ'লে আপুনি পাৰিবই৷ ২০১৬ৰ ১জানুৱাৰীত হিচাপ কৰি চাব, আপুনি আজি ক’ত আৰু তেতিয়ালৈ ক’ত!
‘অকব’ৰ কিমান সদস্য-সদস্যাই অসমীয়াত সঁচাকৈ টাইপ কৰিব পাৰে তাৰ পৰিসংখ্যা এটাও বছৰৰ শেষ দিনকেইটাত উলিয়াব পাৰিলে ভাল আছিল৷ মাজে মাজে মই এইটো গভীৰভাৱে ভাবোঁ৷ একেটা পৰিয়ালৰে মানুহখিনিৰ এই হিচাপটো জানিবলৈ মন যায়৷ কিমানে পাৰিছে, কিমানে পৰা নাই? মই এইটোও ভাবি পাওঁ যে ‘অকব’ এখন টাইপিং ইনষ্টিটিউটো হয়৷ প্ৰচেষ্টাটো পিছে প্ৰত্যেকৰে নিজা নিজা৷ টাইপ কৰিবলৈ শিকক, বিষয় বাছি লওক, কিমান লিখে লিখি থাকক৷ স্বাধীনতা আছে, বাধা দিওঁতা নাই, কাকত-আলোচনীৰ দৰে ডাষ্টবিনো নাই৷ জনাসকলে নজনাসকলক চাপ’ৰ্ট দিলে, সাহস দিলে, শিকিব নোৱাৰাৰ, লিখিব নোৱাৰাৰ কোনো কাৰণ নেদেখোঁ৷ শ্ৰী বৰুৱা ডাঙৰীয়াই নিজৰ প’ষ্টত তাৰেই প্ৰয়াসেৰে সকলোকে এটি আহ্বান জনাইছে৷ তেখেতক আন্তৰিক ধন্যবাদ জনালোঁ৷৷