‘কুইন অৱ হিলছ’ দাৰ্জিলিঙৰ পৰা পালোঁগৈ ‘স্ন’ কেপড শ্বাং-গ্ৰি-লা’ গেংটক
(ভ্ৰমণ অভিজ্ঞতা)
নবেম্বৰৰ প্ৰথম সপ্তাহ৷ ১৯৯৩চন৷ টুৰিষ্ট বাছৰ খিৰিকীৰ
কাষত বহি বন্ধু বিষ্ণু আৰ্জেল আৰু মই যাত্ৰা কৰিছোঁ গেংটক অভিমুখে৷ পাহাৰত থাকোঁ, পাহাৰ ভাল পাওঁ৷ গতিকে ফুৰিবৰ বাবেও পাহাৰকেই বাছি লৈছোঁ৷
হিমালয়ৰ পাদদেশত, সমুদ্ৰপৃষ্ঠৰ পৰা ১,৫৪৭মিটাৰ উচ্চতাত অৱস্থিত গেংটক ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্য চিকিমৰ ৰাজধানী৷ প্ৰায় ১,০০০ বৰ্গ কিল’মিটাৰ আয়তনৰ ইষ্ট ডিষ্ট্ৰিক্টৰ ই সদৰ ঠাই৷ আধুনিকতাৰ প্ৰভাৱস্পষ্ট, প্ৰাকৃতিকভাৱে সমৃদ্ধ, উত্তৰ-পূৰ্বাঞ্চলৰ এই পাহাৰীয়া সৰু চহৰখন আৰু ইয়াৰ পাৰিপাৰ্শ্বিক দৃশ্যাৱলী চালে চকুৰোৱা৷ পঢ়িবলৈ পোৱামতে ‘গেং টক’ শব্দটোৰ অৰ্থ ‘হিল টপ’ অৰ্থাৎ পৰ্বতৰ শিখৰ৷
৩৫ বৰ্গ কিল’মিটাৰ আয়তনৰ গেংটকৰ সেই সময়ত জনসংখ্যা আছিল ৪৫হাজাৰ৷
সৰ্বপ্ৰদেশীয় লোকৰ সমন্বয় ঘটিছে যদিও ইয়াৰ অধিৱাসীসকল ঘাইকৈ লেপচা, ভূটীয়া আৰু নেপালী৷
সৰহ সংখ্যকেই বৌদ্ধ ধৰ্মাৱলম্বী৷ লেপচা, নেপালী, লিম্বু, হিন্দী, ইংৰাজী ইত্যাদি ইয়াত
প্ৰচলিত ভাষা৷
শিলিগুৰিৰ পৰা গেংটকলৈ আহিবৰ বাবে শিলিগুৰিত অৱস্থিত
চিকিম ৰাষ্ট্ৰীয়কৃত পৰিবহণ আস্থানৰ পৰা নিয়মীয়া বাছসেৱা আছে৷ টেক্সী ভাড়া কৰিও যাব
পাৰি৷ শিলিগুৰি-গেংটকৰ দূৰত্ব ১১৪কিল’মিটাৰ৷ আনহাতে গেংটকৰ পৰা দাৰ্জিলিং ১৩৯কিল’মিটাৰ, কালিম্পং ৭৫কিল’মিটাৰ৷ এই ঠাইসমূহৰ পৰাও পৰ্যটন
বিভাগ, চৰকাৰী, বেচৰকাৰী বাছ, জীপ, ভান আদি বাহনৰ যোগাযোগ আছে৷ গেংটকৰ সমীপৱৰ্তী বিমানঘাটি
হৈছে পশ্চিমবংগৰ বাগডোগৰা (১২৫কিল'মিটাৰ)৷
অন্যান্য প্ৰদেশৰ তুলনাত শীতৰ মাত্ৰা অধিক বাবে
ছেপ্তেম্বৰ-নবেম্বৰ মাহেই গেংটক ভ্ৰমণৰ উৎকৃষ্ট সময়৷ মাৰ্চ-মে’ মাহতো ভ্ৰমণ কৰিব পাৰি৷ সেই
সময়ছোৱাত নানা ধৰণৰ ধুনীয়া ধুনীয়া অৰ্কিডবিলাক ফুলি জাতিষ্কাৰ হৈ পৰে৷
পৰ্যটকসকলৰ থকা-মেলাৰ সুবিধাৰ্থে সাধাৰণ স্তৰৰ
পৰা আৰম্ভ কৰি অত্যাধুনিক তিনি তাৰকাযুক্ত হোটেললৈকে বিভিন্ন শ্ৰেণীৰ হোটেল, টুৰিষ্ট
লজ, টুৰিষ্ট হাট, হোম ষ্টে’ৰ ব্যৱস্থা গেংটকত আছে৷ আমি দুয়ো
গৈ এখন হোটেলত উঠিলোঁ৷ পিছদিনা গেংটক ফুৰাৰ লগতে বন্ধুৰ চিনাকি ব্যক্তি, গেংটক ৰেডিঅ’ চেণ্টাৰৰ প্ৰগ্ৰাম একজিকিউটিভ
শ্ৰী কে. এছ. ৰাণাপহেলীৰ ঘৰলৈ ফুৰিবলৈ গ’লোঁ৷
তুষাৰধৱল পৰ্বতমালা, খলকনি তোলা জান-জুৰি, সেউজীয়া
গছ-গছনি, জীৱ-জন্তুৰে ভৰপূৰ চিকিম ৰাজ্যৰ ৰাজধানী চহৰ গেংটকৰ ব্যৱসায়ৰ কেন্দ্ৰস্থল,
মহাত্মা গান্ধী মাৰ্গ, ১৯৫৭চনত দালাই লামাই প্ৰতিষ্ঠা কৰা তিব্বতী ভাষা-সংস্কৃতি-ধৰ্ম-দৰ্শনৰ
অগ্ৰণী তথা পৃথিৱী বিখ্যাত অনুষ্ঠান ৰিচাৰ্চ ইনষ্ঠিটিউট অৱ তিবেতলজী, চিকিমৰ বৃহৎ ধৰ্মীয়
স্মৃতিস্তম্ভ ফুৰবা চৰতেন, ষ্ট’ন হৰ্ছ, ছুক-লা খাং মনেচটাৰী, হেণ্ডলুম এণ্ড ক্রেফট চেণ্টাৰ, চেক্রেটেৰিয়েট,
ডিয়েৰ পাৰ্ক, চিকিমৰ প্ৰথম ৰাজনৈতিক বিষয়া ক্লড হোৱাইটৰ সোঁৱৰণত ১৯৩২চনত নিৰ্মিত হোৱাইট
হল, ৰিঝ পাৰ্ক, ৰাজভৱন, ফ্লাৱাৰ শ্ব’, পে’লেচ, ২০০তকৈও অধিক বছৰ পুৰণি এনছে মনেচটাৰী, অৰ্কিড চেংকটিউৱেৰী,
গণেশ টক, পাইন টাম, হনুমান টক, পালঝৰ ষ্টেডিয়াম, নেহৰু পাৰ্ক, ষ্টেট একোৱেৰিয়াম ইত্যাদি
পৰ্যটকস্থলসমূহৰ উপৰি দাঁতি-কাষৰীয়া অঞ্চলসমূহত অৱস্থিত টাছি ভিউ পইণ্ট, চিকিমৰ সৰ্ববৃহৎ
ৰুমটেক মনেচটাৰী, ইপিকাক গাৰ্ডেন, ফুদং মনেচটাৰী, নেহৰু ব’টানিকেল গাৰ্ডেন, লাব্ৰাং মনেচটাৰী,
চাংগু লে’ক, পাময়াংছে মনেচটাৰী আদি পৰিভ্ৰমণৰ
বাবে চিকিম চৰকাৰৰ পৰ্যটন বিভাগৰ কনডাকটেড ট্যুৰৰ সুব্যৱস্থা আছে৷
গেংটকৰ ‘লাইফলাইন’ বুলি জনাজাত খৰস্ৰোতা তিস্তা নদীৰ সেউজীয়া জলৰাশিৰ পাৰে
পাৰে অকোৱা-পকোৱা, সীমান্ত সংযোগকাৰী, মসৃণ ৩১(ক) নং ৰাষ্ট্ৰীয় ঘাইপথেৰে শিলিগুৰি-গেংটকৰ
পাঁচঘণ্টীয়া যাত্ৰা পৰিব্ৰাজকৰ বাবে অন্য এক আকৰ্ষণ৷ ঘূৰি অহাৰ বাটত আমি সেই আনন্দও
উপভোগ কৰিলোঁ৷
No comments:
Post a Comment