Friday, 19 September 2014

শনিবৰীয়া মোৰ আলহীত আজি আগ বঢ়াইছোঁ এখন পেইণ্টিং৷ ইতিহাসত ভেজা দি ২০১২চনত অঁকা এই ছবিখনৰ স্ৰষ্টা শ্ৰী মহানন্দ হাফলংবাৰ৷ ডিফুত জন্ম গ্ৰহণ কৰা মহানন্দৰ স্কুলীয়া আৰু কলেজীয়া শিক্ষা হাফলং আৰু গুৱাহাটীত৷ ২৯বছৰীয়া এই ডেকাজনে আজৰি সময়ত পেইণ্টিং, জনজাতীয় যুৱ-সমাজৰ উদ্দেশ্যে লেখা-মেলা আৰু ফটোগ্ৰাফীক লৈ ব্যস্ত থাকে৷ ফাৰ্মিং তেওঁৰ পেছা৷

পৌৰাণিক কালত গংগা আৰু ব্ৰহ্মপুত্ৰ (ডালাওব্ৰাহা সাংগীব্ৰাহা)ৰ মিলনস্থলত বিশালকায় জৰীগছৰ তলত ডিমাচা ৰজা-মহাৰজাসকলৰ এখন সভা বহিছিল৷ উক্ত সভাত পৰৱৰ্তী ৰাজধানীৰ স্থান নিৰ্ণয়, সভ্যতা-সংস্কৃতিৰ উত্তৰণ আদি বিষয়ক আলোচনা চলিছিল৷ অগণন চৰাই-চিৰিকটি, জীৱ-জন্তু ইত্যাদিও উক্ত সভাৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু নৃত্য-গীতেৰে আনন্দ প্ৰকাশ কৰিছিল৷

ইতিহাসৰ উক্ত সমলখিনিকে বিষয়-বস্তু হিচাপে লৈ মোৰ অনুজভ্ৰাতৃপ্ৰতিম মহানন্দ হাফলংবাৰে কেনভাচত ৰং-তুলিকাৰে বোলাইছে এনেদৰে৷



এই চিত্ৰখনে ইতিমধ্যে ডিমাচা সমাজত গুৰুত্ব লাভ কৰিছে আৰু সংৰক্ষণযোগ্য পেইণ্টিং ৰূপে চাহিদা পাইছে৷

(ডালাওব্ৰাহা সাংগীব্ৰাহা, মহানন্দ হাফলংবাৰ, ডিফু, ফোন নং 9678030711)


No comments:

Post a Comment