ভূপেন হাজৰিকা যেতিয়া আহিছিল...
(গল্প নহয়, সত্য)
আজিৰ পৰা প্ৰায় আঠত্ৰিশ বছৰৰ আগৰ কথা৷ যিমানদূৰ
মনত পৰে, হিন্দীতে হোৱা কথা-বতৰাৰ শাৰীকেইটা আছিল এনে…
ভূপেন হাজৰিকা : ভাই, ইমান মানুহযে ৰাস্তাৰে গৈ
আছে, ক’লৈ গৈছেহে’?
দোকানী : মানুহবিলাক ডিফু ক্লাবলৈ গৈ আছে বাবু৷
ভূপেন হাজৰিকা : ডিফু ক্লাবলৈ? কিন্তু কিয়?
দোকানী : আপুনি নাজানে নেকি? আজি ডিফু ক্লাবত ভূপেন
হাজৰিকা আহিব৷
ভূপেন হাজৰিকা : ভূপেন হাজৰিকা!
দোকানী : আৰে বাবু, আপুনি ভূপেন হাজৰিকাক চিনি
নাপায়?
১৯৭৬চনত ডক্টৰ ভূপেন হাজৰিকা যেতিয়া ডিফুলৈ গান গাবলৈ আহিছিল, ডিফু ক্লাবৰ প্ৰেক্ষাগৃহৰ ভিতৰত এজন শ্ৰোতা হিচাপে উপস্থিত থকাৰ সৌভাগ্য মোৰো হৈছিল৷ ইমানদিনে কেৱল ৰেডিঅ'তহে মাতষাৰ শুনিবলৈ পাই আছিলোঁ৷ এতেকে কৌতূহলভৰা মনটোৰে ক্লাবৰ একেবাৰে পিছফালে থকা কাঠৰ গেলেৰীটোত বহি লৈছিলোঁ৷ গীতৰ মাজে মাজে কলাত্মক শৈলীৰে কথা কৈ, ৰসিকতা কৰি গায়কজনে অনুষ্ঠানটো আকৰ্ষণীয় কৰি তুলিছিল৷ তেনে সন্ধিক্ষণতে তেখেতে নিজমুখে কোৱা ওপৰৰ কথাখিনিয়ে মোৰ আজিও মনত দোলা দিয়ে৷ মঞ্চত সদৰি কৰা মতে, ডিফু ক্লাবলৈ অহাৰ বাটত শিল্পীগৰাকীয়ে হেনো গাড়ীৰ পৰা নামি এখন দোকানত কিবা কিনিবলৈ সোমাইছিল৷ তেনে এক মুহূৰ্ততে দোকানীৰ সৈতে হোৱা কথোপকথন এয়া, যিখিনি তেখেতে গীত পৰিৱেশনৰ মাজতে উপস্থাপন কৰি সংগীতপ্ৰেমী ৰাইজক হাঁহিৰ খোৰাক যোগাইছিল৷
গড়কাপ্তানি ক’লনিৰ সেই সময়ৰ আৱাসী তথা বিভাগটোৰ উপ-সংমণ্ডল (গ) বিষয়া শ্ৰীযুত বৰদলৈৰ আতিথ্য গ্ৰহণ কৰি দিনৰ আহাৰৰ বাবে সেইঘৰত উপস্থিত হৈছিলগৈ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ ডক্টৰ ভূপেন হাজৰিকা৷ নিচেই চুবুৰীয়া প্ৰতিবেশী হোৱাৰ সূত্ৰে আমিও সিদিনা চুচুক-চামাককৈ 'গান গোৱা মানুহজন'ক জুমিছিলোঁগৈ৷ গৃহস্থৰ ব্লেকী নামে ক’লা বৰণৰ, চুটি-চাপৰ এজনী মৰম লগা কুকুৰ আছিল৷ ব্লেকী সন্মুখত বহি থকা অৱস্থাত ডক্টৰ হাজৰিকাই কুকুৰজনীৰ ছবি এখন আঁকি পেলাইছিল৷ কাগজখনৰ তলত নিজৰ চহীটোও মাৰি দিছিল৷ উক্ত পেন্সিল আৰ্টখন পিছত গৃহস্থই দৰজাত ওলোমাই ৰখা মোৰ মনত পৰে৷
ভূপেন হাজৰিকাৰ সৈতে জয়ন্ত হাজৰিকাও সেইবাৰ ডিফুলৈ আহিছিল৷ দুয়ো একক কণ্ঠত, দ্বৈত কণ্ঠত অনেক গান গালে৷ আমিও নিৰ্বাক হৈ এটাৰ পিছত এটাকৈ শুনি গ’লোঁ৷ একোবত ভূপেন হাজৰিকাই আৰম্ভ কৰিলে... ‘ঐ শুকান পাহাৰ, ঐ নিলাজ পাহাৰ...’ গীতটি৷ গীটাৰৰ আৱাজটো কাণত পৰিছিলহিহে মাত্ৰ৷ তেনেকুৱাতে সন্মুখৰ ফালৰ পৰাই কোনোবা এজনে উচ্চ স্বৰত চিঞৰ মাৰি উঠিল... ‘নাগাব, নাগাব’ বুলি৷ আকস্মিকভাৱে ঘটি যোৱা ঘটনাটোত মঞ্চত থকা শিল্পী-কলাকুশলীৰ লগতে প্ৰেক্ষাগৃহৰ বাহিৰে-ভিতৰে গিজ খাই ধৰা শ্ৰোতা ৰাইজ চকিত হৈ পৰিল৷ গীতটোৰ কথাংশই পাহাৰক ভেঙুচালি কৰাৰ অভিযোগত স্থানীয় জনজাতীয় যুৱক এজনে আচম্বিতে তেনেকৈ চিঞৰি বাধা আৰোপ কৰিছিল৷ ক্ষন্তেকৰ বাবে কিংকৰ্তব্যবিমোৰ হৈ পৰিলেও ভূপেন হাজৰিকাই শিল্পীসুলভ কায়দা আৰু স্বভাৱগত ভংগীমাৰে লাহেকৈ পৰিস্থিতি চম্ভালি ল’লে৷
ডাঙৰৰ সমানে সমানে আমিও কাৰ্যসূচী শেষলৈকে উপভোগ কৰি এসময়ত ঘৰ পালোঁহি৷ বিশ্ববিশ্ৰুত শিল্পী ডক্টৰ ভূপেন হাজৰিকাক সেইবাৰেই মই জীৱনত প্ৰথম দেখিলোঁ, শুনিলোঁ, আপ্লুত হ'লোঁ৷
No comments:
Post a Comment