শিক্ষাগুৰুৰ সৈতে জুৱাত জিকাৰ আনন্দ
(গল্প নহয়, সত্য)
এইটো অপৰাহ্নৰ বাবেইতো আমি ইমানদিনে উৎকণ্ঠিত হৃদয়েৰে
প্ৰতীক্ষা কৰি আছিলোঁ! কেলেণ্ডাৰখনলৈ চাই আজিহে ভাল লাগিছে৷
বিয়লি বেলা যোৰহাটৰ পৰা ৰিজাৰ্ভড বাছেৰে মৰিয়নি
জংছন পালোঁহি৷ অলপ পিছতে ট্ৰেইন আহিল৷ খালী ডবা এটাৰ দৰজা মুখত থিয় হৈ বিপুলে হাত দাঙি
চিগনেল দি আহিছে৷ তিনিচুকীয়াৰ পৰা আহি আছে সি৷ তাক দেখি আমিও কিৰীলি পাৰি উঠিলোঁ৷ এই
গোটেই ডবাটোৱেই আমাৰ, অৰ্থাৎ সংৰক্ষিত৷ গতিকে যিয়ে য’ত যেনেকৈ বহে, শোৱে নিজৰ কথা৷
পাৰ্টনাৰ মিলাই ল’লেই হ’ল৷
ট্ৰেইনখনে লাহে লাহে প্লে’টফৰ্ম এৰিলে৷ শিক্ষানুষ্ঠানৰ
ফালৰ পৰা আমি এডুকেশ্যনেল ট্যুৰত ওলাইছোঁ৷ লক্ষ্যস্থান কলিকতা, জামছেদপুৰ, লক্ষ্ণৌ,
দিল্লী, আগ্ৰা আৰু মায়ানগৰী ব’ম্বে৷ প্ৰতি বছৰে এনেকৈ নিজাববীয়াকৈ ডবা এটা লৈয়ে আমাৰ ছাত্ৰ-ছাত্ৰীসকল
দীঘলীয়াকৈ এক্সকাৰচনত যায়৷ এইটো এটা পৰম্পৰা৷ বগিটো ৰে’লখনৰ পৰা বিচ্ছিন্ন কৰি প্লে’টফৰ্মৰ এফালে লাইনত বা য়াৰ্ডৰ
সুচল ঠাইত ৰাখি থোৱা হয়৷ সেইকেইদিন ডবাতেই থকা-মেলা৷ হোটেলত খোৱা-বোৱা৷ নতুন ঠাইলৈ
যাবৰ হ’লে সময়মতে নিৰ্দিষ্ট গাড়ীখনত
সংযোগ কৰি দিয়ে৷ একেটা ডবাৰেই ঘূৰি-ফুৰি আহি আকৌ ঘৰ৷ এনেকুৱা আছিল ব্যৱস্থাপনা৷ এইবাৰো
একেই হ’লত স্বাভাৱিকতে যাত্ৰাটো জমি
উঠিল৷
ৰে’ল ভ্ৰমণৰ অভিজ্ঞতাৰে পুষ্ট আছিলোঁ বাবেই পোনেই উঠি লৈ
আপাৰ বাৰ্থত নিজৰ বিছনাখন মেলি দিলোঁ৷ এই বাৰ্থটো নিজঞ্জাল৷ চপাব-কোঁচাব নালাগে৷ গতিকে
পছন্দ কৰোঁ৷ একেটা কুপত থাকিল অশ্বিনী, ৰাজেন, মুকুল, ৰমেন আৰু গিৰীশ৷ কাষতে ভাবী,
কৰুণাহঁত৷ গোটেইকেইটা একেখন হোষ্টেলৰে, সদায় পাই থকা স্ফূৰ্তিবাজ ল’ৰা৷
ট্ৰেইন এৰিলত সকলো চিজিল হৈ পৰিল৷ তাৰ পিছতে ভাগে
ভাগে ভিন্ন ভিন্ন এক্টিভিটিজ আৰম্ভ হৈ গ’ল৷ কোনোবাই ছিটত বাগৰি আৰাম কৰিলে, কোনোবা কেইটামানে লগ
হৈ আড্ডা পিটিলে, চিঞৰি চিঞৰি কোৰাচ গালে, ছোৱালী দেখি উকিয়ালে, দাৰ্শনিকৰ দৃষ্টিৰে
কোনোবাই আকৌ খিৰিকীৰ ৰেলিঙেৰে বাহিৰ চোৱাত নিমগ্ন হ’ল৷
কাৰ্ডজাপ বেগৰ পৰা উলিয়াই কৰুণাই মোলৈ ইংগিত
এটা দিলে৷ লগে লগে জাঁপ মাৰি ওপৰৰ পৰা নামি এটা ছিট অধিকাৰ কৰি পেলালোঁ৷ টুৱেণ্টি নাইন
আৰম্ভ হৈ গ’ল৷ চলন্ত ট্ৰেইনত হালি-জালি তাচ
খেলাৰ বেলেগ এটা মজা আছে৷
তত্ত্বাৱধায়ক শিক্ষকসকলৰ সৈতে মেকানিকেলৰ মুৰব্বী
বি.জি. ছাৰো ডবাটোত উঠিছিল৷ দেখি প্ৰথমে অলপমান চিন্তাতে পৰিছিলোঁ৷ পিছতহে গম পালোঁ,
ছাৰ ভ্ৰমণত নাযায়, গুৱাহাটীত ব্ৰডগজত উঠালৈকে আমাক লগ দিব৷ ‘ঠিকেই আছে তেনেহ’লে, বাছিলোঁ৷’ …ইস্কাপনৰ টেক্কাটো গাৰ জোৰেৰে
বাকীকেইটা কাৰ্ডৰ ওপৰত মাৰি নিজকে নিজে কৈ উঠিলোঁ৷
ৰঙা-ক’লাৰ খেলখনে গতি লাভ কৰিব ধৰিলে৷ তেনেকুৱাতে সিফালৰ পৰা
ছাৰ আহি সন্মুখতে ওলাল৷ সেমেনা-সেমেনি আৰম্ভ হৈ গ’ল৷ হাতে হাতে লৈ থকা তাচপাতবোৰ লুকুওৱাৰ বৃথা প্ৰচেষ্টা
কিছুমান চলিব লাগিল৷ হাজাৰ হওক আমাৰ এইচ.অ’.ডি.৷ এনেয়ে হ’লে বেধুম গালি খালোঁহেঁতেন যদিও আজি দেখোন ছাৰেও বিপৰীত
প্ৰতিক্রিয়াহে দেখুৱালে! চশমাযোৰ খুলি হাতত লৈ মোলায়েম সুৰত কৈ উঠিল, ‘খেলা খেলা৷ ময়ো খেলিম৷’
ছাৰেও চাগৈ অথনিৰে পৰা এনেকুৱা গ্ৰুপ এটাই বিচাৰি
আছিল৷ অনুমতি পাই ল’ৰাহঁতৰ উৎসাহ ফিৰি আহিল৷ ছাৰে
সুধিলে, ‘কি খেলিছা? ৰামী খেলোঁ দিয়া৷
জানা নহয়?’
ক’বলৈহে পালে, কৰুণাই বেগ খুঁচৰি টপকৈ আৰু এযোৰ কাৰ্ড উলিয়াই
আনিলে৷ ছাৰে ক’লে, ‘এনেয়ে নহ’ব দেই৷ এটকা পাৰ পইণ্ট খেলিম৷
প্ৰথমবাৰ ট্ৰায়েল, তাৰ পিছৰ পৰা হিচাপ-কিতাপ চলিব৷ ঠিক আছে?’
‘হ’ব ছাৰ৷’ ল’ৰাহঁতৰ সদৰ্থক উত্তৰ৷ বাহিৰলৈ ওলাইছে যেতিয়া হাতত ধন-বিত কিছু হ’লেও মজুত আছেই৷ গতিকে পৰোৱাই
কিহৰ? দুটকা গ’লেই যেনিবা, কি আহে-যায়?
নামনিৰ দিশে ধাৱমান ট্ৰেইনখন ফৰকাটিংমান পাইছিলগৈ৷
লাহে লাহে বেলিও পৰিছিল৷ ডবাৰ ভিতৰৰ লাইটবোৰ এটা-দুটাকৈ জ্বলি উঠিছিল৷ পেণ্ট্ৰি কাৰত
সকলোৰে বাবে ৰাতিৰ আহাৰৰ অৰ্ডাৰ দিয়া হৈ গৈছিল৷ সেইবোৰ কামৰ দায়িত্ব জি.এছ. বিপুল আৰু
এ.জি.এছ. ৰূপকৰ৷ গতিকে মূৰ ঘমাবলৈ নাই৷ খোৱাৰ খৰছ অৱশ্যে নিজা নিজা৷ সেইটোহে চিন্তনীয়৷
আহি আহি নিশা আঠমান বজাত ডিফু ষ্টেছনত গাড়ীখন ৰ’ল৷ প্লে’টফৰ্মত দেউতাই লগ ধৰিবলৈ আহিছিল৷
ল’ৰা বাহিৰলৈ যাব৷ ৰামী খেলখনৰো
ডিফুৰ প্লে’টফৰ্ম সোমাওঁতেই অন্ত পেলোৱা
হ’ল৷ কাৰণ পেণ্ট্ৰি কাৰৰ মানুহে
ইয়াতে ভাত লৈ অহাৰ কথা আছিল৷
কৰুণাই কাৰ্ডখিনি সামৰি-সুতৰি বেগত সুমুৱালে৷ পিছত
আকৌ লাগিব৷ ছাৰো উঠি গ’ল নিজৰ ছিটলৈ৷
No comments:
Post a Comment