Sunday, 7 September 2014

বৰাইলৰ শ্যামলীমাৰ সান্নিধ্যত 
আকৌ এটা দিন

হিল কুইন এক্সপ্ৰেছখন ১অক্টোবৰৰ পৰা বন্ধ হৈ যাব বুলি খবৰটো শুনাৰে পৰাই মনটোৱে কটকটাই আছিল, আকৌ এবাৰ দিনতীয়া যাত্ৰা এটা ৰচনা কৰিবলৈ৷ সকলোফালে অংক মিলি যোৱাত কামফেৰা সমাপন কৰি পেলালোঁ কালি (৭.৯.২০১৪) দেওবৰীয়া বন্ধবাৰটোৰ সোণালী সুযোগতে৷ আগৰবাৰ অৰ্থাৎ, গৰু বিহুৰ দিনা অকলে ভ্ৰমিছিলোঁ৷ এইবাৰ সপৰিয়ালে, সবান্ধৱে; খানা-পিনাৰ মেটমৰা টোপোলা সহিত৷

ৰাতিপুৱা মৰিয়নি স্পেচিয়েল ধৰি লামডিং৷ তাৰ পৰা হিল কুইনত লৱাৰ হাফলং৷ জোনাকী সন্ধিয়াত পুনৰ লামডিং৷ তাৰ পৰা বি.জি. এক্সপ্ৰেছেৰে বৰ্ষাসিক্ত গৃহনগৰী ডিফু৷ দৰজামুখ আৰু খিৰিকীৰ ৰেলিঙৰ ফাঁকেৰে আদিগন্তব্যাপী দৃশ্যমান সেউজীয়া আৰু সুন্দৰতাই উমাল কৰা এটা দিন৷ নিকটৱৰ্তী পাৰ্বত্য জিলা ডিমা হাচাওৰ বৰাইল পাহাৰৰ শ্যামলীমা বক্ষৰ ওপৰেৰে দিনৰ দিনটো চকু বাগৰাই, পাহাৰীয়া জান-জুৰিৰ জলতৰংগত অৱগাহন কৰি, প্ৰদূষণমুক্ত আকাশৰ তলত ভোক-ভাগৰ পাহৰোৱা কিছুমান মুহূৰ্ত৷

প্ৰকৃতিৰ আকুল আহ্বানক নেওচিব নোৱাৰি পাহাৰ লাইনলৈ ওলোৱা অন্য ভ্ৰমণকাৰীকো আমি লগ পালোঁ৷ আমাৰ দৰে কেমেৰা হাতত লোৱা কেইবাজনকো দেখি ভাবিলোঁ, বৰাইল আৰু হিল কুইনৰ এই যুগলবন্দীৰ সমাপ্তিৰ ঘণ্টা যিহেতু বাজি উঠিছেই, সেয়ে হয়তো ওখ পৰ্বত, খৰস্ৰোতা নদী, জলপ্ৰপাত, সুনীল আকাশ, মুকলি দলং আৰু বিশেষভাৱে, পাহাৰ বিদীৰ্ণ কৰা সুৰংগৰ প্ৰতি কৌতূহলী আৰু সেইবোৰ ভাল পোৱা মানুহে একমাত্ৰ ভৱিষ্যতলৈ স্মৃতি সজীৱ কৰি ৰখাৰ মানস আৰু তাড়নাতে এই যাত্ৰা এতিয়াই কৰি পেলাইছে৷

প্ৰসংগক্রমে, ৰেল বিভাগৰ কৰ্মী এগৰাকীৰ মুখে শুনিবলৈ পালোঁ যে ১ নহয়, ১০অক্টোবৰৰ পৰাহে হেনো বন্ধ হব মিটাৰ গজ ৰেল সেৱা৷ কিমান দূৰ সত্য নাজানো৷ ব্ৰডগজ মুকলি কৰাৰ দিনা চলিবলগীয়া প্ৰথম ৰেলখনতে লামডিঙৰ পৰা শিলচৰলৈকে যাত্ৰা কৰিম ...যাত্ৰাকালতে কালি এই সিদ্ধান্ত কিন্তু লৈ থোৱা হল৷ অৱশ্যে সন্মুখত প্ৰত্যক্ষ কৰা ব্ৰডগজৰ কাম-কাজৰ গতি-বিধিলৈ চাই এয়া ফলৱতী কেতিয়া হব সেই সম্পৰ্কে একোৱেই কোৱা নাযায়৷ একে কথাই হাইৱেৰ ক্ষেত্ৰতো কব বিচাৰিম৷


ডিজাউব্ৰা, হাতীখালি, লাংটিং, ডিহাখু, মুপা, কালাচান্দ, মাইবাং, ওৱাড্ৰেংদিছা, দাওটুহাজা, ফাইডিং, মাহুৰ, মিগ্ৰেনদিছাৰ সেউজ পৰিৱেশে আমাক নিশ্চয়কৈ হাত বাউলি দি থাকিব৷ তৎসত্ত্বেও, আকৌ কেতিয়া বৰাইলৰ খলাবমা বক্ষত দৃষ্টি নিগৰাব পাৰিম সেয়া নাজানো৷ কাৰণ হিল কুইনখনযে আৰু নাথাকিব!








No comments:

Post a Comment