Thursday, 4 September 2014

মই শিক্ষক হব নোৱাৰিলোঁ...
(গল্প নহয়, সত্য)


অচিনাকি মানুহ এজনে দুৱাৰমুখত ৰৈ মোৰ নাম কাঢ়ি মতাত আচৰিত হ’লোঁ৷ ভাবিবলৈ ধৰিলোঁ, কোননো চিনাকি ওলাল ইয়াত? তেনেকুৱাতো মই জনাত কোনো নাই৷ মই তেতিয়া বাকী কেণ্ডিডেটবিলাকৰ দৰেই হলটোত নীৰৱে বহি আছিলোঁ৷ মনত অনেক প্ৰশ্ন আৰু উৎকণ্ঠা নিশ্চয় আছিল৷ অলপ পাছতে সাক্ষাৎকাৰৰ পাল পৰিব৷ কি বা সোধে!

এ.পি.এছ.চি.ৰ এটা ইণ্টাৰভিউৰ সময়ৰ কথা এয়া৷ ইতিমধ্যে বহু বছৰ বাগৰি গৈছে৷ কাৰিকৰী শিক্ষানুষ্ঠানৰ শিক্ষকৰ পদৰ বাবে সন্মুখীন হোৱা উক্ত সাক্ষাৎকাৰৰ দিনটো ক’ৰবাতে এৰি থৈ জীৱনৰ কেলেণ্ডাৰ আজি বহুত আগুৱালে৷ তথাপি, ‘শিক্ষক দিৱস’ৰ অচিলাতে নেকি জানো, ঘটনাটো ঘপকৈ মনৰ পৰ্দাত ভাহি উঠিল৷

অচিনাকি মানুহজনে মোক তেনেকৈ মতাত ভদ্ৰতা ৰক্ষা কৰি তেওঁৰ ফালে দৃষ্টি নিক্ষেপ কৰিলোঁ৷ চিনি-জানি মুঠেই নাপাওঁ৷ কাহানিও দেখাও নাই, লগো পোৱা নাই৷

‘আহাঁচোন অলপ কথা আছে’ বুলি মাতি মানুহজনে মোক কোনো নথকা এফালে আঁতৰাই নিলে৷ তাৰ পাছত সুধিলে ঘৰ ক’ত, কেতিয়া পাছ কৰিছোঁ, ক্লাছ, পাৰ্চেণ্টেজ আদিৰ কথা৷ আৰু ক’লে, ‘তোমাৰ ফাৰ্ষ্ট ক্লাছ আছে৷ ইণ্টাৰভিউটো তুমি ভালকৈ দিয়া, মই ছাৰক কৈ কিবা এটা কৰি দিম বাৰু৷ চিন্তা কৰিব নালাগে৷’  ইণ্টাৰভিউৰ পিছত পুনৰ লগ ধৰাৰ আশ্বাসেৰে তেওঁ মোক এৰিলে৷ ময়ো নিজৰ ঠাইত বহি থাকিলোঁগৈ৷ উপযাচি সহায় কৰিবলৈ ওলোৱা লোকজনক মোৰ দেৱদূত যেনেই লাগি গ’ল৷

যথাসময়ত পাল পৰিল৷ এগৰাকী মেম্বাৰৰ কক্ষৰ ভিতৰলৈ চামন আহিল৷ তাত চাৰিজন ব্যক্তি বহি আছিল৷ তেখেতসকলে সোধা প্ৰশ্নবোৰৰ বেছিভাগৰে উত্তৰ দিলোঁ, কেইটামান নোৱাৰিলোঁ৷ যি কি নহওক, এ.পি.এছ.চি.ৰ ইণ্টাৰভিউ দিয়াৰ এটা অভিজ্ঞতা অন্ততঃ পুঞ্জীভূত হ’ল৷

সাক্ষাৎকাৰ হৈ গ’লত মই বাহিৰ ওলালোঁ৷ তেনেকুৱাতে মানুহজনৰ আকৌ আবিৰ্ভাৱ হ’ল৷ এইবাৰ তেওঁ মোক ওচৰৰে কেণ্টিনখনলৈ লৈ গ’ল৷ দুকাপ চাহৰ অৰ্ডাৰ দিলে৷ দুয়ো বেঞ্চ এখনত বহি ল’লোঁ৷ সুধিলে, ‘কেনে হ’ল?’ মই সবিশেষ ক’লোঁ৷ তেওঁ মোৰ ঠিকনাটো কাগজত টুকি ল’লে৷ ক’লে, ‘মই ছাৰৰ লগত কথা পাতি তোমাক জনাম, তেতিয়া এবাৰ আহিবা৷’

সেই সময়ত চিঠিৰহে প্ৰচলন আছিল৷ ইফালে ব্ৰডগজ ৰে'ললাইনৰ কনভাৰ্চন ৱৰ্কচ চলি থকাৰ বাবে ট্ৰেইন বন্ধ হৈ থকাত গুৱাহাটীৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছিল একমাত্ৰ বাছ এখনেহে৷ তাৰেই আমি আহ-যাহ কৰিব লগা হৈছিল৷ এদিন সেই বাছখনতে মানুহজনৰ পৰা মোলৈ এখন চিঠি আহিল৷ পিছদিনা চিঠিখন মোৰ হাতত পৰিলহি৷ চিঠি পঢ়ি গম পালোঁ যে ৰিজাল্ট দিবৰ সময় হৈছে৷ তেওঁ ছাৰৰ সৈতে কথা পাতিছে৷ ছাৰে পোন্ধৰ হাজাৰ বিচাৰিছে৷ পোন্ধৰ হাজাৰ দিলে মোৰ কামটো হৈ যাব অৰ্থাৎ, চাকৰিটো পাম৷ গতিকে টকাখিনি যা-যোগাৰ কৰি লৈ শীঘ্ৰে তেওঁক লগ ধৰিব লাগে৷

মই চিন্তা কৰিলোঁ, শিক্ষক আৰু পোন্ধৰ হাজাৰ! টকা দি শিক্ষক হোৱাৰ প্ৰৱণতা মোৰ মুঠেই নাই৷ শিক্ষক বৃত্তিটোক মই সৰ্বাধিক সন্মান কৰোঁ৷ গতিকে মেৰিটত পালে পালোঁ, নাপালে নাপালোঁ৷ ঘোচ দি অন্ততঃ শিক্ষক নহওঁ দেই মই৷ সেয়ে তেওঁৰ প্ৰস্তাৱটোত সন্মতি নজনাই চুপচাপ ৰ’লোঁ৷

ৰিজাল্ট ওলোৱাৰ কথা শুনি এদিন অফিচ পালোঁগৈ৷ ন’টিচ ব’ৰ্ডত ওলমোৱা লিষ্টত মোৰ নামটো আছে নেকি চালোঁ৷ নাই, নাপালোঁ৷

মই শিক্ষক হ’ব নোৱাৰিলোঁ৷

No comments:

Post a Comment