কেতিয়াবা এনেকুৱাও হয়...
(গল্প নহয়, সত্য)
২০১০চনৰ নভেম্বৰ মাহৰ কথা৷ চেন্নাইৰ এপ’ল’ হস্পিতালত দেউতা আৰু খুৰাৰ শৰীৰ
পৰীক্ষা কৰোৱাবলৈ গৈছিলোঁ৷ সকলো কাম সমাপ্ত হোৱাৰ পিছত ঘূৰি আহিবৰ বাবে ট্ৰেইনৰ ৰিজাৰ্ভেচন
টিকটৰ সন্ধান কৰিলোঁ৷ গম পালোঁ যে অসম অভিমুখী কোনোখন ৰে’লৰে টিকট কেইবাদিনলৈকো নাই৷ কি
হ’ব এতিয়া? তুৰন্তে সিদ্ধান্ত ল’লোঁ, আকাশী পথেৰেই ঘূৰিম তেনেহ’লে৷ আমাৰ সৈতে খুৰীও আছিল৷ গতিকে
চেন্নাইৰ পৰা কলকাতা, কলকাতাৰ পৰা গুৱাহাটীলৈ চাৰিওজনৰে বাবে টিকট কাটিলোঁ৷ ফ্লাইট
পোনপটীয়াকৈ নাই, দমদমত বিমান সলাব লাগিব৷
পিছদিনা অৰ্থাৎ ২৩তাৰিখে পুৱা ৭.৫০ৰ জেট এয়াৰৱেজৰ
9W 2450 ফ্লাইটযোগে চেন্নাই এৰি ঠিকে ঠাকে আহি আমি কলকাতাত অৱতৰণ কৰিলোঁ৷ এইবাৰ গুৱাহাটী
অভিমুখী 9W 7013ত উঠাৰ যো-জা৷ পিছে সেই সময়তে অথন্তৰটো ঘটিল৷
দমদম এয়াৰপ’ৰ্ট৷ চিকিউৰিটি চেকৰ সময়৷ হাতত লৈ থকা প্লাষ্টিকৰ
বে’গটো স্কেনিঙৰ বাবে মেচিনত উঠাই
দিয়াৰ পিছত খুৰাই নিজৰ ম’বাইল ফোনটো ক’ত দিওঁ ক’ত থওঁকৈ ৰৈ আছে৷ তেনেকুৱাতে এজনে
মোনাটোতে সুমুৱাই দিবলৈ ক’লে৷ তাকেই কৰিলে তেওঁ৷ জীৱনত
প্ৰথমবাৰৰ বাবে বিমানত উঠিছে৷ স্বাভাৱিকতে মনত উৎকণ্ঠা, উত্তৰবিহীন অলেখ প্ৰশ্ন!
সিমানখিনিলৈকে তেওঁৰ ঠিকেই মনত আছে৷ কিন্তু তাৰ
পিছত হ’লে ক’ব নোৱাৰে৷ ওলাই আহি লাউঞ্জত আৰামত
ইফালে-সিফালে চাই আনন্দময় ভাবনাৰে বহি আছে৷ কি ঘটিল খবৰেই নাই৷ বাছত মোৰ কাষৰ ছিটটোতে
বহি ফ্লাইটলৈ আহি আছে৷ তেতিয়াহে হঠাতে খিয়াল হ’ল যে মোবাইলটো দেখোন পকেটত নাই! হাৰে! ক’ত পৰিল?
ইপিনে বাছ আহি প্লেনৰ চিৰি পালেহি৷ যাত্ৰীসকল শাৰী
পাতি ওপৰলৈ উঠিছে৷ চিকিউৰিটি অফিচাৰক কথাটো মই সবিনয়ে জনালোঁ, বোলোঁ, মোৰ খুৰাৰ ম’বাইলটো চেকিঙৰ সময়ত ল’বলৈ পাহৰি এৰি আহিল৷ কি কৰা যায়
এতিয়া?
তৎমুহূৰ্ততে তেখেতে ৱাকি-টকীৰে সংযোগ কৰিলে৷ উত্তৰত
সিফালৰ পৰা কিবাকিবি ক’লে৷ তেওঁ ঘড়ীলৈ চালে৷ লগে লগে
জীপ এখনত তুলি খুৰাক পঠাই দিলে সুৰক্ষা অনুসন্ধান এলেকালৈ, অকলে৷
ইফালে উৰণৰ সময় হৈ আহিল৷ মই ছিটৰ পৰা উঠি আহি দৰজামুখত
থিয় হ’লোঁ৷ বিমানৰ ওপৰৰ পৰাই দৃষ্টি
প্ৰসাৰিত কৰি দিলোঁ জীপখন অহাৰ দিশলৈ৷ ভিতৰত দেউতা আৰু খুৰী৷ দুয়োৰে মনত প্ৰবল উৎকণ্ঠা৷
কি হ’ব এতিয়া? আহি পাবনে নাই? ম’বাইলটো ঘূৰাই পাবনে নাই? সময়
হোৱাৰ কাৰণে যদি প্লেন উৰি যায়, তেতিয়া কি হ’ব? ঢেৰ প্ৰশ্ন৷ শেষত ইয়াকো ক’লে বোলে লাগিলে ম’বাইলেই যাওক, মানুহজন আহি পাওক
ভাই৷
তেনেতে দূৰত দেখিলোঁ, ৰঙা জীপগাড়ীখন কোবাকুবিকৈ
আমাৰ ফালে আহি আছে৷ খুৰা পালেহি৷ খৰখেদাকৈ জখলা বগাই উঠিল৷ লগে লগে দৰজা বন্ধ হ’ল৷ প্লেনে লাহে লাহে ৰাণৱেত গতি
কৰিলে৷ এটা সময়ত উৰিল৷ খুৰা ঠিকে-ঠাকে আহিল৷ ম’বাইল হ’লে নাহিল৷
‘হেণ্ডচেটটো যাওক বাৰু, কিন্তু মোৰ বহুত দৰকাৰী
ফোন নম্বৰ তাত চে’ভ কৰা আছিল৷ চব গ’ল৷ বৰ দিগদাৰ হ’ব এতিয়া৷’ তেওঁ দুখ কৰিব ধৰিলে৷
‘চিকিউৰিটি চেক এৰিয়াত বিচাৰি পোৱা নগ’ল নেকি? ক’ত পৰিল তেনেহ’লে?’
‘জানো… ট্ৰেত দিয়াটো মোৰ মনত পৰে৷ তাৰ পিছতহে...’
আকাশী পথেৰে তেনেকৈয়ে আহি আছোঁ গুৱাহাটীলৈ৷ অথনি
চেন্নাইৰ পৰা কলকাতালৈ আহোঁতে যিটো আনন্দ বা মানসিক সন্তুষ্টি আমাৰ গোটেই কেইজনৰে আছিল,
এতিয়া কিন্তু তাৰ ওলোটা৷ মনবোৰ গধুৰ৷ সি যি কি নহওক, এসময়ত বৰঝাৰত সুকলমে লেণ্ড কৰিলোঁহি৷
বয়-বস্তুসহিত টেক্সীত উঠি চিধাই গুৱাহাটী ৰে’ল ষ্টেচনলৈ বুলি যাত্ৰা কৰিলোঁ৷ উজনিমুৱা গুৱাহাটী-ডিমাপুৰ
বিজি এক্সপ্ৰেছখন লগে লগে প্লেটফৰ্মতে পাই গ’লোঁ৷ সোনকালেই ঘৰ পামগৈ৷ হ’লেও কিন্তু মন মৰা৷ ফোন হেৰাল৷ কিমান দূৰ পাইছোঁ, কিহত
আহি আছোঁ, ঘৰলৈ একো খবৰ দিব পৰা নাই, ঘৰৰ খবৰ একো এটা ল’বও পৰা নাই৷ ষ্টেচনত একে ঠাইৰে
চিনাকি মানুহ এজন পাই তেওঁৰ ফোনটো খুজি তাৰ পৰাহে শেহতীয়া খবৰ জনোৱা হ’ল৷ ইয়াকো জনোৱা হ’ল যে ম’বাইল ফোন হেৰাল৷
আন্ধাৰ হোৱাৰ অলপ পিছতে সঠিক সময়তে আমি ডিফু পালোঁহি৷
ঘৰৰ সকলোৱে আমালৈ আগ্ৰহেৰে অপেক্ষা কৰি আছিল৷ খুৰালৈ চাই ভণ্টীয়ে চিধাই ক’লে... ‘আজি আপোনাৰ নম্বৰটোৰে কলকাতাৰ
পৰা অচিনাকি লোক এজনে মোলৈ ফোন কৰিলে৷ নম্বৰটো আপোনাৰ, মাতটো বেলেগৰ৷ মই একো ধৰিব নোৱাৰি
বৌক দিলোঁ৷ বৌৱে তেওঁলৈ ফোন কৰিলতহে আচল ঘটনাটো গম পালোঁ৷’
বুজি গ’লোঁ, খুৰাই নিজৰ ফোনৰ পৰা অন্তিম কলটো ভণ্টীলৈকে কৰিছিল৷
গতিকে কল লিষ্টত সেই নম্বৰটো ওপৰতেই থকাত কোনোবাই তাইলৈকে ফোন কৰিলে আৰু কিবা ক’লে৷
তেনেকুৱাতে বৌ মানে মোৰ পৰিবাৰে সূত্ৰধাৰ হিচাপে আঁত ধৰিলে... ‘অচিনাকি মানুহজনলৈ মই ফোন লগালোঁ৷ প্ৰথমে কিনো কৈছে একো ধৰিবই পৰা নাছিলোঁ৷ পিছতহে বুজি পালোঁ৷ শুনক এতিয়া, কাহিনীটো কওঁ৷ সেই মানুহজনে অদ্যোপান্ত বিৱৰিলে৷ কলকাতা এয়াৰপ’ৰ্টত চিকিউৰিটি চেকিঙৰ সময়ত বস্তু-বাহানি গত লগাই থাকোঁতেই আপোনাৰ ম’বাইল ফোনটো হেণ্ডবে’গৰ পৰা ওলাই পৰি গ’ল৷ মোক ফোন কৰা ভদ্ৰলোকজনে দেখা পালে৷ তেওঁ ফোনটো তুলি ল’লে৷ নিজৰ লগতে ৰাখি থৈছে৷ মানুহজনে নিজৰ নাম-ঠিকনাও মোক জনাইছে৷ মই ফোন নম্বৰটো টুকি ৰাখিছোঁ৷ তেওঁক মই ক’লোঁ যে হয়, আমাৰ খুৰাৰে ফোন সেইটো৷ অনুগ্ৰহ কৰি আপুনি নিজৰ লগতে ৰাখিব৷ কাকো দিব নালাগে৷ পাৰিলে কুৰিয়াৰ চাৰ্ভিছত পঠাব৷ এড্ৰেছ অলপ পিছত দি আছোঁ৷ তেওঁ কিন্তু কলকাতাত কেইদিনমানৰ বাবেহে থাকিব৷ গতিকে কোনোবা থাকিলে তেওঁৰ হাতৰ পৰা সংগ্ৰহ কৰিব পাৰিব বুলি কৈছে৷ মানুহজনৰ নাম বিনোদ কান্দ্ৰা৷ তেওঁ কিবা অফিচাৰ৷ সম্প্ৰতি ব’ম্বে হাই ৰ’ডৰ পেৰামাউণ্ট হোটেলত আছে৷ ভাল মানুহেই হ’ব চাগৈ দেই৷’
মানুহজনৰ ফোন নম্বৰটো পায়েই লগে লগে ফোনৰ আচল গৰাকী
অৰ্থাৎ খুৰাৰ সম্পূৰ্ণ নাম-ঠিকনা জনাই দীঘলীয়া এছ.এম.এছ. এটা কৰি দিলোঁ৷ আন কাকো যাতে
ফোনটো কোনো কাৰণতে নিদিয়ে তাৰ বাবে পুনৰ অনুৰোধ জনালোঁ৷ সিফালৰ পৰা তেওঁ উত্তৰ দিলে
যে চিন্তা কৰিব নালাগে, ফোনটো তেওঁৰ হাততে থাকিব৷ কলকাতালৈ কোনোবা গ’লে তেখেতৰ সৈতে যোগাযোগ কৰি লৈ
ল’ব পাৰিব৷
পিছে কোন যায় এতিয়া, কলকাতালৈ, ফোন আনিবলৈ? সেয়াও
এটা প্ৰশ্ন৷ কুৰিয়াৰ চাৰ্ভিচত দিবলৈ শ্ৰী কান্দ্ৰাক অনুৰোধ জনোৱা হৈছিল৷ খবৰ আহিল যে
কুৰিয়াৰ চাৰ্ভিছে ম’বাইল ফোন নলয় বুলি কৈছে৷ আকৌ
এটা সমস্যা! ইফালে প্ৰয়োজনক নেওচিব নোৱাৰি
খুৰাই কেইদিনমানৰ পিছত নতুন হেণ্ডচেট এটা কিনিয়েই পেলালে৷ ফোনটো নহ’লে ঢেৰ অসুবিধা৷ ব্যৱহাৰ কৰোঁতাইহে
সেইটো উপলব্ধি কৰিব পাৰে৷
তেনেকুৱাতে জানিব পাৰিলোঁ যে মোৰ যোৰহটীয়া বন্ধু
মুন্না ব্যৱসায়িক কামত এসপ্তাহ আগৰে পৰাই কলকাতাত আছেগৈ৷ পিছদিনা কলকাতা এৰিব৷ ততালিকে
তেওঁলৈ ফোন লগালোঁ৷ তেওঁ ধৰিলে৷ হয়, কলকাতাতে আছে তেওঁ৷ আঃ ৰক্ষা! উক্ত ভদ্ৰলোকজনৰ
নাম-ঠিকনা, ফোন নম্বৰ আদি জনাই মুন্নালৈ এছ.এম.এছ. দিলোঁ৷ সিজনকো জনাই দিলোঁ মুন্নাৰ বায়’ডাটা৷ আচৰিত কথা যে সেই সময়ত
মুন্না আকৌ উক্ত লোকজনে উল্লেখ কৰা অঞ্চলটোতে আছিল৷ মোৰ ফোন পাই তেওঁ পিছ মুহূৰ্ততে
মানুহজনক লগ ধৰিবলৈ ঢাপলি মেলিলে৷ গলিয়ে গলিয়ে কেইমিনিটমান খোজ কাঢ়ি গৈ ঠিকনাত উল্লেখ
কৰা ঠাইতে সাক্ষাৎ কৰিলে৷ ফোনযোগে কথা পাতি চয়-নিচয় কৰা হ’ল৷ মুন্না আমাৰ মানুহ বুলি সত্য
প্ৰমাণ পোৱাত মানুহজনে ম’বাইলটো তৎক্ষণাৎ উলিয়াই তেওঁৰ
হাতত তুলি দিলে৷
যা হওক, অচিনাকি ভদ্ৰলোকজনৰ পৰা ফোনটো উদ্ধাৰ
হ’ল৷ এতিয়া সেইটো আমাৰ চিনাকি,
বন্ধু, মুন্নাৰ জিম্মাত৷
ইফালে ফোন লৈ পিছদিনা মুন্না গুচি গ’ল সুদূৰ আহমেদাবাদলৈ৷ তাত ১৫দিন
থাকিল৷ তাৰ পিছতহে এদিন গুৱাহাটীত নামিলেহি৷ গুৱাহাটীৰ পৰা বাছেৰে ডাইৰেক্ট গ’লগৈ যোৰহাট৷ তেওঁৰ লগতে ফোনটোও
পালেগৈ যোৰহাট৷ পিছে কোন যায় এতিয়া, যোৰহাটলৈ, ফোন আনিবলৈ? কলকাতাতকৈ কেইবাগুণো ওচৰ চাপিল যদিও সময়-সুবিধা ওলালে যাম বুলি মনতে ভাবি আছোঁ৷ ইফালে যোৰহাটত থকা মোৰ খুলশালীজনী
সপৰিয়ালে ডিফুলৈ অহাৰ কথা ওলাই আছে৷ কেতিয়াকৈ আহিব দিন-বাৰ অৱশ্যে একো খাটাং হোৱা নাই৷ মুন্নাৰ
ঘৰত ফোনটো বহুদিন পৰি থাকিল৷ এদিন খুলশালীক ক’লোঁ, অহাৰ আগে আগে মুন্নাৰ হাতৰ পৰা ফোনটো লৈ আনিবলৈ৷
সেইমতে তাই সংগ্ৰহ কৰি থ’লে৷ ফোন এইবাৰ খুলশালীৰ বেগত,
যোৰহাটৰে আনটো মূৰত৷
এমাহমানৰ পিছত এদিন তাই সপৰিয়ালে ডিফুলৈ আহিল৷ আমাৰ ঘৰ আহি
পোৱাৰ লগে লগে চিধা প্ৰশ্ন... বস্তুটো ক’ত? বেচেৰীয়ে আথেবেথে বেগৰ পৰা উলিয়াই দিলে... ‘এইটো৷ মই কিন্তু ব্যৱহাৰ কৰা
নাই দেই৷ চুইচ অফেই আছে, তেতিয়াৰে পৰা৷ চাই লওক৷’
ইপিনে গধূলি জনশতাব্দী ৰে'লত ফোন আহি আছে বুলি খবৰ দি মতাত খুৰাও আগতীয়াকৈ আহি আমাৰ ঘৰত হাজিৰ৷ কলকাতা, আহমেদাবাদ, গুৱাহাটী, যোৰহাট হৈ প্ৰায় তিনিটা মাহৰ মূৰত অৱশেষত ফোনটো গৰাকীৰ হাতত পৰিল৷ হেৰুৱা সম্পদ ঘূৰাই পাই বেঁকা হাঁহি এটা মাৰি হেণ্ডছেটটো লৈ তেওঁ প্ৰথমে ফোনটোলৈ থৰ লাগি চালে৷ তাৰ পিছত পিন্ধি থকা চাৰ্টটোতে মোহাৰ কেইটামান মাৰিলে৷ তাৰ পিছত চুইচ অন কৰিলে৷ মই ক'লোঁ, ‘এতিয়া হাঁহি ওলালেই নহ’ব, প্ৰথমে ফোন কৰি বিনোদ কান্দ্ৰা নামৰ সেই ভদ্ৰলোকক ধন্যবাদ জনাওক৷ তাৰ পিছত মুন্নাক৷ আৰু তাৰ পিছত এয়া মোৰ খুলশালীক৷ তাৰ পিছত যাওক, কি আনে আনকগৈ৷ ফোন ঘূৰাই পোৱাৰ চেলিব্ৰেচন এটা হৈ যাওক, এতিয়াই, গৰমে গৰমে৷’
উপস্থিত সকলোৰে মাজত হাঁহিৰ ৰোল উঠিল৷
এতিয়াও কেতিয়াবা ঘটনাটো ৰিৱাইণ্ড কৰিলে মনত ভাব
আহে... হয়, কেতিয়াবা এনেকুৱাও হয়৷ সংসাৰত ভাল মানুহ কিছুমান নথকা নহয়৷
No comments:
Post a Comment