Saturday, 6 September 2014

অকবলৈ ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠিওৱাৰ আগতে...
(উপলব্ধি)

ফে’চবুকত একাউণ্ট খোলাটো একান্ত ব্যক্তিগত কথা৷ তাত ক’বলগীয়া নাই৷ নিজৰ একাউণ্ট এটা খোলাৰ পিছত কোনোবাই বন্ধুৰ সংখ্যা বৃদ্ধি কৰাটোতো আপত্তি কৰাৰ কোনো প্ৰশ্নই নুঠে৷ কিন্তু মই ভাবি পাওঁ যে ‘অকব’ৰ দৰে ফে’চবুকৰ উমৈহতীয়া গোট এটালৈ ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠিওৱাৰ আগতেই প্ৰেৰণ কৰোঁতাই গমি চাবলগীয়া কথা কেইটামান নথকা নহয়৷ মই যেতিয়া মোৰ একাউণ্টটো খুলিছিলোঁ আৰু এদিন ‘অকব’লৈ ফ্ৰেইণ্ড ৰিকুৱেষ্ট প্ৰেৰণ কৰিছিলোঁ (২৯.২.২০১২), তেতিয়া এই কথাবিলাক মনলৈ সমূলি অহা নাছিল৷ পিছতহে লাহে লাহে ইয়াৰ কাৰ্যকৰী গুৰুত্ব উপলব্ধি কৰিছোঁ৷ গতিকে নবাগত আগমনকাৰী ব্যক্তি এগৰাকীয়ে গোটৰ নীতি আৰু উদ্দেশ্য সাৰোগত কৰাৰ সময়তে এইখিনিও আগতীয়াকৈ চিন্তা কৰি চোৱা উচিত বুলি ভাবোঁ৷

১. প্ৰ’ফাইলত উল্লেখ কৰা নাম শুদ্ধনে? ফটোগ্ৰাফ সঁচানে? অন্যান্য তথ্যপাতিবোৰ সত্যনে?
২. নিজৰ কম্পিউটাৰ আছেনে? কম্পিউটাৰত নিজে অভ্যস্ত হয়নে?
৩. ‘অকব’তযে কেৱল অসমীয়া আখৰতহে লেখা-মেলা কৰা হয়, সেই বিষয়ে অৱগতনে? অসমীয়াত নিজে টাইপ কৰিব জানেনে? আৰম্ভণিতে নাজানিলেও, ইউনিক’ড মানক পদ্ধতিৰে অসমীয়া নজনাজনক বিশেষজ্ঞ সমল ব্যক্তিৰ জৰিয়তে টাইপিং শিকোৱাৰ ব্যৱস্থাৰ উপৰি বিভিন্ন সমস্যাৰ সমাধান দিয়াৰো প্ৰচেষ্টা ‘অকব’ত চলোৱা হয়৷ এই পাঠশালাখনে আগ বঢ়োৱা সেই শিকনিসমূহ আন্তৰিকতাৰে গ্ৰহণ কৰি নিজে আগুৱাই যোৱাৰ লগতে গোটৰ নীতি-নিয়মত সঁহাৰি জনাবলৈ ইচ্ছুকনে?
৪. নিজাববীয়া ইণ্টাৰনেট ব্যৱস্থা আছেনে? নেট স্পীড সন্তোষজনকনে? ইণ্টাৰনেটৰ কাম-কাজবোৰ নিজে কৰেনে?
৫. বিদ্যুৎ ব্যৱস্থা কেনে? বিদ্যুৎ নথকা অৱস্থাত প্ৰয়োজনীয় বিকল্প আছেনে?
৬. গোটত সক্ৰিয় ৰূপত থাকিবৰ বাবে অপৰিহাৰ্য ইণ্টাৰনেটৰ খৰছ আৰু বিদ্যুতৰ খৰচ নিজে বহন কৰাত সমৰ্থনে?
৭. সকলোতকৈ ডাঙৰ কথা : ঘৰুৱা কাম-কাজ, পৰিয়ালৰ দায়িত্ব, বৃত্তিগত কৰ্তব্য, নিজস্ব ৰুচি-অভিৰুচি, সামাজিক সম্পৰ্ক ৰক্ষা বা দায়বদ্ধতা আদিকে ধৰি দৈনন্দিন জীৱনৰ বিভিন্ন ধৰণৰ ব্যস্ততাৰ মাজৰ পৰা ইয়াত দিবলৈ সময়খিনি উলিয়াব পাৰিবনে?

মতামত বিচাৰি মোৰ উপলব্ধিৰ এইখিনি কথা আপোনাসৱ (এই মুহূৰ্তত ১৮৮০১ - ১ = ১৮৮০০গৰাকী)ৰ সন্মুখত থ’লোঁ৷

No comments:

Post a Comment