লামিহঁতৰ ধাৰণাবোৰ...
(গল্প নহয়, সত্য)
লামি মোৰ ওচৰলৈ আহিছিল কাগজকেইখিলামান হাততে নুৰিয়াই
লৈ৷ ল’ড ছেডিঙৰ বাবে ইলেকট্ৰিক পাৱাৰ
চাপ্লাই ব্যাহত হোৱাত তাইক বহিবলৈ দি মই অন্য এটা কামত বাহিৰ ওলাই গ’লোঁ৷ ঘূৰি আহি দেখোঁ যে বিজুলী
সৰৱৰাহ চলিছে৷ কাগজকেইখনৰ ক’পী জৰুৰীভাৱে বেংকত জমা দিবলগীয়া আছিল বাবে তায়ো বিদ্যুতলৈ অপেক্ষমান
হৈ বহি ৰৈছিল৷
কৰ্মস্থলীত সোমায়ে এওঁক ক’লোঁ, ‘মেছিনটো অন কৰাচোন৷’ আৰু কিবাকিবি বেলেগ কথাও কৈ
আছিলোঁ৷ তাই শুনি আছিল৷ কাগজখিনি হাতৰ পৰা লৈ মেছিনলৈ আগুৱাই যাওঁতেই লামিয়ে প্ৰশ্ন
কৰিলে... ‘আপুনিবিলাক ঘৰতে আচামীজ ভাখা
কয় নিকি?’
থাদ’ জনগোষ্ঠীয় ছোৱালী লামি৷ আমাৰ পিছফালৰ থাদ’ ভেঙত ঘৰ৷ অসম বিশ্ববিদ্যালয়ৰ
ডিফু কেম্পাচৰ পৰা দুবছৰৰ আগতে বুৰঞ্জী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লৈছে তাই৷ ইহঁতবোৰৰ
সৈতে সাধাৰণতে ইংৰাজী নহ’লেবা খিচিৰি পকোৱা হিন্দীতে ভাব
বিনিময় চলে৷ চিনাকিটো অলপ পুৰণি হ’লে সিহঁতে বুজিব পৰাকৈ ভঙা ভঙা অসমীয়াও কোৱা যায়, নাগামিজ
সুৰীয়াকৈ৷ ইয়াত এখন মিশ্ৰ সমাজত বসবাস কৰি ইহঁতে বিশুদ্ধ অসমীয়া নোৱাৰিলেও এনেকুৱা
এটা ভাষা ক’বলৈ শিকি আছে৷ অসমীয়া আখৰ পঢ়িব বা
লিখিব নোৱাৰে অৱশ্যে৷
উত্তৰ দিয়াৰ আগতে লামিক ওলোটাই সুধিলোঁ...
‘নহ’লে কি ভাষা ক’ম?’
আকস্মিক প্ৰশ্নত তাই হয়তো থতমত খালে৷ অলপপৰ ৰ’ল৷ তাৰ পিছত কওঁ-নকওঁকৈ মনৰ কথাটো
ক’লে... ‘মুছলিম ভাষা৷’
উচ্চ শিক্ষানুষ্ঠানৰ চূড়াত আৰোহণ কৰিলেও লামিহঁতৰ
দৰে এনেকুৱা হাজাৰজন আমাৰ মাজত আছে, যি এনেকুৱা ভুল ধাৰণা কিছুমানেৰে প্ৰতিপালিত হৈয়েই
দিন-প্ৰতিদিন অতিবাহিত কৰি আহিছে৷ তেওঁলোকৰ ধাৰণাবোৰ পৰিষ্কাৰ কৰে কোনে?
কাম হোৱাৰ পিছত মই লামিক আমি কোন আৰু শুদ্ধটোনো
কি সেয়া ভালদৰে বুজাই দিলোঁ৷ পিছত তাইকো অলপমান দোমোজাত পেলাওঁ বুলিয়ে ৰগৰৰ সুৰতে ক’লোঁ... ‘তুমি আজি পাৰা ঘৰতে থাদ’ কথা নক’বা দেই, খ্ৰীষ্টান ভাখা ক’বা৷’
তাই বিবুদ্ধিত পৰিল৷ অলপ পিছত বুজি পালে চাগৈ৷ পইচাকেইটা
দি হাঁহি হাঁহি ওলাই গ’ল৷ আনন্দতে হাতত অনা ছাতিটো নিবলৈকো
পাহৰিলে৷ অলপ দূৰ পোৱাৰ পিছত পিছফালৰ পৰা চিঞৰিলোঁ... ‘ঐ লামি... লামি... ইয়’ৰ আমব্ৰে’লা?’
লামি ঘূৰি আহিল আৰু ছাতিটো হাত পাতি ল’লে৷ ‘থেংকচ’ বুলি কোৱাৰ আগতেই মই পুনৰবাৰ
সোঁৱৰাই দিলোঁ... ‘খ্ৰীষ্টান ভাখা দেই৷’
প্ৰত্যুত্তৰত আকৌ এটা হাঁহি পালোঁ৷
এতিয়া লামিয়ে মোক দেখিলে অৰ্থবহ চাৱনিৰে চায়৷ মনত
কি ভাবে নাজানো৷ ইহঁতৰ সৰলতাখিনি কিন্তু মোৰ খুব ভাল লাগে আৰু উপভোগ কৰাৰ তালত থাকোঁ৷
No comments:
Post a Comment