Friday, 26 September 2014

চাফাৰী ৱৰ্ল্ড
(ভ্ৰমণ কাহিনীৰ এছোৱা, বিশ্ব পৰ্যটন দিৱস উপলক্ষে)

দুমহলীয়া বাছত আগ-সন্ধ্যা ফুকেটৰ পৰা গোটেই নিশাটো যাত্ৰা কৰি ৩.১০.২০১০ৰ পুৱা ৭বজাত পুনৰ বেংকক পালোঁহি৷ সেইবাৰ আমাৰ বাবে ঠিক কৰি ৰখা হৈছিল বাংৰাক এলেকাৰ ৩১ চয় চাৰ’এনত্ৰুং ৩৬ত অৱস্থিত স্ৱান হোটেল৷ ৰুমত সোমায়ে খৰধৰকৈ গাটো ধুই কমপ্লিমেণ্টেৰী ব্ৰেকফাষ্টেৰে পেট ভৰাই ল’লোঁ৷ তাৰ পিছত দিনটোজোৰা কাৰ্যসূচীৰে ৰাওনা হ’লোঁ চামৱাটাৱানটক, ক্লংচামৱাত অৱস্থিত সুবিখ্যাত তথা জনপ্ৰিয় চাফাৰী ৱৰ্ল্ডলৈ৷ থাই ড্ৰাইভাৰ পৰ্নে আমাক তালৈ লৈ গ’ল ক’লা ৰঙৰ টয়’টা কাৰ এখনেৰে৷

চাফাৰী ৱৰ্ল্ড থাইলেণ্ডৰ ৰাজধানী মহানগৰী বেংককৰ পূব প্ৰান্তত, প্ৰায় ৪৫কিলমিটাৰ নিলগত, ৬৬০একৰ মাটিকালিৰে আগুৰা এখন সুবৃহৎ অৱসৰ বিনোদন কেন্দ্ৰ৷ ১৯৮৮চনৰ ১৭ফেব্ৰুৱাৰীত এই উদ্যানখন মুকলি কৰা হৈছিল৷ চাফাৰী ৱৰ্ল্ড প্ৰাইভেট কোম্পানী লিমিটেডৰ দ্বাৰা পৰিচালিত এই পৰ্যটন স্থলৰ মূল ভাগ দুটা৷ ৮কিলমিটাৰ এলেকাৰ চাফাৰী পাৰ্ক আৰু মেৰাইন পাৰ্ক৷ উভয়ৰে প্ৰৱেশ পথ সুকীয়া সুকীয়া৷ চাফাৰী পাৰ্ক পুৱা ৯বজাৰ পৰা বিয়লি ৪.৩০বজালৈ খোলা থাকে৷ মেৰাইন পাৰ্কৰ সময় পুৱা ৯বজাৰ পৰা বিয়লি ৫.০০বজালৈ৷ অষ্ট্ৰিক, জেব্ৰা, জিৰাফ, উট, বাঘ, সিংহ, বগা গঁড়, ভালুক, নীল-গাই, বান্দৰ, হাতী, পাণ্ডা, Marabou Stork, Painted Stork, Watusi, Gaur, Impala, Blackbuck, Wildebeest, African Crowned Crane, Oryx, Eld's Deer, Fallow Deer, Giant Stingray, Walrus, ভাৰতীয় ময়ূৰ, পেলিকান, ঘঁৰিয়াল, নানাবিধ মাছ আদিকে ধৰি আফ্ৰিকীয় আৰু এচীয় জলচৰ-স্থলচৰ অনেক চিনা-নিচিনা জীৱ-জন্তু, চৰাই-চিৰিকটি ইয়াত আকৰ্ষণীয় ৰূপত প্ৰতিপালন কৰা হৈছে৷ চাফাৰী ৱৰ্ল্ডৰ অন্তৰভাগৰ বিভিন্ন প্ৰজাতিৰ গছ-গছনিৰ সংৰক্ষণ পদ্ধতি আৰু পথ ব্যৱস্থাও চমকপ্ৰদ৷ পূৰ্বনিৰ্ধাৰিত সময় অনুক্রমে মনোৰঞ্জনধৰ্মী অনেক কাৰ্যসূচী ইয়াত ভিন ভিন স্থানত প্ৰদৰ্শন কৰা হয়৷ সেই কাৰ্যসূচীসমূহৰ ভিতৰত Beluga Whale & Dolphin Show, Sea Lion Show, Orang Otan Show, Polar Bear Feeding Show, Bird Show, Elephant Show, Spy War Show, Western Cowboy Stunt Show, Tiger Feeding Show প্ৰধান৷ এইসমূহৰ দৰ্শনাৰ্থে যোৱা দেশী-বিদেশী প্ৰতিজন পৰ্যটককে উদ্যানখনে কল্পনাৰো অগোচৰ এনে এখন জগতত বিচৰণ কৰোৱায় যাক ভাষাৰে বৰ্ণোৱা দৰাচলতে কঠিনসাধ্য কাম৷

চাফাৰী ৱৰ্ল্ডত প্ৰৱেশ কৰিয়ে ইনফৰ্মেচন কাউণ্টাৰলৈ গৈ গাইড মেপ এখন সংগ্ৰহ কৰিলোঁ৷ মেপখন মেলি লৈ ইয়াৰ চৌপাশে কত কিনো আছে অধ্যয়ন কৰি ললোঁ৷ মুখ্য কাৰ্যালয়, টিকট কাউণ্টাৰ, টয়লেট, প্ৰাথমিক চিকিৎসা কেন্দ্ৰ, টেলিফোন বুথ, ৰেস্তোঁৰা, স্নেকচ আৰু লঘু পানীয়ৰ প্ৰাপ্তিস্থল, স্মাৰকৰ বিপণী, উপহাৰৰ দোকান, খেলা-ধূলা, বাহন আস্থান, গাড়ী পাকিং ইত্যাদিৰ ব্যৱস্থা ইয়াত ঠায়ে ঠায়ে সুপৰিকল্পিত আৰু শৃংখলাবদ্ধভাৱে ৰখা হৈছে৷ দেশী-বিদেশী খাদ্য-সম্ভাৰেৰে পৰিপূৰ্ণ Lion's Den, Safari, Jungle Cruise, Shinenum আদি সৰু-বৰ ৰেস্তোঁৰাও চাফাৰী ৱৰ্ল্ডৰ ভিতৰতে আছে৷ তদুপৰি আছে Safari Terrace, Giant Fish Aquarium, Eggs World, Hornbil Aviary, Crowned Pigeon Aviary, Macaw Aviary, Orang Otan Garden, Crocodile Garden, Jungle Walk, Mini World, Picnic Boat, Floating Market, Hanging Bridge, Safari Station, Swan Feeding, Fancy Carp Garden, River Safari, White World, Nyala Farm ইত্যাদি বিভিন্ন ধৰণ আৰু ৰূপৰ বিনোদন স্থান৷ প্ৰত্যেকটোকেই অতি আকৰ্ষণীয় আৰু পৰিষ্কাৰ ৰূপত সজাই-পৰাই ৰখা হৈছে ভ্ৰমণকাৰীক সম্পূৰ্ণভাৱে সন্তুষ্টি দিবৰ বাবে৷

ড্ৰাইভাৰ পৰ্নৰ পৰামৰ্শমতেই আমি প্ৰথমে চাফাৰী ৱৰ্ল্ডৰ প্ৰৱেশ টিকট সংগ্ৰহ কৰিলোঁ৷ গাড়ীত উঠিয়েই প্ৰথমে মেৰাইন পাৰ্কত সোমাই গলোঁ৷ ভিতৰত আমাৰ বাবে যেন বিৰল এক আশ্চৰ্য কিছুমানে অপেক্ষা কৰি আছিল! ৰাস্তাৰ দুয়ো দাঁতিত জীৱ-জন্তুবোৰৰ মুক্ত বিচৰণ৷ এখন মুকলি চিৰিয়াখানা বুলিব পাৰি৷ তাৰ মাজে মাজে একা-বেঁকা পথেৰে আমাৰ গাড়ী ধীৰ গতিৰে আগুৱাই গৈ থাকিল৷ জীৱ-জন্তুবোৰ নিচেই কাষৰ পৰা দেখিলোঁ৷ কৰবাত কৰবাত হাতেৰে চুই চাবও পাৰি৷ বাঘ, সিংহ আদিৰ এলেকাত সোমালে কিন্তু গাড়ীৰ আইনা খোলাটো নিষেধ৷ মাংসহাৰী প্ৰাণীবোৰক অভিনৱ আৰু নিৰাপদ পদ্ধতিৰে খাদ্য যোগান ধৰা চকুৰ আগতে দেখা পালোঁ৷ বেলেগ এখন পৃথিৱীত থকা যেন বোধ হল৷

মেৰাইন পাৰ্ক চোৱা হলত গাড়ীখন পাৰ্কিং এৰিয়াত থাকিল৷ আমি খোজ কাঢ়ি প্ৰৱেশ কৰিলোঁ চাফাৰী পাৰ্কলৈ৷ ৰংবিৰঙী এগালমান ভাটৌ চৰায়ে আমাক সোমাওঁতেই কাকলিৰে স্বাগতম জনালে৷ উৎসৱমুখৰ এক পৰিৱেশ৷ যিমানেই আগুৱাই গৈ থাকিলোঁ সিমানেই আচৰিত হলোঁ ইয়াৰ নিখুঁত পৰিচালনাত৷ অভিভূত হলো ব্যৱস্থাপনা সংক্রান্তীয় উৎকৃষ্টতাৰ কথা ভাবি৷ আমাৰ টিকটত সিদিনাৰ শ্ববিলাকৰ নাম, স্থান আৰু সময় সুন্দৰভাৱে উল্লেখ কৰা আছিল৷ এফালৰ পৰা সেইবোৰ উপভোগ কৰিব ধৰিলোঁ৷ প্ৰৱেশ টিকটৰ সৈতে দুপৰীয়াৰ আহাৰৰ সংযোজন আছিল বিনামূলীয়া৷ গতিকে নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট ৰেস্তোঁৰাত পদাৰ্পণ কৰি আমাৰ বাবে আগতীয়াকৈ সজাই ৰখা নিৰ্দিষ্ট আসন অধিকাৰ কৰিলোঁগৈ৷ তাৰ পিছত পুনৰ চাফাৰী ৱৰ্ল্ডৰ ৰং, ৰূপ আৰু আনন্দদায়ক কাৰ্যসূচীসমূহৰ সৈতে নিজকে বিলীন কৰি দিলোঁ৷



















































No comments:

Post a Comment