পূজাৰ সময়তে এবাৰ বাছে বাছেই হিল ষ্টেছন দাৰ্জিলিং
পালোঁগৈ
(ভ্ৰমণ অভিজ্ঞতা)
সন্মুখত পূজাৰ সময়৷ পূজাৰ বতৰ মানেই উৰুলীকৃত মন,
ফৰকাল আকাশ, নাতিশীতোষ্ণ আবহাৱা৷ পূজাৰ বন্ধ মানেই দীঘলীয়া ছুটী৷ ভ্ৰমণৰ যোগেদি শৰতৰ
মাদকতা উপভোগ কৰাৰ সময়৷ দুৰ্গা পূজাৰ পৰিৱেশে প্ৰাণলৈ চঞ্চলতা অনা এনে সন্ধিক্ষণতে
এবাৰ প্ৰকৃতিৰ বিনন্দীয়া সৌন্দৰ্যৰে ভৰপূৰ দাৰ্জিলিং ভ্ৰমিছিলোঁগৈ৷ তাৰ পিছত গেংটক৷
লগত আছিল সহপাঠী বাল্যবন্ধু বিষ্ণু আৰ্জেল ছেত্ৰী৷ ডিফুৰ পৰা গুৱাহাটী, গুৱাহাটীৰ পৰা শিলিগুৰি,
শিলিগুৰিৰ পৰা দাৰ্জিলিং, দাৰ্জিলিঙৰ পৰা গেংটক, গেংটকৰ পৰা আকৌ শিলিগুৰি, শিলিগুৰিৰ পৰা
গুৱাহাটী, গুৱাহাটীৰ পৰা ঘূৰি ডিফু৷ এই সমস্ত পথছোৱা আমি দুজনে বাছেৰেই ভ্ৰমণ কৰিছিলোঁ,
আনন্দৰ লগতে অভিজ্ঞতা সঞ্চয় কৰিছিলোঁ আজিৰ পৰা কুৰি বছৰৰ আগতে৷
‘কুইন অৱ হিলছ’ দাৰ্জিলিং পশ্চিমবংগৰ দাৰ্জিলিং জিলাৰ সদৰ৷ সমুদ্ৰপৃষ্ঠৰ
পৰা ২,০৫০মিটাৰ উচ্চতাত অৱস্থিত এখন
পাহাৰীয়া স্বাস্থ্যকৰ ঠাই৷ দিনত সূৰ্যৰ পোহৰত দেখাখিনিৰ উপৰি জোনাক নিশা প্ৰত্যক্ষ
কৰা দাৰ্জিলিঙৰ অপূৰ্ব শোভাই অন্যান্য পৰ্যটকৰ দৰে আমাৰো মন-প্ৰাণ হৰি নিছিল৷ বিশ্বৰ
ভিতৰতে উচ্চতাৰ হিচাপত তৃতীয় শৃংগ কাঞ্চনজংঘা (৮,৫৯৮মিটাৰ)ৰ নয়ন জুৰোৱা দৃশ্য, লক্ষ্মী পূৰ্ণিমাৰ বিশেষ দিনটোত টাইগাৰ
হিল (২,৫৮৫মিটাৰ)ৰ শ্বাসৰুদ্ধকাৰী সূৰ্যোদয় আৰু লগতে আন্তৰ্জাতিক খ্যাতিসম্পন্ন ‘প্ৰাচ্যৰ চেম্পেইন’ দাৰ্জিলিং টিৰ আমেজভৰা স্বাদ
দাৰ্জিলিং ফিৰত যিকোনো পৰ্যটনকাৰীৰ জীৱনৰ বাবে স্মৰণীয় অভিজ্ঞতা হৈ ৰ’ব, যিটো মোৰ বা আমাৰ ক্ষেত্ৰত
হ’ল৷
তিব্বতী শব্দ ‘দৰ্জি-লিং’ (অৰ্থ : বজ্ৰপাতৰ ঠাই)ৰ পৰাই ‘দাৰ্জিলিং’ নামটোৰ উৎপত্তি৷ পূৰ্বতে ই চিকিমৰ
অংশ আছিল৷ ১৯৩৫চনত ব্ৰিটিছৰ হাতলৈ যায়৷ খ্ৰীষ্টান মিশ্যনেৰীৰ প্ৰভাৱত শিক্ষাই ইয়াত
নতুন ৰূপ লয়৷
আমাৰ ভ্ৰমণকালত অৰ্থাৎ, ১৯৯৩চনত কিতাপত পঢ়ি পোৱামতে
দাৰ্জিলিঙৰ জনসংখ্যা আছিল ১.৫লাখ৷ নেপালী গোৰ্খা, তিব্বতী, বাঙালী জনবসতিপ্ৰধান হিন্দু,
বৌদ্ধ, খ্ৰীষ্টান ধৰ্মীয় লোক-সমষ্টিৰে পৰিৱেষ্টিত এই অঞ্চলটোত ইংৰাজী, হিন্দী, বাংলা,
নেপালী ইত্যাদি ভাষা চলে৷ চৰকাৰী ভাষা নেপালী৷ দাৰ্জিলিঙৰ মুঠ মাটিকালি ১২.৭৭ বৰ্গ
কিল’মিটাৰ৷
পৰ্যটকৰ বাবে হিল ষ্টেছনটোলৈ যোৱাৰ মূল কেন্দ্ৰস্থল
হ’ল শিলিগুৰি৷ গুৱাহাটীৰ পৰা অসম
ৰাজ্যিক পৰিবহণ নিগমৰ নৈশ বাছেৰে গৈ আমি শিলিগুৰিত নামিছিলোঁ৷ শিলিগুৰিৰ টেনজিং নৰগে
বাছ টাৰ্মিনেলৰ পৰা চলা নিয়মীয়া মিনিবাছেৰে পাহাৰীয়া ঠাইখনলৈ ৰাওনা হ’লোঁ৷ একা-বেঁকা আৰু ঠেক ৫৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰে কাৰ্চিয়াং হৈ ৭৭কিল’মিটাৰ দূৰত্ব অতিক্রম কৰোঁতে প্ৰায় ৩ঘণ্টা ৩০মিনিট সময়
লাগিছিল৷ আনহাতে টেক্সী ভাড়া কৰি গ’লে সময় কম লাগে৷ শিলিগুৰিৰ পৰা ৩কিল’মিটাৰ আঁতৰৰ নিউ জলপাইগুৰি ষ্টেচনৰ
পৰা ৰে’লেৰে যোৱাৰো সুযোগ আছিল৷ দাৰ্জিলিং
হিমালয়ান ৰে’লৱেৰ পুতলা ৰে’লত গ’লে ৮ঘণ্টামান সময় লাগে৷ ১৮৮১চনৰ
পৰা প্ৰৱৰ্তন হোৱা নেৰ’গজৰ তিনি ডবাযুক্ত টয় ট্ৰেইনৰ
সৰ্পিলাকাৰ ৰে’লপথছোৱাতে সৰ্বোচ্চ উচ্চতাৰ ৰে’লৱে ষ্টেছন ঘুম (২,২৪৭মিটাৰ)
অৱস্থিত৷ শিলিগুৰিৰ পৰা ১০০কিল’মিটাৰ দূৰত্বৰ মিৰিক হৈও দাৰ্জিলিঙলৈ যোৱাৰ পথ আছে৷ আনহাতে, দাৰ্জিলিঙৰ
নিকটৱৰ্তী (৯০কিল’মিটাৰ) বিমানঘাটি হ’ল বাগডোগৰা৷ কাৰ্চিয়াং, কালিম্পং,
গেংটক আদি ঠাইলৈ দাৰ্জিলিঙৰ পৰা যাতায়াতৰ সুব্যৱস্থা আছে৷
আমি অক্টোবৰ মাহৰ শেষৰটো সপ্তাহত গৈছিলোঁ৷ অক্টোবৰ
মাহেই দাৰ্জিলিং ভ্ৰমণৰ উৎকৃষ্ট সময়৷ এই সময়ত বতৰ ফৰকাল থাকে৷ জাৰৰ প্ৰকোপ কম হয়৷ মনোমোহা
প্ৰাকৃতিক দৃশ্যৰাজিয়ে দেশী-বিদেশী ভ্ৰমণকাৰীক অধিক আকৰ্ষিত কৰে৷ আমি থকা সময়ছোৱাত
বিভিন্ন ঠাইৰ পৰা যোৱা মানুহে চৌৰাস্তাত গিজগিজাই থকাটো প্ৰতিদিনে লক্ষ্য কৰিছিলোঁ৷
পৰ্যটনকাৰীৰ থকা-মেলাৰ বাবে দাৰ্জিলিঙত সুবিধাজনক
সাধাৰণ হোটেলৰ পৰা আৰম্ভ কৰি আধুনিক, পাশ্চাত্য আৰ্হিৰ অসংখ্য সৰু-বৰ হোটেল, টুৰিষ্ট
লজ, য়ুথ হোষ্টেল আৰু আজিকালি হোম ষ্টে’ৰ ব্যৱস্থাও আছে৷ আমি গৈ পাওঁতে নিশা হৈ পৰাত অচিনাকি
চহৰখনত প্ৰথমদিনা এখন হোটেলত আশ্ৰয় ল’লোঁ৷ পিছদিনা ৰাতিপুৱাই য়ুথ হোষ্টেললৈ পোনালোঁ৷ য়ুথ হোষ্টেলচ এচ'চিয়েচন অৱ ইণ্ডিয়াৰ মেম্বাৰ আছিলোঁ হেতুকে মোৰ পৰা থকাৰ বাবদ লৈছিল ১০.০০টকা৷ আনহাতে নন-মেম্বাৰ বিষ্ণু আৰ্জেলৰ ক্ষেত্ৰত ২০.০০টকা ল’লে৷
ব্যৱসায়ৰ কেন্দ্ৰস্থল চৌৰাস্তা, চ’ক বজাৰ, ছুপাৰ মাৰ্কেট, গোৰ্খা
পাৰ্বত্য জিলা পৰিষদ ভৱন লালকুঠি, জাপানী আৰ্হিৰ বুদ্ধ মন্দিৰ, পিচ পেগোডা, আভা দেৱীৰ
চিত্ৰকলা আৰু এমব্ৰইডেৰীৰ প্ৰদৰ্শনী তথা বিক্রী কেন্দ্ৰ আভা আৰ্ট গেলাৰী, কাঠমাণ্ডুৰ
পশুপতিনাথ মন্দিৰৰ আৰ্হিৰে নিৰ্মিত ধিৰধাম টেম্পল, ৰে’ল ষ্টেছন, প্ৰাকৃতিক দৃশ্যৰাজি
উপভোগৰ থলী অৱজাৰভেটৰী হিল, মহাকাল টেম্পল, ৰাজভৱন, ১৮৭৫চনত লামা ছিৰাপ গিয়ানটছুৱে
সজোৱা ঘুম য়িগা চ’লিং মনেচটাৰী, জৰীৰ মেৰৰ দৰে
বক্রাকাৰ ৰে’লপথ বাটাছিয়া লুপ, পানী যোগান
আৰু বনভোজৰ স্থান চঞ্চল লে’ক; ১৯০৩চনত স্থাপিত হৰেক ৰকমৰ
পখিলা, মথ, চৰাই, চৰাইৰ কণী, সাপ, মাছ, পতংগ, উভচৰ আৰু অমেৰুদণ্ডী প্ৰাণীদেহৰ সংগ্ৰহালয়
নেচাৰেল হিষ্টৰী মিউজিয়াম; শ্ৰুবেৰী গাৰ্ডেন, লয়ড ব’টানিকেল গাৰ্ডেন, হিমালয়ান মাউণ্টেনিয়াৰিং ইনষ্টিটিউট,
শ্বেৰ্পা টেনজিং নৰগেৰ সমাধি, পদ্মজা নাইডু হিমালয়ান জুলজিকেল পাৰ্ক, ৫কিল’মিটাৰ জোৰা ভাৰতৰ প্ৰথম আৰু এচিয়াৰ
দীৰ্ঘতম দাৰ্জিলিং-ৰণজিৎ ভেলী পেচেঞ্জাৰ ৰ’পৱে’, টেনজিং ৰক, হেপী ভেলীৰ এঢলীয়া পাহাৰৰ গাত অৱস্থিত চাহবাগিচাসমূহ,
বৌদ্ধ ভিক্ষুৰ ছেলফ-হেল্প চেণ্টাৰ, লেবং ৰে’চ ক’ৰ্চ, গোৰ্খা ষ্টেডিয়াম, ভূটীয়া বস্তি মনেচটাৰী, আলুবাৰী মনেচটাৰী,
চেইণ্ট এনড্ৰিও গীৰ্জাঘৰ, ৱাৰ মেম’ৰিয়েল, মুক্তিযুঁজাৰু দেশবন্ধু চিত্তৰঞ্জন দাসৰ বাসগৃহ
ষ্টেপ এচাইড, ভিক্টোৰিয়া ফলচ ইত্যাদি পৰ্যটনস্থলসমূহে দাৰ্জিলিঙক টুৰিষ্ট হাবত পৰিণত
কৰিছে৷ বিভিন্ন পৰ্যটকস্থল পৰিভ্ৰমণ কৰিবৰ বাবে কনডাকটেড ট্যুৰৰ ব্যৱস্থাও আছে৷ কনডাকটেড
ট্যুৰ যোগে ইয়াৰ পৰা ৬৯কিল’মিটাৰ নিলগৰ মিৰিক (১,৭০০মিটাৰ)ৰ
১.২৫কিল’মিটাৰ দৈৰ্ঘৰ কৃত্ৰিম জলাশয় সৌমেন্দু
লে’ক চোৱাৰ লগতে নেপালৰ অন্তৱৰ্তী
বিখ্যাত পশুপতি মাৰ্কেটত এভুমুকি মাৰি আহিলোঁ৷ চাহবাগিচাৰ মাজে মাজে পাহাৰীয়া ৰাস্তাৰে
মিৰিক আৰু নিশা এপৰতে উঠি টাইগাৰ হিললৈ জীপত গ’লোঁ৷ বাকীখিনি কিন্তু মেপ অধ্যয়ন কৰি, খোজ কাঢ়ি পাহাৰ বগাই বগায়ে
চালোঁ৷
‘কুইন অৱ হিলছ’ দাৰ্জিলিঙৰ ভ্ৰমণসূচী সামৰি নবেম্বৰৰ পহিলা সপ্তাহত টুৰিষ্ট বাছেৰে আমি যাত্ৰা কৰিলোঁ ‘স্ন’ কেপড শ্বাং-গ্ৰি-লা’ গেংটকলৈ৷
ভাল লাগিল পঢ়ি ! লগতে আপোনাৰ দাৰ্জিলিং ভ্ৰমনৰ পৰা বহু কথাই জানিবলৈ পাই নথৈ আনন্দিত লভিলো ।
ReplyDelete