শিয়াল...
গছৰ ডালত কাউৰী এজনীয়ে মুখত লৈ থকা মঙহ খুতুৰা
শিয়াল এটাই কেনে ছল-চাতুৰীৰে সৰকাই নি খালেগৈ সেই বিষয়ক কাহিনী এটা আমি কোন কেতিয়াবাতে
কিতাপত পঢ়িবলৈ পাইছিলোঁ৷ তেতিয়াই আমাৰ কোমলমতীয়া মনত ঘটনাটোৱে গভীৰভাৱে ৰেখাপাত কৰিছিল৷
লগতে প্ৰতিক্রিয়াৰো সৃষ্টি হৈছিল : ইমানযে ধূৰ্ত এই শিয়াল নামৰ চাৰিঠেঙীয়া জন্তুটো!
সিহঁতৰ মূৰটো চাগৈ অনবৰত বুদ্ধিৰেই পোত খাই থাকে৷
পিছলৈ আমি ‘শিয়াল-বুদ্ধি’, ‘শিয়াল-কটকী’, ‘শিয়াল-পণ্ডিত’ আদি শব্দ কিছুমানো পাইছিলোঁ৷ মানুহ নামৰ প্ৰাণীবিধৰ ক্ষেত্ৰত দেখা
শিয়ালসদৃশ ধূৰ্তালি বুজাবলৈকে এইজাতীয় শব্দসমূহ তেতিয়াও কৰা হৈছিল আৰু আজিকোপতিও আমাৰ
ভাষাত সম্ভ্ৰমেৰে প্ৰয়োগ কৰি অহা হৈছে৷
পলিটিচিয়ান, মানে ৰাজনীতিক হেনো শিয়ালতকৈও ধূৰ্ত!
হয়নে বাৰু কথাটো? সঁচা-মিছা হ’লে নাজানো৷ বাক্যটো ক’ত জানো পাইছিলোঁ, এই মুহূৰ্তত সেইটোও ঠিক ক’ব নোৱাৰিম৷ পাইছোঁ কিন্তু৷ আৰু
পাইছোঁ যে এশটা শিয়াল মৰিলে হেনো এজন ৰাজনীতিকৰ জন্ম হয়৷ অৰ্থাৎ এজন ৰাজনীতিক হ’বলৈ হ’লে এশটা শিয়ালৰ সমান বুদ্ধি থাকিব
লাগিব৷ ছল-চাতুৰীৰে ৰাইজৰ মুখৰ আহাৰ সৰকাই খোৱা ৰাজনীতিকৰ স্থান কাউৰীৰ মঙহ সৰকোৱা
শিয়ালটোতকৈ দস্তুৰমত এশগুণ ওপৰত৷ কাজেই ৰাজনীতিকৰ বুদ্ধিৰ প্ৰখৰতাত সাধাৰণ প্ৰজাই ত্ৰাহি
মধুসুধন সুঁৱৰিব লগা হয়৷ শিয়ালে তেতিয়া এজনী কাউৰীৰ পৰাহে সৰকাইছিল৷ তেনেকুৱা এশজনী
কাউৰীৰ মুখৰ মঙহ অকলেই একে আষাৰতে সৰকাই খাই পেলাব পাৰে ৰাজনীতিক নামৰ দুঠেঙীয়া জীৱটোৱে৷
ইহঁতৰ মূৰটোহঁত শিয়াল-বুদ্ধিৰে ঠাহ খাই থাকে৷ ইহঁত শিয়ালৰ বংশধৰ৷ এনে ‘শিয়াল-পৰিবাৰ’ৰ সদস্যসকলে মৰা হোৱাবিলাকহে
এতিয়া সঘনাই ৰাইজে শুনা পায়৷ আচল শিয়ালৰ হোৱা শুনিবলৈকে নোহোৱা হ’ল৷
কেতিয়াবা মই এনেয়ে জনাৰ চেষ্টা কৰোঁ... কিমান বুদ্ধি
থাকিলেনো একোটা শিয়াল হ’ব পাৰি বাৰু?
এশটা শিয়ালৰ বুদ্ধি!
কল্পনা কৰিবলৈকোচোন টান৷
No comments:
Post a Comment