ভাল খবৰ...
ফ্ল’ৰিডাৰ মিয়ামিত যোৱা শুকুৰবাৰে কলম্বিয়াৰ সৈতে খেলা ইণ্টাৰনেশ্যনেল
ফ্ৰেইণ্ডলী ফুটবল মেচ এখনত ব্ৰাজিলে কলম্বিয়াক ন্যূনতম গ’লত পৰাজিত কৰে৷ সৌ-সিদিনা মাত্ৰ
ব্ৰাজিল বিশ্বকাপৰ ছেমি-ফাইনেলত জাৰ্মানীৰ হাতত ৭-১ত আৰু তাৰ পিছতেই তৃতীয় স্থান নিৰ্ধাৰণকাৰী
খেলখনত নেদাৰলেণ্ডছৰ লগত ৩-০ত স্বদেশতে ভূলুণ্ঠিত হৈছিল ব্ৰাজিল৷ তেনেস্থলত ফুটবল ঐতিহ্য আৰু ঐশ্বৰ্যৰে গৰিমামণ্ডিত ব্ৰাজিল তথা ব্ৰাজিলবাসীৰ উপৰি বিশ্বব্যাপী বিৰাজ কৰা আপুনি, মই বা কণমানি ভাৰ্গব বৰ্ণিলহঁতৰ দৰে ব্ৰাজিলৰ ঘোৰ সমৰ্থকসকলৰ বাবে এয়া নিশ্চয় ভাল খবৰ৷
অন্য এক ভাল খবৰ এয়ে যে তুমুল প্ৰতিদ্বন্দ্বিতাপূৰ্ণ
উক্ত খেলখনৰ ৮৩মিনিটত ব্ৰাজিলৰ
হৈ গ’লটো দিয়ে দলৰ সবাতোকৈ প্ৰতিভাসম্পন্ন
খেলুৱৈ নেইমাৰে৷
ফুটবলপ্ৰেমীসকলৰ নিশ্চয় মনত থাকিব, বিগত বিশ্বকাপত
৪আগষ্ট তাৰিখে ব্ৰাজিল-কলম্বিয়াৰ মাজত
অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেল খেলখনত মাৰাত্মকভাৱে আঘাতপ্ৰাপ্ত হৈ নেইমাৰে খেলপথাৰ ত্যাগ
কৰাই নহয়, প্ৰতিযোগিতাৰ পৰৱৰ্তী খেলসমূহত নিজ দলক প্ৰতিনিধিত্ব
কৰাত অক্ষম হৈছিল৷ অশ্ৰুসিক্ত নয়নেৰে, শোকবিহ্বল হৃদয়েৰে প্ৰিয় খেলুৱৈজনক ব্ৰাজিল ২০১৪ৰ
পৰা সেই মুহূৰ্ততে বিদায় জনোৱা জুমটোৰ মাজত আমিও আছিলোঁ৷ সেইজন খেলুৱৈয়েই সিদিনা ধেনুভিৰীয়া
ফ্ৰী কিকৰ জৰিয়তে বলটো সোঁ কোণেৰে দৰ্শনীয়ভাৱে নেটত প্ৰৱেশ কৰোৱাই ব্ৰাজিলৰ লগতে
বিশ্বৰ চুকে-কোণে থকা তেওঁৰ লক্ষ লক্ষ অনুৰাগীলৈ আশাৰ বতৰা কঢ়িয়াই আনিলে৷ শোকাশ্ৰুক ৰূপান্তৰিত কৰিলে আনন্দাশ্ৰুত!
মিয়ামিস্থিত চান লাইফ ষ্টেডিয়ামত শুকুৰবাৰে অনুষ্ঠিত
খেলখনত 'মেন অফ দ্যা মেছ' সন্মান হস্তগত কৰে ২২বছৰীয়া ব্ৰাজিলিয়ান ষ্ট্ৰাইকাৰ নেইমাৰেই৷
ৰেকৰ্ডসংখ্যক ৭৩,৪২৯ দৰ্শকে প্ৰদৰ্শন চাবলৈ ঠাহ খাই পৰা খেলখনত নেইমাৰেই ব্ৰাজিল দলক
নেতৃত্ব দিয়ে৷ বিশ্বকাপৰ পিছতেই লুইজ ফিলিপ স্কলাৰীক স্থলাভিষিক্ত কৰা নতুন প্ৰশিক্ষক
তথা ব্ৰাজিলৰ প্ৰাক্তন তাৰকা খেলুৱৈ ডুংগাৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত দলটোত এইবাৰ বিশ্বকাপলৈ
যোৱা ২৩জনীয়া জাতীয় দলটোৰ ১০জন খেলুৱৈয়ে স্থান লাভ কৰিছিল৷
বিশ্বকাপত কলম্বিয়াৰ জুৱান কেমিল’ জুনিগাই নেইমাৰক আঁঠুৰে কৰা
আঘাত ফুটবলপ্ৰেমীসকলৰ নিশ্চয় মনত আছে৷ সিদিনাৰ প্ৰীতি খেলখনতো অনুৰূপ ঘটনা এটাই সংঘটিত
হৈছিল৷ খেলৰ ৪৯মিনিটত কলম্বিয়াৰ মিডফিল্ডাৰ জুৱান কুৱাদ্ৰাদ’ই নেইমাৰক বিধিনিষিদ্ধভাৱে ফাউল
কৰে৷ এইবাৰ কিন্তু কানাডিয়ান ৰেফাৰী ডেভ গান্তাৰে ৰঙা কাৰ্ড দিয়াত অকণো পলম নকৰিলে৷
ফলত কলম্বিয়া দলটোৱে এজন খেলুৱৈ হেৰুৱাবলগীয়া হ’ল আৰু পিছৰ সময়ছোৱাত ১০জন খেলুৱৈৰে খেলিবলগীয়া
হ’ল৷
ব্ৰাজিল দলৰ পৰিশ্ৰমী ডিফেণ্ডাৰ থিয়াগো ছিলভাই
হাৰ্মষ্ট্ৰিং ইনজুৰিৰ বাবে সিদিনাৰ খেলখনত ভাগ ল’ব পৰা নাছিল৷ দলৰ অন্য এজন নিৰ্ভৰযোগ্য খেলুৱৈ
ডেভিদ লুইজ আঁঠুৰ আঘাতৰ বাবে আঁতৰি থাকিব লগা হৈছে৷ এই দুইৰ অনুপস্থিতিত এতিয়া ডুংগাই
ব্ৰাজিল দলক সবল আৰু উজ্জীৱিত কৰাত উঠি-পৰি লাগিছে ডেনি এলভিচ, ডাণ্টে, মেক্সৱেল, হেনৰিক, দিদি,
মাৰকচ, ৰাফিনহা, পাউলিনহো, হাৰ্নানেচ, বাৰ্নাৰ্ড, ভিক্তৰ, জো, হাল্ক, এলেক্স, ৰবিনহো,
মাৰ্চেলো, জেফাৰচন, মাইকন, মিৰাণ্ডা, ফিলিপ লুইজ, লুইজ গোস্তাভো, ফাৰ্নানদিনহো, ৱিলিয়ান,
অস্কাৰ, নেইমাৰ আদিৰে৷
নেইমাৰৰ এই ‘কাম বেক’ কেৱল আপোনাৰ, মোৰ, ভাৰ্গব বৰ্ণিলৰ দৰে সমৰ্থক বা ব্ৰাজিলবাসীৰ বাবেইহেযে ভাল খবৰ, তেনে নহয়৷ ফুটবলৰ বাবেই এয়া এটা অতি ভাল খবৰ৷ খেলখনৰ কিক অফৰ পূৰ্বে বিশ্বকাপৰ ঘটনাৰ বাবে জুনিগাই নেইমাৰক ব্যক্তিগতভাৱে ক্ষমা খোজে আৰু ভাল খেলাৰ কামনা কৰে৷ নিঃসন্দেহে ফুটবল তথা ফুটবলাৰৰ মহানতাৰে পৰিচায়ক আছিল সেয়া৷
No comments:
Post a Comment