নিজা গাড়ী, মানে চাৰিচকীয়া বাহন মোৰ নাই৷ চলাবও
নাজানো৷ অৱশ্যে আকৰ্ষণ বা আকাংক্ষাও নাই৷ ক’ৰবাত পঢ়িছিলোঁ... ‘মটৰ গাড়ী কম্পিউটাৰে ডিজাইন কৰে, ৰ’বটে সাজে আৰু মূৰ্খই চলায়৷’ কথাষাৰে মনত দকৈ দাগ কাটিলে৷
তথাপি সুযোগ পালে, প্ৰয়োজন হ’লে বা হস্কিলে-মস্কিলে আনৰ গাড়ীতেই হওক বা ভাড়া গাড়ীতেই হওক উঠাৰ অভ্যাসটো
হ’লে আছে৷ কিন্তু সঁচা কথা কওঁ,
গাড়ীবোৰত উঠি কিবা দেখোন ভাল নালাগে৷ উশাহ বন্ধ হৈ যাব যেন! খোজ নকঢ়াকৈ আৰামত চলি গৈ
থাকিব পাৰিলেও সীমাবদ্ধ আৱেষ্টনী এটাত সোমাই থকাৰ দৰে লাগে৷ খিৰিকী খুলি দিলে বাৰু
যেন-তেন৷ বতাহকণ পাওঁ৷ তথাপিও তাক সুখ বুলিব নোৱাৰি৷ কিবা এটা অশান্তিয়ে ছাটিফুটি কৰি
থাকে৷ তাৰ তুলনাত দুচকীয়াই পছন্দ কৰোঁ৷ দুচকীয়াৰ ক্ষেত্ৰতো অৱশ্যে অলপ আগতে কোৱা কথাটো
খাটে৷ তথাপিও...৷ কিয়নো, দুচকীয়া বাহনত উঠিলে শৰীৰত ৰ’দ-বতাহ অপৰ্যাপ্ত পৰিমাণে পাই
থাকোঁ৷ চকাৰ ওপৰত থাকিলেও প্ৰকৃতিৰ সৈতে পোনপটীয়া সম্পৰ্ক বৰ্তি থাকে৷ মনটোও কিবা মুকলি
আৰু বহল অনুভৱ হয়৷ চাৰিচকীয়াৰ ভিতৰৰ সেই অসহ্যকৰ ভাবটো দুচকীয়াত অদৃশ্য৷
ৰাস্তালৈ চালেই নতুন নতুন মডেলৰ কাৰবোৰ দেখোঁ৷
ৰাস্তাৰ অৱস্থা তথৈবচ হ’লেও মানুহে বিভিন্ন কাৰণত গাড়ী
কিনে বা সলায়৷ কোনোবা কোনোবাই মৰমতে এবাৰ উঠায়ো৷ বিশেষকৈ নতুনকৈ গাড়ী এখন ল’লে আনক দেখুওৱাৰ, নিকট বন্ধুজনক
ইফালে-সিফালে এপাক নিয়াৰ ইচ্ছা এটা গৰাকীজনে গোপনে হ’লেও পুহি ৰাখে৷ তেনেকুৱা আন্তৰিকতাপূৰ্ণ
অভ্যৰ্থনা লাভ কৰাৰ সৌভাগ্যও (?) মোৰ হৈছে৷ কিন্তু সেই একেই কথা৷ চালকক কোৱাটো অভদ্ৰজনোচিত
যদিও উঠি হ’লে মজা নাপাওঁ৷ দৰজা মাৰি দিলেই
ইচাট-বিচাট আৰম্ভ হৈ যায়, যেন হেঁচা মাৰিহে থৈছে৷ তেনে আতিশয্যতকৈ দুচকীয়াই মোৰ ভাল লাগে৷
পেন্দুকনা থকা অৱস্থাতে আমি আপাৰ-ল’ৱাৰ বিভাজন থকা বাছত উঠিছোঁ৷
তাৰ পিছত পৰিৱহণ নিগমৰ ৰঙা বাছ৷ শক্তিমান, এছ মডেল, ডি মডেল, পঞ্জাৱ বডীৰ ট্ৰাক; ফ’ৰ জিৰ চেভেন, এইট জিৰ নাইন, মেটাড’ৰ, উইংগাৰ, ডে’ ছুপাৰ, নাইট ছুপাৰ, ভলভ’ আৰু কত কি! আনহাতে আমাৰ ল’ৰালি দিনত সৰু গাড়ীৰ জাত বুলিবলৈ
দুটাই আছিল৷ হয় জীপ, নহয় এম্বেছাডৰ৷ তাৰ পিছত আহিল ফিয়েট৷ তাৰ পিছততো আৰু ক’বই নালাগে, ‘বাহন বিপ্লৱ’ৰে সূচনা হ’ল৷ জাত জাত কাৰ, ভান, অগ্ৰং-বগ্ৰং৷
কাৰ নাম ক’ব? প্ৰস্তুতকৰ্তাই প্ৰস্তুতকৰ্তা৷
মডেলেই মডেল৷ ইফালে নাম নজনা বিদেশী গাড়ীৰ পৰা দুমহলীয়া নৈশ বাছলৈকে উঠাৰ সুযোগো এইটো
জনমতে লভিলোঁ৷ তথাপি, গাড়ীয়ে মনক কাবু কৰাত বা স্থায়ী সম্পৰ্ক স্থাপন কৰাত আজিও বিফল
হ’ল৷ চালকৰ ছিটেও সন্মোহিত কৰিব
নোৱাৰিলে৷
জীৱনত চাৰিচকীয়াত প্ৰথম উঠিছিলোঁ মামাই চলোৱা ৱিলিজ
জীপত৷ তাৰ প্ৰভাৱতেই নেকি জানো, সামান্য ভাল লগাৰ ভিতৰত একে অৱয়বৰ গাড়ী এখনৰ নামটো প্ৰসংগক্রমে
টানি আনিব পাৰি৷ সেইখনক কিবা ঘৰ ঘৰ যেন লাগে অলপ৷ পাহাৰে-কন্দৰে, মাটিয়ে-পানীয়ে
য’তে হ’লেও গৈ পামেই বুলি কনফিডেন্স
এটাও বিচাৰি পাওঁ৷ মোৰ সেই অকণমান ভাল লগাবিধৰ গাড়ীখন হৈছে ব’লেৰ’৷
No comments:
Post a Comment